বন্ধুসকল যেতিয়া কোনো মনুষ্যৰ মৃত্যু হয় তেতিয়া তেওঁ এই সংসাৰত বহুতো বস্তু এৰি থৈ যায় । ( Assamese Fact )
লাগিলে সেইয়া তেওঁৰ গোটেই জীৱন পুঞ্জীয়েই হওঁক বা নিকট সম্বন্ধীয়েই হওঁক বা বন্ধুবৰ্গই হওঁক সকলো এই সংসাৰত থাকি যায় । নিজৰ কোনো মৰমৰ এজনক হেৰুৱালে কোনোৱে তেওঁৰ ফটো নিজৰ লগত ৰাখে অথবা কোনোৱে তেওঁৰ ব্যক্তিগত বস্তুবোৰৰ ব্যৱহাৰ কৰে । কিন্তু বন্ধুসকল আপোনালোকে জানেনে আমাৰ ধৰ্মশাস্ত্ৰত কোৱা হৈছে যে মৃত ব্যক্তিৰ কাপোৰ কেতিয়াও পিন্ধিব নালাগে । এনেকুৱা কিয় লিখা হৈছে আৰু ইয়াৰ পিছৰ ধাৰ্মিক কাৰণ এই সমূহেই জানিম এই লেখাটোৰ জৰিয়তে ।
আমাৰ সনাতন ধৰ্মত মৃত ব্যক্তিৰ কাপোৰ পৰিধান কৰাটো একেবাৰে মানা কৰা হৈছে । মৃত ব্যক্তিৰ কাপোৰ পিন্ধাটো এইবাবেই মানা কৰা হৈছে যে এনে কৰিলে আপোনাক ভিতৰি দুৰ্বল কৰিব পাৰে । মৃত পৰিজনৰ কাপোৰ পিন্ধিলো তেওঁৰ স্মৃতিয়ে অধিক আমনি কৰে আৰু মানসিক ৰূপত আপোনাক দুৰ্বল কৰি তোলে । এনেকুৱাত ব্যক্তিয়ে মৃত পৰিজনৰ কথা পাহৰি জীৱনত আগবাঢ়ি যাব নোৱাৰে । এই কাপোৰবোৰ কোনো অসহায় ব্যক্তিক দান কৰি দিয়াটোৱেই ভাল হয় ।এইসমূহৰ উপৰিও এইবোৰে আপোনাৰ জীৱনত শান্তি লাভ কৰাটো বাধা দিয়ে ।
মৃত ব্যক্তিৰ আত্মাই আটাইতকৈ মৰমৰ ব্যক্তিসকলৰ মোহ সোনকালে এৰিব নোৱাৰে, এনেকুৱাত মৃতকৰ বস্তুবোৰ নিজৰ লগত ৰখাটোয়ে নিজৰ লগত তেওঁৰ আত্মাটোকো বান্ধি ৰখাৰ দৰে হয় । কিয়নো আত্মাই এনেদৰে বিচৰণ কৰিব নালাগে আৰু যিমান সম্ভৱ নতুন শৰীৰত প্ৰৱেশ কৰিব লাগে ।
কোনো পৰিজনৰ মৃত্যুৰ পিছত তেওঁৰ আত্মাৰ শান্তিৰ বাবে দান পূণ্য কৰা হয় এই সময়ছোৱাতে মৃতকৰ ব্যক্তিগত বস্তুবোৰ দান কৰি দিয়াটো ভাল হয় । যাতে সেইবোৰ কোনো অসহায় ব্যক্তিৰ কামত আহে । ( Assamese Fact )
আমি এইটো সত্য কেতিয়াও পাহৰিব নালাগে যে মৃত্যুৰ পিছতো জীৱন আছে । মৃত্যু অন্ত নহয়, সেই আত্মাৰ এক নতুন যাত্ৰাহে । সেইবাবে আপোনালোকে চেষ্টা কৰিব লাগে মৃতকৰ কাপোৰ আদিৰ বাবে যাতে তেওঁৰ নতুন যাত্ৰাত বাধা নপৰে । যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয় আৰু শৰীৰৰ পৰা আত্মা বেলেগ হয় তেতিয়া সেই ওৰ্জাও বেলেগ এখন জগতলৈ গুছি যায় । সেইবাবে সকলো বস্তু যি সেই ব্যক্তিজনৰ লগত জড়িত সেই বস্তুবোৰৰো ওৰ্জা শেষ হৈ যায় আৰু এজন জীৱিত ব্যক্তিৰ বাবে এই কাপোৰত থকা মৃত দৰ্জা কোনো ধৰণেৰেই উপযোগী নহয় । ইয়াৰ বিপৰীতে এইসমূহে আপোনাৰ লোকচানহে কৰিব ।
যদি মৃত্যুৰ পূৰ্বে কোনো ব্যক্তি গম্ভীৰ ৰোগত আক্ৰান্ত আছিলে ।তেতিয়া সেই বেমাৰটোৱে তেওঁৰ ওৰ্জাৰ ওপৰত এক চাপ এৰি দিয়ে যেতিয়া আমি এই কাপোৰ পৰিধান কৰো তেতিয়া আমি এই ওৰ্জাৰ সম্পৰ্কলৈ আহো। যাৰ ফলত এই বেমাৰটো বিকাশৰ আকাংক্ষা বৃদ্ধি হয় ।
যদি কোনো ব্যক্তিয়ে ইচ্ছা অনুযায়ী মৃত পৰিজনৰ কাপোৰ পিন্ধিব বিচাৰে তেতিয়া ইয়াৰ বাবেও কিছুমান বিধি আছে ।
প্ৰথমে মৃত্যু ৪০ দিনলৈকে সেই বস্তুবোৰ চোৱা বা পিন্ধাটো একেবাৰে বৰ্জিত কোৱা হৈছে । ইয়াৰ পিছত এই কাপোৰসমূহ ওচৰৰ মন্দিৰত পূজাৰীৰ হতোৱাই অভিষেক আৰু গংগাজলে শুদ্ধি কৰাই ধাৰণ কৰিব পাৰে । এনে কৰিলে সেই বস্তুবোৰৰ সাকাৰাত্মক শক্তি শেষ হৈ যায় । লগতে গহনা আদিৰ দৰে বস্তু যিহেতু দান কৰিব নোৱাৰি সেইবাবে এইসমূহৰ লগতো এই বিধিয়েই কৰিব লাগে । যাৰ পিছত আপুনি সেইসমূহে ধাৰণ কৰিব পাৰে ।
বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে যে মৃতকৰ কাপোৰ কিয় পিন্ধিব নালাগে । ইয়াৰ ওপৰিও মৃত পৰিজনৰ ফটো লগোৱাৰ বৈদিক নিয়ম আমাৰ ধৰ্মশাস্ত্ৰত নিহিত হৈ আছে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment