প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ স্বামীৰ মৰমৰ পত্নী কেনেকৈ হ'ব পাৰি। পত্নীৰ যি স্থান তাক বহুত মহত্বপূৰ্ণ বুলি কোৱা হয়। ঘৰৰ সকলো কাৰ্যতে পত্নীক উচ্চ স্থান দিয়া হয়।
( Assamese Fact )
১.স্বামীৰ লগত মৰমত থকাৰ উপৰিও বিশ্বাস যোগ্য অৰ্থাৎ ধৰমনিষ্ঠ হৈ থাকিব লাগে। বিশ্বাস যোগ্য হৈ থাকক এইটো বহুত ডাঙৰ বস্তু।যদি আপোনালোকৰ স্বামীয়ে জানে আপুনি বিশ্বাসী বা বিশ্বাসৰ যোগ্য তেতিয়া তেওঁ আপোনাক সকলো সময়তে লগ দিয়ে। প্ৰথম কথা বিশ্বাস ভাগিব নালাগে ।ইজনে সিজনৰ বিশ্বাস কেতিয়াও নাভাঙিব।
কিছুমান পত্নীয়ে স্বামী পকেটৰ পৰা পইচা মনে মনে ৫০-১০০ যিমান মন লৈ লয়। এইবোৰ অভ্যাস ভাল নহয়। এইবোৰ কাৰ্যৰ ফলত আপোনালোকৰ স্বামীয়ে আপোনাক বিশ্বাস নকৰা হ'ব।লাগিলে স্বামীক খুজি লওঁক। কিন্তু মনে মনে নল'ব। মনে মনে পকেটৰ পৰা পইচা উলিয়াই থ'লে স্বামীয়েটো নাজানে তেওঁটো ভাবে যিমান থৈছিলে সিমানেই আছে। তাৰ পাছত যদি তেওঁ ক'ৰবাত কিবা কিনে বা খাই নহ'লেবা দিব লগা থাকে তেতিয়া তেওঁ নাথাকিলে লাজ পায়। সেই কাৰণে নজনাকে নহয় জনাকে অৰ্থাৎ খুজি লওঁক।
২.কিবা বস্তু আপুনি যদি বনাই আৰু আপোনাৰ স্বামী যদি ঘৰত নাথাকে। তেতিয়াও আপোনালোকে স্বামীৰ বাবে তাৰে অলপ থৈ দিব লাগে যাতে আহিলে দিব পাৰে। কাৰণ ঘৰত বনোৱা বস্তু অলপ হ'লেও সকলোকে খাবলৈ দিব লাগে। এনেকুৱা কেতিয়াও নকৰিব যে দুজনে খালে আৰু দুজনে খাবলৈয়ে নাপালে। অলপ হ'লেও স্বামীৰ বাবে থ'ব লাগে । তেতিয়া স্বামীয়ে বহুত ভাল পায় আৰু ভাবে মোক মোৰ পত্নীয়ে কিমান ভাল পায় ।মোৰ কাৰণে অলপ হ'লেও মৰমতে সাঁচি ৰাখিছে।
৩. আপোনালোকৰ স্বামী যদি ২-৩ দিনৰ বাবে ক'ৰবাত যায় আৰু আপোনালোকে যদি কাপোৰ কানি সামৰি যি যি বস্তু লাগে ভালকে ভৰাই দিয়ে।তেতিয়াও তেওঁ বহুত ভাল পায়। এনেকুৱা নহয় যে তেওঁ কৰিব নোৱাৰে তেওঁ পাৰে । কিন্তু আপোনালোকে কৰিলে তেওঁলোকে বহুত ভাল পায় ভাবে মৰমত কৰি দিছে মই যাম কাৰণে।
৪. কেতিয়াও স্বামীৰ ইনকমতকৈ বেছি পইচা খৰচ নকৰাব।যদি আপোনালোকৰ স্বামীয়ে ৫ হাজাৰ পায় আৰু আপুনি যদি ১০ হাজাৰৰ শাৰী এখন পচন্দ কৰি মুখ ফুলাই বহি আছে, তেতিয়া এইটো বহুত বেয়া অভ্যাস ।এনেকুৱা কেতিয়াও কৰিব নালাগে। কাৰণ এনেকুৱা কৰিলে স্বামীয়ে মনত কষ্ট পায়। স্বামী স্ত্ৰী সম্পৰ্কটো বহুত মৰম লগা এটা সম্পৰ্ক ।এই সম্পৰ্কতো বন্ধুত্ব ও গঢ়ি উঠে। স্বামী স্ত্ৰী ৰূপত ইজনে সিজনৰ বন্ধু হৈ পৰিব লাগে। যাতে ইজনে সিজনক নিজৰ সুখ দুখৰ কথা ভালকৈ ক'ব পাৰে। মৰমেৰে থাকক চাব জীৱনটো সুখৰ হৈ পৰিব।( Assamese Fact )
৫. স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ পছন্দ অপচন্দ ধ্যান ৰাখিব লাগিব। নহ'লে কোনে ৰাখিব । ইজনে সিজনৰ সৰু সৰু বস্তুবোৰৰ কথাও জানিব লাগে বা ধ্যান ৰাখিব লাগে।
৬. সকলো ছোৱালীয়ে যে ৰন্ধা-বঢ়া জানিব তেনেকুৱা নহয়। কাৰণ আজিকালি ছোৱালীবোৰ পঢ়া-শুনা পৰা ধৰি কামতো ব্যস্ত থাকে । সেই কাৰণে আজিকালি সকলোৱে ভাত বনাব নাজানিব ও পাৰে। কিন্তু কেতিয়াবা হ'লেও স্বামীৰ পচন্দৰ কিবা খাদ্য বনাবলৈ শিকি বনাই তেওঁক খোৱাব লাগে ।তেতিয়া তেওঁ ভাবে নাজানিলে ও মোৰ কাৰণে চেষ্টা কৰি মই ভাল পোৱা বস্তু বনাইছে। এনেকুৱা সৰু সৰু কিছুমান কথা বা কামেও স্বামী স্ত্ৰীৰ মাজত মৰম বঢ়াই। অকল যে পত্নীয়েহে বনাই খোৱাব তেনেকুৱা নহয় পাৰিলে স্বামীয়েও খোৱাব লাগে তেতিয়াহে ইজনৰ প্ৰতি সিজনৰ মৰম বাঢ়ে।
৭. স্বামীৰ কাপোৰৰো আমি ধ্যান ৰাখিব লাগে। ক'ৰবাত গ'লে তেওঁক ভালকৈ যাবলৈ দিব লাগে। চাব লাগে কি পিন্ধি গৈছে। আপুনি যদি ভালকৈ পঠিয়াই, বাহিৰত কোনোবাই ভাল লগা বুলি ক'লে স্বামীয়ে মনতে ভাবিব যে মোৰ পত্নীয়ে মোৰ সৰু সৰু কথাবোৰো ধ্যান ৰাখে। এনেকেয়ে মৰম বাঢ়িব আৰু আপোনাৰ স্বামীয়ে আপোনাক বহুত মৰম কৰা হ'ব।
৮. স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ বিৰুদ্ধে গৈ কেতিয়াও কাম কৰিব নালাগে। এনেকুৱা কৰিলে কেতিয়াও তাত সফলতা নাপায়। বহুত ধ্যান ৰাখিব লাগে স্বামীৰ মৰমৰ পত্নী হ'বলৈ। এনেধৰণৰ কিছুমান কথা মনত ৰাখক আৰু স্বামীৰ বাবে মৰমৰ পত্নী হৈ পৰক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment