এজন সাধুক মানুহ এজনে সুধিলে কিছুমান মানুহে নিজৰ ভৰিত ক'লা ৰছী বান্ধে। কিয় বান্ধে আৰু কাৰ কাৰণে বান্ধে।( Assamese Fact )
তেওঁ ক'লে আনৰ মুখ নালাগিবলৈ বহুতে বান্ধে । কিন্তু আমাৰ মুখ ক'ত লাগিব ভগৱানে চোন আমাক ইমান ক'লা চুলি দি পঠাইছে। এই সকলোবোৰ ব্যৰ্থ কথা।ক'লা ৰছী মানুহে বান্ধে এইবোৰ সকলো অন্ধবিশ্বাস।নজনা নুশুনাকে কোনোবাই ক'লে -ক'লা ৰছী বান্ধে। আগতে ক'লা ৰছী মানুহে ককাঁলত বান্ধিছিল। মাকে সৰু ল'ৰা-ছোৱালীৰ মুখ লাগিব বুলি কাজল লগাই দিছিল । ঠিকেই আছিল।
কিছুমান মানুহে নিজৰ ভৰিত ক'লা ৰছী বান্ধে যে তাৰ একো অৰ্থ নাই। বান্ধে যেতিয়া একো ক'বলৈ নাই কাৰণ সকলোৰে এটা নিজৰ নিজৰ ইচ্ছা থাকে।মুখ লাগে কিন্তু সদায় নালাগে।মুখ লগাটো সঁচা কথা। মুখ লাগিলে লগা নাইকীয়া কৰি ল'ব লাগে।
কিছুমান মানুহেটো নিজৰ ঘৰত জোটা উলোমাই
ৰাখে । জোটা উলোমাব নালাগে ঘৰত ভগৱানৰ মূৰ্তি,ফটো আদি ৰাখিলে হয় বা ভগৱানৰ নাম লিখিলেই হ'ব। তেতিয়াই ঘৰত আনৰ কু-দৃষ্টি নপৰে। তাৰ কাৰণে জোটা উলোমাব নালাগে। এইসমূহ মানুহে আনৰ মুখ বা কু-দৃষ্টি নপৰিবলৈ কৰে। ভগৱানৰ নাম লওঁক ভগৱানে সদায় আপোনাৰ ৰক্ষা কৰিব।
আকৌ এজনে সুধিলে মিছা কথা কোৱাতো বেয়া কথা বা পাপ। কিন্তু যদি সেই মিছা কথা আনৰ জীৱন বচাবলৈ কোৱা হয় তেতিয়াও পাপ বুলি ধৰা হয় নেকি?
তেতিয়া সাধুজনে ক'লে- মিছা কথা কথা কোৱাতো পাপ হয়। যদি নিজৰ কাৰণে কোৱা হয়। কিন্তু আনক বচাবলৈ কোৱাতো পাপ নহয়। উদাহৰণ- আমি যদি নিজৰ পেট ভৰাবলৈ মিছা কওঁ, তেতিয়া সেইটো পাপ। কিন্তু আনৰ পেট ভৰাবলৈ মিছা ক'লে পাপ নালাগে।
আমি যদি নিজৰ জীৱন বচাবলৈ মিছা কওঁ, তেতিয়া পাপ লাগিব। কিন্তু আনৰ জীৱন বচাবলৈ মিছা ক'লে পাপ নালাগে। কাৰণ আনৰ জীৱন মানুহে নিস্বাৰ্থ হৈ বচাই তাত সেই মানুহজনৰ একো স্বাৰ্থ নাথাকে। (Assamese Fact )
৮টা এনেকুৱা স্থান আছে য'ত মিছা ক'লে পাপ নালাগে। যেনে- ছোৱালী এজনী চাবলৈ ল'ৰা আহিলে গাঁৱৰ মানুহক সুধে ছোৱালীজনী কেনেকুৱা তেতিয়া কিছুমান মানুহ ইমান বেয়া আছে যে সিহঁতি ছোৱালীজনী ক'লা আমোক টামোক কৈ ভঙাই দিয়ে । তাতকৈ যদি আপোনালোকে ভাল , ধুনীয়া দেখিবলৈ। এইবোৰ কৈ তাইৰ বিয়াখন হোৱাই দিয়ে তেতিয়া তাত পাপ নালাগে।
আপোনাৰ প্ৰাণ সংকটত পৰিছে আৰু যদি মিছা ক'লে প্ৰাণ বাচে, তেতিয়া আপোনালোকে নিজৰ কাৰণেও মিছা ক'ব পাৰে।
শুক্ৰাচাৰ্য্য কৈছিল যে ধন-সম্পত্তি মিছা ক'লে যদি বাচি যায়। তেতিয়া সেই মিছা কথাত পাপ নালাগে। এনেকুৱা কিছুমান স্থান আছে য'ত মিছা ক'ব লগা হয়। কিন্তু মিছা ইনেই ক'ব নালাগে বা মিছা কথা পাৰিলে ক'ব নালাগে।
এইসমূহ স্থান অৰ্থাৎ এইসমূহ সমস্যা মানুহৰ জীৱনত কেতিয়াবা কেতিয়াবাহে আহে। সদায় নাহে কিন্তু মানুহে সদায় মিছা কয়। গোটেই জীৱনত যদি আপুনি ২-৪ বাৰ মিছা কয় তেতিয়া ইমান বেয়া নহয়। কিন্তু মানুহে সদায় দিনত দহটা মিছা কথা কয়, তেতিয়া সেইটো ভাল নহয়।
পূজা অৰ্চনা কৰোঁতে শালেগ্ৰাম ভগৱানৰ মূৰ্তি পৰি গ'লো বেয়া নি? চাওঁক পৰিবটো নালাগে । সাৱধানেৰে ভগৱানৰ পূজা অৰ্চনা কৰিব লাগে। পাৰিলে এখন গামোচা কোচত লৈ লাগিলে ভগৱানৰ মূৰ্তি তাত ৰাখি লওঁক।
তাৰ পাছত পূজা কৰক। তেতিয়া পৰিলেও কোচত পৰিব আৰু সেইটো বেয়া নহয়। পৰিব নালাগে।পৰি গ'লে ভালকৈ মূৰ্তিটো মূৰত লগাই কৃষ্ণ কৰক আৰু তাৰ পাছত পূজা অৰ্চনা কৰক।পৰি গ'লে প্ৰাৰ্থনা কৰক একো নাই। কাৰণ ভগৱান দয়ালু সকলো ক্ষমা কৰি দিয়ে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment