এইসমূহ কথা মনত ৰাখি বিবাহিত জীৱন সুখৰ কৰি তোলক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 1, 2022

এইসমূহ কথা মনত ৰাখি বিবাহিত জীৱন সুখৰ কৰি তোলক: Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ যে কেনেকৈ আপুনি আপোনাৰ স্বামীক আপোনাৰ প্ৰেমত পাগল কৰিব পাৰিব আৰু কেনেকৈ স্বামীৰ মনত আপোনাৰ প্ৰতি প্ৰেম জগাই তুলিব পাৰিব। (Assamese Fact )


বিয়া আগতে বা বিয়াৰ আৰম্ভণিতে যে আমি ইটোৱে সিটোক বুজিবলৈ চাওঁ মৰম বিচাৰোঁ তেনে ক্ষেত্ৰতো এইসমূহ উপায়ে কাম কৰিব। কেতিয়াবা আকৌ এনেকুৱা হয় বিয়া পতা বহুত সময় বা দিন হৈ গ'লে জীৱনটো স্ফুৰ্তি নাইকীয়া নিচিনা হৈ যায়। সদায় একেবোৰ কাম  সদায় একেই ধৰণৰ দিনবোৰ মৰমো কমি যায়। তেতিয়া কিছুমান মহিলাই ভাৱে যে স্বামীয়ে মোক ধ্যান নিদিয়ে মোক ভাল নাপায়। এইসমূহ উপায় আপোনালোকে কৰি চাওঁক আপোনালোকৰ স্বামীয়ে আকৌ আপোনাক আগৰ দৰে মৰম কৰিবলৈ ধৰিব আৰু যদি নতুনকৈ বিয়া হৈছে তেতিয়া আপোনাৰ স্বামী আপোনাৰ প্ৰেমত পাগল হৈ পৰিব।


১.নিজৰ ওপৰত অলপ ধ্যান দিয়ক।নিজক ভাল পাবলৈ শিকক। এনেকুৱা বস্তু য'ত আপুনি সুখ বা আনন্দ অনুভৱ কৰে তেনেকুৱা কাম কৰক। নিজৰ জীৱনত সুখত থাকক। আপুনি যদি সুখত থাকে স্ফুৰ্তি কৰি থাকে তেতিয়া স্বামীও আপোনাৰ ফালে আকৰ্ষিত হ'ব । আপুনি তেওঁকো সুখত ৰাখিব পাৰিব। নিজেই দুখত, চিন্তাত থাকিলে আনক কেনেকৈ সুখত ৰাখিব।আপুনি যদি সুখত থাকে স্ফুৰ্তি কৰি থাকে তেতিয়াহে আনে আপোনাক ভাল পাব মৰম কৰিব।



২. অলপ চাওঁক বিয়াৰ আগতে আপুনি কেনেকে আছিল । যেতিয়া আপোনাৰ স্বামীয়ে আপোনাক লগ কৰিবলৈ আহিছিল বা বিয়াৰ প্ৰথম চোৱাত আপুনি কেনেকে সাজি কাচি আছিল ।তেনেদৰে থাকিবলৈ চেষ্টা কৰক ।কাৰণ বিয়া বহুত দিন বা বছৰ হৈ যোৱা পাছত মহিলা সকলে এইসমূহ কৰিবলৈ এৰি দিয়ে নিজৰ ওপৰত ধ্যান নিদিয়ে।মহিলা সকলে ভাবে কি হ'বনো এতিয়া সাজি কাচি ইনেও কোনেও নাচাই ।যদি আপোনালোকে নিজৰ ওপৰত নিজেই ধ্যান নিদিয়ে তেতিয়া আপোনাৰ স্বামীয়ে ক'ত দিব।



৩.নিজৰ জীৱনলৈ অলপ ৰোমাঞ্চ লৈ আহক।ৰোমাঞ্চ অকল বিয়াৰ আগৰ কেইদিনৰ বাবে নহয় বা প্ৰেমিক-প্ৰেমিকাৰ বাবেই নহয়। আপোনালোকৰ স্বামী স্ত্ৰী মাজতো মৰম ভাল পোৱা সম্পৰ্ক থাকিব লাগে আৰু আপোনালোকে নিজৰ ভাল পোৱা সময়ে সময়ে দেখোৱাই থাকিব লাগে। স্বামীৰ লগত যদি আপোনালোকে অকল ঘৰৰ কথা, সমস্যা কথা বা আজি আমোক নাই কাইলৈ আমোক আদিহে পাতে,  তেতিয়া নহ'ব । কেতিয়াবা অলপ হ'লেও মৰম লগা কথা বা ৰোমন্টিক কথা পাতক।


৪. ল'ৰা -ছোৱালী হৈ যোৱাৰ পাছত স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত বেছি সময় নকটাই।নিজৰ নিজৰ কামত ব্যস্ত হৈ থকাৰ দৰে থাকে। তেতিয়া এনেকুৱাত আপোনালোকে নিজৰ অভ্যাসবোৰ সলনি কৰা প্ৰয়োজন আছে। নিজৰ স্বামীক সূখত ৰাখিবলৈ আপুনি অলপ তেওঁৰ ওপৰত ধ্যান দিব লাগে। তেওঁৰ লগত মৰম লগা কথা পাতিবলৈ শিকক। তেওঁক মৰম কৰক । এইসমূহ কৰা ফলত আপোনালোকৰ বিবাহিত জীৱনত ভাল প্ৰভাৱ পৰিব।



৫.বহুত মহিলাই কাজিয়া নহওঁক বুলি স্বামীৰ কথা এখন কাণে শুনি এখন কাণে উলিয়ায় দিয়ে। এইবোৰ তেওঁলোকক কিছুমান মানুহে কয় চাগে যে স্বামীয়ে গালি দিলেও বা কিবা ক'লেও একো ক'ব নালাগে মনে মনে থাকিব লাগে। এনেদৰে থকাৰ ফলত জীৱনটো আমনিদায়ক হৈ পৰে। কাৰণ স্বামীয়ে ভবা হ'ব মই যি ক'লেও এইৰ একো আহে নাযায়। সেই কাৰণে তেওঁৰ কথাবোৰ ধ্যান দি শুনক আৰু বুজিবলৈ চেষ্টা কৰক। তেওঁ যি বিচাৰে পাৰে যদি কৰক নোৱাৰিলে তেওঁক বুজাবলৈ চেষ্টা কৰক। কথা পতাৰ ফলত সমস্যা সমাধান হয়।  এখন কাণে শুনি এখন কাণে উলিয়ায় দিলে পৰিস্থিতি বেছি বেয়াহে হয়। (Assamese Fact )


৬.যেতিয়া আপুনি স্বামী লগত কথা পাতে তেতিয়া অলপ মৰমত কথা পাতক এনেকুৱা নহয় যে খঙত বা ডাঙৰকেহে পাতিব ।যদি আপুনি মৰমত কয় তেতিয়া স্বামীয়েও আপোনাক মৰম কৰিব।যদি আপুনি বেয়া ব্যৱহাৰ কৰে তেতিয়া তেওঁ আপোনাৰ লগতো একেই কৰিব।জীৱনটো ভালকৈ চলাই নিব বিচাৰে যদি অলপ মৰমত কথা পাতক। তেওঁ যদি ভুল কৰে তেতিয়া তেওঁক গালি দি বা ঠাট্টা কৰি নহয় মৰমত বুজাবলৈ চেষ্টা কৰক। কাৰণ গালি দি বা ঠাট্টা কৰি ক'লে তেওঁ শুধৰণি নহয় আকৌ একেই কামকে কৰিব।



৭.নিজৰ স্বামীৰ অনুভূতিবোৰ বুজিবলৈ চেষ্টা কৰক। কেতিয়াবা স্বামী চিন্তাত থাকে আমি ভাবো কামৰ চিন্তা চাগে। কিন্তু এনেকুৱাত আপোনালোকে তেওঁৰ লগ দিব লাগে ক'ব লাগে কি হ'ল কিহৰ চিন্তা ,কি হৈছে মোক কোৱা। আপুনি সমাধান কৰিব নোৱাৰিলেও যদি আপুনি তেওঁৰ অনুভূতিবোৰ বুজিবলৈ বা জানিবলৈ চেষ্টা কৰে  আৰু তেওঁক শান্তনা দিয়ে ,তেতিয়া তেওঁলোকে বহুত ভাল পায় আৰু ভাবে যে মোৰ পত্নীয়ে মোক মৰম কৰে আৰু ভাল পায় মোৰ কথা চিন্তা কৰে মোক বুজি পায়। আপুনি এনেদৰে তেওঁৰ লগত থাকিবলৈ চেষ্টা কৰক।


৮.কোৱা হয় যে পেটৰ জৰিয়তেই স্বামীৰ হৃদয়লৈ যাব বা সোমাব পাৰি। এই কথাটো কিছুমান ক্ষেত্ৰত সচাও। কাৰণ খাদ্য যদি ভালকৈ আপুনি বনাই স্বামীক মৰমত খোৱাই তেতিয়া তেওঁ তৃপ্তিৰে সেই খাদ্য গ্ৰহণ কৰে আৰু তেওঁৰ মনত আপোনাৰ প্ৰতি মৰমো জাগি উঠে। আপোনাৰ স্বামীয়ে ভাল পোৱা বস্তু বনাবলৈ চেষ্টা কৰক যদি আপুনি তেওঁ কি ভাল পায় নাজানে তেতিয়া শাহুমা পৰা সুধি হ'লেও বনাবলৈ চেষ্টা কৰক।


৯. স্বামীয়ে কিবা ক'লে শুনিবলৈ চেষ্টা কৰক। যদি কিবা খেলিমেলি আছে তেওঁক সুধক। তেওঁৰ পচন্দ, অপচন্দ জানিবলৈ চেষ্টা কৰক আৰু তেওঁ কেনেধৰণৰ ব্যক্তি বা কেনেকৈ থাকি ভাল পায় , সকলোবোৰ জানিবলৈ চেষ্টা কৰক। আপোনালোক দুয়োজনে যদি ইজনে সিজনক বুজি নাপায় তেতিয়া কেতিয়াও আপোনালোকৰ সম্পৰ্ক ভাল হৈ নুঠিব।যাৰ লগত গোটেই জীৱনটো কটাব তাক বুজিটো পাবলৈ চেষ্টা কৰক। তেতিয়াহে আপোনালোকৰ জীৱনটো সুখেৰে ভৰি পৰিব। নহ'লেবা এনেকুৱা হ'ব আপুনি কিবা বিচাৰিব তেওঁ কিবা বিচাৰিব শেষত কাজিয়া হ'বলৈ আৰম্ভ হ'ব। সেই কাৰণে তেওঁক বুজিবলৈ চেষ্টা কৰক আৰু বুজাবলৈও চেষ্টা কৰক।


এইসমূহ উপায় যদি আপোনালোকে প্ৰয়োগ কৰে তেতিয়া আপুনি স্বামীৰ হৃদয়ত ৰাণী হৈ থাকিব পাৰিব। স্বামীয়েও ভাবিব যে মোৰ পত্নীয়ে মোক ইমান মৰম কৰে ধ্যান ৰাখে । তেতিয়া তেওঁৰ পৰা আপুনি মৰম আৰু ভাল পোৱা পাব । তেওঁ আপোনাক বহুত মৰম কৰিব আৰু নিজৰ অন্তৰত স্থান দিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত


No comments:

Post a Comment

Advertisement

Pages