নিশা ১০ বজাৰ পৰা কাৰ্ফিউ
▶নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
▶ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা খাদ্য সামগ্ৰী ১০ বজা পৰ্যন্ত লৈ যাব পাৰিব।( Assamese News )
▶নিশা ৯-৩০ বজাৰ লগে লগে সম্পূৰ্ণ ৰূপে বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান।
▶ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহ ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিৰে মুকলি কৰিব পাৰিব।
▶শ্ব’ৰুম সমূহ ৯ বজালৈকে খুলিব পাৰিব।
যান-বাহনৰ ক্ষেত্ৰত
▶যান-বাহনৰ ক্ষেত্ৰত সকলোৱে কোভিড প্ৰ’টকল মানি চলিব লাগিব।
▶কোনো বাহনতে থিয় কৰি যাত্ৰী কঢ়িয়াব নোৱাৰিব।
▶সকলো বাহনতে ১০০ শতাংশ যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব।অৱশ্যে সকলোৱে অতি কমেও এটা ভেকচিন গ্ৰহণ কৰিব লাগিব।
▶বাইক, স্কুটি আদিত দুজন লোক উঠিব পাৰিব।অৱশ্যে দুয়োৱে ভেকচিন গ্ৰহণ কৰিব লাগিব।
▶কোনো বাহনতে যাত্ৰী থিয় হৈ গ’লে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব।
শিক্ষানুষ্ঠান
▶কামৰূপ মহানগৰ জিলাত অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।
▶অন্যান্য জিলাত পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰে পাঠদান বন্ধ থাকিব।
▶বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয় আদিৰ পাঠদান অনলাইন মাধ্যমেৰে সম্পন্ন কৰাৰ নিৰ্দেশ।
▶অফলাইন পাঠদান বন্ধ থাকিব।
সভা, সমিতি,বিবাহ আৰু ধৰ্মীয় অনুষ্ঠান,শেষকৃত্য অনুষ্ঠান
▶সকলো স্থানতে ৫০ শতাংশ লোকৰ উপস্থিতিত সভা,সমিতি আদি অনুষ্ঠিত কৰিব পাৰিব।
▶বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত ২০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
▶অডিটৰিয়াম, হল আদিত ২০০ সৰ্বাধিক ২০০ লোকহে উপস্থিত থাকিব পাৰিব।
▶সকলো জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে মুকলি আৰু বন্ধ স্থানত অনুষ্ঠিত সভাত কিমান লোক উপস্থিত থাকিব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পাৰিব।
▶সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা সৰ্বাধিক ৬০ গৰাকী লোক মুখ্য ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব।
▶অন্যান্য ধৰ্মীয় অনুষ্ঠানত ৪০ জনতৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
▶শেষকৃত্য অনুষ্ঠানত ১০০ ত কৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব। Assamese News )
বজাৰ,চিনেমা হল,ৰাজহুৱা স্থান
▶সপ্তাহিক বজাৰ ৬ ঘণ্টাতকৈ অধিক সময় খুলিব নোৱাৰিব।
▶ৰাজহুৱা স্থানত ভেকচিন গ্ৰহণ নকৰা লোকক ১০০০ টকাৰ জৰিমনা বিহা হ’ব।
▶চিনেমা হল আদি ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব।
▶ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
▶ভেকচিন গ্ৰহণ নকৰা লোক ১৫ জানুৱাৰীৰ পাছত ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব।
▶সকলোৱে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ লগত ৰাখিব লাগিব।
চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়
▶চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ পূৰ্বৰ দৰেই সময়মতেই খুলি থাকিব।
▶সকলো চৰকাৰী কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰিব লাগিব আৰু সময়মতেই কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।
▶যিসকল কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকে কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।
▶কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীয়ে ছুটী ল’ব লাগিব।যিসকলে ছুটী ল’ব নোৱাৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ’ব।
কণ্টেইনমেণ্ট জ’ন
▶কোনো এটা অঞ্চলত যদি ৭ দিনত কোভিড আক্ৰান্তৰ সংখ্যা ১০ জনতকৈ বৃদ্ধি পাই তেনেহ’লে সেই অঞ্চলটোক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব।
▶কণ্টেইনমেণ্ট জ’নত গেলা মালৰ দোকান, ফল-মূলৰ দোকান, শাক-পাচলিৰ দোকান খুলিব পাৰিব।
▶কণ্টেইনমেণ্ট জ’নত অৱশ্যে সকলো ধৰণৰ অত্যৱশ্যকীয় সেৱা অব্যাহত থাকিব।
▶অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য,ঔষধ, চিকিৎসা সামগ্ৰী ই-কমাৰ্চৰ ব্যৱস্থা অব্যাহত থাকিব।
ক'ভিড চিকিৎসা
▶এতিয়াৰে পৰা ক'ভিড চিকিৎসা বিনামূলীয়া নহ’ব।
▶জৰুৰী অৱস্থাত কোভিড পজিটিভ হৈ চিকিৎসাধীন হ’লেও বিনামূলীয়া হ’ব চিকিৎসা।
▶বি পি এল সকলৰ বাবে অৱশ্য এই চিকিৎসা বিনামূলীয়া হ’ব। Assamese News )
No comments:
Post a Comment