সনাতন ধৰ্মত সংস্কাৰৰ বহুত মহত্ব আছে। যদি আপুনি বা আমি সংস্কাৰহীন তেতিয়া আমাৰ একো অৰ্থ নাই। সেই কাৰণে আমাৰ ধন থাকক বা নাথাকক সংস্কাৰ থাকিব লাগে।( Assamese Fact )
সংস্কাৰ থাকিলে ল'ৰা ছোৱালীয়ে নিজেই ধন ঘটি ল'ব আৰু নাথাকিলে ধন উৰোৱাই দিব। স্কুলতটো বহুত কথা শিকোৱা হয় ।কিন্তু ঘৰত অলপ সময় উলিয়াই হ'লেও ল'ৰা ছোৱালীক সংস্কাৰ দিব লাগে। আজিকালি পঢ়া-শুনা মানুহ কিছুমানেও যৌতুক বিচাৰে। এনেকুৱা মানুহ আপোনালোকে বহুত পাব । এওঁলোকে লিখিব ল'ব লাগে যে যৌতুক বিচৰা মানুহৰ ঘৰটো এইটোৱে। হয় যদি লিখাত লাজ কিহৰ। যৌতুক বিচাৰোঁতে লাজ নালাগিল।নিজৰ দমত যি লাগে ল'ব নোৱাৰে নেকি?
খুজি ল'লে কাৰোবাৰ যদি ধন বাঢ়ে তেতিয়া সকলো ধনবান হ'ল হেঁতেন। নুখুজাকে যদি মৃত্যু পোৱা সেইটোও ভাল আৰু এইটোৱে সৎ গুৰুৰ শিক্ষা।মৰি যোৱা ভাল কিন্তু বিচাৰাটো বহুত বেয়া। ল'ৰা ছোৱালীক ইমানৰ যোগ্য কৰিব লাগে যাতে তেওঁলোকে আনৰ ওচৰত হাত নাপাতে।নিজৰ যোগ্যতা, নিজৰ সংস্কাৰৰ বলত গাড়ী,ঘৰ যি লাগে নিজৰ বলত ল'ব পাৰে। নিজেই কৰক কিয় আনক খুজিব লাগে ।বিয়া পাতি ভাল বোৱাৰী আনক পইচাটো পিছতো ইনকম কৰিব পাৰিব।
মাক- দেউতাকললৈ আমাৰ এটা প্ৰশ্ন ইমান কিয় পঢ়ালে যদি আনৰ ওচৰত ভিক্ষা খুজিবলৈয়ে হয়। এওঁলোকতকৈ ভাল সেই ভিক্ষাৰীবোৰ যিয়ে মন্দিৰৰ বাহিৰত ভিক্ষা খুজে। সিহঁতিটো ১০-২০ টকাতে সন্তোষ হৈ যায় কিন্তু এওঁলোকেটো ৫০-৬০ লাখটো সন্তোষ নহয়। বোৱাৰীয়েকক খুজি খুজি কেৰাচি ধালি বিভিন্ন ধৰণৰ শাস্তি দি মাৰি পেলাই। কিমান ঘটনা হৈ থাকে বাতৰিত পাই থাকে আজি যৌতুকৰ কাৰণে এইটো হ'ল কালি সেইটো হ'ল। তেওঁলোকৰ হত্যাৰ কাৰণ কি- এই যৌতুক। সেই কাৰণে এই যৌতুক নামৰ বেমাৰটো আঁতৰাই দিয়ক আৰু এইটো তেতিয়াহে হ'ব যেতিয়া আমাৰ দেশৰ সকলো মানুহ জাগি বা বুজি উঠিব। সেই কাৰণে সংকল্প লওঁক আৰু যাতে যৌতুক কোনেও নলয়।(Assamese Fact )
ল'ৰা ছোৱালীক যোগ্যতা দিয়ক , পঢ়াই-শুনাই সংস্কাৰী বনাই তোলক।কিয় ভিক্ষাৰীৰ লাইনত থিয় কৰাইছে।গাড়ী বা যিকোনো বস্তু নিজৰ বলত ল'ব লাগে ।শহুৱেকৰ গাড়ীত বহি কোনোবাই যদি সুধে গাড়ী কাৰ ।মোৰ ।ক'ৰ পৰা তোমাৰ গাড়ী তুমিটো ড্ৰাইভাৰ শহুৰ দেউতাৰ গাড়ী তুমি চলাই আছা। যৌতুক বিচৰা সকল নিজৰ পত্নীৰ চকুত বহুত তল খাপৰ হয়। সেই ছোৱালীজনীয়ে ভাবে চাগে কেনেকুৱা ভিক্ষাৰী ঘৰৰ লগত বা কেনেকুৱা ভিক্ষাৰী ল'ৰা লগত মোক দেউতাই বিয়া পাতি দিলে। মন্দপৰ তলতে আৰম্ভ এইটো দিয়ক সেইটো দিয়ক। এইটো দিয়ক সেইটো দিয়ক সেইবোৰ মানুহক উলোটাকে ওলামাই জলকীয়াৰ ধোঁৱা দি মাৰিব লাগে কিহৰ বস্তু লাগে সিহঁতক।
লাজ নাই পঢ়ি শুনি ইমান ডিগ্ৰী লৈ থৈছে তথাপিও ভিক্ষাৰী দৰে খুজে।কি কম এওঁলোকৰ বিষয়ে আমি পৰা হ'লে উলোটাকে ওলামাই জলকীয়াৰ ধোঁৱা দিলোঁ হেঁতেন ল' গাড়ী ল'।যৌতুক লোৱাতো উচিত জানো, ল'ব লাগে জানো। ছোৱালীজনীৰ বাপেকে নিজৰ মৰ্জিয়ে যি দিয়ে ৰাখক। কিন্তু খুজিবটো নালাগে। কিছুমানে যিমান ধনী সিমান পইচা বা যৌতুক বিচৰে। সেই কাৰণে আপোনালোকে নিজৰ ছোৱালীৰ বাবে যোগ্য ল'ৰা চাব লাগে যি নিজৰ বলত কিবা কৰিব পাৰে। জৰুৰী নহয় যে পইচা থকা হ'ব লাগিব।
যোগ্য ল'ৰাক যদি ছোৱালী দিয়ে আজি তাৰ তাত একো নাথাকিলেও সি কষ্ট কৰি ইনকম কৰি কৰি কাইলৈ চন্দ্ৰৰ দৰে উজ্বল হৈ উঠিব। যাৰ যোগ্যতা নাই কষ্ট কৰিব পৰা শক্তি নাই তেতিয়া সিহঁতি পত্নীক দুই তিনি মাহৰ মূৰে মূৰে কয় নিজৰ দেউতাৰ পৰা ৫০-৬০ হাজাৰ খোজা চোন। তাই খুজিলে আকৌ ক'ব ১লাখ বিচাৰা ।তাই খুজি দিলে।একো নকৰে অকল শহুৱেকক খুজি থাকে। শহুৱেকৰ পইচাৰে জীৱন যাপন কৰি আছে। জীৱনটো নিজৰ বলত জীয়াই থাকিবলৈ শিকিব লাগে ।আনৰ সহায়ত বা আনৰ কান্ধতটো মৃত্যু সময়ত যোৱা হয়। যেতিয়া খৰি দিবলৈ দাঙি নিয়া হয়। আপুনি যদি আনৰ ওপৰত চলি আছে তেতিয়া আপুনিওটো এটা মৰা মানুহয়ে। সহায় যাতে কাৰো ল'ব নালাগে তেনেকে জীৱনটো গঢ়ি তোলক নিজৰ বলত সকলো কৰক।
এটা সিংহ থাকে চাৰ্কাছৰ যিয়ে মালিকৰ তলত জীয়াই থাকে ।মালিকে মাংসৰ টোকোৰা দিয়ে সি খাই আৰু এটা সিংহ থাকে জংঘলত যাক মাংসৰ টোকোৰা দিবলৈ কোনো নাথাকে।সি নিজৰ চিকাৰ নিজেই কৰে। সেই কাৰণে জংঘলৰ সিংহ আৰু চাৰ্কাছৰ সিংহৰ মাজত পাৰ্থক্য থাকে। এতিয়া আপোনালোকৰ কথা আপোনালোকে কি হ'ব বিচাৰে জংঘলৰ সিংহ নে চাৰ্কাছৰ সিংহ। নিজেই ইনকম কৰা ধন সৰ্বশ্ৰেষ্ঠ হয়। বহুত ওপৰৰ হয়। সেই কাৰণে নিজৰ বলত ইনকম কৰিবলৈ চেষ্টা কৰক।ইনকম কৰিব লাগে একেলগে পাৰিলে স্বামী -স্ত্ৰীয়ে মিলি আনৰ টোকোৰাত জীৱন নিৰ্বাহ কৰিব নালাগে। সিদ্ধান্ত কৰক আনৰ ভাত মাছ নাখাওঁ ।নিজৰ বলেৰে ইনকম কৰি লাগিলে নিমখ ভাতে খাম।আনৰ টোকোৰাতটো চাৰ্কাছৰ সিংহ জীয়াই থাকে।জংঘলৰ সিংহয়েটো নিজৰ চিকাৰ নিজেই কৰে।যদি ইয়াৰ পাছতো আপোনালোকে যৌতুক বিচাৰে তেতিয়া লিখি ল'ব নিজৰ কপালত সকলোতকে বেচি ভিক্ষা খুজা ভিক্ষাৰী মইয়ে হয়।মৰি যোৱাতো ভাল কিন্তু আনক যৌতুক বিচাৰি অশান্তি কৰাতোঁ একো ভাল কথা নহয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment