ঘৰৰ মুখ্য দুৱাৰত এইসমূহ বস্তু কেতিয়াও থ'ব নালাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 11, 2022

ঘৰৰ মুখ্য দুৱাৰত এইসমূহ বস্তু কেতিয়াও থ'ব নালাগে : Assamese Fact

Assamese Fact

ঘৰৰ মুখ্য দুৱাৰত এনেকুৱা কাৰ্য কৰিব নালাগে। যাৰ ফলত ধন বা স্বাস্থ্য বেয়া হয়।( Assamese Fact )


 যদি ঘৰৰ আৰ্থিক অৱস্থা বেয়া হৈ গৈ আছে । ইনকম কৰা পাছতো‌ ইনেই পইচা বহুত খৰচ হৈছে।ঘৰৰ মুখ্য দুৱাৰত কি থ'ব লাগে কি থ'ব নালাগে জানো আহঁক-


ঘৰৰ মুখ্য দুৱাৰখন অকল মানুহ ভিতৰলৈ বা বাহিৰলৈ যোৱা দুৱাৰে নহয়।ই সকাৰাত্মক আৰু নাকাৰাত্মক শক্তিৰো প্ৰৱেশ দুৱাৰ। এই দুৱাৰে দিয়ে লক্ষ্মীৰো আগমন ঘটে। সেই কাৰণে ঘৰৰ মুখ্য দুৱাৰখন সজাই ৰাখিব লাগে।


ঘৰৰ মুখ্য দুৱাৰখনৰ ওচৰত কাঁইট থকা গছ থ'ব নালাগে। গোলাপ ফুল ৰুলেও চটত বা কাষত ৰুব বা থ'ব লাগে। ৰাতিপুৱা শুই উঠি প্ৰথমতে ঘৰৰ মুখ্য দুৱাৰখনত পানী চেটিয়াব লাগে। কাৰণ কিছুমানে কয় যে ঘৰৰ মুখ্য দুৱাৰখনৰ গুৰিত পূৰ্বপুৰুষ বহি থাকে আৰু তেওঁলোকৰ পিয়াহঁ লাগে আৰু আমাক পানী বিচাৰে। সেই কাৰণে পানী চেটিয়াব লাগে। 


ঘৰত লক্ষ্মীয়ে প্ৰৱেশ কৰাতো বিচাৰে যদি ঘৰৰ মুখ্য দুৱাৰখন ওচৰে পাজৰে লেটেৰা থাকিবলৈ নিদিব আৰু সদায় চফা কৰি থাকিব ।মকৰা জাল থাকিব ও নালাগে। ৰাতিপুৱা আৰু সন্ধিয়া সময়ত  ঘৰৰ মুখ্য দুৱাৰখন বন্ধ কৰি ৰাখিব নালাগে। ৰাতিপুৱা আৰু সন্ধিয়া সময়ত ভগৱানৰ আগমন হোৱাৰ সময়ত।

( Assamese Fact )


 মুখ্য দুৱাৰখনৰ ওচৰত লেটেৰা বস্তু থ'ব নালাগে।যেনে- লেটেৰা চেন্দেল, ডাচবিন আদি। এইসমূহ মুখ্য দুৱাৰখনৰ সন্মুখত নথ'ব অলপ কাষলৈ থ'ব। যাতে আপোনালোকৰ ঘৰলৈ মা লক্ষ্মীয়ে প্ৰৱেশ কৰে। কিছুমানে মানুহে মুখ্য দুৱাৰখনত মনি প্লেন উলোমাই ৰাখে। এনেকুৱা কৰাটো বাস্তু শাস্ত্ৰত বেয়া বুলি কোৱা হয়। মনি প্লেন ৰাখিব লাগে কিন্তু সন্মুখত নহয় কাষলৈ আৰু মনি প্লেন পাৰিলে ঘৰৰ সোঁ ফালে ৰুব বা থ'ব লাগে। 


ঘৰৰ মুখ্য দুৱাৰখনৰ সন্মুখত আপোনালোকে তুলসী পুলি ৰুব লাগে। তুলসীয়ে সকলো সমস্যাৰ সমাধান কৰে। তুলসীক লক্ষ্মীৰ প্ৰতিক বুলি কোৱা হয়। কিছুমান মানুহে মুখ্য দুৱাৰখনত গণেশ বা লক্ষ্মী দেৱীৰ মূৰ্তি উলোমাই দিয়ে। এইবোৰ বেয়া বুলি ধৰা হয়। কেতিয়াও ঘৰৰ মুখ্য দুৱাৰখনত ভগৱানৰ মূৰ্তি উলোমাব নালাগে । 


বহুত মানুহে মুখ্য দুৱাৰখনৰ সন্মুখত বা ওচৰত ঝাৰু থৈ দিয়ে।  ঝাৰু ঘৰৰ মুখ্য দুৱাৰখনৰ ওচৰত থ'ব নালাগে ।ঝাৰু এনেকুৱা স্থানত থ'ব লাগে য'ত মানুহৰ চকু নপৰে। ঝাৰু সদায় পেলাই অৰ্থাৎ শুৱাই থোৱা দি থ'ব লাগে। মুখ্য দুৱাৰখন সদায় চাফ-চিকুণকৈ ৰাখিব লাগে।


মুখ্য দুৱাৰখনত পান বা আমৰ মালাও বান্ধি থোৱা হয়। নহ'লেবা আজিকালি কিনিবলৈও পাই সেইবোৰো আপোনালোকে উলোমাই থ'ব পাৰে।ঘৰৰ মুখ্য দুৱাৰখন সজাই থোৱা থাকিলে ভগৱান আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰে।মকৰা জাল হ'লে আঁতৰাই দিব লাগে।মকৰা জাল দৰিদ্ৰতাৰ চিন বুলি ধৰা হয়। 


আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিছে যদি পাৰিলে সদায় মা লক্ষ্মীক পূজা কৰক। সোমবাৰে মা লক্ষ্মীক পূজা কৰি পাৰিলে পদুম ফুল অৰ্পণ কৰক। ৩৩কোটি দেৱী দেৱতা আপোনালোকৰ ঘৰত বিৰাজমান হৈ থকাতোঁ বিচাৰে যদি কোনোবা গৰু আপোনালোকৰ ঘৰলৈ আহিলে ৰুটি বা অন্য বস্তু খোৱাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত





No comments:

Post a Comment

Advertisement

Pages