এজন পিতৃৰ ৭জনী জীয়েক বা ছোৱালী আছিল। এদিন ৭জনী ছোৱালীকে দেউতাকে সুধিলে তোমালোকে কাৰ খাই আছা?(Assamese Storyboard)
ছোৱালীকেইজনীয়ে ক'লে-আমিটো আপোনাৰে খাওঁ , আপুনি যি দিয়ে।পিতৃজন আকৌ ৰজা আছিল তেওঁ কথাটো শুনি বহুত আনন্দিত হ'ল। তাৰ পাছত প্ৰজাসকলক সুধিলে তোমালোকে কাৰ খোৱা প্ৰজাসকলে ভয়তে ক'লে আমিটো আপোনাৰে খাওঁ।ৰজা অহংকাৰত ডুব গৈছিল আৰু ভাবিছিল যে মইয়ে সকলোৰে পেট ভৰাই আছোঁ খোৱাই আছোঁ।ৰজাই এইবাৰ চতুৰ্থ জনী ছোৱালীক সুধিলে তুমি কাৰ খোৱা তাইয়ো ক'লে আপোনাৰ খাওঁ, আপুনি দিয়া পিন্ধো। আপুনি ন'হলেতো আমি মৰিয়ে থাকিম।
ৰজাৰ এতিয়া আৰু অহংকাৰ বাঢ়ি গ'ল ভাবিলে মই নহ'লে সকলো মৰিয়ে যাব। আপোনালোকৰো কিছুমান ভাৱে যে মই নহ'লে ইহঁতি মৰি যাব।কোনো নমৰে এই মিছা অহংকাৰ বাদ দিয়ক। এইবাৰ ৰজাই ৭নম্বৰ জীয়েকক সুধিলে -তুমি কাৰ খোৱা।তাই ক'লে-মইটো ভগৱানে দিয়া খাওঁ। তেওঁ সকলোকে পালন কৰে আৰু সেই ভগৱানে আপোনাৰ মাধ্যমেৰে দিয়ে আৰু মই খাওঁ। তেওঁ নিদিলে নাখাওঁ। ৰজাৰ তাইৰ কথা শুনি বহু বেয়া লাগিল সকলোৰে ওচৰত মোক এনেকে ক'লে এইৰ হিচাপ পাছত কৰি আছোঁ।
ৰজাই ৬ জনী ছোৱালীৰ বিয়া ভাল ভাল ৰাজকুমাৰৰ লগত পাতি দিলে আৰু ৭নম্বৰ জনীক ক'লে তুমি ভগৱানৰহে খোৱা যোৱা এতিয়া তোমাক ভগৱানেই খোৱাব বুলি কৈ তাইৰ বিয়া জংঘলৰ এটা খৰি বুটলা মানুহৰ লগত পাতি দিলে। সেই মানুহজনৰ শৰীৰত ঘাঁ আছিল বেমাৰ আছিল আৰু চাৰিদিনমান খোৱা নাছিল কাৰণে খৰি আনিবলৈ গৈ জংঘলতে বাগৰি পৰিল।তাই ভাবিলে মোৰ কপালত যি আছে হ'বয়ে। কোনেও কপালৰ লিখন মুঁচিব নোৱাৰে।
তাৰ পিছত তাই ৰাজকুমাৰী হৈও জংঘললৈ গৈ খৰি কাটে আৰু সেইবোৰ বিক্ৰী কৰি যিমান পইচা পায় সেইবোৰেদি স্বামীৰ চিকিৎসা কৰে। তাইৰ স্বামী লাহে লাহে ভাল হৈ আহিল। তাৰ পিছত দুয়োজনে মিলি খৰি কাটে আৰু সেইবোৰ বিক্ৰী কৰে। তেওঁলোকে জংঘলতে এটা সৰু ঘৰ বনাই ল'লে আৰু তাতে থাকে। তাই খৰি বিক্ৰী কৰি যিমান পইচা পায় তাৰ পৰা স্বামীলৈ গাখীৰ লৈ আহে আৰু যিখিনি থাকি যায় নাগ-নাগিনক খাবলৈ দিয়ে। সিহঁতৰ ঘৰৰ কাষতে নাগ-নাগিন এহাল আছিল ।তাই থাকি যোৱা গাখীৰ সিহঁতি খাব বুলি থৈ দিয়ে।(Assamese Storyboard)
সেই নাগ-নাগিন হাল বহুত পুৰণা নাগ-নাগিন আছিল আৰু সিহঁতৰ ওচৰত বহুত ধন-সম্পত্তি আছিল। এদিন নাগটোৱে ভাবিলে আমি ধন-সম্পত্তি লৈ কি কৰিম এই ছোৱালীজনীয়ে আমাক গাখীৰ খোৱাই এইৰ যদি ধন-সম্পত্তি হয় তেতিয়া আনৰো উপকাৰ কৰিব। তাৰ পিছত নাগটোৱে তাইৰ সপোনত আহি ক'লে আমি য'ত থাকোঁ তাত খান্দি চাবা তুমি তাত ধন পাবা।তাই খান্দিলে ধন পালে আৰু তাই সেই ধনৰে সকলোকে ভোজন খোৱাবলৈ ধৰিলে।
নাগ-নাগিনকো গাখীৰ দিয়ে। লাহে লাহে সেই ঠাইখিনি নগৰলৈ পৰিণত হ'ল আৰু সিহঁতি তাৰ ৰজা ৰাণী হৈ পৰিল।তালৈ যিয়ে নাযাওঁক কোনো খালি পেটে আহিব লগিয়া হোৱা নাছিল।আনৰ উপকাৰ কৰিছিল। এদিন ছোৱালীজনীয়ে সকলোকে ভোজন বিলাই আছিল তাই দেখিলে লাইনৰ শেষত তাইৰ বুঢ়া বাপেক বহি আছে।তাই ক'লে দেউতা আপুনি। তেওঁ ক'লে তুমি কোন? মই আপোনাৰ ছোৱালী আপুনি যে মোক জংঘললৈ বিয়া দিছিল।দেউতাকে তাইৰ ভৰিত ধৰিলে আৰু ক'লে মোক ক্ষমা কৰি দিয়া এইয়া তোমাৰ বৈভৱ নি।
মইটো তোমাক জংঘলত এৰি দিছিলোঁ। এইবোৰ কেনেকে হ'ল। তেতিয়া ছোৱালীজনীয়ে ক'লে মই কৈছিলো নে মই ভগৱানে দিয়া খাওঁ। চোৱা আজিও খাই আছোঁ। কিন্তু আপোনাৰ এই অৱস্থা কেনেকে হ'ল। তেতিয়া তেওঁ ক'লে মই বহুত অহংকাৰী হৈ পৰিছিলোঁ আৰু সেই অহংকাৰেই মোৰ পৰা সকলো কাঢ়ি ল'লে। মোৰ ৰাজ্য আনে লৈ ল'লে।৬জনী ছোৱালীৰো অৱস্থা একেই হ'ল চোৱা সিহঁতিও দ্বিতীয় লাইনটোত বহি আছে। সেই কাৰণে কেতিয়াও ক'ব নালাগে মই কাৰোবাক খোৱাই বা পালন কৰি আছোঁ বুলি।
সদায়েই সকলোকে ভগৱানে পালন কৰি আহিছে। তেওঁ যি দিব পাৰে পৃথিৱীৰ কোনো ব্যক্তিয়ে দিব নোৱাৰে। অহংকাৰ কেতিয়াও নকৰিব। সেই ছোৱালীজনীয়ে দেউতাকৰ কষ্ট নাইকীয়া কৰিলে আৰু বায়েকহঁতকো বহুত ধন দি সংস্থাপন দিলে। যি ব্যক্তিয়ে অকল নিজৰ কথা চিন্তা কৰে সি সীমিত হৈ ৰয় আৰু যি ব্যক্তিয়ে আনৰ কথা চিন্তা কৰে তাৰ সদায় জয় হয়।যিয়ে আনৰ কথা ভাবে ভগৱানেও তাৰ কথা ভাবে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment