প্ৰিয় পাঠকসকল আপোনালোকৰ মাজৰে কিছুমান মানুহে ভূত-প্ৰেতৰ বাধাৰ সন্মুখীন হৈছ। নহ'লেবা আপোনালোকে ঘৰত নাকাৰাত্মক শক্তিয়ে বাস কৰা যেন অনুভৱ হয় চাগে।( Assamese Fact )
যাৰ নিৰ্বাৰণৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ উপায় কৰিছে চাগে। কিন্তু বহুতে এইটো নাজানে যে ভূত-প্ৰেতৰ বাধা বা নাকাৰাত্মক শক্তিৰ বাস আপোনালোকৰ ভুলৰ ফলতো হয়।
আজি আমি আপোনালোকক বাস্তু শাস্ত্ৰত থকা সেই ভুলসমূহৰ বিষয়ে কম-
নাকাৰাত্মক শক্তিয়ে আপোনালোকৰ ঘৰত যেতিয়াই বিচাৰে তেতিয়াই বাস কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে কাকো দোষাৰোপ কৰিব নোৱাৰে। কাৰণ এইবোৰ বেয়া শক্তি আৰু নাকাৰাত্মক শক্তি হয়।
আপোনালোকৰ যদি ঘৰত সোমাই বা থাকিলে কিবা কিবি অনুভৱ হয়। থাকি ভাল নালাগে।ঘৰত থাকিলে মন বেয়া হৈ থাকে আৰু ঘৰৰ বস্তুবোৰ যদি সোনকালে সোনকালেই বেয়া হৈ যায়। পূজা অৰ্চনাত যদি আপোনালোকৰ মন নালাগে। ঘৰত কাজিয়া হয় থাকে। তেতিয়া হ'লে এইবোৰে আপোনালোকৰ ঘৰত নাকাৰাত্মক শক্তিৰ উপস্থিতিক সূচায়।
আপোনালোকে ভাবে চাগে ঘৰত কাজিয়া হোৱাতো স্বাভাৱিক কথা। কিন্তু কাজিয়া যে অকল কিবা কৰিলে হ'ব তেনেকুৱা নহয়। কেতিয়াবা কেতিয়াবা ঘৰত বেয়া শক্তিয়ে বাস কৰা ফলতো এনেকুৱা হোৱা দেখা যায়।
এতিয়া জানো আহঁক ঘৰলৈ বেয়া শক্তি ক'ৰ পৰা আহে। ঘৰৰ ক'ত বাস কৰে আৰু এইসমূহ দূৰ কৰাৰ প্ৰভাৱশালী উপায় কি?
বেয়া শক্তি বা নাকাৰাত্মক শক্তিয়ে বাস কৰা কাৰণসমূহ-
১. লেটেৰা- যিখন ঘৰত সদায় লেটেৰা কাপোৰে ভৰি থাকে বা ঘৰখন চাফ-চিকুন নহয়। তেনেকুৱা ঘৰত বেয়া শক্তি বা নাকাৰাত্মক শক্তি বাঢ়িবলৈ ধৰে।
২. মিঠাই- যদি আপোনালোকে ঘৰলৈ কোনোবাই মিঠাই লৈ আহে তেতিয়া তাক সোনকালেই খাই পেলাব লাগে। কাৰণ তাক যদি হাত লৈ ঘূৰি ফুৰে বা কোনোবা চুক এটাত থৈ দিয়ে তেতিয়া তাত বেয়া শক্তি বা নাকাৰাত্মক শক্তিয়ে বাস কৰে।
৩.মেকুৰী- বহুত মানুহে জীৱ-জন্তু পুঁহে আৰু কিছুমানে মেকুৰীও পুঁহে । ক'লা মেকুৰীত বেয়া শক্তি বা নাকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰে।
এতিয়া জানো আহঁক ক'ৰ পৰা বা কেনেকে আহে এই বেয়া শক্তিবোৰ-
বেয়া শক্তি ঘৰলৈ অহাৰ বিভিন্ন কাৰণ থাকে।যেনে- মানুহে কিবা আশা কৰা পাছত সম্পূৰ্ণ নহ'লে নিৰাশা,খঙ আৰু হিংসাৰে ভৰি পৰে। এইসমূহে ঘৰত বেয়া শক্তি বা নাকাৰাত্মক শক্তিৰ প্ৰৱেশ ঘটাব পাৰে।
( Assamese Fact )
টেকনিকেল আৰু আধুনিক উপকৰণৰ ফলতো বহুবাৰ বেয়া শক্তি বা নাকাৰাত্মক শক্তিৰ উৎপন্ন হয়। আপোনালোকে যদি মৃতকৰ কিছুমান বস্তু ঘৰত ৰাখি থয় তেতিয়াও এই শক্তি উৎপন্ন হয় আৰু ঘৰৰ কিছুমান টেকনিকেল আৰু আধুনিক উপকৰণৰ সোনকালেই সোনকালেই বেয়া হয়।
এই বেয়া শক্তিবোৰে ঘৰত বাস কৰিছে বুলি কেনেকৈ জানিব-
১.হঠাতে যদি বেয়া গোন্ধ আহে আৰু আপোনালোকে যদি নাজানে এই গোন্ধ ক'ৰ পৰা আহিছে।অলপ সময়ৰ পিছত আকৌ যদি নিজেই নিজেই নাইকীয়া হৈ যায়। তেতিয়া এইবোৰে আপোনালোকৰ ঘৰত বেয়া শক্তি থকাৰ সংকেত দিয়ে।
২. আপোনালোকে যদি একো নোহোৱাকৈ বহুত কষ্ট বা বিষৰ অনুভৱ কৰে আৰু এনেকুৱা লাগে যে কোনোবাই মোক চাই আছে ।আকৌ যদি ঘৰত থাকিবলৈ ভয় লাগে আৰু বেমাৰ হৈয়ে থাকে। তেতিয়া এনেকুৱা কথাবোৰে আপোনালোকৰ ঘৰত নাকাৰাত্মক শক্তিয়ে বাস কৰা কথা দৰ্শাই।
৩. কিবা বস্তু নিজেই নাইকীয়া হোৱা আৰু পাছত আকৌ বিচাৰি পোৱা।ঘৰত নিজেই নিজেই চিন বা আকোৰা চিন পোৱা।
৪. তুলসী বা ফুলগজ শুকাই যোৱা আদি। আপোনালোকৰ লগতো যদি এইবোৰ হৈছে তেতিয়া ভয় নাখাব।
এইবোৰ আঁতৰাবলৈ এজোপা সুগন্ধি গছৰ ডাল জ্বলোৱা হয় যাক চেজ বুলি কয় । এইবোৰ পৰা বাচিবলৈ ভালকৈ ঘৰৰ দুৱাৰ চাফ-চিকুন কৰি ৰাখিব লাগে। ভালকৈ গা ধুই ভাল কাপোৰ পিন্ধিব লাগে। তাৰ পাছত এটা বাটিত নিমখ থৈ এই চেজ জ্বলাই তাৰ ধোঁৱা ঘৰৰ সকলো কোণতে দিব লাগে।
ইয়াৰ পৰা উলোৱা সুগন্ধি বতাহে বা ধোঁৱাই ঘৰৰ পৰা নাকাৰাত্মক শক্তিক নাইকীয়া কৰে। এটা কথা মনত ৰাখিব এই উপায়টো কৰোঁতে ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰি ৰাখিব লাগে। কোৱা হয় যে নিমখেও নাকাৰাত্মক শক্তি নাইকীয়া কৰিব পাৰে।
সেই কাৰণে ঘৰ মুঁচোতে অলপ নিমখ দি মুঁচিব পাৰে। যাৰ ফলত ঘৰলৈ সকাৰাত্মক শক্তিৰ প্ৰৱেশ ঘটে। ইয়াৰ উপৰিও নাকাৰাত্মক শক্তি নাইকীয়া কৰিবলৈ এটা চিঁচাৰৰ গিলাছত পানী লৈ তাত এটা নেমু ভৰাই দি তাক উত্তৰ দিশত থৈ দিব লাগে।
ধ্যান ৰাখিব প্ৰত্যেক শনিবাৰে যাতে ইয়াৰ পানী সলাই। আকৌ একেই ঠাইতে থকা বস্তুবোৰটো নাকাৰাত্মক শক্তিয়ে বাস কৰে। সেই কাৰণে এইবোৰ লৰচৰ কৰি থাকিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment