স্বামীৰ কেতিয়াও ত্যাগ কৰিব নালাগে। ভগৱানৰ অবিহনে মন্দিৰ আধৰুৱা ।ফুটৰ অবিহনে কপালখন আধৰুৱা আৰু স্বামীৰ অবিহনে পত্নী আধৰুৱা বুলি কোৱা হয়।(Assamese Fact )
পত্নীয়ে বিচাৰে স্বামী মোৰ মতে চলক আৰু স্বামীয়ে বিচাৰে পত্নী মোৰ মতে চলক। তাৰ পাছত কাজিয়া হয়। সেই কাৰণে কেতিয়াবা পত্নীয়ে স্বামীৰ মতে চলক আৰু স্বামীয়ে পত্নীৰ মতে।ইজনে সিজনৰ মতে অলপ চলক তেতিয়াই কাজিয়া নহয়। স্বামীয়ে যদি ভুল ৰাস্তাৰ ফালে গতি কৰিছে তেতিয়া তেওঁক পত্নীয়েই বুজাই সঠিক পথলৈ আনিব লাগিব।
দুয়োজনে দুয়োজনৰ কথা বুজি জীৱনত আগবাঢ়ি যাব লাগিব। নহ'লেবা কাজিয়া হ'ব আৰু তাৰ পাছত বিবাহ বিচ্ছেদ। পত্নী আৰু স্বামীৰ এটাই ধৰ্ম যে তেওঁলোকে ইটোৱে সিটোৰ লগ দিব লাগে আৰু সম্পৰ্কটো ভালকৈ চলাই নিব লাগে। সদায় ইজনে সিজনক সন্মান কৰক তেতিয়াহে সংসাৰখন সুন্দৰ হৈ পৰিব। অকল পত্নীয়ে স্বামীৰ সেৱা বা সন্মান কৰি থাকিব আৰু স্বামীয়ে নকৰিব এইসমূহ কথায়ে শুভা নিদিয়ে।
নাৰীয়ে পুৰুষক সন্মান কৰিব লাগে আৰু পুৰুষে নাৰীৰ। যদি ইজনে সিজনক সন্মান কৰে তেতিয়া সেইখন ঘৰ স্বৰ্গলৈ পৰিণত হয়। পত্নীয়ে কিবা ক'লে তাইৰ কথা স্বামীয়ে গুৰুত্ব দিব লাগে আৰু স্বামীয়ে কিবা ক'লে সেই কথা পত্নীয়ে গুৰুত্ব দিব লাগে। আজি পত্নীয়ে কিবা কৈছে আপুনি শুনক। কাইলৈ আপুনি কিবা ক'ব পত্নীয়ে শুনিব।
যিখন ঘৰত ইজনে সিজনৰ কথা শুনি, বুজি আগবাঢ়ি যায় তাত অন্নপূৰ্ণা, লক্ষ্মী, ভগৱান আৰু সকলো দেৱী দেৱতায়ে বাস কৰে বুলি কোৱা হয়। সেইকাৰণে কাজিয়া কৰি একো লাভ নাই ইজনে সিজনক বুজি জীৱনটো ভালকৈ চলাই নিয়ক। কাজিয়া কৰি থকা ইটোৱে সিটোৰ কথা নুশুনা এনেকুৱা ঘৰত কোনো শান্তিত থাকিব নোৱাৰে। এটা কথা মনত ৰাখিব যি অবনতিৰ পথত গৈছে তাক সকলোৱে অবনতিৰ পথলৈকে ঠেলি দিব আৰু যি উন্নতি কৰিছে ভাল পথত গৈছে তাক সকলোৱে ভালফালেই ঠেলি নিব।
এবাৰ মহাদেৱক পাৰ্বতীয়ে সুধিলে -যিসকল পাপী তেওঁলোকে আৰু বেছি পাপ কৰে আৰু যিসকল পুণ্য কৰা ব্যক্তি সেইসকলে আৰু বেছি পুণ্য কৰে । এনেকুৱা কিয়? যিসকল অবনতিৰ পথত গৈছে তাক আপুনি আকৌ অবনতিৰ পথলৈকে ঠেলি দিয়ে তেওঁকটো শুধৰাবহে লাগে। তেতিয়া মহাদেৱে ক'লে আজি আমি ইয়াতে থাকিম। কাৰণ মহাদেৱ আৰু পাৰ্বতী ফুৰিবলৈ গৈছিল।(Assamese Fact )
মহাদেৱ আৰু পাৰ্বতীয়ে সামান্য ৰূপ ধাৰণ কৰিলে । মহাদেৱে পাৰ্বতীক ক'লে- তুমি খৰি গোটাই জুই ধৰা মই দোকানৰ পৰা চাউল ,দাইল,আটা লৈ আহোঁ। পাৰ্বতীয়ে ভাবিলে এতিয়া চৌকা কেনেকে বনাম তাৰ পাছত এটা পুৰণা ভগা চিগা ঘৰ আছিল আৰু পাৰ্বতীয়ে তাৰ পৰাই এটা ইটা লৈ আহিলে আৰু সেই ঘৰটোৰ ওপৰত থকা খৰিও অলপ লৈ আহিলে।
মহাদেৱ আহি সুধিলে- পাৰ্বতী তুমি ইটা ক'ৰ পৰা আনিলা।পাৰ্বতীয়ে ক'লে- এই ঘৰটো বহুত ভঙা চিগা আছিল সেই কাৰণে মই ইয়াৰ পৰা ইটা লৈ আহিলো। তেতিয়া মহাদেৱে ক'লে- এইটো ইমান ডাঙৰ ঘৰ ইমান মজবুত ইটা ইয়াৰ পৰা আনিব লাগিছিল।বেচেৰাৰ অবিনতি হৈছে তুমি আৰু তাৰ অবনতি কৰিছা ব'লা একো বনাব নালাগে কৈলাস লৈ যাওঁ।
তাৰ পাছত পাৰ্বতীক মহাদেৱে ক'লে- এইটোৱে তোমাৰ প্ৰশ্নৰ উত্তৰ আছিল। তুমিয়োটো বেয়াটোকে বেছি বেয়া কৰিছা ভালটোক কৰা নাই। এইটো প্ৰাকৃতিক কথা সকলোৱে তেনেকুৱায়ে কৰে। সেই কাৰণে নিজৰ অবনতি হ'বলৈ নিদিব। স্বামী স্ত্ৰীয়ে কাজিয়া কৰিলে আৰু কাজিয়া হ'ব।সেইকাৰণে নিজৰ ঘৰতো বনাবলৈ চেষ্টা কৰক বেয়া কৰিবলৈ নহয়। মিলিজুলি মৰমত থাকক। উচতাই দিয়া মানুহ বহুত পাব।
নিজৰ ঘৰৰ দুখ আনৰ আগত নক'ব কিছুমান মানুহ এনেকুৱা আছে মুখৰ ওচৰত কান্দিব কিন্তু পাছত হাঁহিব ভাবিব ভালেই হৈছে কাজিয়া হৈছে সিহঁতৰ। উদাহৰণ স্বৰূপে- এটা সৰু ল'ৰায়ে কান্দি আছিল মাকে ক'লে - এটা চকলেট দিম নাকান্দিবা। তাৰ পিছতো সি কান্দি আছিল। মাকে ক'লে - ৰসগোল্লা খোৱাম। তাৰ পিছতো সি কান্দি আছিল। বহুত ক'লে সি তথাপিও কান্দিয়ে আছিল।মাকৰ খঙ উঠিল আৰু তাক ৰুমলৈ নি মাৰিলে আৰু ক'লে কান্দিবি আৰু কান্দ এতিয়া যা বুলি ৰুমৰ দৰ্জাখন বন্ধ কৰা দিলে।
তেতিয়া ওচৰৰ মানুহ এঘৰৰ ল'ৰাটোৱে জোৰে জোৰে হাঁহিবলৈ ধৰিলে আৰু তাক বেলেগ লগৰ কেইটামান কুলকুলাই দিলে সি আৰু জোৰে জোৰে হাঁহিবলৈ ধৰিলে। কান্দি থকা মানুহক মানুহে আৰু কন্দোৱাই হঁহা মানুহক আৰু হঁহুৱাই। এইটোৱে প্ৰাকৃতিক কথা। সেই কাৰণে পত্নী স্বামী আৰু ল'ৰা ছোৱালীৰ লগত হাঁহি মাতি থাকিব লাগে। হাঁহি মাতি থাকিলে জীৱনটো সুখেৰে ভৰি পৰিব আৰু কান্দি থাকিলে দুখেৰে ভৰি পৰিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
(Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment