এজন অহংকাৰী ৰাজকুমাৰ: Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 6, 2022

এজন অহংকাৰী ৰাজকুমাৰ: Assamese Storyboard

Assamese Storyboard

এজন ৰাজকুমাৰ আছিল। যি নিজকে বহুত ধুনীয়া কৰি ৰাখিছিল। তেওঁ নিজৰ ৰাজ প্ৰসাদলৈ ধুনীয়া ধুনীয়া ছোৱালী নিমন্ত্ৰণ দিয়ে।(Assamese Storyboard )


 এদিন বহুত জোৰে বতাহ ধুমুহা আহিছিল আৰু তাৰ পৰা বাচিবলৈ এজনী দুখীয়া বৃদ্ধ মহিলা ৰাজকুমাৰ প্ৰসাদলৈ গুচি আহে। বৃদ্ধ আছিল বাবে তেওঁ দেখিবলৈ বেয়া আছিল আৰু সেই বৃদ্ধ মহিলা গৰাকীয়ে ৰাজকুমাৰক ফুল দিলে ।ৰাজকুমাৰে ভাবিলে এই দেখিবলৈ ইমান বেয়া। তাৰ পিছত  ৰাজকুমাৰে সেই বৃদ্ধ মহিলা গৰাকীক ঠাট্টা কৰে আৰু তেওঁৰ ওপৰত হাঁহে। 


তেওঁ দিয়া ফুলপাহো পেলাই দিলে। সেই বৃদ্ধ মহিলা গৰাকীয়ে ৰাজকুমাৰক বুজালে যে ধুনীয়া চেহেৰাত নহয় মনত চাব লাগে মন যাৰ ধুনীয়া সিয়ে প্ৰকৃত ধুনীয়া। কিন্তু ৰাজকুমাৰে তেওঁৰ কথা মানি লোৱা নাছিল। তাৰ পিছত সেই বৃদ্ধ মহিলা গৰাকী চাওঁতে চাওঁতে এজনী ধুনীয়া ছোৱালীলৈ সলনি হৈ পৰিল। আচলতে সেই বৃদ্ধ মহিলা গৰাকী এজনী যাদুগৰনী আছিল যি ৰাজকুমাৰ কেনেকুৱা চাবলৈ আহিছিল। সেই যাদুগৰনী জনীয়ে বুজি পালে যে ৰাজকুমাৰৰ মনত প্ৰেম নামৰ একো বস্তুয়েই নাছিল। সেই কাৰণে যাদুগৰনী জনীয়ে ৰাজকুমাৰক যাদু কৰি এটা দানৱ বনাই দিলে।ৰাজকুমাৰে এনেকুৱা নকৰিব নকৰিব কোৱা পাছতো তেওঁ নুশুনিলে।


 লাহে লাহে সকলোৱে ৰাজকুমাৰক পাহৰিবলৈ ধৰিলে আৰু যাদুগৰনী জনীয়ে যি পাহ ফুল ৰাজকুমাৰক দিছিল সেই পাহ যাদু কৰা ফুল আছিল । সেই পাহ ৰাজকুমাৰে পেলাই দিছিল আৰু সেই ফুলপাহৰ শেষৰ পাহিটো পৰা আগত যদি ৰাজকুমাৰে কাৰোবাক সচাঁ ভাল পায় আৰু তাইও যদি  ৰাজকুমাৰক সচাঁ ভাল পায় তেতিয়া ৰাজকুমাৰ এই যাদুৰ পৰা মুক্ত হ'ব । নহ'লেবা ৰাজকুমাৰ কেতিয়াও মানুহ হ'ব নোৱাৰিব। বহুত বছৰ পাৰ হৈ যায় কিন্তু সেই ৰাজ প্ৰসাদলৈ কোনো নাহে।


 বেলিয়া নামৰ এজনী ছোৱালীয়ে কিতাপ আৰু কাহিনী পঢ়ি বহুত ভাল পাইছিল। তাইৰ দেউতাক এজন ডিজাইনাৰ আৰু সেই গাঁৱতে আৰু এটা ল'ৰা থাকে যাৰ নাম আছিল গেচটন।সি বেলিয়াৰ লগত বিয়া পাতিব বিচাৰিছিল কিন্তু তাই নিবিচাৰিছিল কাৰণ সি অহংকাৰী আছিল। এদিন বেলিয়াৰ দেউতাক কৰবালৈ যাব লগা হ'ল আৰু গৈ থাকোঁতে সেই ৰাস্তাটোত জুই লাগি থকা দেখিলে আৰু সেইফালে যাবলৈও ৰাস্তা নাছিল কিন্তু তেওঁ অন্য এটা ৰাস্তা দেখি সেইফালে ঘোঁৰাটো  ঘূৰাই লৈ যাবলৈ ধৰিলে । তাৰ পাছত তেওঁ শিয়ালৰ মাত শুনিবলৈ পালে আৰু সেই শিয়ালবোৰে তেওঁৰ পিছা কৰিবলৈ ধৰিলে। তেওঁ ভয়তে আহি আহি ৰাজকুমাৰৰ প্ৰসাদৰ ওচৰ পালে। 


ভিতৰলৈ গৈ দেখিলে তাত কোনো নাই। কিন্তু লাইট আৰু খাদ্য টেবুলত থোৱা আছিল। ইমান ভাল খাদ্য দেখি বেলিয়াৰ দেউতাকে খাবলৈ ধৰিলে।তাত থকা কাপটোৱে বেলিয়াৰ  দেউতাকৰ লগত কথা পাতিবলৈ ধৰিলে। তাৰ পাছত তেওঁ কোনোবা ভূতে তেওঁক ভয় খোৱা বুলি ভাবি ক'লে -মই তোমালে ভয় নকৰোঁ।ইমানেই কৈ তেওঁ তাৰ পৰা পলালে। এতিয়া এটা কথা কাপটোৱে কেনেকৈ কথা ক'লে ।ৰাজপ্ৰসাদত যিমান বস্তু আছিল আগতে সেই সকলোবোৰ মানুহ আছিল। কিন্তু যাদু ফলত সকলো বস্তুলৈ ৰূপান্তৰ হ'ল। তেওঁ দৌৰি বাগিছাখনলৈ গৈ পালে আৰু দেখিলে তাত বহুত ধুনীয়া ধুনীয়া ফুল ফুলি আছে। 


তাৰ পাছত তেওঁৰ মনত পৰিল বেলিয়াই তেওঁক ফুল লৈ যাবলৈ কৈছিল । সেই কাৰণে তেওঁ তাৰ পৰা এপাহ ফুল চিঙি ল'লে।  ফুল চিঙা দেখি তালৈ ৰাজকুমাৰ আহে দণ্ড দিবলৈ যি দানৱলৈ পৰিণত হৈছিল। কিন্তু ঘোঁৰাটো তাৰ পৰা পলাই বেলিয়াৰ ওচৰলৈ গুচি আহিলে। তাই দেখি গম পালে যে তাইৰ দেউতাক বিপদ পৰিল। তাৰ পিছত তাই ঘোঁৰাত উঠি দেউতাকক বিচাৰি যায়। ঘোঁৰাটোৱে তাইক ৰাজপ্ৰসাদলে লৈ আহে য'ত দেউতাকক বন্দি বনাই থোৱা আছিল। তাই ভিতৰলৈ গৈ মাতিবলৈ ধৰিলে তাই মাত শুনিছিল কিন্তু তাত তাই কাকো দেখা নাছিল।


বেলিয়া গৈ সেই স্থান পালেগে য'ত দেউতাকক বন্দি বনাই থোৱা আছিল। দেউতাকে তাইক ক'লে - এই বস্তুসমূহ জীয়াই থকা। সেই কাৰণে তুমি ইয়াৰ পৰা গুচি যোৱা। মই তোমাৰ কাৰণে ফুল চিঙিছিলো আৰু সেই কাৰণে মোক ইয়াত বন্দি বনাই থোৱা হৈছে। কিন্তু তাই যোৱাৰ আগতে দানৱ হৈ থকা ৰাজকুমাৰ তাত আহি পালে।তাক দেখি তাই ভয় খালে কাৰণ দানৱ আছিল দেখিলেতো ভয় লাগিবয়ে।বেলিয়াই ক'লে- মই মোৰ দেউতাক লগ কৰিব বিচাৰোঁ কিন্তু ৰাজকুমাৰে বিচৰা নাছিল তাই দেউতাকক লগ কৰাতোঁ।বেলিয়াই ক'লে- তুমি ইমান অত্যাচাৰি নে এটা সৰু ভুলৰ বাবে ইমান ডাঙৰ শাস্তি দিছা।(Assamese Storyboard )


 তাৰ পিছত ৰাজকুমাৰে ক'লে- যদি এই দৰ্জাখন এবাৰ খুল খাই যায় আৰু বন্ধ হৈ যায় তেতিয়া আৰু কেতিয়াও আকৌ এইখন খুল নাখায়। তাৰ পাছত ৰাজকুমাৰে দৰ্জাখন খুলি দিলে তাই ভিতৰলৈ গৈ দেউতাকক লগ কৰিলে। তাই দেউতাকক বাহিৰলৈ ঠেলা মাৰি দৰ্জাখন বন্ধ কৰি দিলে। তাৰ পাছত  ৰাজকুমাৰে দেউতাকক যাবলৈ দিলে আৰু তাই তাত বন্দি হৈ থাকিল। ৰাজকুমাৰ নথকা অৱস্থাত মম আৰু ঘড়ী এটা তাইৰ ওচৰলৈ আহি দৰ্জাখন খুলি দিলে আৰু তাইক ক'লে- তুমি আমাৰ লগত আহা।কাৰণ মম আৰু ঘড়ীটোৱে নহয় তাত থকা সকলোৱে কথা ক'ব ,বুজিব আৰু শুনিব পাৰে কাৰণ তেওঁলোক মানুহ আছিল। তাইক সিহঁতি এইকাৰণে উলিয়ায় আনিলে যে সিহঁতি বুজি পাইছিল তাইয়ে সেইজনী ছোৱালী যিয়ে সিহঁতক যাদুৰ পৰা মুক্ত কৰিব পাৰিব।


 সিহঁতি তাইক থাকিবলৈ এটা ৰুম দিলে। কিন্তু যেতিয়া ৰাজকুমাৰে কথাটো গম পালে সি সিহঁতক গালি দিবলৈ ধৰিল। সিহঁতি ৰাজকুমাৰক বুজালে আৰু তাইক ভাল পাবলৈ ক'লে।প্ৰথমতে ৰাজকুমাৰে মানি লোৱা নাছিল। এদিন বেলিয়া সেই গোলাপ ফুল পাহ থকা ঠাইলৈ গৈ ফুলপাহ চুব খুজিলে। তেতিয়া দানৱটো তাত আহি পালে আৰু তাইক খঙ কৰি ক'লে ইয়াৰ পৰা গুচি যোৱা তোমাৰ কাৰণে আজি আমি সকলোবোৰ মৰিলো হেঁতেন । তাই তাৰ পৰা ঘোঁৰাত উঠি যাওঁতেই ৰাস্তাত তাইক শিয়ালে বেৰি ধৰিলে আৰু তেতিয়াই তাত দানৱটো আহি পালে আৰু তাইক বচালে। কিন্তু সি আঘাতপ্ৰাপ্ত হৈ মাটিত পৰি গ'ল।


তাইক নতুন জীৱন দিলত তাই নগ'ল আৰু দানৱটোক ক'লে- মই তোমাক উঠাব নোৱাৰোঁ তুমি নিজেই উঠিব লাগিব ।তাৰ পাছত সিহঁতি ৰাজপ্ৰসাদলৈ গুচি গ'ল।এইফালে বেলিয়াৰ দেউতাকে আহি গাঁৱত সকলো কথা ক'লে কিন্তু কোনেও বিশ্বাস নকৰিলে ।গেচটনে দেউতাকক ভাল দেখুৱাবলৈ ক'লে মই কৰিছোঁ বিশ্বাস। তাৰ পাছত সিহঁতি তাইক বচাবলৈ গ'ল কিন্তু জংঘল গৈ পাই দেউতাকে ৰাস্তাটো বিচাৰি নাপালে আৰু গেচটনে দেউতাকক ক'লে- আপুনি পাগল নেকি? তাৰ পিছত বিভিন্ন ধৰণৰ কথা ক'লে আৰু ক'লে মই বেলিয়াক ভাল পাওঁ আৰু বিয়া পাতিম। কিন্তু দেউতাকে এনেকুৱা কেতিয়াও নহয় বুলি কলত তাৰ খঙ উঠিল আৰু সি দেউতাকক মাৰি হাত ভৰি বান্ধি মৰিবলৈ এৰি থৈ গ'ল। 


আগাঠা নামৰ মহিলা এগৰাকীয়ে তেওঁক বচালে।তাইক আগতে গাঁওৰ পৰা উলিয়াই দিয়া হৈছিল। এইফালে দানৱে বেলিয়াক ক'লে তুমি বিচৰিলে ইয়াত থাকিব পাৰা। লাহে লাহে সিহঁতি ইটোৱে সিটোৰ কাষ চাপিলে । এদিন দানৱটোৱে তাইক এখন কিতাপ দেখাই ক'লে - এইখনৰ সহায়ত অতীতলৈও যাব পাৰি।তাই ক'লে মই মোৰ মাক যেতিয়া অন্তিমবাৰ লগ পাইছিলো, সেই সময়লৈ যাব বিচাৰোঁ। তাই গ'ল আৰু গম পালে যে তাইৰ মাকৰ বেমাৰ হৈছিল যাৰ ফলত তাইৰ মাকে তাইক লৈ বেলেগলৈ আহিবলৈ দেউতাকক ক'লে। তাই এইবোৰ জানি দুখ কৰিলে আৰু বৰ্তমানলৈ গুচি আহিলে। 


এইফালে দানৱটোক বস্তুবোৰে তাইক ভাল পাওঁ বুলি কৈ দিবলৈ ক'লে। কিন্তু ৰাজকুমাৰে ক'লে তাই মোক ভাল নাপায়। কিন্তু বস্তুবোৰে জোৰ কৰি দানৱটোক মান্তি কৰালে আৰু সজাই দিলে আৰু বেলিয়াকো সজাই দিলে । তাৰ পাছত দুয়োটাই নাচিবলৈ ধৰিলে। গাঁৱলৈ আহি দেউতাকে গেচটনৰ কথা ক'লে যে সি তেওঁক মৰিবলৈ এৰি আহিছিল। কিন্তু কোনেও তেওঁৰ কথা বিশ্বাস নকৰিলে আৰু সকলোৱে তেওঁৰ মানসিক বেমাৰ হৈছে আৰু ভূতৰ চায়া পৰিছে বুলি ভাবি তেওঁক বন্দী কৰি থ'লে। বেলিয়াই দানৱক ক'লে মোক নাচিবলৈ দেউতাই শিকাইছিল।


সি তেতিয়া ক'লে তোমাৰ চাগে দেউতালৈ বহুত মনত পৰে ন? তাই ক'লে-অ'। সি তাইক এখন আইনা দেখালে আৰু ক'লে যে ইয়াত যাক চাব খোজা চাব পৰা ।সি তাত তাইক দেউতাকক দেখাই দিলে ।তাই দেখিলে গাঁৱৰ মানুহে দেউতাকক বন্দী কৰি ৰাখিছে। তেতিয়া দানৱটোৱে ক'লে- তুমি দেউতাৰ ওচৰলৈ যাব লাগে যোৱা আৰু লগতে তাইক সেই আইনাখনো দি পঠিয়ালে আৰু ক'লে যদি মোৰ এই অসুন্দৰ চেহেৰাটো চাব বিচাৰা চাব পাৰিবা ইয়াতে।তাই তাৰ পৰা গুচি গ'ল আৰু গৈ গাঁৱৰ মানুহক ক'লে-দেউতাই যি কৈছে সঁচা কৈছে। 


কিন্তু তাইৰ কথা কোনেও নুশুনিলে। তেতিয়া তাই আইনা খনত দানৱক দেখাই দিয়ে আৰু সকলোৱে ভয় খাই উঠিল।তাই তেতিয়া ক'লে ভয় কৰিব নালাগে সি বহুত ভাল ।সি কাকো একো নকৰে । তেতিয়া গেচটনে বুজি পালে যে তাই সেই দানৱটোক ভাল পায়। সেই কাৰণে সি গাঁৱৰ মানুহক উচতাই দিলে আৰু ক'লে এইক দানৱটোৱে যাদু কৰিলে। সেই কাৰণে এই এনেকে কৈছে।এইকো দেউতাকৰ লগত বন্দী কৰি ৰাখক আৰু আমি সকলোৱে মিলি সেই দানৱটোক মাৰি পেলাব লাগে নহ'লেবা  সি আমাক মাৰি পেলাব। গাঁৱৰ মানুহে তাৰ কথা শুনি ৰাজপ্ৰসাদলৈ গ'ল ।


ভিতৰত সোমোৱাৰ লগে লগে বস্তুবোৰে আক্ৰমণ কৰিবলৈ ধৰিলে। গেচটন গৈ দানৱটো ওচৰ পালে। কিন্তু দানৱটোৱে মন মাৰি আছিল কাৰণ সি সচাঁকে বেলিয়াক ভাল পাই পেলাইছিল। দানৱটোক দেখি গেচটনে ক'লে- তই কি ভাব তোক তাই ভাল পায়।তাইয়ে গাঁৱৰ মানুহক তোক মাৰিবলৈ পঠিয়াইছে বুলি কৈ সি দানৱটোক গুলিয়াই দিলে ।দানৱটো পৰি গ'ল। দ্বিতীয়টো গুলি মৰা আগতেই বেলিয়া আহি পালে আৰু গেচটনৰ লগত টনা আজোৰা কৰিবলৈ ধৰিলে ।টনা আজোৰা কৰোঁতে গেচটন গৈ তলত পৰিল আৰু বন্দুকটোও। তাই দানৱটোক ক'লে- মই তোমাক মাৰিবলৈ পঠিওৱা নাই। তাইক দেখি দানৱটোৱে শক্তি পালে আৰু উঠি তাইৰ ওচৰলৈ আহিলে।সুযোগ বুজি গেচটনে আকৌ পিছফালৰ পৰা গুলি চলালে।


দানৱটো আঘাতপ্ৰাপ্ত হৈ মাটিত ঢলি পৰিল ।লগতে গেচটন ৰৈ থকা ঠাইখিনিও খহি পৰিছিল আৰু সি মৰি থাকিল। বেলিয়াই দানৱটোক ধৰি ক'লে মই তোমাক আৰু কেতিয়াও এৰি নাযাওঁ। তেতিয়া দানৱটোৱে ক'লে- মইটো এতিয়া মৰিম।তাই ক'লে তোমাৰ একো নহয় ভাল হৈ যাব। তেনেকুৱাতে গোলাপৰ শেষৰ পাহিটোও সৰি পৰে আৰু দানৱটোৰ মাত নাইকীয়া হৈ পৰে। তাই দানৱটোক সাবতি ধৰিলে আৰু ক'লে মই তোমাক বহুত ভাল পাওঁ। তেতিয়াই তাত আগাঠা আহি পালে আৰু তাই কোনো নহয় তাই সেই যাদুগৰনী জনীয়ে হয়।তাই দেখিলে দানৱটোৱে তাইক সচাঁ ভাল পায় আৰু তাইয়ো তাইক বহুত ভাল পায়। সেই কাৰণে তাই  ৰাজকুমাৰক যাদুৰ পৰা মুক্ত কৰি দিলে আৰু চাওঁতে চাওঁতে ৰাজকুমাৰ ধুনীয়া হৈ পৰিল । বস্তুবোৰো মানুহলৈ ৰূপান্তৰ হ'ল আৰু তাৰ পাছত বেলিয়া আৰু ৰাজকুমাৰ একেলগে থাকিবলৈ ল'লে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Storyboard )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত



No comments:

Post a Comment

Advertisement

Pages