স্বামী বা পত্নীয়ে যদি ভুল কৰে তেতিয়া ইজনে সিজনৰ ভুলতো পাহৰি যাব লাগে। পত্নীয়ে বুজি পাব লাগে যদি স্বামীয়ে গালি দিলে চুপ থাকিব লাগে আৰু সহ্য কৰিব লাগে। ঠিক সেইদৰে পত্নীয়ে গালি দিলে স্বামীয়ে চুপ থাকিব লাগে সহ্য কৰিব লাগে।(Assamese Fact )
সহনশীলতা যাৰ আছে তাৰহে সংসাৰখন সুন্দৰ হৈ পৰে।যাৰ সহনশীলতা গুণ নাই সিহঁতৰ জীৱনটো সুখ নাই। এবাৰ এজন স্বামীয়ে পত্নীক গালি দিলে আৰু মাক-দেউতাকক কিবা ক'লে চাগে। তাই সেইকাৰণে কাপোৰ কানি লৈ মাকৰ ঘৰলৈ গুচি গ'ল। মাকৰ ঘৰলৈ আহিল আৰু লক ডাউন হৈ গ'ল। ক'তো কোনো যাব নোৱাৰা হ'ল। মাক-দেউতাকৰ ঘৰত তাই ১মাহৰ লৈকে ভালকে থাকিল । তাৰ পাছত নবৌয়েক হঁতে খঙ কৰিবলৈ ধৰিলে। ক'বলৈ ধৰিলে গালি দিলে গুচি আহিব লাগে নেকি? নিজৰ স্বামীৰে নহ'ল আৰু আমাৰ ক'ত হ'ব।
মাক-দেউতাকেও একো ক'ব নোৱাৰা হ'ল কি কৰিব লক ডাউন হৈ গ'ল। মাক-দেউতাকৰ ঘৰ তেতিয়ালৈকেহে যেতিয়ালৈকে মা -দেউতা জীয়াই থাকে বা কৰিব পৰা হৈ থাকে।কৰিব নোৱাৰা হ'লে কেতিয়াও ককায়েক ভায়েক বা নবৌয়েকে নাৰাখে বেছি দিন। সেই কাৰণে স্বামী স্ত্ৰীয়ে বুজা বুজি মাজেৰে চলিব লাগে। (Assamese Fact )
আপোনালোকে জীৱনৰ সত্য কি তাক বুজিবলৈ চেষ্টা কৰক। এনেকুৱা বিপদ আহিব কেতিয়াবা মাক-দেউতাকৰ ঘৰ আৰু শাহুদেউতাৰ ঘৰৰ মানুহে লগ নিদিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগ দিব লাগিব। সেই কাৰণে স্বামী আৰু পত্নীয়ে সদায় লগত থাকিব লাগে আৰু নিজৰ কৰ্তব্য পালন কৰি যাব লাগে।
আমি নিজৰ ধৰ্ম আৰু কৰ্তব্যসমূহ পালন কৰি যাব লাগে।কাৰো হৃদয়ত আঘাত দিব নালাগে। ভাল পথত থাকি ইনকম কৰিব লাগে আৰু লগতে ভগৱানৰ ভজন কৰিব লাগে। জীৱনটো বহুত সৰু আনন্দ আৰু সুখেৰে পাৰ কৰক। নহ'লেবা পাছত ভাবিব লগা হ'ব আমি কিয় এনেকুৱা নকৰিলোঁ।
যাৰ পত্নী গুচি যায় সি কান্দে ভাবে মৰমত দুটা কথা কোৱা হ'লে এনেকুৱা নহ'ল হয়। মৰি গ'লে কিছুমান স্বামীয়ে কান্দে আৰু ভাবে কাজিয়া কিয় কৰিছিলোঁ তাইক মৰম নকৰিলোঁ কিয়। সেই কাৰণে আগতেই ক'ব লাগে কৰিব লাগে মৰা পাছত ক্ষমা খুজিও লাভ নাই। যেতিয়ালৈকে আছিল কাজিয়া কৰি মুখে চাব নিবিচাৰে মৰা পাছত কান্দি নিজৰ ভুল স্বীকাৰ কৰি কি লাভ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
(Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment