"শতিকাজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই প্ৰথমটো অলিম্পিক পদকেৰে আই অসমীৰ মুখ উজলোৱা টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী লাভলীনা বৰগোহাঁইক অসম চৰকাৰৰ ক্ৰীড়া নীতি অনুসৰি আজি আনুষ্ঠানিকভাৱে উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তি-পত্ৰ প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছোঁ। ( Assamese news )
নিজৰ প্ৰতিভা আৰু অধ্যৱসায়ৰ বলত এখন অখ্যাত গাঁৱৰ পৰা গৈ কাললৈ সুখ্যাতি অৰ্জন কৰা লাভলীনাৰ ঐতিহাসিক কৃতিত্বই অনাগত দিনত যে আন হাজাৰগৰাকী লাভলীনা গঢ়ি উঠাত নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব, সেয়া নিশ্চিত। ( Assamese news )
মই এই বিশেষ দিনটোত ৰাজ্যবাসীৰ হৈ লাভলীনা বৰগোহাঁইক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ ক্ৰীড়া ক্ষেত্ৰৰ লগতে কৰ্মক্ষেত্ৰতো নিজ প্ৰতিভাৰে উজলি উঠি তেওঁ অসম আৰক্ষীক গৌৰৱান্বিত কৰাৰ লগতে ৰাজ্যখনলৈ সুখ্যাতিৰে সেৱা আগবঢ়াই যাব।"- হিমন্ত বিশ্ব শৰ্মা ( মুখ্যমন্ত্ৰী,অসম)
( Assamese news )
No comments:
Post a Comment