মনুষ্যৰ এটা বিশেষ প্ৰবৃত্তি আছে। এওঁলোকে কেতিয়াও নিজৰ ওপৰত সন্তোষ নহয়। প্ৰসন্ন নহয়।যি আছে তাতকৈ অধিক পাবলৈ চেষ্টা কৰে।( Religious Studies )
যি পালে বা পাই তাতকৈও আগবাঢ়ি যাব বিচাৰে। নিজৰ জীৱনলৈ সালসলনি বা পৰিবৰ্তন আনিব বিচাৰে আৰু এইটো প্ৰবৃত্তিয়ে মানুহৰ মহান। কাৰণ এই প্ৰবৃত্তিটোৰ ফলতেই সংসাৰৰ বিকাশ হৈ আছে। কিন্তু মানুহে সেইটো বিচাৰি থাকে যিয়ে মানুহৰ জীৱনলৈ সালসলনি বা পৰিবৰ্তন আনে আৰু শুদ্ধ মাৰ্গলৈ অৰ্থাৎ শুদ্ধ পথ দেখাব পাৰে। সেইকাৰণে মানুহে সংসাৰখনত সেইটো বিচাৰি থাকে যিটো আমাৰ ওচৰতে থাকে।
ভাবক চোন কোন? যদি কোনোবাই আমাৰ জীৱনটো সলনি কৰিব পাৰে সেইটো হ'ল দাপোন। দাপোনত চাওঁক। আপুনি নিজেই নিজৰ জীৱন সলনি কৰিব পাৰে। সেইয়া আপুনিয়ে যিয়ে নিজেই নিজক মাৰ্গ দেখুওৱাব পাৰে আৰু জীৱনলৈ সালসলনি বা পৰিবৰ্তন আনিব পাৰে। সেইকাৰণে নিজৰ ভিতৰৰ শক্তি চিনি পাবলৈ চেষ্টা কৰক। বিশ্বাস কৰক, সংসাৰত নিজতকৈ শক্তিশালী কোনো নাই । জীৱন সলনি হৈ পৰিব আপোনালোকৰ। অন্ধবিশ্বাসৰ নহয় আত্মবিশ্বাসৰ পথত গতি কৰক। আপোনালোকৰ সমস্যা নিজেই নিজেই আঁতৰি যাব।
মন বহুত বিচিত্ৰ ধৰণৰ।শৰীৰৰ কোনটো অংশত থাকে কোনেও নাজানে। কিন্তু সম্পূৰ্ণ শৰীৰে এই মনৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰি থাকে।যদি কিবা খাব মন যায় তেতিয়া ব্যক্তিয়ে তাক পূৰণ কৰিবলৈ মাধ্যম বিচাৰি ফুৰে। আকৌ মনে যদি কাৰোবাক শত্ৰু বুলি ভাবি লয় তেতিয়া ব্যক্তিয়ে তাক শেষ বা আঘাত কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰি থাকে। যদি মনে কাৰোবাক ভাল পায় বা প্ৰেম কৰে তেতিয়া সেই ব্যক্তিৰ জনৰ প্ৰসংশা কৰিবলৈ সকলো সীমা পাৰ কৰি দিয়ে। কিন্তু জীৱনটো সুখী হ'বলৈ হ'লে মনটো খালি হ'ব লাগিব।
এটা বাঁহীৰ ভিতৰত নাইটো ৰাগ আছে নাইটো সুৰ তথাপিও বজালে তাৰ পৰা সুৰ উলাই। ঠিক তেনেদৰে মনটোকো ভাবনাৰ পৰা দূৰত ৰখাৰ জৰুৰী বা আৱশ্যকীয়। স্মৰণ ৰাখিব যদি মনত কিবা ভৰাই জীয়াই থাকে তেতিয়া মনভৰাই জীয়াই থাকিব নোৱাৰিব। (Religious Studies )
ভুল আৰু মানুহৰ সম্পৰ্ক এনেকুৱা যেনেকুৱা পক্ষী আৰু পাখিৰ।ধাৰা আৰু নৈৰ দৰে।যদি ভুল মানুহৰ জীৱনৰ ইমান মহত্বপূৰ্ণ অংগ। তেতিয়া ভাবক ইয়াত লাজ কিহৰ। ইয়াত লাজ কৰাতো ভাল কথা নহয়। চাবলৈ গ'লে ভুলে আমাক আৰু শ্ৰেষ্ঠ হ'বলৈ শিকাই। আগতকৈ ভাল কিবা কৰিবলৈ বা প্ৰদৰ্শন কৰিবলৈ প্ৰেৰণা দিয়ে। আপোনালোকৰ বহুতে এই কথাটো মানি নলয় । কাৰণ বহুতৰে মতে ভুলে দোষৰ জন্ম দিয়ে আৰু দোষে অপৰাধৰ আৰু অপৰাধৰ বাবে ক্ষমা নহয় দণ্ড দিয়া হয়। কিন্তু আপোনালোকে ভাবিছেনে এনেকুৱা কিয় হয়।কি কাৰণ ইয়াৰ। ইয়াৰ কাৰণ হ'ল ভুল চিকাৰ কৰাৰ পৰা বচা বা ভুল চিকাৰ নকৰা।
যদি আপোনালোকে কিবা ভুল কৰে আৰু তাক চিকাৰ কৰি নলয় তেতিয়া সেই ভুল দোষলৈ পৰিবৰ্তন হ'ব আৰু সেই দোষ অপৰাধলৈ।সাহস কৰক । নিজৰ ভুল চিকাৰ কৰাতো, নিজৰ ভুলটো শোধৰোৱাতো সঠিক পথৰ ফালে বঢ়োৱা প্ৰথম খোজ।সময়ত নিজৰ ভুল মানি নোলোৱাতোহে অপৰাধ।
আমাৰ শৰীৰটো প্ৰকৃতিৰ সৰ্বোত্তম ৰচনা।যি অংগ আৰু তত্ত্ব আমি পাইছোঁ। সেই সকলোবোৰৰে নিজৰ নিজৰ এটা সংবাদ আছে। দুটা চকু দিছে চাবলৈ দেখিবলৈ।দুখন কাণ দিছে শুনিবলৈ।দুখন হাত দিছে কঠোৰ পৰিশ্ৰম কৰিবলৈ। কিন্তু জিভা কেৱল এখন। তাৰোপৰি তাত দাঁত দিছে জিভাখনৰ ৰক্ষাৰ কাৰণে। কেতিয়াবা ভাবিছেনে কিয়? কাৰণ শব্দ আৰু শব্দৰ প্ৰয়োগ মানুহৰ জীৱনৰ সকলোতকৈ ডাঙৰ অস্ত্ৰ। ইয়াৰ উপয়োগ যিমান ভাবি চিন্তি কৰা হয় । মানুহ সিমানেই ওপৰলৈ উঠি যাব পাৰে। সেই কাৰণে চাওঁক,বুজক আৰু বুজক অধিক কথা কওঁক কম।
মানুহৰ স্বভাৱ হ'ল ইনকম কৰা সংগ্ৰহ কৰা।লাগিলে সেইয়া ধন হক, সম্বন্ধ বা প্ৰসন্নতা। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে যে নিয়তিয়ে মানুহৰ মাজত এই সংগ্ৰহ কৰা গুণ কিয় দিলে? এটা গুটিৰ পৰা গছ হয় আৰু তাৰ পৰা ফল সংগ্ৰহীত হয়।কিয় গছজোপাই নিজেই খাবলে?নহয়। এইকাৰণে যাতে গছজোপায়ে ভোকত থকা সকলক দিব পাৰে। আপোনালোকে ভাবিছে চাগে ইয়াত গছজোপাৰ কি লাভ। লাভ আছে। যি আনক দিয়ে সি কেতিয়াও নমৰে।যি জীৱ-জন্তু বা মানুহে এই ফলমূল সমূহ খাই তেওঁলোকে সেইবোৰ য'তে ত'তে পেলাই দিয়ে। যাৰ ফলত উৎপন্ন হয় আকৌ নতুন গছৰ। তেওঁলোকৰ জাতি তেওঁলোকৰ গুণ,মিঠা গুণ অমৰ হৈ পৰে। সেই কাৰণে স্মৰণ ৰাখিব ধনী হ'বলৈ এটা এটা কণ সংগ্ৰহ কৰাতো বহুত জৰুৰী। কিন্তু অমৰ হ'বলৈ এটা এটা কণ ভগাই দিয়াটো বহুত জৰুৰী।
আপোনালোকে বৰগছ দেখিছে কিমান বিশাল। কেতিয়াবা ভয় লাগে এই গধুৰ ডালৰ ভৰ সহ্য কৰিব পাৰিবনে নাই। ভয় লাগে যে এই গছজোপা ভাঙি পৰি যাব নেকি? কিন্তু নহয় সময় আহিলে শাখাৰ পৰা উলোৱা এই বৰগছ ধৰিত্ৰীৰ ফালে আগবঢ়ি যায় আৰু নিজেই শিপা হৈ এই গছজোপাক সহায় কৰে। সেইদৰে যিয়ে আনৰ উপকাৰ কৰে সৎ কৰ্ম কৰে। তেওঁলোকে নিজৰ চিন্তা কৰাৰ প্ৰয়োজনেই নাই। কাৰণ তেওঁলোকৰ কৰ্ময়ে ধাল হৈ তেওঁলোকৰ সহায় কৰে। সেই কাৰণে জীৱনত সহায়ৰ নহয় কৰ্মৰ চিন্তা কৰক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Religious Studies )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment