ল'ৰা ছোৱালীৰ জন্ম দিন আমি কেনেকৈ পাতিব লাগে শিকিব লাগে। আজিকালি আমি কেক লৈ আহোঁ ,মম নুমোৱাই Happy Birthday to you বুলি কওঁ ।
(Assamese Fact )
যিসকলে কথাটো ভাবিব তেওঁলোকে বুজি পাব । আমি ভাৰতবাসীয়ে দ্বীপক জ্বলাব জানো নুমোৱাব নাজানো।আমি দ্বীপক জ্বলাও আৰু ফুঁ কৰিটো কেতিয়াও নুনোমোৱাও। আজিকালি জন্ম দিনত ল'ৰা-ছোৱালীৰ হতোৱাই দ্বীপক নুমোৱাবলৈ দিয়া হয়।
আপোনালোকে যে ভগৱানক প্ৰাৰ্থনা কৰে দ্বীপক জ্বলাই কৰে নে নুমোৱাই। দেৱালীত দ্বীপক জ্বলাই নে নুমোৱাই। সকলো শুভ কাৰ্যত দ্বীপ জ্বলোৱা হয় আৰু ল'ৰা-ছোৱালীৰ জন্ম দিনত দ্বীপ নুমোৱাই এইটো কেনেকুৱা কথা। সকলোতকৈ শিক্ষিত মানুহে ভাৰততে আছে বুলি কোৱা হয়। শূণ্যৰ আৱিষ্কাৰো ভাৰততে হৈছিলে। জন্ম দিন পাতক।
আমাৰ ইয়াত লাৰু বিলোৱাৰো পৰম্পৰা আছে ।লাৰুত এটা সংবাদ থাকে। বহুত দানা মিলাইহে এটা লাৰু হয়।যেনেকে- তিলৰ লাৰু। তাক বনাওঁতেও বহুত দানা লাগে তিলৰ। ভাৰতৰ সকলো প্ৰান্ততে বিভিন্ন ধৰণৰ আৰু বিভিন্ন ধৰণেৰে লাৰু বনোৱা হয়। অৰ্থাৎ লাৰু খোৱা আৰু বিলোৱাৰ অৰ্থ হ'ল যেনেকে লাৰু এটাত, এটাৰ লগত আনটো দানা জড়িত হৈ আছে।তেনেকে আমিও ঘৰৰ মানুহৰ লগত সমাজৰ মানুহৰ লগত একেলগে মিলি জুলি থাকিব লাগে।(Assamese Fact )
লাৰু মিঠাও সেই কাৰণে লাৰু দৰে আমিও আমাৰ সম্পৰ্কবোৰত মিঠা আৰু মৰম সংযোগ কৰিব লাগে।এইটো লাৰু খোৱা আৰু বিলোৱাৰ সংবাদ। ভগৱানেও মাখনৰ লাৰু বনাই খাইছিল আৰু গণেশেও লাৰু ভাল পাইছিল। জন্ম দিনৰ দিনা ল'ৰা ছোৱালীক দুখীয়া মানুহৰ মাজলৈ লৈ যাব লাগে ।
এতিয়া ঠাণ্ডা দিন চুয়েটাৰ ,কম্বল আদি দিয়ক।খাদ্য দিয়ক তেতিয়া পুণ্য হ'ব। জন্ম দিনৰ দিনা পাৰিলে আনৰ সহায় কৰক খাবলৈ নোপোৱা মানুহক খাবলৈ দিয়ক। আপুনি যেনেকে পাৰে তেনেকৈ এই দিনটোত আনক সহায় কৰক।এইটোৱে মানৱতা।
আমি হাজাৰ টকা ইনেই উৰুৱাই দিওঁ। নিজৰ পেট পশু পক্ষীয়েও ভৰাই লয় ।যিয়ে নিজৰ লগতে আনৰ উপকাৰ কৰে তাকে মানুহ বুলি কয়। আমি সদায় বিশ্বৰ উন্নতি হোৱাতো বিচাৰোঁ।নিজৰ গাওঁখনৰ মানুহৰ লগত গাওঁৰ দৰে নহয় পৰিয়ালৰ দৰে থাকিব লাগে। গাওঁৰ সকলো সদস্য এটা পৰিয়ালৰ সদস্যৰ দৰে থাকিব লাগে।
আমিটো শত্ৰুৰো ভাল হোৱাতো বিচৰোঁ। নিজৰ ঘৰত পানী পৰিলেও আমি বিচাৰোঁ ভালকৈ বৰষুণ দিয়ক যাতে কৃষকসকলৰ ভাল হয়। আমাৰ ভাৰতৰ মানুহে নিজৰ চিন্তাই নহয় গোটেই বিশ্বৰে চিন্তা কৰে। এইবোৰ ভাৰতৰ মানুহৰ চিন্তাধাৰা। এনেকুৱা চিন্তায়ে আমি কৰিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
(Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment