আজি আমি যিখন কিতাপৰ বিষয়ে জানিম সেই কিতাপখন পঢ়াটো ইমানেই জৰুৰী যে ইয়াক আধৰুৱা কৰি থব নালাগে। কিতাপখনৰ নামটো হৈছে" The Psychology of Laziness" । ( Assamese Fact )
আপুনি যিমানেই বুধিয়ক , প্ৰতিভাবান নহওক কিয় যদি আপুনি নিজৰ কামৰ ওপৰত কষ্ট নকৰে মনোযোগ নিদিয়ে তেন্তে হাজাৰটা Motivational লেখা পঢ়ি কোনো লাভ নাই। আমি কিবা এটা পদক্ষেপ লব লাগিব। জ্ঞান থকাটোৱেই সকলো নহয়। এই কিতাপখনত ভালদৰে লিখা আছে যে কিদৰে অত্যন্ত কষ্ট কৰিব পাৰি? কিদৰে আপুনি জীৱনৰ ১০ বছৰৰ সলনি ৬ মাহতে নিজৰ লক্ষ্যত উপনীত হব পাৰিব ? কেতিয়াবা নিজকে বহুত শক্তিশালী যেন অনুভৱ কৰা যায়। কিন্তু এই অনুভৱটো কেতিয়াবা কেতিয়াবা হে হয়। সেই দিনটোলৈ মনত পেলাওক যেতিয়া আপোনাৰ বহুত বেছি মনোযোগেৰে কাম কৰিব মন গৈছিল। আপুনি এইটো বিচাৰে নে যে এই অনুভৱটো আপোনাৰ লগত সদায় হওক? সদায় কাম কৰিবলৈ উৎসুক হৈ থাকিব বিচাৰে নে? যদি এলাহ,ভাগৰ, আমনি পোৱা,মনোযোগ ভাঙি যোৱা , হাৰ মানিবলৈ মন যোৱা এইবোৰ নাইকিয়া কৰিবলৈ বাৰু আমি কি কৰিব পাৰো এই বিষয়ে কেতিয়াবা ভাবি চাইছে নে?
কিতাপখনৰ মতে ইয়াৰ উপায় হৈছে আপোনাৰ মনোযোগ থাকিব লাগিব শক্তি প্ৰয়োগ কৰাত। সকলোৱে সময় নিয়ন্ত্ৰণ কৰাত , সময় বচোৱাত মনোযোগ দিয়ে কিন্তু সেই বাকী বচাই ঠোৱা সময়খিনি কি কৰিব যদি আপুনি নিজকে "productive feel" নকৰে। যেতিয়া আপোনাৰ মন ভাল হৈ থাকিব ১০ ঘণ্টাৰ কামটো আপুনি ১ ঘণ্টাতেই কৰি আদায় কৰিব পাৰিব। এই কাম কৰিবলৈ জাগ্ৰত হোৱা মনোবল তো যদি আপোনাৰ মাজত সদায় থাকে তেন্তে ১০ বছৰৰ লক্ষ্যত আপুনি ৬ মাহতে উপনীত হব পাৰিব। এই কিতাপখনত লিখা হৈছে যে আমাৰ মগজুত এক "Dopamine" নামৰ chemical থাকে যাৰ বিষয়ে আপোনালোক সকলোৱে হয়তো আগতেও শুনিছে। যেতিয়া আপুনি নিজকে ভাল লগা অনুভৱ কৰে তেতিয়া এই হৰ'মন নিঃসৰণ হয়।
যেনে , আপুনি কিবা এটা কাম কৰিলে । বৰ্তমান Trading ৰ উদাহৰণ লৈছোঁ। আপুনি ধৰি লওক Trading ত ১০০০ টকা ব্যয় কৰিলে আৰু তাৰ পাছ দিনাই ৫০০ টকাৰ লাভ হল। তাৰ পাছত আপুনি নিশ্চয় আৰু পইচা তাত খটুৱাব আৰু সুখী হব। এই যে লাভ হোৱাৰ ফলত পুনৰ টকা বিনিয়োগ কৰিবলৈ মন গল সেইয়া সম্ভৱ হল "Dopamine" হৰমনৰ ফলত। যেতিয়া কোনো এটা কাম কৰাৰ ফলত আমি সফলতা লাভ কৰোঁ তেতিয়া আমাৰ মনটো ফুৰ্তিত নাচি উঠে। এই কেমিকেলৰ বাবে আমাৰ এনেকুৱা অনুভৱ হয় আৰু ইয়াক "Happiness" হৰমন বুলিও কোৱা হয়। যিয়ে আমাৰ মনটোক ভাল লগায় আৰু পুনৰ সেই কামটো কৰিবলৈ মনত জোৰ দিয়ে। প্ৰতিজন ব্যৱসায়ী, লিখক, কবি, গায়ক এনেদৰেই ডাঙৰ হয়। এবাৰ কৰিলে , সফলতা লাভ কৰাৰ পাছত পুনৰ কৰিব মন কৰিলে। এনেদৰেই মানুহজন কাম নকৰাকৈ থাকিব নোৱাৰা হৈ পৰে। তেওঁৰ বাবে কাম নিচা হৈ পৰে, কষ্ট কৰাটো তেওঁৰ অভ্যাস হৈ পৰে। এই কাম কৰাৰ নিচাটো নিচাজাতীয় দ্ৰব্যতকৈও বেয়াকৈ লাগি যায়।
সফল মানুহৰ সফলতা অৰ্জন কৰাৰ এটা অভ্যাস হৈ পৰে। এই হৰমনৰ বাবেই এই অভ্যাসটো থাকি যায়। ইয়াক বুজি পালে আপুনি কষ্ট কৰিবলৈ শিকিব । সেইবাবেইটো সফল লোকসকলে জীৱনৰ অন্য ফুৰ্তি বোৰ এফালে ৰাখি নিজৰ কামৰ মাজত ফুৰ্তি বিচাৰি ফুৰে। আপোনাৰ হাতত দুটাকৈ বিকল্প থাকে । আপুনি এই 'Dopamine' ভুল প্ৰকাৰেও নিঃসৰণ কৰিব পাৰে । কিছুমান লোকে নিচা জাতীয় দ্ৰব্য সেৱন কৰি ভাল পায় তেতিয়াও কিন্তু এই হৰমনৰ নিঃসৰণ হয়। কিন্তু এনেধৰণৰ ফুৰ্তি কৰাৰ পাছত আপোনাৰ পাছৰ জীৱনটো ধংশ হব ধৰে । যদি ফুৰ্তি কৰিবৰ মন তেন্তে সঠিক কাম কৰি ' Dopamine' হৰমন নিঃসৰণ কৰক। ( Assamese Fact )
'The Psychology of Laziness"ৰ অৰ্থ হৈছে এলাহৰ মনোবিজ্ঞান। ইয়াত কোৱা হৈছে যে বহুত বিখ্যাত সফল লোকসকলে একেটা কামতে কিদৰে বাৰে বাৰে চেষ্টা কৰি সফল হব পাৰিলে তাৰ বিষয়ে কোৱা হৈছে । কিতাপখনত তেওঁলোকৰ কিমান জ্ঞান আছিল সেই বিষয়ে কিন্তু কোৱা হোৱা নাই। আপুনি যিকোনো এজন সফল ব্যক্তিৰ বিষয়ে জানি চাওক। তেওঁৰ সফলতা খিনি , তেওঁৰ Action বোৰহে হিচাপ কৰা হয় তেওঁৰ জ্ঞান কিমান সেই বিষয়ে হিচাপ লোৱা নহয়। জ্ঞান বহুতৰে থাকে কিন্তু একেৰাহে Action সকলোৱে লব নোৱাৰে। সকলোৱে কয় যে "Elon Musk" ৰ মগজু বহুত চোকা। কিন্তু তেওঁৰ বিষয়ে কোনেও এইটো নকয় যে তেওঁ ৭ দিনত ১২০ ঘণ্টা কাম কৰে। গতিকে জ্ঞানৰ লগতে কষ্টও বহুত জৰুৰী হয়। কম জ্ঞান থকা মানুহে বেছি জ্ঞানী লোকতকৈ সফল হোৱা প্ৰায়ে দেখা পোৱা যায়।
কষ্টৰ মাজেৰে সফলতা সকলোৱে লাভ কৰিব নোৱাৰে। আপুনি নিজৰ জ্ঞানক আনতকৈ কিদৰে বেলেগ কামত খটুৱাব পাৰি সেইটোহে চিন্তনীয় বিষয়। ৯০% ত কৈ বেছি লোকে নিজৰ বুদ্ধিৰ মাজত থকা জ্ঞানৰ ব্যৱহাৰ নকৰে। জ্ঞান বহুতৰে থাকে কিন্তু তেওঁ একোৱেই নকৰে। ধনী সেইসকল লোক হয় যিয়ে Action লৈছে জ্ঞানৰ ওপৰত। কষ্টয়ে প্ৰতি সময়ত প্ৰতিভাক পিছ পেলাই দিব পাৰে। এজন প্ৰতিভাবান মানুহে নিজৰ প্ৰতিভাৰে সৈতে এজন মূৰ্খ, অজ্ঞানী ব্যক্তিক হৰুৱাব পাৰে। বৃহৎ সফলতা পাবলৈ হলে জ্ঞানৰ নহয় "Focus"ৰ প্ৰয়োজন।
এই কিতাপখন খুব সাধাৰণ ভাষাত আছে। বহুত কিতাপত জটিল ভাষাত লিখা দেখা পাওঁ কিন্তু এই কিতাপখনত সকলো বিষয়বস্তু একেবাৰে সহজ অৰ্থত লিখা হৈছে। আমি সকলোৱে কিবা এটা কাম কৰিম বুলি ভাবি লও কিন্তু আমাৰ এলাহটোৱে আমাক কয় যে কাইলৈ কৰিম। এই এলাহৰ পোকটোৰ বাবেই আমি একো কৰিব নোৱাৰো আৰু জীৱনত সফল হব নোৱাৰো। এই পিছত কৰিম বুলি থকা মনোভাব তোৰ বাবেই বহুতো লোকে জীৱনত আগুৱাই যাব নোৱাৰে আৰু অৱশেষত অনুতপ্ত হব লগা হয়। গোটেই বছৰটোত ৮৭৬০ ঘণ্টা থাকে। যত খোৱা বোৱা, কাম কৰা, আৰাম কৰা সকলো কাম কৰি ৩১৯০ ঘণ্টা আপোনাৰ হাতত বাকী থাকি যায়। আপোনাৰ এই সময়বোৰেই যত তত অলপ অলপ কৈ ব্যয় হৈ থাকে। যদি এজন ৮০ বছৰীয়া বিলিয়নাৰ ব্যক্তিক কোৱা হয় যে আপুনি পুনৰ ২০ বছৰীয়া জীৱন পাব পাৰিব। মাত্ৰ আপুনি আপোনাৰ সকলো টকা পইচা ঘূৰাই দিব লাগিব তাৰ বিনিময়ত আপুনি এটা ২০ বছৰীয়া জীৱন শৈলী পাব। তেতিয়া কিন্তু ৯৯% আশা আছে যে সেই ব্যক্তিজনে তেওঁৰ সকলো ধন দি পুনৰ সেই ২০ বছৰীয়া জীৱনটো জীয়াই থাকিব বিচাৰিব। অৰ্থাৎ আপোনাৰো বৰ্তমান যিটো জীৱন জীয়াই আছে, যিটো বয়স আছে তাতকৈ মূল্যবান আপোনাৰ বাবে আৰু একো হব নোৱাৰে। আপুনি এক বিলিয়ন দলাৰতকৈও বেছি এটা ধুনীয়া জীৱন জীয়াই আছে। যত আপুনি কাইলৈৰ পৰা কৰিম বুলি কৈ কিমান সময় নষ্ট কৰিলে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )
No comments:
Post a Comment