প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ কাছ নিচিনা বা কাছ থকা আঙঠিৰ বিষয়ে।হয়তো আপোনালোকৰ দেখিছে চাগে এনেকুৱা আঙঠি পিন্ধা । (Assamese Fact )
এতিয়া জানো আহঁক চোন কাছৰ নিচিনা বা কাছ থকা আঙঠি কোনো পিন্ধিব লাগে আৰু কেনেকৈ পিন্ধিব লাগে আৰু কোনো পিন্ধিব নালাগে। ইয়াৰ কি লাভ আৰু লোকচান আছে।
প্ৰথমতে জানো আহঁক কাছ আঙঠিনো হয় কি? আচলতে এই যে কাছৰ আঙঠিটো এইটো এটা ধাতুৰে তৈয়াৰী। যাক মানুহে নিজৰ আঙুলিত ধাৰণ কৰে।এই আঙঠিটো যিকোনো ধাতুৰে তৈয়াৰী হ'ব পাৰে।যেনে- সোণ,তাম, ৰূপ আদি। ইয়াৰ উপৰিও আজি কালি বিভিন্ন বেলেগ ধাতুৰে নিৰ্মান কৰা কাছৰ আঙঠিও বজাৰত মুকলি হৈছে। কিছুমান মানুহে এই আঙঠিটো ফেচনতো পিন্ধে। কিন্তু এনেকুৱা কৰাতো ভাল কথা নহয়।কাছৰ আঙঠি কোনে পিন্ধিব লাগে আৰু কি সাৱধানতা ল'ব লাগে জানো আহঁক-
কাছ এটা বহুত শক্তিশালী বস্তু বুলি কোৱা হয়। ইহঁতৰ আয়ু বহুত দীঘলীয়া হয়। কিছুমান কাছ ২০০-৩০০ বছৰলৈকে জীয়াই থাকে।কাছ জল আৰু স্থল দুয়োটাতে থাকে।কাছক সৃষ্টিৰ লগত তুলনা কৰা হয়। হিন্দু ধৰ্মত কাছ এটা বিশেষ মহত্ব দিয়া হয়। পুৰাণিক মান্যতাৰ অনুসৰি কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। সমুদ্ৰ মন্থনৰ সময়ত কাছ উলোৱা বাবে কাছক লক্ষ্মী দেৱীয়েও ভাল পাইছিল। কাছ থলে বা পিন্ধিলে দেৱী লক্ষ্মী প্ৰসন্ন হয় বুলি কোৱা হয়।ই ধনক নিজৰ ফালে টানে। ইয়াক পিন্ধা ব্যক্তিসকলৰ জীৱনলৈ সুখ-সমৃদ্ধি আহে।ই শুই পৰা ভাগ্যকো জগাই বুলি কোৱা হয়। বেয়া হৈ থকা কাম থিক কৰে।
সমুদ্ৰ মন্থনৰ সময়ত কাছ আৰু লক্ষ্মী দেৱী একেলগে উলাইছিল। যাৰ ফলত বাস্তু শাস্ত্ৰত ইয়াক ইমান মহত্ব দিয়া হয়।এই আঙঠিয়ে আপোনালোকৰ জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰা কাম কৰে।এই আঙঠিয়ে ব্যক্তিৰ জীৱনত সাহস জগাই তোলে।ই আত্মবিশ্বাস বঢ়ায়। যিসকল মানুহৰ আত্মবিশ্বাস কম সিহঁতি এই আঙঠি পিন্ধিব লাগে।
এতিয়া জানো আহঁক কাছৰ আঙঠি পিন্ধা ফলত হোৱা লাভসমূহ-
এই আঙঠিয়ে ব্যক্তিৰ আত্মবিশ্বাস বঢ়ায় আৰু লগতে জীৱনত চলি থকা বিভিন্ন ধৰণৰ সমস্যা নাশ কৰে। ইয়াৰ ফলত সকাৰাত্মক গুণৰ বিকাশ হয় আৰু জীৱনত উন্নতি লাভ কৰে। যিসকলে ইয়াক ধাৰণ কৰে তেওঁলোকৰ জীৱনত যদি কিবা দোষ থাকে এই আঙঠিটোৱে নাইকীয়া কৰে। ইয়াৰ ফলত পইচায়ে স্থিতি লয়। আৰ্থিক অৱস্থা ভাল হয়। মানুহজনে যি কাম কৰে তাতে সম্পূৰ্ণ আত্মবলেৰে কাম কৰে আৰু তাত তেওঁ সফলতা অৰ্জন কৰে।ইয়াক সঠিক ৰূপত পিন্ধিলে , ইয়াৰ বহুত লাভ আছে।এতিয়া জানো আহঁক কাছৰ আঙঠি কেতিয়া পিন্ধিব লাগে আৰু কেতিয়া কিনিব লাগে-
বজাৰত বা দোকানত বিভিন্ন ধৰণৰ কাছৰ আঙঠি পোৱা যায়। কিন্তু আপোনালোকে ৰূপৰ কাছৰ আঙঠিহে কিনিব লাগে।এই ৰূপৰ কাছটোত কোনো মুকুতা বা পাথৰ বা বিভিন্ন ডিজাইন হ'ব নালাগে। ইয়াৰ লগতে ওফন্দি থকা কাছৰ আঙঠি কেতিয়াও কিনিব নালাগে।
শুক্ৰবাৰৰ দিনাটো মা লক্ষ্মীৰ দিন বুলি কোৱা হয়।এই দিনাই আপোনালোকে এই আঙঠিটো কিনিব লাগে।
শুক্ৰবাৰৰ দিনা এই আঙঠিটো পিন্ধিব পাৰি।যদি সেই দিনা পূৰ্ণিমা তেতিয়া আৰু ভাল।শুক্ৰবাৰৰ দিনা যদি পূৰ্ণিমাও তেতিয়া বহুত ভাল বুলি ধৰা হয়।
( Assamese Fact )ইয়াক সোঁহাতৰ তৰ্জনী আঙুলিত পিন্ধিব লাগে। পুৰুষ হক বা স্ত্ৰী হক এই আঙঠিটো তৰ্জনী আঙুলিতে পিন্ধিব লাগে। পূজা কৰি সোঁহাতৰ তৰ্জনী আঙুলিত এই আঙঠিটো পিন্ধিব লাগে।
এতিয়া জানো আহঁক ইয়াক কেনেকৈ ৰাখিব লাগে। নহ'লেবা ই লোকচানো কৰিব পাৰে। এবাৰ যদি আপোনালোকে এই আঙঠিটো পিন্ধে তেতিয়া ইয়াক লৰচৰ নকৰিব। ইয়াৰ স্থানো সলনি নকৰিব। আঙঠিটোৰ কাছৰ মূৰটো আপোনাৰ ফালে থাকিব লাগে। বাহিৰৰ ফালে নথ'ব। বাহিৰৰ ফালে থলে আপোনাৰ লোকচানহে হ'ব।
জ্যোতিষ শাস্ত্ৰত এনেকুৱা তিনিটা ৰাশি আছে যি জল তত্বৰ লগত জড়িত হৈ আছে।এই ৰাশিসমূহ হ'ল- কৰ্কট ৰাশি,বৃষ ৰাশি আৰু মীন ৰাশি। এই ৰাশিসমূহক কাছৰ আঙঠি পিন্ধিবলৈ মনা কৰা হয়। কাৰণ কাছ পানীতো থাকে। এনেকুৱাত এই ৰাশিসমূহে কাছৰ আঙঠি পিন্ধিলে তেওঁলোকৰ প্ৰকৃতি বহুত ঠাণ্ডা হৈ পৰে। আপোনালোকৰ সমস্যাও আহিব পাৰে। স্বাস্থ্য ও বেয়া হ'ব পাৰে আৰু চিন্তা ধৰা বেয়া হৈ পৰিব পাৰে।
ইয়াৰ উপৰিও কোৱা হয় যে কাছৰ আঙঠি পিন্ধা পাছত মৃতকৰ ওচৰলৈ যাব নালাগে।যদি যাব লগা হয় তেতিয়া এই আঙঠিটো খুলি যাব লাগে।খুলাৰ পাছত ১৩দিনৰ বাবে এই আঙঠিটো ঘৰত ,মন্দিৰত, গোহাঁই ঘৰত বা তুলসীৰ তলত থব পাৰে। তাৰ পাছত ইয়াক পূজা কৰি আকৌ শুক্ৰবাৰৰ দিনা পিন্ধিব পাৰে।
কাৰোবাৰ জন্ম হোৱা সপ্তাহ হৈছে যদি তালৈও এই আঙঠিটো পিন্ধি যাব নালাগে। ইয়াৰ উপৰিও যদি আপোনালোকে মদ খাই মাচ-মাংস খাই , তেতিয়া এই আঙঠিটো পিন্ধি এইবোৰ কৰিবলৈ মনা কৰা হয়।যদি তাৰ পিছতো আপোনালোকে এই বস্তুসমূহৰ সেৱন কৰে তেতিয়া এই আঙঠিটো পিন্ধি নাখাব ।ইয়াক খুলি ল'ব ।খাই হ'লে গা ধুইহে আকৌ ইয়াক পিন্ধিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment