জীৱনৰ গাড়ীখন ভালকৈ চলাই নিবলৈ সহনশীলতা গুণ থাকিব লাগে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 12, 2022

জীৱনৰ গাড়ীখন ভালকৈ চলাই নিবলৈ সহনশীলতা গুণ থাকিব লাগে: Assamese Fact

Assamese Fact

যদি আপোনালোকৰ স্বামী ভাল নহয় বা আপোনালোকৰ আদৰ আৰু সন্মান নকৰে। তেতিয়া একো কথা নাই। ( Assamese Fact )


স্বামীয়েও জানিব লাগে যে পত্নীক সন্মান কৰিব লাগে আৰু নাৰীক ভৰিৰ জোতা নহয় মূৰৰ পাগুৰী বুলি ভাবিব লাগে।যিখন‌ ঘৰত নাৰীক আদৰ আৰু সন্মান কৰে। সেইখন ঘৰ সুখেৰে ভৰি পৰে। 


গাড়ী এখনৰ এটা চকা যদি পুৰুষ এটা চকা মহিলা।দুয়োটা থাকিলেহে গাড়ী চলিব। পুৰুষসকলে বহুবাৰ নাৰীসকলক অপমান কৰে। কিন্তু কেতিয়াও নাৰীসকলক অপমান কৰিব নালাগে। 


ভাল পত্নী তেতিয়াহে পাব যেতিয়া আপোনালোকে পুণ্য অধিক কৰিব। ঠিক সেইদৰে  ভাল স্বামীও তেতিয়াহে পাব যেতিয়া আপোনালোকৰ পুণ্য অধিক হ'ব। কিছুমান স্বামী এনেকুৱা আছে যি মদ খাই আহি পত্নীক মাৰ ধৰ কৰে। 


আপোনালোকে উলকাপিণ্ড দেখিছে চাগে।সি নিজেইও ধ্বংস হয় আৰু আনকো ধ্বংস কৰে। অৰ্থাৎ য'ত পৰে সেই ঠাইখিনি বেয়া কৰি পেলাই। তেনেকুৱা কিছুমান মানুহো থাকে । নিজেইটো চিন্তাত থাকে লগতে পৰিয়ালকো চিন্তাত পেলাই আৰু অশান্তি দিয়ে। 


আপোনালোকে যদি বেয়া পত্নী বা স্বামী পাইছে তেতিয়া চিন্তা নকৰিব তাৰো উপায় আছে। পৃথিৱীত এনেকুৱা একো সমস্যা নাই যাৰ সমাধান নাই । এনেকুৱা একো বেমাৰ নাই যাৰ চিকিৎসা নাই। কিন্তু আমি গৈ সেইখিনি নাপাওঁ। ( Assamese Fact )


এবাৰ এগৰাকী ৫৫বছৰীয়া মহিলাই এজন সাধুক ক'লে - বাবা মই মোৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ কৰিব বিচাৰোঁ। তেতিয়া সাধুজনে ক'লে - আপোনাৰ বয়স কিমান? মহিলাগৰাকীয়ে ক'লে- ৫৫ বছৰ। বিবাহ বিচ্ছেদ কিয় কৰিব বিচাৰিছে। কি ক'ম মোৰ স্বামীয়ে মদ খাই আৰু খাই আহি মোক মাৰে এতিয়া বৃদ্ধ অৱস্থাত সহিব নোৱাৰোঁ আৰু। তেতিয়া সাধুজনে ক'লে- ইমান দিন সহ্য কিয় কৰিলে। এতিয়া বাকী আছে কেইদিন। আপুনি ইয়াৰ সমাধান আগতেই কৰিব লাগিছিল এতিয়া কৰি লাভ নাই আৰু। দুদিনৰ বাবে কলংক কিয় ল'ব লাগে। 


এইবোৰ কৰি সংসাৰখন বেয়া কৰি কি লাভ স্বামী আৰু পত্নী সদায় ইজনে সিজনৰ বাবে। সেই কাৰণে ইজনে সিজনক লগ দিব লাগে।পত্নীক সদায় সন্মান ,আদৰ, মৰম কৰক আৰু নিজৰ মান-সন্মান বুলি ভাবক। 


জীৱনত দুখ থাকেই কিন্তু আমি তাক সহিব নোৱাৰোঁ।যিদিনা সহিবলৈ শিকিব সেইদিনা সেই দুখ আৰু দুখ হৈ নাথাকিব। স্বামী স্ত্ৰী মাজত কাজিয়া যে হয় ১০০ ভিতৰত ৭০% মাক-দেউতাকক গালি দিয়া ফলত হয়। অৰ্থাৎ পুৰুষসকলে যে পত্নীক মাক-দেউতাকক ধৰি গালি দিয়ে। সেইবোৰ কাম কৰিব নালাগে।


 মদ খাই আহি পত্নীক মৰা একো পুৰুষত্বৰ কাম নহয়। পত্নী আৰু স্বামী দুয়োজনে সহিব লাগিব তেতিয়াহে জীৱনটো ভালকৈ আগবাঢ়ি যাব। জীৱনৰ আন এটা নাম সহনশীলতা। 


জন্ম পৰা মৃত্যুলৈকে মানুহে কষ্ট সহিবয়ে লাগে। সহি সহিয়েটো ইমান ডাঙৰ হৈছে। এতিয়া আপোনালোকে সহি ইজনে সিজনক লগ দি জীৱনটো আগবঢ়াই নিয়ক।পত্নী আৰু স্বামী দুয়োজনেই বুজিব লাগে। তেতিয়াহে এই জীৱনৰ গাড়ী চলাই নিব পাৰিব।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত


No comments:

Post a Comment

Advertisement

Pages