বহুত বাৰ এনেকুৱা হয় মানুহে আপোনাক মিছা কথা কয় । কিন্তু আপোনালোকে বা আপুনি তাক ধৰিবয়ে নোৱাৰে। আজি আমি আপোনালোকক Mind Reading ৰ বিষয়ে কম যাৰ ফলত আপোনালোকে জানিব পাৰিব যে এজন ব্যক্তিৰ মনত কি চলি আছে।মিছা কথা কিয় কয় আৰু কোৱাৰ কি দৰকাৰ তাৰ বিষয়ে জানো আহঁক-
১.ব্যক্তিয়ে মিছা এই কাৰণে কয় যে তেওঁলোকে আনৰ পৰা কিবা বিচাৰে। যিটো তেওঁ মিছা নকলে নাপায় । সেই কাৰণে ব্যক্তি এজনে মিছা কথা কয়।
২. শাস্তিৰ পৰা বাচিবলৈ মানুহে মিছা কথা কয়। তেওঁ যদি জানে যে এইটো কথাত মই শাস্তি পাম । তেতিয়া তেওঁ সেই শাস্তিৰ পৰা বাচিবলৈ মিছা কথা কয়। সৰু ল'ৰা-ছোৱালীবোৰে মাক-দেউতাকক সৰু সৰু কথাত মিছা কোৱা দেখিছে চাগে। কাৰণ সিহঁতি জানে যে মই এইটো কথাত গালি শুনিম বা শাস্তি পাম । সেই কাৰণে তেওঁলোকে মিছা কথা মাক-দেউতাকক কৈ দিয়ে।
Mind Reading ৰ বিষয়ে শিকিবলৈ হ'লে আপোনালোকে কিছুমান কথাত গুৰুত্ব দিব লাগিব। Mind Reading ৰ এইটো অৰ্থ নহয় যে আপুনি এজন ব্যক্তিৰ মনৰ বা মগজুৰ ভিতৰলৈ সোমাই যাব পাৰিব।
Mind Reading ৰ চিধা অৰ্থ হ'ল যে আপুনি ব্যক্তিজনৰ দেহৰ আচৰণৰ পৰাই তেওঁৰ মনত চলি থকা কথা জানিব পাৰিব। মাত্ৰ সেইসমূহ বুজি পোৱা মানুহ লাগে। সেই উপায়টো জনা মানুহ লাগে ।যদি আপুনি সেই উপায়টো জানে তেতিয়া আপুনি জানিব পাৰিব সন্মুখৰ জনৰ মনত কি চলি আছে।
যদি কোনোবা ব্যক্তিয়ে চকু সোঁফালে আৰু ওপৰলৈ কৰি থৈছে , তেতিয়া তেওঁ কিবা ভাবি আছে বা কিবা চিন্তা কৰি আছে। সেইবোৰো ফটো বা ভিডিঅ' ৰূপত ভাবি আছে। যদি ব্যক্তিৰ চকুটো বাওঁফালে আৰু ওপৰলৈ কৰি থৈছে ,তেতিয়া তেওঁ কিবা পুৰণা কথা ফটো বা ভিডিঅ' ৰূপত আছিল সেইবোৰ মনত পেলাই আছে।
আপুনি এজন ব্যক্তিৰ মিছা কথা ধৰিব পাৰিব তেওঁৰ চেহেৰা চাই। সেই মানুহজনৰ চেহেৰা আৰু হাঁহিটো ধ্যান দি চাওঁক। যেতিয়া কোনোবা ব্যক্তিয়ে আপোনাক
মিছা কথা ক'ব তেতিয়া তেওঁ প্ৰথমতে কোৱা কথাটোক আন এটা কথাৰ লগত তুলনা বা মিশ্ৰিত কৰিবলৈ চাব । তেওঁ নিজৰ কথাটো সলনি কৰিবলৈ চেষ্টা কৰিব।এই চেষ্টাটোৰ ভাল অস্ত্ৰ হ'ল - হাঁহি। বহুত মানুহে নিজৰ হাঁহিটোৰ পিছফালে বিভিন্ন কথা লোকোৱাই ৰাখে বা ৰাখিবলৈ চেষ্টা কৰে। যেতিয়া তেওঁ সচাঁকৈ আনন্দত থাকে তেতিয়া তেওঁৰ হাঁহিটো বেলেগ হয় আৰু মিছা হাঁহিটোও বেলেগ হয়।
যদি কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ কিবা কথা লৈ আহে বা কিবা কথা কয় তেওঁৰ হাঁহিটো সচাঁ নে মিছা কেনেকে জানিব। তেওঁৰ যদি ওঁঠৰ দুয়োটা ভাগ সমানে ওপৰলৈ উঠি যায়। তেতিয়া সেইটো সচাঁ হাঁহি।যেতিয়া কোনোবা ব্যক্তিয়ে মিছা কথা কয় তেতিয়া তেওঁৰ মুখত সচাঁ হাঁহি নাথাকে। ওঁঠৰ দুয়োটা ভাগ সমানে নুঠে অৰ্থাৎ এফালে উঠি থাকে আনফালে নামি থাকে তেতিয়া সেইটো মিছা হাঁহি। (Assamese Fact )
ইয়াৰ উপৰিও আপোনালোকে সন্মুখৰ ব্যক্তিজনৰ কিছুমান সৰুসুৰা আচৰণ দেখি গম পাব পাৰে। যেনে- তেওঁ অলপ ভয় ভয়কে থাকিব। হাঁহিটোও সম্পূৰ্ণ নহ'ব। কেতিয়াবা ব্যক্তিজনৰ ঘাঁমো ওলাব ধৰে।এই সমূহ আপোনালোকে চাবলৈ চেষ্টা কৰক ।যদি এইসমূহ দেখে তেতিয়া হ'ব পাৰে সন্মুখৰ ব্যক্তিজনে আপোনাক মিছা কথা কৈছে।
দ্বিতীয়তে আপুনি চকু চাই ধৰিব পাৰিব যে ব্যক্তিজনে সচাঁ কৈছে নে মিছা। যিজন ব্যক্তিয়ে মিছা কথা ক'ব তেওঁ নিজৰ চকু তললৈ কৰি বা এবাৰ এফালে এবাৰ সেইফালে কৰি থাকিব। তেওঁ আপোনাৰ চকুত চকু থৈ কথা ক'ব বা পাতিব নোৱাৰে। নহ'লেবা তেওঁ সোনকালে সোনকালেই চকু টিপিয়াব ।
তৃতীয়তে তেওঁৰ চকুৰ মণিটো অলপ ডাঙৰ হৈ পৰিব বা সৰু হৈ পৰিব। সাধাৰণ অৱস্থাত নাথাকে। এইসমূহ চিন বহুত সাধাৰণ যিবোৰ সকলো ব্যক্তিয়ে জানে। সেই কাৰণে যেতিয়া ব্যক্তি এজনে মিছা কম বুলি আহে। তেতিয়া সেই ব্যক্তিজনে আপোনাৰ চকুত চকু থৈ কথা পাতে বা কয়। কাৰণ সি জানে সি চকুত চকু থৈ কথা ন'কলে আপুনি তাৰ মিছা কথাটো ধৰিব পাৰিব।
এতিয়া জানো আহঁক চকুৰ এনেকুৱা চিনৰ বিষয়ে তাৰ সহায়ত আপুনি জানিব পাৰিব ব্যক্তিজনে মিছা কৈছে নে সচাঁ। ইয়াত আমি আগতে কোৱা উপায়টো কামত আহিব যে ব্যক্তিজনে চকু সোঁফালে আৰু ওপৰলৈ কৰি থৈছে নে বাওঁফালে আৰু ওপৰলৈ কৰি থৈছে। মিছা কোৱা অৰ্থ হ'ল কিবা পুৰণা কথা বা বিচাৰ এটাৰ ঠাইত আন এটা নতুন কথা বিচাৰৰ বিষয়ে আপোনাক কোৱা আৰু সেইটোকে আমি মিছা কথা বুলি কওঁ ।
কৈ থাকোঁতে চাব লাগে কাৰণ এই আচৰণবোৰ সৰু সৰু ।যদি কৈ থাকোঁতে ব্যক্তিজনে চকু সোঁফালে আৰু ওপৰলৈ কৰি থৈছে তেতিয়া তেওঁ আপোনাক নতুন এটা কথা ভাবি বা বনাই কৈ আছে।যিবোৰ সঠিক কথা সেইবোৰ আপোনাক কোৱা নাই। আকৌ যদি ব্যক্তিজনে চকু বাওঁফালে আৰু ওপৰলৈ কৰি থৈছে আৰু আপোনাক কিবা কথা কৈছে তেতিয়া সেই কথাটো আগতে হৈছে আৰু তেওঁ আপোনাক সেই কথাটোকে কৈছে।
উদাহৰণস্বৰূপে -যদি আপোনালোকৰ সৰু ভাইটি বা ভন্টি আছে আৰু বাহিৰৰ পৰা ঘৰলৈ আহিছে আৰু বহুত দেৰিকে আহিছে । তেতিয়া যদি আপোনালোকে তাক সুধে -কিয় ইমান দেৰি হ'ল ক'ত আছিলা ইমান দেৰি? তেতিয়া সি নিজৰ চকু সোঁফালে আৰু ওপৰলৈ কৰি কিবা ভাবি কৈ দিব যে মইটো মোৰ লগৰটোৰ ঘৰত আছিলো আৰু পঢ়ি আছিলোঁ। এনেকুৱা কৰি কোৱা মানে সি নতুন এটা বিচাৰৰ জন্ম দিছে বা নতুন কথা এটা জোৰা দি কৈছে। সি পঢ়ি থকা নাছিল আৰু এতিয়া আপোনাক মিছা কথা কৈছে।যদি সি নিজৰ চকু বাওঁফালে আৰু ওপৰলৈ কৰি কৈছে তেতিয়া সি সচাঁকেই কৈছে।
এইদৰেই আপোনালোকে জানিব পাৰিব যে কোনোবা ব্যক্তিয়ে সচাঁ কৈছে নে মিছা। ইয়াত এটা বা দুটা আৰু কথা আছে যিটো আপোনালোকে বুজি পাব লাগিব।যদি কিবা মিছা কথা আগৰেই পৰা কম বুলি প্লেন কৰি থোৱা আছে তেতিয়া সি নিজৰ চকু বাওঁফালে আৰু ওপৰলৈ কৰিয়ে ক'ব আৰু তেতিয়া আপোনালোকে মিছা কথাটো ধৰিব নোৱাৰিব। তেতিয়া এনেকুৱা পৰিস্থিতিত আপোনালোকে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন তেওঁক কৰিব পাৰে। যেতিয়াই আপুনি বা আপোনালোকে তেওঁক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব তেতিয়া আপোনালোকে বুজি পায় যাব যে তেওঁ নতুন কথা জোৰা লগাই কৈছে নে আগৰ কথাটোকে অৰ্থাৎ সচাঁ কৈছে।
সকলোতকৈ মহত্বপূৰ্ণ হ'ল যে আপোনালোকে যিকোনো ব্যক্তিৰে হাতৰ সালসলনি অৱস্থাৰ পৰাও জানিব পাৰে ।যেতিয়া আপোনালোকে কিবা বস্তুৰ কাৰণে মনা কৰে তেতিয়া কেনেকে কৰে এবাৰ ভাবি চাওঁক চোন। সেই সময়ত আপোনাৰ দেহৰ আচৰণ কেনেধৰণৰ হয়।ধৰি লওঁক যে মই যদি মানুহ এজনক ক'লো মই এই কথাটোৰ বিষয়ে নাজানো । সেই কথাটো কওঁতে মানুহৰ হাত আৰু কান্ধ দুটা অলপ হ'লেও ওপৰলৈ উঠিব। তেতিয়া সেই ব্যক্তিজনে কথাটো জানে কিন্তু আপোনাক ক'ব নিবিচাৰে। যদি কোনোবাই সচাঁ কয় তেতিয়া তেওঁৰ হাতদুখন তললৈ আৰু কান্ধ দুটা বহুত বেছি নহয় অলপহে ওপৰলৈ উঠিব। এইসমূহৰ পৰাই আপোনালোকে মানুহ এজনে সচাঁ কৈছে নে মিছা কৈছে জানিব পাৰিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment