প্ৰেমত পৰা আগতে এইসমূহ কথা মনত ৰাখক: Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 6, 2022

প্ৰেমত পৰা আগতে এইসমূহ কথা মনত ৰাখক: Assamese Storyboard

Assamese Storyboard

এখন গাঁৱত এজনী ছোৱালী আছিল।তাই দেখিবলৈ বহুত ধুনীয়া আছিল। এদিন সেই গাওঁখনেদি এজন ৰজা পাৰ হৈ গৈ আছিল আৰু ৰজাজনে সেই ছোৱালীজনীক দেখিলে ।(Assamese Storyboard )


ৰজাজন নতুন ৰজা আছিল। অৰ্থাৎ তেওঁ বয়স কম আছিল আৰু নতুনকৈ ৰজা হৈছিল। সেই কাৰণে তেওঁ নগৰৰ ভ্ৰমণ কৰিম বুলি উলাই গৈছিল আৰু সেই ধুনীয়া ছোৱালীজনী তেওঁ দেখিলে। তাৰ পিছত ৰজাজনে নিজৰ পালকীখন ৰখাবলৈ কৈ সেই ছোৱালীজনীক ক'লে মই তোমাক ৰাণী কৰি নিব বিচাৰোঁ। তোমাক বিয়া পাতিব বিচাৰোঁ। কাৰণ তুমি বহুত ধুনীয়া। 


তেতিয়া ছোৱালীজনীয়ে ক'লে মোক এমাহ সময় লাগে। এমাহৰ পিছত আপুনি মোৰ লগত বিয়া পাতি ল'ব। ৰজাজন মান্তি হ'ল আৰু ভাবিলে হ'ব এমাহৰ পিছত বিয়া পাতিম। সেই ছোৱালীজনীয়ে তেতিয়াৰে পৰা ভালকৈ ভাত-পানী নোখোৱা হ'ল। তাৰ ফলত তাইৰ বেমাৰ হ'ল। তাইৰ শৰীৰটো দূৰ্বল হৈ পৰিল। এমাহত তাইৰ শৰীৰৰ সকলো মাংস শুকাই যোৱা দৰে হ'ল অকল হাড় উলাই পৰিল। 


এমাহৰ পিছত সেই ৰজাজন আকৌ আহিল আৰু ক'লে এতিয়া মোৰ বিয়া সেই ছোৱালীজনীৰ লগত কৰাই দিয়া। তেতিয়া ছোৱালীজনীৰ দেউতাক বাহিৰলৈ উলাই আহি ক'লে ছোৱালীজনী ভিতৰত আছে আপুনি ভিতৰলৈ গৈ বিয়া পাতি লওঁক। ভিতৰলৈ গৈ দেখিলে মাখিয়ে ছোৱালীজনীৰ চাৰিওফালে বেৰি আছিল। ছোৱালীজনী বহুত দেখিবলৈ বেয়া হৈ গৈছিল। ৰজাজনে ভয় খাই ক'লে মই এই ছোৱালীজনী পচন্দ কৰা নাছিলোঁ নহয়। সেই ধুনীয়া ছোৱালীজনী ক'ত গ'ল মই তাইৰ লগতহে বিয়া পাতিম বুলি কৈছিলো। তেতিয়া ছোৱালীজনীয়ে ক'লে মইয়ে সেই ছোৱালীজনী আপুনি যোৱাৰ পাছত মোৰ বেমাৰ হ'ল আৰু বেমাৰৰ কাৰণে মোৰ এই অৱস্থা হ'ল। 


বহুত বেয়া গোন্ধ আহিছে তোমাৰ ওচৰৰ পৰা আৰু মই তোমাৰ লগত বিয়া নাপাতো বুলি কৈ ৰজাজনে নাকত ধৰি তাৰ পৰা গুচি গ'ল। তেওঁ ছোৱালীজনীক আগতে কৈছিল মই ভাল পাওঁ তোমাক বিয়া পাতিব বিচাৰোঁ। কিন্তু কি হ'ল তেওঁ আচলতে ছোৱালীজনীক নহয় তাইৰ সৌন্দৰ্যতাক ভাল পাইছিল। 


আজিকালি সমাজৰ কিছুমান ল'ৰা ছোৱালীয়েও এনেদৰেই নিজৰ লোকচান কৰি লয়। সিহঁতি কয় মই তোমাক বহুত ভাল পাওঁ কিন্তু এইয়া সিহঁতৰ প্ৰেম নহয়। এওঁলোকে নাজানে যে প্ৰেম অৰ্থ কি? প্ৰেমৰ অৰ্থ বহুতে নাজানে। কোনোবাই যদি আপোনালোকক ভাল পাওঁ বুলি কয় সি আপোনাক নহয় আপোনাৰ সৌন্দৰ্যতাক ভাল পায়। কাৰণ মন্দিৰৰ বাহিৰত ভিক্ষা বিচাৰি থকা ক'লা ছোৱালীজনীকটো কোনেও নকয় যে মই তোমাক ভাল পাওঁ। যদি কোনোবা ধুনীয়া তেতিয়া ভালপোৱাৰ ভিৰ লাগি যায়। ইয়াৰ অৰ্থ এইটোৱে যে কোনেও তোমাক ভাল নাপায়। ভাল পায় তোমাৰ সৌন্দৰ্যতাক,বাসনা আছে সেই বাসনাকে আজি কালি মানুহে প্ৰেম বুলি কয়। আজিকালি পঢ়া-শুনা বহুত মানুহে নিজৰ বাসনাকে প্ৰেমৰ বুলি ভাবে। প্ৰেম বাসনা নহয় । প্ৰেম মানে কি? প্ৰেম মানে হ'ল ত্যাগ।


গোপনীসকলে বিন্দাবনত কান্দি কান্দি থাকি গ'ল।বিন্দাবনৰ পৰা মথুৰা বহুত দূৰত নাছিল । ইচ্ছা কৰা হ'লে গোপনীসকলে সদায় গৈ কৃষ্ণক লগ কৰিব পাৰে। কিন্তু গোপনীসকলে কয় যে আমি কৃষ্ণক ভাল পাওঁ আৰু তেওঁ য'ত সুখী আমিও তাতে সুখী। যদি কৃষ্ণয়ে আমাৰ পৰা দূৰত থাকি সুখত আছে তেতিয়া আমিও তেওঁৰ পৰা দূৰত থাকিম। তেওঁৰ ওচৰলৈ গৈ আমি তেওঁক দুখী কৰিব নিবিচাৰোঁ।বলীদানৰ আন এটা নাম প্ৰেম। ত্যাগৰ অৰ্থ হ'ল প্ৰেম। (Assamese Storyboard )


এবাৰ মুছলমানসকলে হিন্দু আৰু শীৰ্খ ধৰ্মৰ ব্যক্তিসকলক মুছলমান ধৰ্ম নিজৰ কৰি লোৱা নহ'লে তোমালোকক মাৰি পেলাম বুলি কৈছিল। তেওঁলোকে ক'লে আমাক মাৰি পেলোৱা আমি আমাৰ ধৰ্ম নেৰোঁ। মৰি গ'ল কিন্তু তেওঁলোকে নিজৰ ধৰ্ম নেৰিলে।এইয়া প্ৰেম নিজৰ ধৰ্মৰ প্ৰতি যে মই মৰি গ'লেও নিজৰ ধৰ্ম নেৰোঁ। আজিকালি কিছুমান ল'ৰা ছোৱালীয়েও প্ৰেমৰ সুযোগ লৈ নিজৰ মাক-দেউতাকক এৰি দিয়ে।


 কিছুমানে ছোৱালী আৰু ল'ৰায়ে ভাবে আমি ১৮ আৰু ২১ বছৰীয়া হ'লো এতিয়া আমি বিয়া পাতি লওঁ ,কাৰ্দ মেৰেজ কৰি লয় আৰু তাৰ নাম দিয়ে প্ৰেম। এইয়া প্ৰেম নহয় প্ৰেমটো সেইয়া আছিল য'ত আমাৰ যুদ্ধাসকলে ধৰ্মৰ প্ৰতি থকা প্ৰেমৰ বাবে প্ৰাণ ত্যাগ কৰি দিলে। কিন্তু তেওঁলোকে নিজৰ ধৰ্ম নেৰিলে। ধৰ্মৰ  প্ৰতি থকা প্ৰেমৰ বাবে তেওঁলোক মৰি গ'ল আৰু আজিকালি ল'ৰা ছোৱালীয়ে প্ৰেমৰ বাবে মাক-দেউতাককো এৰি দিয়ে।তাৰ পাছত কয় প্ৰেম কৰে।


প্ৰেমে কি কাৰোবাৰ হৃদয়ত দুখ দিয়ে নেকি? এটা ল'ৰা আৰু এজনী ছোৱালী দুয়োটাই পলাই বিয়া পাতিলে। তেওঁলোকে পিছলৈ ঘূৰি চাই জানো যে তেওঁলোকৰ মাক-দেউতাকৰ কি হৈছে তেওঁলোকৰ মনত কিমান দুখ লাগিছে।য'ত যায় তাতে মাক-দেউতাকে শুনিবলৈ পায় এওঁলোকৰ ছোৱালীজনী পলাই গ'ল এওঁলোকৰ ল'ৰাটোৱে ছোৱালী পলোৱাই আনিলে তেতিয়া মাক-দেউতাকে কান্দে আৰু ভাবে কিমান আশা আৰু সপোন আছিল ছোৱালীজনীৰ , ল'ৰাটোৰ বিয়াক লৈ। কিন্তু সকলো শেষ হৈ গ'ল। পলাই গ'ল।


প্ৰেমৰ অৰ্থ এইটো নেকি যে আপোনালোকে নিজৰ ঘৰ এখন বনাই ল'লে আৰু তাত মা-দেউতায়ে কান্দি কান্দি দুখত আছে। আপোনালোকৰ বাবে প্ৰেমৰ অৰ্থ এইটোৱে নেকি? প্ৰেমে কেতিয়াও কাকো দুখ নিদিয়ে। ই কাৰো হৃদয়ত দুখ নিদিয়ে। যদি আপোনালোকৰ প্ৰেমে কাৰোবাৰ হৃদয়ত দুখ দিছে। তেতিয়া হ'লে সেইয়া আপোনালোকৰ প্ৰেম নহয় কেৱল বাসনাহে। এইয়া আপোনালোকৰ ইচ্ছাহে যাক পূৰণ কৰিবলৈ আপোনালোকে এইবোৰ কৰিছে। এইয়া প্ৰেম নহয়।প্ৰেমে কাকো আঘাত নিদিয়ে। এজনী মাকে যদি নিজৰ ল'ৰাটোক ভাল পায় আৰু আনৰ ল'ৰাৰ কাৰণে শূল বিন্ধে তেতিয়া ইয়াক প্ৰেম বুলি কোৱা নহয়। প্ৰেম সদায় প্ৰেময়ে ই তোৰ মোৰ ভেদভাৱ নাৰাখে।


ভগৱান শ্ৰীৰামে সকলোকে ভাল পাইছিল সেই কাৰণে  নাওঁতো গৈছিল,জটায়ু পক্ষীকো ভাল পাইছিল সেই কাৰণে তেওঁৰ তালৈও গৈছিল আৰু শ্ৰবৰী অৰ্থাৎ বৃদ্ধ মহিলা গৰাকীয়ে কোনটো মিঠা ফল তাক খাই খাই ৰামলৈ থোৱা সেইবোৰো খাইছিল। ৰাৱণক ভগৱান ৰামে মাৰিছিল। ৰাৱণক ভগৱান ৰামে এইকাৰণে মৰা নাছিল যে তেওঁ ৰাৱণক শত্ৰু বুলি ভাবে। ভগৱান ৰামে যি প্ৰেম আনক কৰিছিল সেই প্ৰেম ৰাৱণকো কৰিছিল। পাৰ্থক্য এটাই শ্ৰবৰীয়ে ৰামক ভাল পাইছিল আৰু ৰামেও। কিন্তু ৰাৱণে ভগৱান ৰামক ভাল নাপাইছিল প্ৰেম সলনি প্ৰেম নহয় শত্ৰুতা কৰিছিল।


 ভগৱান শ্ৰীৰামে শ্ৰবৰীক মৰা পাছত যি স্থান দিছিল সেই স্থান ৰাৱণকো দিছিল। ভগৱান শ্ৰীৰামৰ চকুত শ্ৰবৰী আৰু ৰাৱণ সমান। কাৰণ প্ৰেমে কাৰো হানি হোৱাতো নিবিচাৰে। কাকো দুখ নিদিয়ে কিন্তু  আজিকালি কিছুমান ল'ৰা-ছোৱালীয়ে  নিজৰ মাক-দেউতাকক দুখ দি গুচি যায় আৰু কয় আমি প্ৰেম কৰিছোঁ আমি সচাঁ প্ৰেমী। এইটো প্ৰেমৰ অৰ্থ নহয়। আপোনালোকে প্ৰেমৰ অৰ্থ নিজৰ মতে ভাবি ল'লেও তাত কাৰো একো ক'ব লগা নাই । কাৰণ এই পৃথিৱীত সকলো মানুহ স্বাধীন আৰু সকলোৰে স্বাধীনতা আছে।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Storyboard )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত





No comments:

Post a Comment

Advertisement

Pages