চৰকাৰী বিদ্যালয়ৰ এজন ছাত্ৰৰ পিতৃৰ এইয়া মৰ্মবেদনা : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 8, 2022

চৰকাৰী বিদ্যালয়ৰ এজন ছাত্ৰৰ পিতৃৰ এইয়া মৰ্মবেদনা : Assamese Viral Post

 

Assamese Viral Post

ডিয়েৰ চৰকাৰ,  এয়াই বিছাৰিছিল যদি, আপোনালোক সফল হ'ল ৷ অভিনন্দন ৷ 

   -----------------------------------------------

   বৰ হেপাহেৰে একমাত্ৰ ল'ৰাটোক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ দিছিলো ৷ ৰৈ বৈ নগলেও অন্তত তাক এখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ত পঢ়োৱাৰ সামৰ্থ আছিল মোৰ ৷( Assamese Viral Post )

 এইবেলি পঞ্চম শ্ৰেণীত সি ৷ পঢ়াত মধ্যমীয়া ল'ৰাটোৰ সাধাৰণ জ্ঞানখিনিও যোৱা সময়ছোৱাত  ক্ৰমে হ্ৰাস হৈ আহিছে  ৷ তাক পঢ়াবলৈ ললে  দুখ লাগে ৷ 

     লকডাউনৰ সময়ছোৱাত বিদ্যালয়ৰ পৰা W/A ত দিয়া প্ৰশ্ন উত্তৰ কেইটা লিখি , ফটো মাৰি পঠাই দিয়াতে তাৰ শৈক্ষিক বাতাবৰন সীমাৱদ্ধ হৈ ৰ'ল ৷

    তাৰ বিপৰীতে ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ত পঢ়া ভাগিন - ভতিজা দুটাক দেখিছো - পুৱা 7 বজাতে নিজৰ য়ুনিফম পিন্ধি  ভিডিও কলিংৰ -ঝুম এপৰ সহায়ত সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰিছে , প্ৰতি সপ্তাহত পৰীক্ষা পাতিছে , অভিভাৱকলৈ প্ৰাপ্ত নম্বৰৰ  তালিকা প্ৰেৰণ কৰিছে ৷ বিদ্যালয় কতৃপক্ষই অন্তত চৰকাৰী বিদ্যালয়তকৈ বহু দায়িত্ব পালন কৰিছে ৷( Assamese Viral Post )


      কাইলৈৰপৰা আকৌ চৰকাৰী বিদ্যালয় ( পঞ্চমলৈ)  বন্ধ হ'ব ৷  এমাহমানৰ পাছত W/A গ্ৰোপ এটা খুলি বিদ্যালয়ৰ  পৰা পুণৰ বিদ্যাৰ্থীলৈ প্ৰশ্ন বা প্ৰশ্ন-উত্তৰ পঠাব ৷ মবাইল থকা কেইটাই উত্তৰ লিখি ,  ফটো মাৰি দিব ৷ মবাইল নথকাসকল এৰা পৰি থাকিব ৷ তদুপৰি   সকলোৰে মবাইল নাই বুলি বিদ্যালয় কতৃপক্ষই দুদিনমান থেৰো-গেঠো কৰিব ৷ সমাপ্ত ৷ জ্ঞান অৰ্জন - বিতৰণৰ উদ্যোগ ইমানতে সমাপ্ত ৷ 

     ডিয়েৰ চৰকাৰ  - অন্তত বেচৰকাৰী বিদ্যালয়ৰ দৰে  চৰকাৰী বিদ্যালয়ত পঢ়া আমাৰ সন্তানকো কনমান জ্ঞান অৰ্জনৰ সুবিধা কৰি দিব নোৱাৰে নে ?  বঁটা - বাহন,  স্কুটি , হেলিকপ্তাৰ,  অনেক যোজনাতকৈ,  এইসকল শিশুৰ  সকলোৱে বেচৰকা


ৰী বিদ্যালয়ৰ শিশুৰ দৰে আধুনিক এপত পাঠ ল'ব পৰাকৈ একোটা মবাইলৰ ব্যৱস্থা কৰি দিব নোৱাৰে নে ? 

     

                                                ইতি 

                 মোহভঙ্গৰ অন্তত হতাশ এটা অসমীয়া  


-ফৰিদ আহমেদ

উৎস - ফেচবুক

( ফেচবুকত ফৰিদ আহমেদ ডাঙৰীয়াৰ দ্বাৰা লেখা উক্ত প'ষ্টটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )( Assamese Viral Post )



No comments:

Post a Comment

Advertisement

Pages