কৰোনাত কোন ব্যক্তিসকলে মৃত্যুবৰণ কৰিছে ? পূৰ্বতকৈও কৰোনা শক্তিশালী হৈ পৰিল নেকি ? ( Assamese News )
দিল্লীত কৰোনাত মৃত্যুৰ সংখ্যা: দিল্লীত কৰোনাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। জানুৱাৰী ৫ ৰ পৰা জানুৱাৰী ৯ তাৰিখেৰ ভিতৰত কৰোনাৰ ফলত ৪৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত, ৩৪ জন লোক আছিল যাৰ ইতিমধ্যে পূৰ্বৰ পৰাই কোনোধৰণৰ গুৰুতৰ ৰোগ আছিল।
দিল্লীত বৰ্ধিত কৰোনা ঘটনাৰ মাজত মৃত্যুৰ সংখ্যাও গতি লাভ কৰিছে। দিল্লী চৰকাৰৰ তথ্য অনুসৰি, ৫ দিনত ৪৬ টা মৃত্যুৰ ভিতৰত ৩৪ জনৰ মৃত্যুৰ কাৰণ দেহত থকা কো-মৰ্বিডিটি । এই সংখ্যাটো ৫ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ। অৰ্থাৎ, এই সময়ছোৱাত মুঠ মৃত্যুৰ প্ৰায় ৭৪% অন্যান্য গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ মৃত্যু হৈছে ।
দিল্লীত কৰোনাই প্ৰাণ ললে বহু ব্যক্তিৰ
প্ৰাণ হেৰুওৱা ৪৬ জন ৰোগীৰ ভিতৰত ২৮ জন পুৰুষ আৰু ১৮ গৰাকী মহিলা। চৰকাৰী তথ্য অনুসৰি, কো-মৰ্বিডিটি থকা ২১ জন ৰোগীৰ কৰোনা আছিল আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত মৃত্যু হৈছিল। লগতে, মৃত্যু হোৱা ৪৬ জন কৰোনা ৰোগীৰ ভিতৰত, ৩২ জনক আইচিইউত( ICU ) ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত ৩৭ জন ৰোগী আছিল যাৰ অক্সিজেনৰ স্তৰ ৯৪ তকৈ কম আছিল। ( Assamese News )
১১ জন ব্যক্তিয়ে ভেকছিনৰ দুয়োটা পালি লৈছিল
চৰকাৰৰ মতে, যোৱা ৫ দিনত মৃত্যু হোৱা ৪৬ জন ৰোগীৰ ভিতৰত, ১১ জন ৰোগীয়ে ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিছিল। জানুৱাৰী ৫ ৰ পৰা জানুৱাৰী ৯ তাৰিখৰ ভিতৰত মৃত্যু হোৱা ৪৬ জন ৰোগীৰ ভিতৰত ২৫ জনৰ বয়স ৬০ বছৰতকৈ অধিক আছিল। ১৪ জন ৰোগীৰ বয়স ৪১ ৰ পৰা ৬০ বছৰৰ ভিতৰত আছিল। ৫ জন ৰোগীৰ বয়স ২১ ৰ পৰা ৪০ বছৰৰ ভিতৰত আছিল। এজন ৰোগীৰ বয়স ১৬ ৰ পৰা ২০ বছৰ আৰু ৰোগী এজনৰ ১৫ বছৰৰ ভিতৰত আছিল ।
চিকিৎসালয়ত ভৰ্তি হোৱাৰ দিনা ৪৬ জন ৰোগীৰ ভিতৰত ১২ জনৰ মৃত্যু হৈছিল, আনহাতে চিকিৎসালয়ত ভৰ্তি হোৱাৰ এদিনৰ ভিতৰত ১১ জনৰ মৃত্যু হৈছিল। দুদিনৰ ভিতৰত ৬ জন ৰোগীৰ মৃত্যু হয়, ৩ ৰ পৰা ৭ দিনৰ ভিতৰত ১৪ জন ৰোগীৰ মৃত্যু হয় আৰু বাকী ৩ জন ৰোগীৰ এসপ্তাহৰ ভিতৰত মৃত্যু হয়।
কি হয় কো-মৰ্বিডিটি ?
এজন চিনিয়ৰ চিকিৎসকৰ মতে, যদি এজন ব্যক্তি চুগাৰ, কৰ্ণিয়া, হাৰ্ট এটেক, যকৃত, হাপানি, টাইফইড, এইডছ, ডায়েলাইচিছ, বৃক্ক, ৰক্তহীনতা বা আৰ্থ্ৰাইটিছৰ দৰে ৰোগত আক্ৰান্ত হয়, ইয়াক ৰোগীৰ কো-মৰ্বিডিটি বুলি কোৱা হয়। ( Assamese News )
No comments:
Post a Comment