আপোনাৰ এই অভ্যাসৰ বাবে গুৰুতৰ ৰোগ হ'ব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 5, 2022

আপোনাৰ এই অভ্যাসৰ বাবে গুৰুতৰ ৰোগ হ'ব পাৰে : Assamese Health Tips

Assamese Health Tips

 

খাদ্য সেৱন কৰি শুই থকাৰ অভ্যাস আছে যদি এতিয়াই সাৱধান হওঁক অন্যথা গুৰুতৰ ৰোগ হ'ব পাৰে । ( Assamese Health Tips )


খাদ্য সেৱন কৰি লগে লগে শুলে এচিডিটি আৰু জ্বলা-পোৰা হ'ব পাৰে। ইয়াৰ উপৰিও, এনে কৰিলে হজম প্ৰক্ৰিয়াটো লেহেম হয়।


বেয়া জীৱনশৈলী,  নিশা পলমকৈ খাদ্য সেৱন , অত্যাধিক খাদ্য সেৱন আৰু আহাৰৰ ঠিক পিছতে টোপনি যোৱাৰ ফলত আপোনাৰ বহুতো গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। খোৱাৰ সঠিক উপায় , সঠিক খাদ্য খোৱাৰ দৰেই গুৰুত্বপূৰ্ণ।

যদি আপুনিও আহাৰৰ ঠিক পিছতে শুই থাকে, তেতিয়া ই আপোনাৰ বহুতো ৰোগৰ কাৰণ হব পাৰে । কিয়নো যদি আপুনি সঠিক আহাৰ গ্ৰহণ কৰি আছে কিন্তু আহাৰ গ্ৰহণ কৰাৰ সময় বা আহাৰ গ্ৰহণ কৰাৰ পিছৰ কাৰ্যকলাপবোৰ সঠিক নহয়, তেতিয়া এই খাদ্যই আপোনাক লাভালাভৰ সলনি অধিক ক্ষতি কৰিব। সেয়েহে, ইয়াক উন্নত কৰাৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত।


এই সমস্যাটো কোনোধৰণৰ নতুন সমস্যা নহয় ইয়াৰ বিষয়ে আপুনি নিশ্চয় কৰবাত শুনিছে বা পঢ়িছে , কিন্তু তথাপিও আপুনি ইয়াক উপেক্ষা কৰে। কেৱল সেয়াই নহয়, যদি আপুনি দিনত খোৱাৰ পিছত শুই থাকে, এই অভ্যাস সলনি কৰক। গতিকে আপুনি খাদ্য সেৱন কৰি লগে লগে শুলে কি কি ৰোগে আপোনাক আগুৰি ধৰিব পাৰে জানি লওঁক ।


১) ৰক্ত শৰ্কৰাৰ স্তৰ ( Blood Sugar Levels ) 

Assamese Health Tips


খোৱাৰ পিছত, শৰীৰৰ চুগাৰ স্তৰ বৃদ্ধি হয়। যদি আপুনি আপোনাৰ খাদ্য সেৱন কৰা পিছতে শুৱাৰ অভ্যাস আছে তেতিয়া জানি লওঁক যে ,এনে কৰিলে চুগাৰ শৰীৰটোৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু অধিক চুগাৰ তেজত মিহলি হৈ পৰে ।  স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ৰাতিৰ আহাৰৰ ঠিক পিছতে শুলে ৰক্ত শৰ্কৰাৰ স্তৰ যথেষ্ট বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত কেৱল ওজন বৃদ্ধি নহয় লগতে বিভিন্ন ধৰণৰ ৰোগো হয়।

২) বদহজম ( Indigestion )

Assamese Health Tips


খোৱাৰ লগে লগে শুলে শৰীৰৰ বেছিভাগ অংশ স্থিৰ হয় আৰু পাচনতন্ত্ৰৰ লগতে শৰীৰৰ বহুতো কাৰ্যকলাপ লেহেম হয় । যাৰ ফলত আপোনাৰ খাদ্য ভালদৰে হজম নহয়। সেইকাৰণে খোৱাৰ পিছত টোপনি যোৱা লোকসকলে উঠাৰ পিছতো পেট ভৰ্তি অনুভৱ কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, পাকস্থলীৰ প্ৰদাহ, বদহজমকে ধৰি বহুতো সমস্যা হ'ব পাৰে।


৩) মেদবহুলতা (Obesity )

Assamese Health Tips


নিশা পলমকৈ খোৱাৰ ফলত শৰীৰত গ্লুকোজৰ স্তৰ বেয়া হয়। তদুপৰি, খোৱা আৰু বিচনালৈ যোৱাৰ ফলত তৎক্ষণাৎ শৰীৰৰ বিপাক প্ৰভাৱিত হয় আৰু দ্ৰুত মেদবহুলতা হয়। ই টোপনি আৰু স্বাস্থ্য দুয়োটাকে প্ৰভাৱিত কৰে। খোৱাৰ পিছত আপুনি কমেও ২ ঘণ্টা মানলৈ শুব নালাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 ( Assamese Health Tips )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।


No comments:

Post a Comment

Advertisement

Pages