এজন অকলশৰীয়া ব্যক্তিয়ে জানিব লগীয়া ১২টা কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 15, 2021

এজন অকলশৰীয়া ব্যক্তিয়ে জানিব লগীয়া ১২টা কথা : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল অকলে থকাতোঁ যেনেকৈ কিছুমানৰ বাবে শাস্তিতকৈ কম নহয়। ঠিক সেইদৰে কিছুমানৰ বাবে ই স্বৰ্গতকৈও কম নহয়।( Assamese Fact)


অকলে থকা সকলে আনৰ পৰা দূৰত থাকে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে মানুহ ভাল নাপায়। এওঁলোক এইকাৰণে অকলে থাকে কাৰণ তেওঁলোকে অকলশৰীয়াকৈ থাকি ভাল পায় বা তাক বহুত উপভোগ কৰে। প্ৰিয় পাঠকসকল আপোনালোকেও যদি অকলে থাকি ভাল পায় আৰু নিজকে অকলশৰীয়া বুলি ভাবে তেতিয়া আপোনালোকে এই ১২ টা কথা জানিব লাগে।


১. সময়ৰ সদ্ ব্যৱহাৰ- প্ৰিয় পাঠকসকল এজন অকলশৰীয়া ব্যক্তিৰ বাবে তেওঁলোকৰ সময় পৃথিৱীৰ সকলোতকৈ দামী বস্তু। এওঁলোকে সময় নষ্ট কৰি ভাল নাপায় আৰু কামত দেৰি কৰি ভাল নাপায়। এওঁলোকে যিকোনো কাম সময়ত শেষ কৰিবলৈ বহুত চেষ্টা কৰে।এজন অকলশৰীয়া ব্যক্তি হিচাপে তেওঁলোকে নিজৰ সময় নষ্ট কৰা মানুহক ভাল নাপায়। আনহাতে যিয়ে সময়ৰ কথা বুজি পায় তেওঁলোকে সেইসকল নিজৰ বন্ধু হিচাপে মানি লয়।


২. স্ব-সচেতন - য'ত বাকী মানুহবোৰে নিজৰ ভাৱনা আৰু অনুভূতিবোৰক আওঁকাণ কৰি দিয়ে।এজন অকলশৰীয়া ব্যক্তিয়ে নিজৰ ভাৱনা আৰু অনুভূতিবোৰক গভীৰভাৱে চাবলৈ বা বুজিবলৈ চেষ্টা কৰে আৰু সেই কাৰণে এওঁলোক সম্পূৰ্ণ ৰূপে স্ব-সচেতন হৈ পৰে।প্ৰিয় পাঠকসকল আজিকালি স্ব-সচেতন হোৱাতো যিমান জৰুৰী সিমান কঠিনো। এজন অকলশৰীয়া ব্যক্তি বহুত স্ব-সচেতন হয় আৰু আনতকৈ নিজক বেছি ভালকৈ বুজি পায়।যাৰ ফলত এওঁলোকে আনৰ অনুভূতিবোৰকো বহুত ভালকৈ বুজি পায়। 


৩.কঠিন পৰিস্থিতিত শিথিল হৈ থকা - প্ৰিয় পাঠকসকল এজন অকলশৰীয়া ব্যক্তিয়ে যিকোনো কঠিন পৰিস্থিতিটো নিজকে শান্ত কৰি ৰাখিব পাৰে। অকলে থকাৰ ফলত এওঁলোকৰ ভাবিব চিন্তিব পৰা ক্ষমতা বাঢ়ি যায়। সেই কাৰণে পৰিস্থিতি লাগিলে যেনেকুৱাই কঠিন নহক। এওঁলোক কেতিয়াও নিৰাশ হৈ নপৰে। এওঁলোকে সকলো পৰিস্থিতিতে অকলে যুঁজিব পাৰে।যেতিয়া নাকাৰাত্মক শক্তিয়ে এওঁলোকক আগুৰি ধৰে তেতিয়া এওঁলোকে অকলে সময় কটায় নিজকে সাকাৰাত্মক শক্তিৰে ভৰাই তোলে। লগতে এওঁলোকে কিবা সমস্যাৰ সমাধান কৰিবলৈ হ'লে বহুত চেষ্টা কৰে আৰু তাৰ সমাধান উলিয়াই।


৪. মুক্ত মনৰ -  প্ৰিয় পাঠকসকল এওঁলোকে মানুহৰ ভিৰত নাথাকে যদিও এওঁলোক মুক্ত মনৰ হয়। এওঁলোকে সকলো সমস্যাকে চালি-জাৰি চাব জানে আৰু এজন সাধাৰণ মানুহে ভাবিব নোৱাৰা কথা এওঁলোকে ভাবি সমস্যাৰ সমাধান উলিয়াব পাৰে। মুক্ত মনৰ হোৱাৰ ফলত এওঁলোকে যিকোনো আমনি লগা বা আমনিদায়ক কাম কৰি ভাল নাপায়। সেই কাৰণে এওঁলোকে নতুন কাম কৰি নতুন নতুন ঠাইলৈ গৈ নতুন নতুন ঠাইত ফুৰি ভাল পায়।


৫. সীমা পৰিষ্কাৰ কৰি ৰাখে - এজন অকলশৰীয়া ব্যক্তিয়ে নিজক বহুত গভীৰভাৱে চিনি পায় । এইটোৱে এওঁলোকৰ বহুত ডাঙৰ প্ৰবৃত্তি। এওঁলোকে নিজৰ জীৱনত বেলেগ মানুহ কিমান সোমাব পাৰে তাৰো এটা সীমা ৰাখে আৰু এওঁলোকক পচন্দ কৰাসকলে এওঁলোকে ৰখা সীমাক বহুত শ্ৰদ্ধা কৰে।এজনে অকলশৰীয়া ব্যক্তিয়ে কেতিয়াও নিবিচাৰে আনে তেওঁলোকৰ জীৱনত সোমাই খেলিমেলি কৰাটো আৰু তেওঁলোকৰ সীমা ক্ৰচ কৰাতো। এওঁলোকে কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰে। কাৰণ এওঁলোকে জানে যে এওঁলোকৰ লগত এজন মানুহ সদায় থাকে সেইজন এওঁলোক নিজেই।


৬.দুৰ্বলতা আৰু নিজৰ শক্তিৰ বিষয়ে অৱগত-  প্ৰিয় পাঠকসকল এজন স্ব-সচেতন ব্যক্তি হোৱাৰ ফলত এওঁলোকে নিজৰ দুৰ্বলতা আৰু নিজৰ শক্তিৰ বিষয়ে  ভালকৈ জানে। এওঁলোকে জানে যিকোনো বস্তু যিমানে Perfect নহক লাগিলে তাত কিবা নহয় কিবা Improve কৰিব পৰা যায়। এওঁলোকে নিজৰ দূৰ্বলতা সমূহৰ বিষয়ে জানে। কিন্তু সেইসমূহৰ বিষয়ে আনক নকয় বা আনৰ লগত আলোচনা নকৰে। 

Assamese Fact)

৭. অতি সহানুভূতিশীল - প্ৰিয় পাঠকসকল সহানুভূতিশীল হোৱা মানে এইটো যে আপুনি আনৰ অনুভূতিবোৰ ভালকৈ অনুভৱ কৰিব পাৰে।এজন অকলশৰীয়া ব্যক্তি বহুত সহানুভূতিশীল হয়। সেই কাৰণে এওঁলোক আনৰ প্ৰতি বহুত সহানুভূতিশীল হয় থাকে। প্ৰয়োজন হ'লে এওঁলোকে আনক নিজৰ সহানুভূতিৰ সহায়ত আগবাঢ়ি যোৱাত সহায় কৰে।আনৰ দুখ অনুভৱ কৰাতো বহুত শাওঁ দৰে লাগে ।কিন্তু এওঁলোক বহুত মুক্ত মনৰ সেই কাৰণে এওঁলোকে সকলো সমস্যাৰে এটা ভাল দিশ উলিয়াই ল'ব পাৰে। এওঁলোকে এনেদৰে সমস্যা সমাধান কৰে যাতে আনৰ ভাল হয়।


৮.অন্তৰ্দৃষ্টিৰ দ্বাৰা নিৰ্দেশিত - এজন অকলশৰীয়া ব্যক্তিৰ অন্তৰ্দৃষ্টি বহুত শক্তিশালী হয় আৰু এওঁলোকে যিয়ে নকৰক কিয় এওঁলোকৰ অন্তৰ্দৃষ্টিয়ে এওঁলোকৰ লগ দিয়ে। এওঁলোকে যেতিয়া কিবা কৰিব বিচাৰে তেতিয়া এওঁলোকৰ অন্তৰ্দৃষ্টিয়ে এওঁলোকক সঠিক ৰাস্তা দেখুৱাই।এজন অকলশৰীয়া ব্যক্তিয়ে নিজৰ হৃদয়ৰ কথা বহুত শুনে। যিকোনো কঠিন পৰিস্থিতিত এওঁলোকে ভয় নকৰে। কাৰণ এওঁলোকে জানে এওঁলোকৰ অন্তৰ্দৃষ্টিয়ে এওঁলোকৰ লগ দিব।


৯.স্বাধীন মনৰ ব্যক্তি - এজন অকলশৰীয়া ব্যক্তিয়ে  আনলৈ আশা কৰি নাথাকে। স্বাধীন হোৱাতো এওঁলোকৰ বাবে এটা সুখ। এওঁলোকে এনেকুৱা একো কাম নকৰে যাৰ ফলত এওঁলোকে আনৰ ওপৰত ভৰষা কৰি থাকিব লাগে।আনকি এওঁলোকে যিকোনো সম্পৰ্কতে নিজৰ মতে থাকিব বিচাৰে।যিকোনো সম্পৰ্কতে এওঁলোকক কোনোবাই নিজৰ মতে চলাব বিচাৰিলে এওঁলোকে তেওঁলোকৰ পৰা আতঁৰি আহে।


১০.দয়ালু আৰু সহানুভূতিশীল - এজন অকলশৰীয়া ব্যক্তিয়ে আনৰ লগত বেছি কথা নাপাতিলেও এওঁলোক আনৰ বাবে বহুত দয়ালু স্বভাৱৰ হয়। এওঁলোকে দয়ালু আৰু সহানুভূতিশীলতাৰ বিষয়ে আনক বুজায়। কাৰণ ব্যক্তিয়ে যাতে বুজিব পাৰে প্ৰেম আৰু শান্তি মানুহৰ জীৱনৰ কিমান মহত্বপূৰ্ণ অংশ। এওঁলোকে যি বস্তু বা মানুহক ভাল পায় তেওঁলোকক এওঁলোকে বহুত মৰম কৰে।


১১. অত্যন্ত সাহসী - প্ৰিয় পাঠকসকল অকলে থকা ব্যক্তিসকলে যিকোনো সমস্যাৰ সমাধান অকলেই কৰি লয়। আৰম্ভণিতে এওঁলোকৰ অলপ ভয় লাগিলেও সম্পূৰ্ণ স্বাধীন হৈ যোৱা পাছত যেতিয়া এওঁলোকৰ অনুভৱ হয় যে এওঁলোকে অকলেই নিজৰ সমস্যাৰ সমাধান কৰিব পাৰে। তেতিয়া এওঁলোকৰ নিজৰ ভিতৰৰ সাহস বাঢ়ি যায়। এওঁলোকৰ সাহস দেখিলেই মানুহে চিনি পায় যে এওঁলোক এজন অকলশৰীয়াকৈ থকা ব্যক্তি। এওঁলোকে নিজৰ কামবোৰ অনুভূতিৰ সহায়ত কৰে কাৰণ এওঁলোকে জানে অকলে সকলো কৰিব নোৱাৰিলেও চেষ্টা কৰিলে বহুত কিবাকিবি কৰিব পৰা যায়।


১২.আত্মপ্ৰেমী বা নিজকে ভাল পোৱা-  নিজক ভাল পোৱাতো এই পৃথিৱীত বহুত জৰুৰী কাম। কিন্তু এজন  অকলশৰীয়া ব্যক্তিয়ে যিমান ভাল আনক পায় তাতকৈ বেছি নিজক পায়। এওঁলোকে ভুল কৰিলেও নিজক কষ্ট বা দোষ নিদিয়ে। এওঁলোকে সেই ভুলটো শোধৰাবলৈ চেষ্টা কৰে। এওঁলোকে নিজৰ শৰীৰটোক বহুত ভাল পায়। সেই কাৰণে এওঁলোকে ডাইটৰ ওপৰতো ধ্যান দিয়ে। পৰিস্থিতি যিমান বেয়া হ'লেও এওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু নিজক ভাল পাবলৈ নেৰে। এওঁলোকে জানে এই পৃথিৱীত কোনো ১০০% perfect নহয়। আপুনি যিমান perfect কৰিলেও তাত Improve কৰিবলৈ কিবা নহয় কিবা থাকিবয়ে। সেই কাৰণে আত্ম সমালোচনাৰ এই বৃষ খোৱাতকৈ বহুত ভাল আত্মপ্ৰেমৰ বা নিজক  ভাল পোৱাৰ অমৃত খোৱাতো।


প্ৰিয় পাঠকসকল অকলে থকা মানে এইটো নহয় যে আপুনি দিনটো এটা ৰুমত বন্ধ হৈ থাকিব আৰু কাৰো লগত কথা নাপাতিব।অকলে থকা অৰ্থ হ'ল আপোনালোকে নিজৰ জীৱনটোত স্ফুৰ্তি কৰি থাকক আৰু যি সুখ আপোনালোকে আনৰ মাজত দেখিছে সেইটো নিজৰ মাজত চাবলৈ চেষ্টা কৰক। প্ৰিয় পাঠকসকল জীৱনত এনেকুৱা বহুত পৰিস্থিতি আহিব  যিবোৰ আপোনালোকে অকলেই সমাধান কৰিব লাগিব আৰু অকলশৰীয়াকৈয়ে সুখত থাকিব লাগিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 






No comments:

Post a Comment

Advertisement

Pages