প্ৰতিজন মানুহৰে শুৱাৰ ধৰণ বেলেগ বেলেগ আৰু পছন্দ বেলেগ। টোপনি যোৱাটো আমাৰ স্বাস্থ্যৰ বাবে ভাল। ( Assamese Fact )
কিন্তু যদি আপুনি জোখতকৈ বেছি আৰু জোখতকৈ কম টোপনি মাৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। বহুতো গৱেষণাৰ মতে জানিব পাৰি যে আপোনাৰ টোপনি যোৱাৰ ধৰণৰ দ্বাৰা আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। আহকচোন জানি লওঁ টোপনি যোৱাৰ কোনবোৰ ধৰণৰ পৰা মানুহৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি-
১) ভ্ৰূণৰ দৰে দিশত শুৱা
আপোনালোকে গৰ্ভত থকা সন্তানৰ আকৃৰ্তি কেনেকুৱা সেই বিষয়ে তো দেখিছেই। দুইটা আঁঠু কোচ খুৱাই এয়া গোলাকাৰ ৰূপ লৈ শুলে বহুত আৰামদায়ক লাগে। কিন্তু এনেকৈ শুৱাতো ঘাটক হব পাৰে। এনেকৈ শুলে আপোনাৰ ৰাজ হাড় বেঁকা হব ধৰে আৰু তাৰ ওপৰত জোৰ পৰে। ই আপোনাৰ spinal cord আৰু হৃদয়ৰ হাড়ৰ বাবে ভাল নহয়। এনেকৈ শুলে আপুনি ভালদৰে উশাহ লব নোৱাৰে। এনে ব্যক্তিৰ বেলেগৰ পৰা সুৰক্ষা পোৱাৰ সম্ভাৱনা থাকে। তেওঁলোকে বিচাৰে যাতে বেলেগে তেওঁলোকৰ কথা বুজি পায় আৰু তেওঁলোকৰ প্ৰতি সহানুভূতি ৰাখে। এনে ব্যক্তিয়ে নতুন মানুহৰ লগত চিনাকি হবলৈও ভয় কৰে আৰু তেওঁলোকৰ লগত অলপ ফ্ৰী হবলৈ সময় লয়। এনেদৰে মহিলাসকলে শুই ভাল পায়। এনেদৰে শুৱা মহিলাসকল বহুত লাজকুৰীয়া হয়। তেওঁলোকে বহুত বেছি চিন্তা কৰে আৰু নিজৰ সংগী তথা স্বামীক প্ৰতাৰণা নকৰে। পৰিয়ালৰ লোকৰ লগত মিলি জুলি থাকিব পছন্দ কৰে।
২) লৌগ পজিছন
যিটো পজিছনত শৰীৰটো পোন হৈ থাকে আৰু মুখখন কাষৰ কিবা বস্তুত চাই থকা যেন লাগে সেইটো পজিছনক লৌগ পজিছন বুলি কোৱা হয়। যদি আপোনাৰ পিঠি বিষৰ সমস্যা আছে তেন্তে এই স্থিতি আপোনাৰ বাবে অতি উত্তম। যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে তেন্তে ই তাৰ বাবেও উত্তম। ইয়াৰ কিছু হানিকাৰক দিশো আছে। কেতিয়াবা শুই থাকোতে ওপৰৰ ভৰিটো টান খাই যায় যাৰ ফলত আপোনাৰ পিঠিৰ বিষৰ সমস্যা হয়। এইটো স্থিতিত শুৱা লোকসকলৰ বিষয়ে কবলৈ গলে তেওঁলোকে বেলেগৰ ওপৰত সোনকালেই বিশ্বাস কৰে। তেওঁলোকে সাধাৰণ জীৱন যাপন কৰিবলৈ পছন্দ কৰে। তেওঁলোকে নতুন মানুহৰ লগত সোনকালেই মিলিব পাৰে। যদি তেওঁলোকে কেতিয়াবা কাৰোবাৰ ওপৰত খং কৰে তেতিয়া এই বিষয়ে তেওঁলোকে কাকো নকয়। সময়ত কাম কৰাটো এওঁলোকৰ অভ্যাস হয়। তেওঁলোকে সকলো কাম নিয়মিত ৰূপত কৰি ভাল পায়।
৩) তৃতীয়তো স্থিতি হৈছে
" Soldier Position"
নিজৰ দুবাহুক কাষত থৈ ওপৰলৈ মূৰ কৰি শুৱা স্থিতিক Soldier position বুলি কোৱা হয়। এই স্থিতি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উত্তম স্থিতি হয়। যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে তেন্তে ই আপোনাৰ বাবে অতি উত্তম। এনে স্থিতিত শুৱা লোকসকলে নাকেৰে খুব শব্দ কৰে। এনে স্থিতিত শুৱা লোকসকলে নিজক লৈ বহুত আশা কৰে। তেওঁলোকে নিজৰ ওপৰত বহুত বেছি বিশ্বাস কৰে আৰু যিকোনো কাম সহজে কৰিব পাৰিব বুলি তেওঁলোকে জানে। এওঁলোকৰ স্বভাৱ বাকীবোৰৰ তুলনাত শান্ত আৰু স্থিৰ হয়। তেওঁলোকে নিজৰ কথাত অটল হৈ থাকে। তেওঁলোকে যিটো কাম কৰিম বুলি হাতত লয় সেই কাম সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰে। বেলেগৰ সহায় কৰি তেওঁলোকে ভাল পায় আৰু নতুন নতুন কাম শিকিও ভাল পায়। ( Assamese Fact )
৪) ফ্ৰী ফ'ল পজিছন
তললৈ পেট পেলাই শুলে ই আপোনাৰ পাচন ক্ৰিয়াত সহায় কৰে । তথাপিও কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। এই স্থিতিত শুলে উশাহ লবৰ বাবে আপোনাৰ ডিঙিটো বাৰে বাৰে ঘূৰাব লগীয়া হয়। যাৰ ফলত আপোনাৰ ডিঙিত বিষ হয়। এনে স্থিতিত শুৱা লোকসকলৰ বিষয়ে কবলৈ হলে তেওঁলোক প্ৰেমৰ বাবে আতুৰ হৈ থাকে , তেওঁলোকৰ প্ৰেমৰ আৱশ্যকতা হয়। তেওঁলোকৰ সপোন দেখাৰো অভ্যাস থাকে। যদি তেওঁলোকৰ সমাজত অপমান হয় তেন্তে তেওঁ মনত সেই কথা ডবাই থৈ দিয়ে আৰু সঠিক সময় বুজি তাৰ প্ৰতিশোধ লৈ লয়। তেওঁলোকে সদায় বিচাৰে যাতে সকলোৱে তেওঁলোকক সন্মান কৰে। যিসকলে তেওঁলোকৰ সন্মান নকৰে সেইসকলৰ পৰা সদায় দূৰত্ব বজাই ৰাখে। তেওঁলোকে নিজৰ খোৱা বোৱা আৰু স্বাস্থ্যৰ ওপৰত কম মনোযোগ দিয়ে । এওঁলোকে সময় নষ্ট কৰি একেবাৰে ভাল নাপায়। তেওঁলোকে কাৰো লগতে অনাৱশ্যক কথাত আলোচনা নকৰে।
৫) অভিলাসী স্থিতি
শুই থাকোতে নিজৰ দুইখন হাত সন্মুখত থৈ দিয়া স্থিতিক অভিলাসী স্থিতি বুলি কোৱা হয়। এনেকৈ শুলে কিন্তু পিঠিৰ বিষৰ সমস্যা হব পাৰে আৰু কেতিয়াবা কান্ধৰ বিষ হয়। এচিডিটিৰ সমস্যাৰ বাবে এই স্থিতিক উত্তম বুলি মানি লোৱা হয়। এনে স্থিতিত শুৱা লোকসকল খুব বিশ্বাসযোগ্য হয় আৰু শান্ত প্ৰকৃতিৰ হয় । তেওঁলোকে কোনোবাই কৰা অপমান ধৰি নাথাকে। এওঁলোকে ভৱিষ্যতৰ চিন্তা বেছি নকৰে। এওঁলোকে সকলো কাম ভালদৰে কৰে আৰু তাক সম্পূৰ্ণ নকৰাকৈ আগবাঢ়ি নাযায়। এওঁলোকে নতুন ঠাইত সহজে মিলি যাব পাৰে। তেওঁলোকক কোনেও প্ৰতাৰণাও কৰিব নোৱাৰে। যদি তেওঁলোকক কোনোবাই প্ৰতাৰণা কৰে তেন্তে তেওঁ দুখ নকৰি জীৱনত আগবাঢ়ি যায়।
৬) ষ্টাৰ ফিছ পজিছন
হাত দুখন মূৰৰ পৰা অলপ ওপৰলৈ থৈ ওপৰলৈ মুখ কৰি টোপনি যোৱা স্থিতিক Star Fish Position বুলি কোৱা হয়। ইয়াক সকলোতকৈ helathy position বুলি মানি লোৱা হয়। কিন্তু কেতিয়াবা কান্ধৰ বিষ হব পাৰে। কিয়নো বেছি জোৰ কান্ধত পৰে। এনে স্থিতিত শুৱা লোকসকলৰ বিষয়ে কবলৈ গলে তেওঁলোক good listener হয়। সন্মুখৰ ব্যক্তিজনে যিমানেই আমনিদায়ক কথা কৈ নাথাকক কিয় তেওঁ কিন্তু মনোযোগেৰে শুনে। এই ভাল গুণটোৰ বাবেই তেওঁলোকৰ বন্ধু বেছি হয়। সকলোৱে তেওঁলোকৰ লগত মনৰ কথা পাতি ভাল পায়। শান্ত হৈ থকাৰ বাবেই তেওঁলোক বিশ্বাসৰ যোগ্য হয়।
এইকেইটাই আছিল শুই থকাৰ ৬ তা স্থিতি যাৰ জৰিয়তে ব্যক্তি এজনৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি।
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত ।
No comments:
Post a Comment