বন্ধুসকল প্ৰেম আৰু শাৰীৰিক সম্পৰ্ক এই দুটা এনেকুৱা শব্দ যি সদায়ে বিতৰ্কৰ বিষয় হৈ আহিছে । ( Assamese Fact )
সকলো ব্যক্তিয়েই এই সমূহক লৈ নিজৰ নিজৰ মন্তব্য কৰে কিন্তু আমাৰ ধৰ্ম শাস্ত্ৰত প্ৰেম আৰু শাৰীৰিক সম্বন্ধক ইটো সিটোৰ পৰিপূৰক বুলি গণ্য কৰা হয় । অৰ্থাৎ আপুনি যাক প্ৰেম কৰে তেওঁৰ লগত শৰীৰৰো সম্বন্ধ হোৱাটোক সৰ্বোত্তম মনা হয় ।
প্ৰাচীন কালত প্ৰেমৰ পৰিভাষা বেলেগ আছিল । যি সময়ৰ লগে লগে সলনি হৈ পৰিল । শাৰীৰিক সম্বন্ধক আজিকালি এই যুগৰ লগত মিলাই চোৱা হয় । এনেকুৱাত প্ৰশ্ন হয় যে এজনৰ লগত প্ৰেম আৰু দ্বিতীয়জনৰ লগত শাৰীৰিক সম্বন্ধ গঢ়ি তোলাতো উচিত নে জানি লওঁক ।
এই প্ৰশ্নৰ উত্তৰটো জনাৰ পূৰ্বে এইটো জনাটো প্ৰয়োজন যে প্ৰেম কি হয় ? প্ৰেমৰ বৰ্ণনা ভগৱান কৃষ্ণ আৰু গোপীসকলৰ প্ৰেমৰ জৰিয়তে পোৱা যায় । এক কথাত যদি কোনো ব্যক্তিক চোৱা, স্পৰ্শ কৰা তেওঁৰ কথা শুনা, তেওঁৰ সৈতে কথা পতা আদিৰ জৰিয়তে যদি হৃদয়ে আনন্দ লাভ কৰে তেতিয়া সেইয়াই প্ৰেম । এই প্ৰেমত কাম বাসনাৰ কোনো স্থান নাথাকে । কিন্তু যদি এই প্ৰেমেই পিছত বিবাহিত জীৱনলৈ পৰিৱৰ্তন হয় তেতিয়া প্ৰেম আৰু শাৰীৰিক সম্বন্ধ ইটোৱে সিটোৰ পূৰক হৈ পৰে ।
এতিয়া আহো আজিৰ প্ৰশ্নলৈ কিন্তু এইটো বুজিবলৈ প্ৰথমে তুলসী দাসে কোৱা কিছু কথা বুজিব লাগিব । যত তেওঁ কৈছে এনেকুৱা মানুহ যি সদায় আনৰ ওপৰত হিংসা কৰে, আনৰ স্ত্ৰী আৰু ধনৰ ওপৰত আসক্ত হৈ থাকে তেনে ব্যক্তি মনুষ্য ৰূপত এজন ৰাক্ষসকৰ সমান হয় । অৰ্থাৎ কেতিয়াও নিজৰ স্ত্ৰীৰ বাহিৰে আন স্ত্ৰীৰ সৈতে শাৰীৰিক সম্বন্ধ গঢ়ি তোলাতো উচিত নহয় । যদি প্ৰেমৰ পৰিভাষা চোৱা হয় তাত শাৰীৰিক সম্বন্ধৰ অনিবাৰ্যতা নাথাকে । যাৰ পোনপটীয়া অৰ্থ এইটো যে প্ৰেম অন্যৰ লগত আৰু শাৰীৰিক সম্বন্ধ অন্যৰ লগত এইটো শাস্ত্ৰসন্মত নহয় । ( Assamese Fact )
ধৰ্মৰ পৰা আতৰি ভাবনাত্মক ভাৱে চালেও প্ৰেম আৰু শাৰিৰীক সম্বন্ধক ইটো সিটোৰ পূৰক মনা হয় । কিয়নো শাৰীৰিক সম্বন্ধ হোৱাৰ পিছত ভাবনাত্মক ৰূপে আকৰ্ষিত হোৱাতো সামান্য । যদি এনেকুৱাত প্ৰেম কৰা ব্যক্তি দুজন আঁতৰ হয় তেতিয়া দুয়োজনৰেই কষ্ট হব ।
ইয়াৰ ওপৰিও কেৱল এজন ব্যক্তিৰ লগত প্ৰেম আৰু শাৰীৰিক সম্বন্ধ গঢ়ি তোলাৰ দুটা কাৰণ থাকে ।
প্ৰথমতে সামাজিক কাৰণৰ ক্ষেত্ৰত কবলৈ গলে সমাজক স্থিৰ আৰু মজবুত ৰাখিবলৈ এজন পুৰুষ আৰু স্ত্ৰীৰ কথা আহে । অৰ্থাৎ এজন পুৰুষৰ জীৱনত কেৱল এগৰাকী মহিলা আৰু এগৰাকী মহিলাৰ জীৱন কেৱল এজন পুৰুষহে থাকিব লাগে , এনেকুৱাত তেওঁৰ সম্পৰ্ক মধুৰ হৈ থকাৰ লগতে সমাজত স্থিৰতাও বৰ্তি থাকে ।
দ্বিতীয়টো হল অস্তিত্বত সকলো পদাৰ্থৰ সমৃদ্ধি অথবা স্মৃতি থাকে । আপোনাৰ স্মৃতিয়ে আপোনাক ওচৰে পাঁজৰে থকা বস্তুবোৰ সৈতে সম্পৰ্ক গঢ়ি তোলে । ধৰি লওঁক আপুনি ঘৰলৈ গল আৰু পাহৰি থাকিলে যে আপোনাৰ পিতা মাতা কোন হয় তেতিয়া আপুনি কি কৰিব ? এইটো আপোনাৰ তেজৰ বা প্ৰেমৰ সম্বন্ধ নহয় এইটো স্মৃতি হয় যিয়ে আপোনাক কয় যে এই ব্যক্তি আপোনাৰ মা হয়নে পিতা হয় । স্মৃতিয়ে সম্বন্ধবোৰ বনায় । সেইবাবে আপুনি যদি নিজৰ স্মৃতি হেৰুৱাই পেলাই তেতিয়া সকলোৱে আপোনাৰ বাবে সম্পূৰ্ণৰূপে অচিনাকী হৈ পৰিব । আমাৰ শৰীৰৰ স্মৃতিৰ তুলনাৰ মগজুৰ স্মৃতি বহুত কম । যদি আপুনি কোনো বস্তু বা কোনো মানুহক এবাৰ স্পৰ্শ কৰি লয় তেতিয়া আপোনাৰ মগজুৱে সেইবোৰ পাহৰি গলেও আপোনাৰ শৰীৰত সেই স্মৃতিবোৰ চিৰদিনৰ বাবে থাকি যায় । যেতিয়া কোনো ব্যক্তিয়ে ইজনে সিজনৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ে তেতিয়া মনটোৱে সেইবোৰ পাহৰিব পাৰে কিন্তু শৰীৰে সেইবোৰ পাহৰি নাযায় ।
এনেকুৱাত যদি মনুষ্য এজনৰ লগত প্ৰেম আৰু আনজনৰ লগত শাৰীৰিক সম্বন্ধ গঢ়ে তেতিয়া মনুষ্যক কষ্টহে হয় আৰু সদায় অশান্তিত থাকে । যি তাৰ দুখৰ কাৰণ হয় ।
বন্ধুসকল আপোনালোকে নিশ্চয় আজিৰ এই বিষয়টোৰ বিষয়ে ভালদৰে বুজি পালে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
ভাল লাগিল ,আপোনাৰ প্ৰকাশ দৃষ্টি
ReplyDelete