পত্নীৰ জীৱনত স্বামীৰ মহত্ব কিমান : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 6, 2022

পত্নীৰ জীৱনত স্বামীৰ মহত্ব কিমান : Assamese Fact

Assamese Fact

কিছুমান স্বামী এনেকুৱা থাকে যিয়ে পত্নীৰ বহুত ধ্যান ৰাখে আৰু পত্নীক নিজৰ সন্মান বুলি ভাবে।মান-সন্মান দিয়ে মৰম কৰে।(Assamese Fact )


 তেওঁলোক বহুত ভাল স্বভাৱৰ হয়। কিছুমান পত্নী থাকে যিসকলে সৰু সৰু কথাতে কাজিয়া লাগি ঘৰ এৰি গুচি যায় এইবোৰ ভাল স্বভাৱ নহয়। কিন্তু কিছুমান পত্নী এনেকুৱা থাকে যিসকলে যিমান কঠিন পৰিস্থিতি হ'লেও সদায় স্বামীৰ লগ দিয়ে। এইসকল পত্নী বহুত ভাল স্বভাৱৰ হয়। সেই কাৰণে ভাল ব্যৱহাৰ,ভাল সংস্কাৰ হ'লে আপোনালোকৰ লগতে ল'ৰা ছোৱালীয়েও সুখত থাকিব। এটা কাহিনী আমি আপোনালোকক আজি কম- হয়তো এইটো আমাৰ সকলোৰে কাহিনী।


এহাল স্বামী স্ত্ৰী আৰু তেওঁলোকৰ এটা সৰু ল'ৰা আছিল। প্ৰায় ৭-৮ বছৰ মান ল'ৰাটো।স্বামী স্ত্ৰীৰ মাজত বহুত মৰম আছিল। এদিন তেওঁলোকৰ মাজত কাজিয়া হ'ল আৰু স্বামীয়ে পত্নীক জোৰে চৰিয়া দিলে। পত্নীয়ে চেন্দেল পিন্ধি আছিল আৰু স্বামীক সেই চেন্দেলকে মাৰি পঠিয়ালে।স্বামীৰ মূৰত লাগি সেই চেন্দেল পাত পৰি গ'ল। তেতিয়া স্বামীয়ে ক'লে- তুমি মোক চেন্দেল মাৰিলা মোৰ সন্মান সকলো শেষ হৈ গ'ল। 


তাৰ পিছত পত্নী নিজৰ মাকৰ ঘৰলৈ গুচি গ'ল। ছোৱালীজনীৰ মাক-দেউতাকে ক'লে- সি তোমাক চৰিয়ালে তুমি আৰু তালে নাযাবা ।এইফালে ল'ৰা সম্পৰ্কীয় মানুহ আহিল আৰু ক'লে- এনেকুৱা পত্নী ইনেও ৰাখিব‌ নালাগে চেন্দেল মাৰে নেকি? বহুত কিবাকিবি ক'লে সম্পৰ্কীয় মানুহে।সম্পৰ্কীয় মানুহবোৰে কেতিয়াও আপোনাৰ সম্পৰ্ক ভাল কৰিবলৈ নাচাই আৰু বেচি যিটি কৈ বেয়াহে কৰিব।৯৫% মাক-দেউতাকৰ ফলতো ল'ৰা ছোৱালী ঘৰ ভাগি যায়। 

Assamese Fact )


কি হ'ল সিহঁতি ইটোৱে সিটোৰ লগত কথা নপতা হ'ল। শেষত ন্যায়ালয়ৰ লৈ গ'ল আৰু বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিলে। ন্যায়ালয়ৰ অধ্যক্ষয়ে ছোৱালীজনীক সুধিলে তুমি স্বামীৰ লগত নিজ ইচ্ছা মতে বিবাহ বিচ্ছেদ কৰিব বিচাৰা নে? তাই ক'লে- অ' বিচাৰোঁ। তেতিয়া অধ্যক্ষয়ে সুধিলে-কিয়? ছোৱালীজনীয়ে মিছাকে কৈ দিলে ই মোক যৌতুক বিচাৰি থাকে। তাৰ পাছত ল'ৰাটোক সুধিলে তুমি কিয় এইৰ লগত বিবাহ বিচ্ছেদ কৰিব বিচাৰা? সিওঁ মিছাকে কৈ দিলে এই চৰিত্ৰহীন আৰু বেলেগৰ লগত সম্পৰ্ক আছে। তাৰ পিছত ইটোৱে সিটোক চালে আৰু ন্যায়ালয়ৰ অধ্যক্ষয়ে বিবাহ বিচ্ছেদৰ কাগজত চহী কৰি দিলে। 


বিবাহ বিচ্ছেদ হোৱাৰ পাছত দুয়োজন গৈ ন্যায়ালয়ৰ বাহিৰত থকা চাহৰ দোকানত বহিলে। তাৰ পাছত চাহ লৈ পত্নীয়ে স্বামীৰ ফালে চাই ক'লে- আজি ৭-৮ বছৰে মই তোমাৰ লগত আছোঁ তুমি কেতিয়া দেখিলা মোক বেলেগ পুৰুষৰ লগত সম্পৰ্ক ৰাখা।ন্যায়ালয়ৰ অধ্যক্ষৰ ওচৰত কলা যে মই চৰিত্ৰহীন। মোক তুমি কেতিয়া দেখিলা চৰিত্ৰহীন। তেতিয়া স্বামীয়েও ক'লে এই ৭-৮ বছৰত মই কেতিয়া তোমাক বা তোমাৰ দেউতাক পইচা খুজিলো যে তুমি মোক যৌতুক বিচাৰোঁ বুলি অভিযোগ দি দিলা। তেতিয়া ছোৱালীজনীয়ে ক'লে সেই দিনা মই তোমাৰ ওপৰত চেন্দেল মাৰি বহুত ভুল কৰিলোঁ মই কৰিব নালাগিছিল এনেকুৱা ব্যৱহাৰ তোমাৰ লগত। তেতিয়া   ল'ৰাটোৱেও ক'লে- মইয়ো  তোমাক চৰিয়াব নালাগিছিল। দুয়োজনে নিজৰ ভুল মানি ল'লে আৰু সিহঁতৰ চকুত চকু পানী বৈ আহিল। 


তাৰ পাছত ছোৱালীজনীয়ে ক'লে - এতিয়া আমাৰটো বিবাহ বিচ্ছেদ হৈ গ'ল । এতিয়া আমি সকলোবোৰ পাহৰি নতুন জীৱন আৰম্ভ কৰিব নোৱাৰোঁ নে? তাৰ পাছত ল'ৰাটোৱে ক'লে- কিয় নোৱাৰিম । তেতিয়া এই কাগজবোৰ কি কৰিম ।এইবোৰ ফালি পেলাওঁ। দুয়োজনে কাগজ ফালি পেলালে আৰু সাবতি ধৰি কান্দিবলৈ ধৰিলে। তাৰ পিছত দুয়োজন ঘৰলৈ গুচি গ'ল।


এই কাহিনীটোৱে আমাক কি শিকালে। এইটোৱে শিকালে যে যেতিয়া স্বামী আৰু পত্নীয়ে কাজিয়া লাগে তেতিয়া সিহঁতক নিজৰ ভুল মানি ল'বলৈ এটা সুযোগ দিব লাগে। কিন্তু এই সম্পৰ্কীয় মানুহ কিছুমানে যিটি কৈ সিহঁতক লগ হ'বলৈয়ে নিদিয়ে। ছোৱালীজনীক বিয়াৰ পাছত সদায়ে স্বামীয়েই লগ দিয়ে। সেই কাৰণে মাজত সোমাই সম্পৰ্কটো বেয়া কৰিবলৈ চেষ্টা কৰিব নালাগে পাৰিলে বুজায় ভাল কৰিবলৈ চেষ্টা কৰক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত







No comments:

Post a Comment

Advertisement

Pages