এজনী ছোৱালী বিয়া পিছতো আছিল প্ৰেমিক।ছোৱালীজনীক তাইৰ মঞ্জুৰী নোহোৱাকৈ এটা সাধাৰণ আৰু ভাল স্বভাৱৰ ল'ৰা লগত বিয়া পাতি দিয়া হ'ল।
( Assamese Storyboard )
ল'ৰাটোৰ ঘৰত মাকৰ বাহিৰে আৰু কোনো নাছিল।যৌতুকক ল'ৰাটোক বহুত বস্তু আৰু পইচাৰ দিয়া হৈছিল। কিন্তু ছোৱালীজনীয়ে বেলেগ এটা ল'ৰাক বহুত ভাল পাইছিল। বিয়াৰ ৰাতি তাইৰ স্বামীয়ে গাখীৰ লৈ ৰুমলৈ আহিলে আৰু তাইৰ ওচৰত বহিলে। তেতিয়া তাই খঙতে স্বামীক ক'লে- মোক তুমি অকলে এৰি দিব পাৰিবানে? তাইৰ কথা শুনি স্বামীয়ে বহুত দুখ পালে। কিন্তু তাৰ পাছতো তাইৰ স্বামীয়ে তাইক ক'লে - অ' তুমি আৰাম কৰা মইটো অকল তোমাৰ কাৰণে গাখীৰ লৈ আহিছিলোঁ বুলি কৈ সি ৰুমৰ পৰা বাহিৰলৈ উলাই গ'ল আৰু তাই মন মাৰি থাকিলে।
তাই ভাবিছিল এনেকে ক'লে তাইৰ স্বামীয়ে তাইৰ লগত কাজিয়া লাগিব আৰু তাৰ পাছত তাই স্বামীৰ লগত বিবাহ বিচ্ছেদ কৰিব পাৰিব। বিয়া হোৱা ৩-৪ দিন হৈ গৈছিল আৰু তাই অকল প্ৰেমিকৰ লগতেই মোৱাইলত কথা পাতি থাকিছিল। ল'ৰা মাকে একো অভিযোগ নকৰাকে দিনটো কাম কৰি থাকিছিল আৰু তথাপিও মুখত হাঁহি এটা লৈ থাকিছিল। তাইৰ স্বামীয়ে এটা সৰু কোম্পানীত কাম কৰিছিল আৰু তেওঁ বহুত ভাল আৰু কৰ্তব্য পৰায়ণ আছিল। ৰাতিপুৱা কামলৈ যায় আৰু সন্ধিয়া ভাগৰি ঘৰলৈ আহিছিল। কিন্তু তাই এগিলাছ পানীও তাইৰ স্বামীক আনি দিয়া নাছিল।
সিহঁতৰ বিয়া হোৱা এমাহ হৈ গ'ল। কিন্তু সিহঁতি একেলগে নুশুইছিল। ল'ৰাটো বহুত শান্ত প্ৰকৃতিৰ আছিল আৰু সেই কাৰণে সি তাইক একো নৈকৈছিল। তাইক সিয়ে ভাত নি দিছিল। কিন্তু তাই তাৰ লগত বহি ভাতো নাখাইছিল। অকলে ৰুমত খাইছিল। ছোৱালীজনীয়ে যৌতুকক এখন স্কুটিও আনিছিল। যেতিয়া তাইৰ স্বামী কামলৈ উলাই যায় তাৰ আধা ঘন্টাৰ পিছত তাইয়ো স্কুটিখন লৈ প্ৰেমিকক লগ কৰিবলৈ গুচি যায় আৰু স্বামী অহা আগতে ঘূৰি আহে।
এদিন তাইৰ স্বামী কামলৈ যাব লগা নহ'ল কাৰণ তাৰ ছুটি আছিল। সেই কাৰণে সি ঘৰতে আছিল আৰু সেই দিনা তাই শাহুৱেকে বনোৱা ভাল খাদ্যকো বেয়া বুলি কৈ যিটি উলোটা পোলোটা কথা কৈ ভাতবোৰ বাহিৰলৈ পেলাই দিলে। এইবোৰ দেখি তাইৰ স্বামীৰ খঙ উঠিল আৰু সি খঙতে তাইৰ ওপৰত হাত উঠালে। কিন্তু তাৰ পাছতো শাহুৱেকে পুতেককে গালি দিলে। তাইটো ইনেও তাৰ লগত কাজিয়া কৰিবলৈ বিচাৰিয়ে আছিলে। তাৰ পাছত তাই স্কুটিখন লৈ প্ৰেমিকক লগ কৰিবলৈ গুচি গ'ল আৰু গৈ প্ৰেমিকক ক'লে মই তাত আৰু নাথাকোঁ।আজি সি মোৰ ওপৰত হাত উঠাই ভাল নকৰিলে।
তেতিয়া তাইৰ প্ৰেমিকেজনে ক'লে মইটো আগতেই কৈছিলোঁ মোৰ লগত পলাই যাবলৈ। কিন্তু তুমিহে নোযোৱা। ছোৱালীজনীয়ে ক'লে -বিয়া দিনা আহিছিলোঁ নহয় তুমিহে মোক আকৌ ঘৰলৈ পঠায় দিলা। তেতিয়া তাইৰ প্ৰেমিকেজনে ক'লে- খালি হাতেৰে আমি কিমান দূৰলৈ পলাই যাব পাৰিম তুমিয়েই ভাবা। মইটো তোমাক অলপ সোণৰ আ-অলংকাৰ আৰু পইচা লৈ আহিবলৈ কৈছিলো কিন্তু তুমি খালি হাতে গুচি আহিলা। দূৰত নিজৰ জীৱনৰ নতুন আৰম্ভণি কৰিবলৈ পইচাটো লাগিব ন? মই তোমাক চোৱ খুজিলেও তুমি নিদিয়া কোৱা এইবোৰ বিয়া পাছত। ছোৱালীজনীয়ে খঙ কৰি ক'লে -অ' বিয়া পিছতেই ভাল এইবোৰ।ইনেও মই বিয়া পাতিলো যদিও তাৰ লগত একেলগে শুৱা নাই। মই এতিয়া বিচাৰোঁ তুমি মোক বিয়া পাতি মোৰ শিৰত সেন্দুৰ দিয়াটো।
তাৰ পাছত মই সম্পূৰ্ণ ৰূপে তোমাৰ হৈ যাম। তেতিয়া তাইৰ প্ৰেমিকেজনে ক'লে -হ'ব বিয়া পাতিম কিন্তু তুমি কাইলে আবেলি লৈকে ৫ লাখ টকা গোটাই ল'বা মই তোমাক এখন হোটেলৰ ঠিকনা দিছোঁ। তুমি সেই হোটেলখনত ৰাতি ১০টা বজাৰ আগত যাবা। তাই ক'লে -সেইটোৰ ওচৰত ক'ত ৫লাখ থাকিব ।মোৰ দেউতাই বিয়াত তাক তিনি লাখ আৰু মোক কিছুমান আ-অলংকাৰ দিছিল। আ-অলংকাৰবোৰ মোৰ তাত আছে কিন্তু পইচাবোৰ সেইটোৱে লকাৰত তলা মাৰি থৈছে। মই কিবা কৰি সেই পইচাবোৰ লৈ তোমাৰ ওচৰলৈ গুচি আহিম। তাৰ পিছত তাই আকৌ ঘৰলৈ আহিলে আৰু শাহুৱেক আৰু স্বামীৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। কিন্তু তাইৰ স্বামী আৰু শাহুৱেক একো নামাতিলে আৰু মনে মনে আছিলে।
তাই নিজৰ ৰুমলৈ গ'ল আৰু তেতিয়াই তাইৰ প্ৰেমিকজনৰ তাইলৈ ফোন আৰু মেচেজ আহিল যে পইচা লৈ কেতিয়া আহিবা ছোৱালীজনীয়ে ক'লে যে ৰবা অলপ। তেতিয়াই তাইৰ স্বামীয়ে দৰ্জা খটখটাই ক'লে ভাত খাই লোৱা আহা। তাই ক'লে- মই ভাত তেতিয়াহে খাম যেতিয়া মোক এই লকাৰটোৰ চাবি দিবা। তাইৰ স্বামীয়ে দৰ্জা তলেদি চাবিটো দি ক'লে- লোৱা আৰু তোমাৰ কাম কৰি হ'লে ভাত খাই ল'বা। কাৰণ আমিও খোৱা নাই ।মায়ে কৈছে আজি একেলগে খাম বুলি। ছোৱালীজনীয়ে ক'লে -তোমালোকে ভাত খাই লোৱা মই বাহিৰত খাই আহিছোঁ। তাৰ পিছত সি গুচি গ'ল তাই লকাৰটো খুলি দেখিলে যে পইচা , আ-অলংকাৰ লগতে এখন ডায়েৰিও তাত আছিল।
( Assamese Storyboard )
তাই সেইখন খুলি পঢ়িলে তাত লিখা আছিল ,প্ৰিয় পত্নী তোমাৰ দেউতায়ে আৰু মই জানো যে তুমি আন কাৰোবাক বহুত ভাল পোৱা। কিন্তু তোমাৰ দেউতাই গম পালে যে তুমি যাক ভাল পোৱা সি আগতে এজনী বিয়া পতা আৰু সেই ল'ৰাটোৱে বহুত ছোৱালীকে বিশ্বাস ঘাটকতা কৰিছে। কিন্তু তোমাৰ দেউতায়ে তোমাক তাৰ কথা ক'ব নোৱাৰিলে। কাৰণ তেওঁ জানিছিল তুমি যি ক'লেও তেওঁৰ ওপৰত সচাঁ হ'লেও বিশ্বাস নকৰা। সেই কাৰণে তোমাৰ দেউতাই মোৰ ওচৰত হাত জোৰ কৰি ক'লে যে মোৰ ছোৱালীজনীৰ ধ্যান ৰাখিবা। সেই কাৰণে মই ভাবিলো এটা ভাল স্বামী হিচাপে সন্মান নাপালেও মই ভাল জোঁৱাই হ'ব ব
পাৰিম।
যৌতুকত পোৱা সকলো পইচা আৰু আ-অলংকাৰবোৰ মই তোমাৰ আলমাৰিত থৈ দিছোঁ। কাৰণ এই যৌতুক পথা মই ভাল নাপাওঁ এই যৌতুকৰ ফলতেই মই মোৰ দেউতা আৰু ভন্টিক হেৰুৱালো। তাত এইটোও লিখা আছিল তুমি মোৰ ফালৰ পৰা মুক্ত হৈ আছা ,তুমি য'ত যাব বিচাৰা যাব পৰা আৰু সেই ডায়েৰিখনৰ মাজত বিবাহ বিচ্ছেদৰ এখন কাগজো আছে তাত মই চহী কৰি থৈছোঁ ।যেতিয়া তুমি মোক এৰি যাব বিচাৰা তেতিয়া ইয়াত চহী কৰি তোমাৰ পইচা আৰু আ-অলংকাৰ লৈ যাবা ।
ছোৱালীজনীয়ে সেই ডায়েৰিখন পঢ়ি আচৰিত হ'ল আৰু চিন্তাও কৰিলে ।তাৰ পিছত তাই কান্দিবলৈ ধৰিলে।ডায়েৰিখনত আগলৈ লিখা আছিল মই তোমাক এই কাৰণে মাৰিলো কাৰণ তুমি মোৰ সন্মুখত মোৰ মাক গালি দিলা । সেইটো ল'ৰা কিহৰ যি থকাৰ পিছতো মাকক কোনোবাই অসন্মান কৰিলেও একো নক'ব। সেই কাৰণে মোক ক্ষমা কৰি দিবা । তোমাক মই বিয়া পাতি আনিছো বুলিয়ে যে মই তোমাক লগত বা তোমাক জোৰ কৰিম তেনেকুৱা নহয়। তুমি মোক ভাল পোৱা বা নোপোৱা মই শেষ মূহুৰ্তলৈকে তোমাকে ভাল পায় থাকিম। এতিয়া সিদ্ধান্ত তোমাৰ তুমি কি কৰা।
তেতিয়াই তাইৰ প্ৰেমিকজনৰ ফোন আহিল আৰু তাই খঙতে ফোনটো অফ কৰি চিমটো ভাঙি পেলালে আৰু তাই সকলো বুজি পাইছিল যে তাই যাক ভাল পাইছিল সি অকল পইচাকহে ভাল পাইছিল আৰু তাইৰ স্বামীয়েহে তাইক সচাঁ ভাল পায়। যিয়ে তাইৰ দেউতাকৰ সন্মান বচাবলৈ আৰু তাইৰ এজন প্ৰেমিক আছে বুলি জানিও তাইক বিয়া পাতিলে আৰু তাইক ইমান ভাল পালে। মই মোৰ স্বামীৰ ভাল পোৱা কিয় বুজি নাপালোঁ বুলি তাই আকৌ কান্দিবলৈ ধৰিলে। তাৰ পিছত তাই কেতিয়া শুই পৰিল তাই গমকে নাপালে।
পিছদিনা ৰাতিপুৱা তাই যেতিয়া উঠিল তেতিয়ালৈকে তাইৰ স্বামী অফিচলৈ গুচিয়ে গ'ল। তাই গা ধুই কাপোৰ পিন্ধি শিৰত দীঘলীয়াকৈ সেন্দুৰ ল'লে। তাৰ পাছত তাই পাকঘৰলৈ গৈ শাহুৱেকক জোৰ কৰি আৰাম কৰিবলৈ পঠিয়াই দিলে আৰু নিজেই ভাত ৰান্ধিবলৈ ধৰিলে। তাৰ পিছত শাহুৱেকক ভাত খাবলৈ দি স্বামীলে ফোন কৰিলে আৰু অফিচৰ ঠিকনা ল'লে। স্বামীয়ে ঠিকনাটো দিলে আৰু ভাবিলে যে হয়তো তাই বিবাহ বিচ্ছেদৰ কাগজত চহী কৰি দিলে। কিন্তু সি জনা নাছিল যে তাই এতিয়া ভাল হৈ গ'ল । তেতিয়াই তাই খাদ্য লৈ অফিচ গৈ পালে ।
তাইক দেখি সি আচৰিত হ'ল আৰু সুধিলে সকলো ঠিকেই আছে ন ? মায়ে তোমাক কিবা ক'লে নেকি? তাইৰ স্বামীয়ে তাইক প্ৰশ্ন উপৰি প্ৰশ্ন কৰিবলৈ ধৰিলে। তাৰ পিছত তাই তাক সকলোৰে ওচৰত সাবতি ধৰিলে আৰু ক'লে সকলো ঠিকেই আছে কিন্তু মইহে তোমাক কিবা কম বুলি ভাবিছোঁ তেতিয়া সি ক'লে- কোৱা। তেতিয়া তাইৰ সকলোৰে আগত ক'লে- আই লভ ইউ ।এইটো শুনি সকলো থিয় হৈ পৰিল আৰু জোৰে জোৰে হাত চাপৰি বজাবলৈ ধৰিলে। তাৰ পিছত তাই তাৰ হাতত ধৰি সকলোকে ক'লে-আজিৰ পৰা এমাহলৈ মোৰ স্বামী অফিচলৈ নাহে । তেতিয়া অফিচৰ মানুহে সুধিলে কিয়? তাই ক'লে আমি ফুৰিবলৈ যাম। তাৰ পিছত সি তাইক ক'লে-তোমাৰ কি হৈছে। তাই ক'লে -মই তোমাক সচাঁ ভাল পায় পেলাইছোঁ। তাৰ পিছত দুয়োটা ঘৰলৈ গ'ল আৰু সুখত জীৱন কটাবলৈ ধৰিলে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment