এই সাপৰ বিহটোৱে slow poision হিচাবে কাম কৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 26, 2021

এই সাপৰ বিহটোৱে slow poision হিচাবে কাম কৰে : Assamese Fact

 

Assamese Fact

"ছাৰ মোৰ শ্ৰীমতীয়ে ভৰিত ১৫ ছেপ্টেম্বৰ তাৰিখে ৰাতি ১২:৩০ মান বজাত সাপ এডালৰ উপস্থিতি পাইছিল।কিন্তু দংশন কৰা নাছিল।এতিয়া চকুৰ বাদু কেইটা ভালকৈ মেলিব নোৱাৰে!"( Assamese Fact )


১৭ ছেপ্টেম্বৰৰ ৰাতি ৯ বজাত ফোনটো পাই কৌতূহল হল।স্বামী পূৰ্ণ ডেকাৰপৰা সবিশেষ লব চেষ্টা কৰিলোঁ।


ৰিম্পী ডেকা,২৬ বছৰ

২ নং পদুমণি গাওঁ,সৰুপথাৰ

গোলাঘাট


১৫ ছেপ্টেম্বৰ তাৰিখে ৭ মহীয়া কেঁচুৱাটোৱে ৰাতি ১২:৩০ বজাত আমনি কৰি থকাৰ কাৰণে ৰিম্পী টোপনিৰ পৰা সাৰ পাই যায়! গৰমৰ কাৰণে বিছনাত শুইছিল যদিও, আঁঠুৱা তৰা নাছিল।ৰাতি ১২:৩০ মান বজাত চকু মেলিয়েই ৰিম্পীয়ে ভৰিৰ ওচৰত কিছ কিছিয়া কলা ৰঙৰ সাপ এডাল প্রত্যক্ষ কৰে।ৰিম্পীয়ে যিহেতু ভৰিত কোনো ধৰণৰ বিষ বা একো লক্ষণ অনুভৱ কৰা নাছিল বাবে,তেওঁক কোনোধৰণৰ অপকাৰ কৰা নাই বুলি ভাবিছিল ।ভয়ত ৰিম্পীৰ ৰাতি ১২:৩০ বজাৰ পৰা টোপনি নাহিল।


কিন্তু ৰাতিপুৱা ৬ মান বজাৰ পৰা ৰিম্পীয়ে মূৰ ঘূৰণী অনুভৱ কৰে।যিহেতু ভৰিত বা শৰীৰৰ কোনো অংশত দংশনৰ চিন নাছিল,স্থানীয় চিকিৎসকে আনুসংগিক কিছু চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাব দিয়ে।কিন্তু ঘৰলৈ ঘূৰি অহাৰ পাছত,দুপৰীয়া ১ মান বজাৰ পৰা ৰিম্পীৰ চকুৰ বাদু কেইটা নামি আহে,থু গিলিব নোৱাৰা হয় আৰু খুব টোপনিৰ ভাব আহিছিল।কথা বিষম দেখি স্বামী পূৰ্ণ ডেকাই ডিমাপুৰ চিকিৎসালয়ত উপস্থিত হয়।তাত ৰিম্পীক লক্ষণ বোৰৰ ভিত্তিত ১০ টা এন্টিভেনম বেজী প্ৰয়োগ কৰা হয়।লাহে লাহে ৰিম্পী সুস্থ হয়, কিন্তু তিনি দিনৰ পাছতো ৰিম্পীয়ে  চকু কেইটা মেলিব নোৱাৰাৰ কাৰণে আমাৰ পৰা পৰামৰ্শ লয়।


গোটেই ঘটনাটোৰ পৰা ৰিম্পীক যে কলা শংখচূড় সাপে দংশন কৰিছিল,সেয়া আমি নিশ্চিত হৈছিলোঁ।স্বামীক হোৱাটছ এপতে ৰিম্পীৰ চকুৰ ফটো/ ভিডিও আৰু ডিমাপুৰত চিকিৎসা প্ৰদান কৰা কাগজ পত্ৰবোৰ পঠাব কওঁ!


গোটেই কাগজ পত্ৰ পৰীক্ষাৰ অন্তত তেওঁলোকক পাৰে যদি ডিমৌ চিকিৎসালয়লৈ আহিবলৈ অনুৰোধ কৰোঁ ,কাৰণ শংখচূড় সাপৰ বিশেষ বেজী ৰিম্পীক দিয়া হোৱা নাছিল।সেইবাবে ৰিম্পীয়ে চকু কেইটা ভালকৈ মেলিব পৰা নাছিল।বেজী কেইটা নিদিলে তেওঁ কাহানিও সম্পূৰ্ণভাৱে চকু কেইটা মেলিব নোৱাৰিব পাৰে।


১৮ ছেপ্টেম্বৰ তাৰিখে ডিমৌ চিকিৎসালয়ত ৰাতি ৯ বজাৰপৰা ৰিম্পীক সেই বিশেষ বেজী প্রয়োগ কৰা হয়।আজি তিনিটা বেজী লোৱাৰ পাছত ৰিম্পীয়ে  চকুৰ বাদু কেইটা সম্পূৰ্ণৰূপে মেলিব পাৰিছে।


তিনিটা ঘটনা হোৱাৰ সম্ভাৱনীয়তা আছিল-


১)৭ মহীয়া পানী কেঁচুৱাটোৱে আমনি নকৰা হেতেন,ৰিম্পী সাৰ নাপাল হেতেন আৰু সাপৰ অৱস্থিতি গম নাপালে হেতেন আৰু বিভিন্ন চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি থাকিল হেতেন,কাৰণ শৰীৰৰ কতো খোটাৰ লক্ষণ নাছিল আৰু অস্বাভাৱিক লক্ষণ বোৰ আমি মগজুৰ বেমাৰ বুলি CT scan বা MRI কৰিলো হেতেন, কিন্তু একো নোলাল হেতেন আৰু লাহে লাহে বেমাৰটো ধৰাৰ আগতেই তেওঁৰ মৃত্যু হলহেঁতেন।


অৰ্থাৎ ৭ মহীয়া দেবশিশু জনে মাতৃক নিৰ্ঘাত মৃত্যুৰ পৰা ৰক্ষা কৰিছে।শিশুৰ আমনিৰ কাৰণে ৰিম্পী সাৰ পাইছিল আৰু সাপডাল দেখিছিল কাৰণে ডিমাপুৰৰ ডাক্তৰৰ এন্টিভেনম দিবলৈ সুবিধা হৈছিল।যদি ৰিম্পীয়ে সাপডাল নেদেখা হেতেন,কি ভিত্তিত তেওঁলোকে এন্টিভেনম দিলেহেতেন?


২)কেঁচুৱাটোক দংশন কৰা হলে,কোনো চিকিৎসালয়তে তাৰ অস্বভাৱিক লক্ষণ বোৰ কোনেও ধৰিব নোৱাৰিলে হেতেন আৰু সম্ভৱ তেনেকৈয়ে মৃত্যু হলহেঁতেন।


৩)বিছনাত ৰাতিপুৱা মাক,পুতেক দুয়োকে মৃত অৱস্থাত পোৱা গল হেতেন আৰু আমি কাৰণটো নাজানিলো হেতেন।( Assamese Fact )


সেই কাৰণে আমি কওঁ কলা ৰঙৰ শঙ্খচূড়, অসমৰ এটা নীৰৱ ঘাতক।কলা ৰঙৰ শঙ্খচূড়(ব্লেক ক্ৰেইট) এটা অতি বিষাক্ত সাপ।ই নীৰৱে আমাৰ অসম মুলুকৰ বহুত মানুহ মাৰি আছে!


 কাৰণ


১)ই দেখিবলৈ সাইলাখ বিষ হীন কলা মছুৱাৰ নিচিনা।বহুতে বিহহীন সাপ বুলি ভাবে।


২) দংশন কৰা ঠাইত কোনো ধৰণৰ বিষ,ফুলা বা ৰঙৰ পৰিৱৰ্তন নাথাকে।ইয়াৰ বিহ দাঁত দুটা ইমানেই সৰু যে আনকি খোটা অংশটোত কোনো ধৰণৰ দাঁতৰ চিহ্ন নাথাকে।সেইকাৰণে ভুক্ত ভুগী আৰু আত্মীয়ই বিহহীন সাপ বুলি ভাবে।


৩)খোটা ঠাইত কোনো ধৰণৰ লক্ষণ নাথাকে কাৰণে ৰোগী আৰু আত্মীয় চিকিৎসালয়লৈ নাহে।ৰিম্পীৰ ক্ষেত্ৰতো সামান্য চেক চেঁকুৱা নিছিনাহে লাগিছিল।


ৰাতিপুৱা সময়ত ৰিম্পীৰ মূৰ ঘূৰণী কলা শংখচূড় সাপৰ বিহৰ প্ৰথম লক্ষণ আছিল।ঠিক সেই সময়তে এন্টিভেনমৰ লগতে ক্ৰেইট সাপৰ বিশেষ বেজী প্ৰয়োগ কৰা হেতেন আজি তেওঁৰ এই অৱস্থা নহলহেতেন।এই সাপৰ বিহটোৱে slow poision হিচাবে কাম কৰে। অৰ্থাৎ বিহটোৱে লাহে লাহে কাম কৰে।আমাৰ অভিজ্ঞতাত ৬ ঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত ৰোগী গৰাকীৰ স্নায়ু অৱশ কৰি অকামিলা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ উদাহৰণ আছে।ক্ৰেইট সাপে দংশন কৰিলে,লক্ষণবোৰ ৩-২৪ ঘন্টাৰ ভিতৰত হব পাৰে।সেইকাৰণে আমি যিকোনো সৰ্প দংশনৰ পাছত ৰোগীক অন্ততঃ ২৪ ঘণ্টা চিকিৎসালয়ত পৰ্যবেক্ষণত থাকিব কওঁ।ৰিম্পীৰ ক্ষেত্ৰতো প্ৰায় ১৬ ঘণ্টাৰ পাছতহে অৱস্থা শোচনীয় হৈছিলগৈ।


৪)যদি কেতিয়াবা কোনো ৰোগীৰ ৰাতিপুৱা শুই উঠি অত্যন্ত পেটৰ বিষ হয় আৰু ৰুগীগৰাকী চিকিৎসালয়লৈ আহে,তেনে ৰুগীক আমি(স্বাস্থ্য কৰ্মী সকলে)এপেণ্ডিক্স, গল ব্লাডাৰ বা আনুসংগিক পেটৰ বেমাৰ বুলি ভাবি চিকিৎসা দিওঁ।কাৰণ লক্ষণবোৰ সাইলাখ তেনেকুৱা থাকে।


কিন্তু কেতিয়াবা সেয়া শুদ্ধ নহবও পাৰে এবাৰ আমি তেনেকুৱা ৰোগী এজন পাইছিলোঁ,ৰাতিপুৱা শুই উঠিয়েই অত্যন্ত পেটৰ বিষ আৰু  বমি হৈছিল !কোনোধৰণৰ সৰ্প দংশনৰ কথা নাছিল।কিন্তু শৰীৰৰ সকলো কাপোৰ খুলি চাওঁতে কঁকালত বিন্দু দুটা দেখা পাওঁ।ঘৰৰ মানুহে কলে,তেওঁ ৰাতি খুব গৰম পৰাৰ কাৰণে, মজিয়াতে আঁঠুৱা নতৰাকৈ শুইছিল।লগা লগ আমি ধৰি ললোঁ,সম্ভৱত ক্ৰেইট সাপে টোপনিত মানুহ জনক খোটিছিল।তৎক্ষণাত আমি এন্টিভেনম বেজী দিয়াৰ লগে লগে তেওঁৰ ভাল হৈছিল।তেনেকুৱা বিভিন্ন  অস্বাভাৱিক লক্ষণ হব পাৰে।আমি বেলেগ এটা চিকিৎসা কৰি থাকিম,কিন্তু বাস্তৱিকতে সৰ্প দংশনহে হৈছিল।


সেইবাবে এই সাপডালক আমি অতি ৰহস্যময়ী সাপ বুলি কওঁ।


এই সাপডালে মানুহৰ সান্নিধ্য/উত্তাপ লৈ খুউব ভাল পায়।ই নিশাচৰী সাপ।মানুহৰ উত্তাপ বিচাৰি ই মানুহৰ ঘৰত প্ৰৱেশ কৰে।গৰমৰ ৰাতি কেতিয়াবা আমি আঁঠুৱা নতৰাকৈ পাটী পাৰি মাটিত শুলে বা  আঁঠুৱা নতৰাকই বিচনাত শুলেও, ই আমাৰ গাৰ ওচৰে পাজৰে বহি আমাৰ উত্তাপ লৈ থাকে আৰু আমি উমকে নাপাঁও।টোপনিৰ জালত আমাৰ হাত বা ভৰি বা গাটো তাৰ গাত লাগিলে ই আত্ম ৰক্ষাত আমাক দংশন কৰে।সম্ভৱ ৰিম্পীৰ ক্ষেত্ৰতো একেই হৈছিল।আমি টোপনিত গমকে নাপাওঁ আৰু টোপনিতে ব্যক্তি জনৰ মৃত্যু হয়।ৰাতিপুৱা আমি যেতিয়া তেখেতক জগাম তেওঁৰ ইতিমধ্যে মৃত্যু হয়।তেতিয়া আমি স্ট্রোক বা হাৰ্ট এটেক হৈ ঢুকাল বুলি ভাবোঁ। কোনো ধৰণৰ বেমাৰ নথকা এজন মানুহ ৰাতিপুৱা বিচনাত মৃত্যু! ভাবিবলৈ টান লাগে নহয় জানো?


কোনে জানে, যদি আমি  বিচনাতে আকস্মিকভাবে মৃত্যু হোৱা ব্যক্তিসকলৰ পোষ্ট মৰ্টেম কৰা হেঁতেন, জানোচা শৰীৰৰ কৰবাত দুটা বিন্দু ফোঁট দেখা পাবও পাৰিলোঁ হেতেন!অৰ্থাৎ ই সাপৰ দংশনও হোৱাৰ অৱকাশ আছিল ! 


সেই কাৰণে আমি কওঁ,মাটিত নুশুব, আৰু যদি গৰমত মাটিত শুব মন গৈছে,সদায় আঁঠুৱা তৰি ভালকৈ গুজি শুৱাক।


ৰিম্পীৰ ঘটনাটোৰ সাৰমৰ্ম হল:


১)যিকোনো সৰ্প দংশন/সৰ্পৰ সংস্পৰ্শ বিষাক্ত সাপৰ দংশন বুলি ধৰি লব।নিজেই সৰীসৃপ বিশেষজ্ঞ হব নিবিচাৰিব।


২)জৰা ফুকা কৰি আবাবত সময় নষ্ট নকৰিব।


৩)২৪ ঘণ্টা চিকিৎসালয়ত থাকক।যদি ক্ৰেইট সাপ হয়, বিহৰ লক্ষণবোৰ কেতিয়াবা ১২-২৪ ঘন্টা লৈকে নোলাব পাৰে।


৪)অসম মুলুকৰ সকলো বিষাক্ত সৰ্প দংশনৰ সম্পূৰ্ণ মেডিকেল চিকিৎসা আছে ! ( Assamese Fact )


ধ্যন্যবাদেৰে


Assamese Fact

ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages