শিৱ ভগৱানৰ অনুসৰি মৃত্যুৰ লক্ষণ কোনবোৰ জানি লওঁক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 11, 2022

শিৱ ভগৱানৰ অনুসৰি মৃত্যুৰ লক্ষণ কোনবোৰ জানি লওঁক : Religious Studies

Religious Studies


মৃত্যু চিৰসত্য কিন্তু অধিক সংখ্যক মনুষ্য ইয়াক স্বীকাৰ কৰিব নিবিচাৰে । ( Religious Studies )


লগতে মনুষ্যক ক্ষেত্ৰত এইটোও দেখা যায় যে তেওঁলোক মৃত্যুৰ পৰাটো‌ ভয়‌ খাইয়ে লগতে মৃত্যুৰ লগত জড়িত অধিক সংখ্যক ৰহস্য জানিবলৈ উৎসুক হৈ থাকে,  যেনে আমাৰ মৃত্যু কিমান বয়সত , কেনেকৈ হব আদি । এইসমূহৰ বিষয়ে সঠিক ৰূপত কব নোৱাৰি কিন্তু তথাপিও এনেকুৱা কিছুমান সংকেত আছে যিবোৰে কয় যে আমাৰ মৃত্যু নিচেই কাষত আছে । 


মৃত্যুৰ বিষয়ে শিৱ পুৰাণত ভগৱান শিৱই নিজেই মাতা পাৰ্বতীক কৈছিল । ভগৱান শিৱই কোৱা এই  মৃত্যুৰ সংকেতবোৰৰ বিষয়ে জানোঁ আহক ।


মৃত্যুৰ লগত জড়িত এই সংকেত সমূহ সহজে বুজিব পাৰি কিন্তু প্ৰয়োজন আছে এইবোৰ ভালদৰে চিনি পোৱাৰ ‌। শিৱ পুৰাণ অনুসৰি এবাৰ মাতা পাৰ্বতীয়ে ভগৱান শিৱক শুধিলে মৃত্যুৰ কি কি চিহ্ন আছে আৰু ইয়াৰ সংকেত কি আৰু মৃত্যু কাষত থাকিলে মনুষ্যক কি কি লক্ষণ দেখা পায় । মা পাৰ্বতীৰ এই প্ৰশ্ন বোৰৰ উত্তৰত ভগৱান শিৱই কলে মৃত্যুৰ সময় কাষত আহিলে মনুষ্যক এই ১০ সংকেত দেখা দিয়ে । 


১) নাভিচক্ৰ  


যাৰ ভিতৰত প্ৰথম সংকেত এনেধৰণৰ । বন্ধুসকল আমাৰ এনেকুৱা লাগে যে মৃত্যু মাথোঁ কিছু সময়ৰ প্ৰক্ৰিয়া  কিন্তু এনেকুৱা কেতিয়াও নহয় ।আপুনি জানি আচৰিত হব । মৃত্যু হোৱাৰ প্ৰক্ৰিয়া ছমাহৰ আগৰ পৰাই আৰম্ভ হৈ যায় । শিৱ পুৰাণ অনুসৰি মৃত্যুৰ আভাস মস্তিষ্কৰ সলনি প্ৰথমে নাৰীয়ে অনুভৱ কৰে । অৰ্থাৎ মৃত্যুৰ প্ৰথম আভাস নাভি চক্ৰই পায় অৰ্থাৎ মৃত্যুৰ অহাৰ ছমাহৰ আগতেই নাভি চক্ৰ ভাঙিবলৈ আৰম্ভ হয় । যদি কোনো মনুষ্যা নাভি চক্ৰ ভঙাৰ আভাষ পায় তেতিয়া তেওঁ বুজি যাব লাগে যে তেওঁৰ মৃত্যুৰ একেবাৰে কাষত আছে । 


২) স্বৰ্গীয় পূৰ্বপুৰুষ 


শিৱ পুৰাণ অনুসৰি মৃত্যু কাষত আহিলে মনুষ্যক নিজৰ সপোনত স্বৰ্গীয় পূৰ্বপুৰুষ সকলক দেখা পায় । আনকি নিজৰ আশে পাশেও নিজৰ স্বৰ্গীয় সকলৰ উপস্থিতিক অনুভৱ কৰে । লগতে নিজৰ ওচৰে পাজৰে  থকা মানুহবোৰৰ ধ্যান নাথাকে । যদি কোনো মনুষ্য লগত এনেকুৱা হয় তেতিয়া সেই জনেও বুজি লব লাগে যে তেওঁৰ মৃত্যু নিকট আছে । আৰু অহা ছমাহৰ ভিতৰত তেওঁৰ মৃত্যু হব পাৰে ।


৩) যমদূত


 শিৱ পুৰাণ অনুসৰি যি মনুষ্যা নিজৰ জীৱনত বহুত পাপ কৰিলে তেওঁৰ নিজৰ মৃত্যুৰ পূৰ্বেই নিজৰ আশে পাশে মৃত্যুদূত অৰ্থাৎ যমদূত দেখা পায় । যাক দেখি তেওঁ ভয় খায় । বন্ধুসকল এই যমদূতসকলক দেখাও মৃত্যু সমীপ হোৱাৰ সংকেত । ( Religious Studies )


৪) শৰীৰ হালধীয়া হোৱা


ভগৱান শিৱৰ অনুসৰি যেতিয়া কোনো ব্যক্তিৰ শৰীৰ হালধীয়া হবলৈ ধৰে বা বেছি বগা  হবলৈ ধৰে তেতিয়া এইটোৱে এইটোৰ ফালে সংকেত দিয়ে যে  এই ব্যক্তিজনৰ মৃত্যু নিকট আছে । 


৫) ছাঁ দৃশ্যমান নোহোৱা 


ভগৱান শিৱই কয় যে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ ছাঁ পানী তেল বা চিতাত চাবলৈ অসুবিধা হয়  তেতিয়া এইটোৱেও এই ফালেই সংকেত দিয়ে যে সেই ব্যক্তিজনৰ মৃত্যু সোনকালেই হব ।



৬) বয়সতকৈ অধিক জীয়াই থকা ব্যক্তি


 যি ব্যক্তিয়ে বাস্তৱ জীৱনতকৈ বেছি জীয়াই থাকে সেইসকলক নিজৰ ছাঁ দৃশ্যমান হোৱাটো বন্ধ হৈ যায় । আৰু যিসকলক দেখা দিয়ে তেওঁলোকক আধা ছাঁ দেখা দিয়ে ‌যিটো সঁচাকৈয়ে ভয় লগা ।


৭)বাওঁহাতত মোচোকা খোৱা 


যেতিয়া কোনো ব্যক্তিৰ বাওঁহাতত যিকোনো ধৰণৰ মোচোকা খাব পাৰে আৰু এইটো এসপ্তাহতকৈ বেছি দিন থাকে তেতিয়াও বুজি লব  যে সেই ব্যক্তিজন আৰু বেছি দিন জীয়াই নাথাকে । 


৮) শৰীৰৰ অংগসমূহ শিলৰ দৰে কঠিন হোৱা 


ভগৱান শিৱই এই সংকেতটোৰ বিষয়ে কওঁতে মাতা পাৰ্বতীক কয় যে  হে দেৱা যেতিয়া কোনো মনুষ্যই এইটো অনুভৱ কৰে যে তেওঁৰ মুখ, জিভা, কাণ আৰু নাক শিলৰ দৰে কঠোৰ হৈ গৈছে তেতিয়া এইটো নিশ্চিত যে সেই ব্যক্তিৰ মৃত্যু নিকট । 


৯) পোহৰ দৃশ্যমান নোহোৱা 


যেতিয়া কোনো ব্যক্তিয়ে চন্দ্ৰ, সূৰ্য আৰু অগ্নিৰ পোহৰক দেখাত অসমৰ্থ অনুভৱ কৰে তেতিয়া এইটোৱেও এই ফালেই সংকেত দিয়ে যে সেই ব্যক্তিৰ মৃত্যু অহা ছমাহৰ ভিতৰতে হব ।


১০) শৰীৰত দুৰ্গন্ধ 


পুৰাণ অনুসৰি যেতিয়া কোনো মনুষ্যক মৃত্যু নিকট থাকে তেতিয়া তেওঁৰ শৰীৰৰ পৰা এক অদ্ভুত ধৰণৰ গোন্ধ আহিবলৈ ধৰে যিটো এটা মৃত শৰীৰৰ পৰা অহা গোন্ধৰ দৰে বেয়া দুৰ্গন্ধ হয় আৰু অসহনীয় হয় । লগতে  সেই ব্যক্তিয়ে চন্দ্ৰত এক বাজে দেখে  যিটোৱে এইটোৰ সংকেত দিয়ে যে তেওঁৰ মৃত্যু সমীপ আছে ।


বন্ধুসকল আপুনি এইসমূহ জনাৰ পিছত এইটো জনাও প্ৰয়োজন যে জন্ম আৰু মৃত্যু এটা মুদ্ৰাৰে দুটা পিঠি আৰু কোৱা হয় যে যেতিয়া কোনো মনুষ্যা এই সংসাৰত জন্ম লৈছে তেতিয়া সেই ব্যক্তিৰ এই সংসাৰৰ পৰা যোৱাৰ সময়ো প্ৰথমতেই নিৰ্ধাৰিত থাকে । অৱশ্যে আমাৰ মৃত্যু কেতিয়া হব সেইটো কোৱাটো সম্ভৱ নহয় । কিন্তু শিৱ পুৰাণ অনুসৰি এইসমূহ কিছুমান সংকেত আছিলে যিবোৰ ভগৱান শিৱই আমাৰ মৃত্যুৰ পূৰ্বেই আমাক দি  দিয়ে ।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages