আপোনালোকৰ শৰীৰৰ বা দেহৰ আচৰণ বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।যেতিয়া আপোনালোকে কাৰোবাক নিজৰ ফালে আকৰ্ষণ কৰিব বিচাৰে তেতিয়া আপোনালোকে জানেনে যে আপোনাৰ আকৰ্ষণ ৯০% আপোনালোকৰ বা আপোনাৰ শৰীৰৰ বা দেহৰ আচৰণৰ পৰাই হয় ।(Assamese Fact )
আপোনালোকৰ শৰীৰৰ বা দেহৰ আচৰণে বহুত কথা বৰ্ণনা কৰে। আপোনালোকে কি কি সাল-সলনি আনিব লাগে নিজৰ শৰীৰৰ বা দেহৰ আচৰণত যাৰ ফলত আপোনালোকে নিজৰ আকৰ্ষণীয় গুণ বৃদ্ধি কৰিব পাৰে।
১.প্ৰথমতে আপোনালোকে এইটো জানিব লাগিব যে শৰীৰৰ বা দেহৰ আচৰণক মজবুত কৰি তুলিবলৈ আৰু আকৰ্ষণীয় কৰি তুলিবলৈ আমি প্ৰথমতে নিজৰ চকু সংযোগ (Eye Contact) ভাল কৰিব লাগিব।আপোনাৰ চকুৱে বহুত কথা বৰ্ণনা কৰে। কোৱা হয় যে চকুৱে কথা কয়।সচাঁকৈয়ে কয়। কেনেকৈ আপোনালোকে নিজৰ চকুৰ লগত খেলিব লাগে সেইটো জানিব লাগিব। যাক আপোনালোকে আকৰ্ষিত কৰিব বিচাৰে তাৰ লগত আপোনালোকে Eye Contact ভাল কৰিব লাগিব।
২.আপুনি ন'কলেও সন্মুখৰজনে আপুনি কি ক'ব বিচাৰিছে বুজি পোৱা। আপুনি হাঁহিবলৈ আৰম্ভ কৰক। কাৰণ মুখত এটা মৰম লগা হাঁহি থাকিলে সকলোৱে আপোনাক ভাল পায় বা আপোনাৰ ফালে আকৰ্ষিত হয়। যদি আপোনালোকে হাঁহি ফটো একপি মৰে চাব চোন কিমান ভাল লাগে।ঠিক সেইদৰে যদি গোটেই জীৱন হাঁহি থাকে তেতিয়া জীৱনটো কিমান ভাল হৈ পৰিব ভাবক চোন। এতিয়া আপোনালোকৰ কথা আপুনি হাঁহি মাতি থাকিব নে নহঁহাকে।যদি আপোনালোকৰ চেহেৰা দুখ আৰু সদায় মন মৰি থকা দৰে হৈ থাকে। তেতিয়া কোনো আপোনাৰ ফালে আকৰ্ষিত নহ'ব।
৩.তৃতীয়টো হ'ল আপোনালোকৰ চকুৰ চেলাউৰি।চকুৰ চেলাউৰিত আপোনালোকে চাগে ইমান ধ্যান দিয়া নাই। কিন্তু চকুৰ চেলাউৰিয়ে আকৰ্ষণ কৰা প্ৰক্ৰিয়াত এক বিশেষ ভূমিকা গ্ৰহণ কৰে।যদি আপোনালোকে সন্মুখৰ জনক আকৰ্ষণ কৰিব বিচাৰে তেতিয়া আপোনালোকে নিজৰ চকুৰ চেলাউৰিৰ লগত খেলিবলৈ আৰম্ভ কৰিব লাগিব। চিনেমাত দেখিছে চাগে নায়ক নায়িকাই চেলাউৰিৰ লগত খেলা।নিজক আকৰ্ষণীয় কৰি তুলিবলৈ চেলাউৰি লগত খেলিবয়ে লাগিব। আপোনালোকে নিজৰ চেলাউৰি লগত খেলিবলৈ শিকিব লাগিব।
৪. চকুৰ চাৱনী।যদি আপোনালোকে সন্মুখৰ জনক মঞ্জুৰী দিয়া দেখাব লাগে বা আকৰ্ষণ কৰিব লাগে বা তেওঁৰ কথাত যদি আপুনি মান্তি আছে তেতিয়া আমি কি কৰোঁ চকুটো অলপকে মুদি দিওঁ ন। অৰ্থাৎ আমি আমাৰ চকুৰ পতা বা ওপৰৰ অংশ তললৈ নমাই দিম। এনেদৰে আপুনি মানুহক চকুৱে দিওঁ আকৰ্ষিত কৰিব পাৰে।(Assamese Fact )
৫. যদি আপোনালোকে নিজকে আকৰ্ষণীয় কৰি তুলিব বিচাৰে বা কাৰোবাক নিজৰ ফালে আকৰ্ষণ কৰিব বিচাৰে তেতিয়া কথাৰে নহয় প্ৰথমতে শৰীৰৰ বা দেহৰ আচৰণৰ সহায়ত তেওঁক আকৰ্ষণ কৰিব লাগিব।
৬.নিজকে খোলা মনৰ বা খোলা স্বভাৱৰ কৰি তুলিব লাগিব। নিজকে আনৰ লগত মিলাবলৈ অৰ্থাৎ আনৰ লগত মিলিবলৈ চাব লাগিব সকলোৰে লগত হাঁহি মাতি কথা পাতিব লাগিব। সদায় সকলো সময়তে মুখ ফুলাই বা খঙত থকাৰ দৰে গহীন গম্ভীৰ হৈ থাকিব নালাগে। নিজৰ কান্ধ ভৰিৰ স্তৰত ৰাখক হাত বাহিৰত থক অৰ্থাৎ হাতদুখন ভৰাই যদি ভেমত থকাৰ দৰে থাকে তেতিয়া আপোনালোকৰ প্ৰতি কোনো আকৰ্ষিত নহ'ব।
৭. Mirroring কৰিব লাগিব । ধৰি লওঁক যদি মই লাহে লাহে কথা কৈ আছোঁ আৰু আপুনি যদি সোনকালেই বা স্পিডত কৈ আছে তাৰ পিছতো মই যদি লাহে লাহে কথা কৈ আছোঁ তেতিয়া আপুনি ভাল নাপাব আৰু মইয়ো আপোনাক ভাল নাপাওঁ।Mirroring য়ে কয় যে যেনেকুৱা সন্মুখৰ মানুহজনে কৰিছে আপুনিও তেনেকুৱা কৰক। Mirror মানে আইনা আপুনি যি কৰে তাত তেনেকেই ওলাই ।ঠিক সেইদৰে আপুনিও তেনেকুৱা কৰক।যদি আপোনালোকে কাৰোবাক বা সন্মুখৰ ব্যক্তিজনক আকৰ্ষণ কৰিব বিচাৰে তেতিয়া আপোনালোকে Mirroring কৰিব লাগিব ।তেতিয়াহে তেওঁ ভাল পাব আৰু আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment