জীৱনত ভাল কৰ্ম কৰক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 10, 2022

জীৱনত ভাল কৰ্ম কৰক: Assamese Fact

Assamese Fact

হিন্দু ধৰ্মৰ গ্ৰন্থসমূহত জীৱনৰ লগতে মৰা পিছত কি কি হয় তাৰ বিষয়েও বিস্তাৰিত ভাবে বৰ্ণনা পোৱা যায়। মানুহে নিজৰ কৰ্মৰ অনুসৰিয়ে পিছৰ জন্ম পায়। (Assamese Fact )


যিসকল ব্যক্তিয়ে নিজৰ জীৱনত বহুত বেছি পাপ কৰে তেওঁলোকৰ জন্ম এনেকুৱা ধৰণে হয় যে তেওঁলোকে‌ নিজৰ দুখ আনৰ আগত ক'ব নোৱাৰে। মানুহে সিহঁতক মাৰে আৰু খেদে।যেনে-কুকুৰ।

আজি আমি আপোনালোকক এটা কুকুৰৰ কাহিনী কম।


এটা আঘাতপ্ৰাপ্ত কুকুৰে ভগৱান ৰামৰ ওচৰলৈ নিজৰ দুখৰ কথা কবলৈ আহে আৰু তেওঁক ন্যায় বিচাৰে। এদিন ৰামে সিংহাসনত বহি আছিল আৰু এটা কুকুৰে চিঞৰি থকা শুনি ৰখীয়াকেইজনক কৈ সেই কুকুৰটোক তাৰ পৰা খেদি পঠিয়ালে। দ্বিতীয় দিনাও সেই কুকুৰটোৱে আকৌ আহি সেইখিনি ঠাইতে কান্দিবলৈ বা চিঞৰিবলৈ ধৰে। তাক দেখি ৰখীয়াকেইজনে মাৰি তাক তাৰ পৰা খেদি দিলে।


 তৃতীয় দিনাও সেই কুকুৰটোৱে আকৌ আহি সেইখিনি ঠাইতে কান্দিবলৈ বা চিঞৰিবলৈ ধৰে। তেতিয়া ৰামে তাক নেখেদি সি কিয় কান্দিছে তাৰ কাৰণ জানিব বিচাৰিলে। তাৰ পিছত তেওঁ ৰখীয়াকেইজনক কুকুৰটোক সভালৈ লৈ আহিবলৈ ক'লে। তেতিয়া কুকুৰটোৱে ৰখীয়াকেইজনক ক'লে- মই সভা ,ৰাজপ্ৰসাদ, তুলসী গুৰি, নামঘৰ আদি ক'তো যাব নোৱাৰোঁ। কাৰণ এইবোৰলে যোৱা আমাৰ মনা আছে।


 তোমালোকে প্ৰভু শ্ৰীৰামক গৈ কোৱা মোক লগ কৰিবলৈ ইয়ালৈ আহিবলৈ।কুকুৰটোৱে কোৱা সকলো কথা ৰখীয়া এজনে গৈ ৰামক ক'লে। কথাটো শুনি ৰামে এডাল মাৰি লৈ কুকুৰটোৰ ওচৰলৈ গ'ল আৰু সি কিয় কান্দিছে সুধিলে। তেতিয়া কুকুৰটোৱে ক'লে- হেই , প্ৰভু আপুনি মোৰ কাৰণে বহুত কষ্ট কৰিছে। মই একো অপৰাধ কৰা নাই। তাৰ পাছতো মোক এজন সন্ন্যাসীয়ে পাথৰে দি মাৰিছে ।যাৰ ফলত মোৰ ভৰিটো ভাগি থাকিল আৰু মোৰ বহুত বিষ হৈছে। সেই কাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ।


 কুকুৰটোৰ কথা শুনি ৰামে সেই সন্ন্যাসীজনক তালৈ মাতিলে আৰু সুধিলে- আপুনি কি অপৰাধৰ বাবে ইয়াৰ ভৰি ভাগি দিলে । সন্ন্যাসীজনে তেতিয়া ক'লে- হেই প্ৰভু মই ভিক্ষা বিচাৰিবলৈ উলাই গৈছিলো আৰু  ই মোক চুইছিল। দুপৰীয়া সময় আছিল মই ভুগত আছিলোঁ। সেই কাৰণে ই মুখ লগালত মোৰ খঙ উঠিল আৰু এটা পাথৰ লৈ মই তাক মাৰি দিলোঁ।যাৰ ফলত তাৰ ভৰিটো ভাগি থাকিল। ( Assamese Fact )


তেতিয়া ৰামে ক'লে- আপুনি জানে চোন ই অজ্ঞানী ই একো নাজানে। মই ভাবো ইয়াত এই কুকুৰটোৰ একো দোষ নাই। এইটো সিহঁতৰ স্বাভাৱিক প্ৰবৃত্তি। সেই কাৰণে আপুনিহে ইয়াৰ অপৰাধী। ৰামে কুকুৰটোক ক'লে- তুমি এওঁক শাস্তি দিব পাৰা। তেতিয়া কুকুৰটোৱে ক'লে-হেই প্ৰভু এওঁক কোনোবা সেৱালয়ৰ মালিক বনাই দিয়ক। ৰামে কুকুৰটোৰ কথা মানি ল'লে।


 সন্ন্যাসীজনে ভাবিছিল মোৰ ভাগ্য উদয় হ'ল। এইবোৰ দেখি সভাৰ মানুহে সুধিলে- প্ৰভু এই কুকুৰটোৱে সন্ন্যাসীজনক এনেকুৱা শাস্তি কিয় দিলে। তেওঁক দণ্ড দিয়া সলনি সেৱালয়ৰ মালিক বনাই দিলে। তাৰ পাছত ৰামে ক'লে-এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে সেই কুকুৰটোকে বিচাৰক।


 মানুহবোৰে কুকুৰটোক সুধিলত , কুকুৰটোৱে ক'লে- আপোনালোকে ধ্যান দি শুনিব যিসকলে চল কৰি ধন ইনকম কৰে, আনৰ ভাগৰ বস্তু কাঢ়ি লয়,চোৰ আদি বেয়া কাম কৰে সি পিছৰ জন্মত কুকুৰ হৈ জন্ম গ্ৰহণ কৰে। 


মই তাক দণ্ড দিবলৈয়ে সেই পদ দিছোঁ। কাৰণ আগৰ জন্মত মইয়ো সেৱালয়ৰ মালিক আছিলোঁ। এতিয়া সি এই সেৱালয়ৰ মালিক হৈ যি পাপ কৰিব পিছত গৈ সিওঁ কুকুৰৰ জন্ম ল'ব।  


ভাল কৰ্ম কৰক ।আনক সহায় কৰক আৰু পশু পক্ষীক মৰম কৰক। ভগৱানে সৃষ্টি কৰা সকলো বস্তুকে সন্মান কৰক। তেতিয়াহে ভগৱানে আপোনাৰ ভাল কৰিব।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত








No comments:

Post a Comment

Advertisement

Pages