গৃহস্থীৰ কিছুমান কথা আজি আমি আপোনালোকক কম যিবোৰ আপোনালোকৰ কামত আহিব।(Assamese Fact )
এজন সন্ন্যাসীৰ ওচৰলৈ মানুহ এজন আহিল আৰু ক'লে গুৰুদেৱ মোৰ পত্নীয়ে আত্মাহত্যা কৰিলে। ফাঁচি লগাই ল'লে। তেতিয়া সন্ন্যাসীজনে সুধিলে কিয়? সচাঁ কথা ক'বলৈ গ'লে যেতিয়ালৈকে তাই জীয়াই আছিল মই তাইক মৰমত মাতিয়ে নাপালোঁ। সদায় গালিয়ে পাৰি থাকিলোঁ। আজি যেতিয়া তাই মৰিলে তেতিয়াহে গম পাইছোঁ তাইৰ মূল্য কিমান। তাইৰ জেগা এতিয়া কোনেও ল'ব নোৱাৰে অকল তাইহে পাৰিছিল।
সেই কাৰণে যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে মৰমত আৰু প্ৰেমেৰে জীয়াই থাকক। কেতিয়া কোন মৰি যায় কি ঠিক। মৰা পিছত মানুহজনক বা মানুহজনীক ভাল বুলি কৈ লাভ নাই জীয়াই থাকোঁতেই কৈ দিয়ক।মৰা পিছতো সকলোৱে ভাল বুলিয়েই কয়।মৰা পিছত মানুহক ভাল বা তেওঁৰ বাবে কান্দি কি লাভ ।যদি জীয়াই থাকোঁতে শান্তি আৰু মৰম নিদিলে। সেই কাৰণে জীয়াই থাকোঁতেই মানুহক শান্তি আৰু মৰম দিয়ক।
আমাৰ ইয়াত বহুত বোৱাৰীয়ে শাহুৱেকৰ সেৱা বহুত ধুনীয়াকৈ কৰে। কিন্তু কিছুমান বোৱাৰীয়ে নকৰে। আনকি ভাতকেইটামানো খাব নিদিয়ে। তাৰ পিছত যেতিয়া শাহুৱেক মৰে তেতিয়া কান্দি কান্দি কয় মোৰ শাহুমা মৰি গ'ল।কিয় কান্দিছে নাটক কৰি কাক দেখাছে। ভগৱানে নাজানে নি তুমি কেনেকুৱা। মানুহবোৰক মূৰ্খ বনাইছা নে নিজেই মূৰ্খ। ভগৱানে সকলো জানে যে আপুনি বা আমি কি কৰি আছোঁ আৰু কি ভাবি আছোঁ। দেখাই কি লাভ নিজেই যেনেকুৱা তেনেকুৱা দেখাওঁক ।নাটক কৰি লাভ নাই। কোনোবা মৰিলে কন্দাতকে জীয়াই থাকোঁতে তেওঁৰ সহযোগ কৰক।
মানুহে মৰা পাছত কিমান কান্দিলা নুসুধে। জীয়াই থাকোঁতে কিমান সহযোগ কৰিলা সুধিব। মানুহে কি ভাবিব সেইটো ভাবি কাম নকৰিব নিজৰ মতে কৰক মানুহে যি ভাবে ভাবক। মানুহক দেখাই লাভ নাই। সম্পৰ্কবোৰত সচাঁ মৰম সচাঁ প্ৰেম হ'ব লাগে মিছা দেখাই একো লাভ নাই।মা, পত্নী সকলোকে সচাঁ ভাল পাওঁক সচাঁ প্ৰেম কৰক। পত্নীক মৰম কৰক স্বামীক ভাল পাওঁক। সম্পৰ্কৰ গম্ভীৰতাক বুজক।কাজিয়া কৰিও লাভ নাই। (Assamese Fact )
এজনৰ খঙ উঠিলে আনজনে শান্ত হৈ দিয়ক। জীৱনত জীয়াই থাকিবয়ে লাগিব এতিয়া আপোনালোকৰ কথা হাঁহি হাঁহি জীয়াই থাকিব নে কান্দি কান্দি। মানুহে যিমান পাৰে সুখত আৰু প্ৰসন্ন থাকিব লাগে। জীৱনৰ মূল মন্ত্ৰ হ'ল প্ৰসন্নতা।এই পৃথিৱীত আপোনালোকে যি কৰি আছে সকলোবোৰ প্ৰসন্নতাৰ বাবেই কৰি আছে। যদি সকলোবোৰ কৰিও আপোনালোক প্ৰসন্ন নহয়। তেতিয়া সকলোবোৰ কৰা কি লাভ । সেই কাৰণে সদায় সুখত থাকিব লাগে। জীৱনটো খঙেৰে নহয় মৰম আৰু প্ৰেমেৰে পাৰ কৰক।
খঙ আমাৰ শত্ৰু।খঙ আমাৰ যদি শত্ৰু তেতিয়া কিয় আপোনালোকে ইয়াক যেতিয়াই মন যায় মাতি আনে। যদি স্বামী আৰু পত্নীৰ মাজত কাজিয়া হয় কোনোবা এজন মনে মনে থাকক। যেতিয়া খঙ কমিব তেতিয়া কথা পাতি ল'ব আৰু স্বামী আৰু পত্নীৰ মাজত কাজিয়া লাগিলে তৃতীয়জন ব্যক্তিয়ে মাতিব নালাগে যিয়ে মাতে সি আৰু বেচি মূৰ্খ। কাৰণ তৃতীয়জন সোমালে জ্বলা জুইত ঘিউ ধলা দৰে হয়। কাজিয়া কাৰ ঘৰত নহয়।সকলোৰে ঘৰত কাজিয়া হয়। যদি সৰু কথা কাজিয়া লাগি জীয়েকে মাক-দেউতাকৰ ঘৰলৈ গুচি আহে । কিছুমান মাকে জীয়েক আৰু উচতাই দিয়ে সকলোয়ে নহয়। ছোৱালীজনীক বুজাব লাগে যে সৰু সৰু কথাত কাজিয়া লাগি ঘৰ এৰি নাহে।
যদি ছোৱালীজনীৰ ওপৰত বহুত বেছি অত্যাচাৰ হৈছে তেতিয়া বেলেগ কথা। তেতিয়া আপোনালোকে ছোৱালীজনীৰ লগ দিয়ক ।ন'হলেবা সৰু সৰু কথাত কাজিয়া লাগি ঘৰ এৰি আহিলে দুয়োজনৰে কথা শুনক কি হৈছে এফালে শুনি কিবা কৰা উচিত নহয়। সম্পৰ্ক গঢ়ি তুলিবলৈ ভাল কিন্তু সম্পৰ্ক চলাই নিয়াতো বহুত কঠিন। সম্পৰ্কত সকলোতকৈ ডাঙৰ বস্তু হ'ল সহনশীলতা। সম্পৰ্ক বুজা পৰা মাজেৰে চলে খঙেৰে নহয়।
এটা পাথৰ তেতিয়াহে ভগৱান হৈ পৰে যেতিয়া সি হাঁতুৰি আৰু বিভিন্ন বস্তুৰ প্ৰহাৰ সঁহিব পাৰে। মন্দিৰত দুটা পাথৰ দেখা যায় ।এটা গাখীৰ ধলা আৰু আনটো নাৰিকল ভঙা। এবাৰ নাৰিকল ভঙা পাথৰটোৱে সুধিলে তইয়ো পাথৰ মইয়ো পাথৰ ।তেতিয়া কিয় সকলোৱে তোৰ তাত গাখীৰ ধালি মোৰ তাত নাৰিকল ভাঙে। তেতিয়া গাখীৰ ধলা অৰ্থাৎ মূৰ্তিটোৱে ক'লে- তোকো কৰিলে হেঁতেন কিন্তু তই হাঁতুৰি আৰু বিভিন্ন বস্তুৰ প্ৰহাৰ সঁহিব নোৱাৰিলি ।সেই কাৰণে তোক নাৰিকল ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছে আৰু মই সকলো সঁহিব পৰিলোঁ সেই কাৰণে এতিয়া মোক ভগৱানৰ ৰূপত পূজা হয়।
সহ্য নকৰাকে পাথৰো ভগৱান নহয় ।তোমালোকে একো সহ্য নকৰাকে মহান কেনেকে হ'বা। সেই কাৰণে জীৱনত সহনশীলতা বহুত জৰুৰী। স্বামীয়ে বা পত্নী যদি কিবা খঙত কয় তেতিয়া তাক মগজুত ৰাখক হৃদয়ত নহয়।স্বামী আৰু পত্নীয়ে সদায় মৰম আৰু প্ৰেমেৰে জীৱন কটাব লাগে।পুৰণা কথা পাহৰি যাওঁক নতুন কাহিনী আৰম্ভ কৰক ।মিলি জুলি থাকক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment