কৰ্মৰ অনুসৰি মানুহে মৃত্যুৰ পাছত শাস্তি ভুগ কৰে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 12, 2022

কৰ্মৰ অনুসৰি মানুহে মৃত্যুৰ পাছত শাস্তি ভুগ কৰে: Assamese Fact

Assamese Fact



আমাৰ শৰীৰটো আমাৰ লগত সদায় নাথাকে। কোনেও এইটো নাজানে যে মানুহৰ শেষ কেনেকৈ হয়। মৃত্যুৰ পিছত তেওঁৰ যাত্ৰা কেনেকৈ হয়। আমাৰ ধৰ্ম পুৰাণে এই প্ৰশ্নসমূহৰ উত্তৰ স্পষ্ট কৰি দি থৈছে। (Assamese Fact )


বেদত তিনি প্ৰকাৰৰ শৰীৰৰ বিষয়ে কোৱা হৈছে যেনে- স্থুল , সুক্ষ্ম,কাৰণ। মানুহৰ মৃত্যু হ'লে তেওঁ নিজৰ স্থুল শৰীৰটোক এৰি সুক্ষ্মত বিৰাজমান হৈ পৰে। এই শৰীৰটো নাইকীয়া হোৱাৰ পিছত ব্যক্তিয়ে বেলেগ শৰীৰ ধাৰণ কৰে। কিন্তু শৰীৰৰ তৃতীয়টো ৰূপ কাৰণ এটা গুটিৰ দৰে যি সদায় আমাৰ লগতে থাকে। 


শৰীৰটো নষ্ট হোৱা অৰ্থাৎ মৰা পাছত কি কি কাৰ্য হয় জানো আহঁক। যেতিয়া মানুহৰ আত্মাটোৱে শৰীৰটো এৰে তেতিয়া মানুহৰ চকুৰ আগত অন্ধকাৰ হৈ পৰে। বহুত সময় অদ্ভূত অদ্ভূত শব্দ ও শুনিবলৈ পোৱা যায়। যিটি দৃশ্য দেখিবলৈ পোৱা যায়। লাহে লাহে মানুহজন শুই পৰে।প্ৰকৃতিয়ে তেওঁলোকৰ ভাব,বিচাৰ, জাগৰণৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকক অন্য এটা জন্ম দিয়ে। ( Assamese Fact )


আমাৰ বেদত তিনিটা গতিৰ বিষয়ে কোৱা হৈছে ।যেনে- সামান্য গতি, সদ্ গতি আৰু দূৰ্গতি । যিসকলে গোটেই জীৱন ধ্যান কৰিছে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ঠাইতে আৰু যেতিয়াই মন কৰে জন্ম ল'ব পাৰে।গৰুড় পুৰাণত মৃত্যুৰ পিছত মানুহৰ লগত কি কি হয় বিস্তাৰিত ভাবে বৰ্ণনা কৰা আছে।


 গৰুড় পুৰাণৰ অনুসৰি যিসকল ব্যক্তিয়ে ভাল কাম কৰে তেওঁলোকৰ প্ৰাণ লৈ যাবলৈ দেৱ দূত আহে আৰু তেওঁলোকক স্বৰ্গলৈ লৈ যায়।যিসকল ব্যক্তিয়ে গোটেই জীৱন বেয়া কৰ্ম কৰে তেওঁলোকৰ প্ৰাণ লৈ যাবলৈ যম দূত আহে আৰু তেওঁলোকক নৰকলৈ লৈ যায়।


 নৰকলৈ লৈ যোৱা আগত সেই আত্মাটোক যমৰ তালৈ  নিয়া হয় আৰু যমৰাজে তেওঁৰ পাপৰ অনুসৰি শাস্তি দিয়ে। তাৰ পাছত সেই আত্মাটোৱে যমৰ শাস্তি ভুগিব লগা হয়। কোৱা হয় সেই আত্মাটোৱে পিণ্ড দান কৰা পাছতো মুক্তি নাপায়। যম লোকলৈ যোৱা ৰাস্তা ৮৬ হাজাৰ যোজন বুলি উল্লেখ কৰা আছে। এইয়া আছিল যিকোনো মানুহৰ মৃত্যু পাছৰ যাত্ৰা।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত











No comments:

Post a Comment

Advertisement

Pages