গৰ্ভনিৰোধক বড়ি সেৱন বন্ধ কৰাৰ কিমান দিনৰ পাছত গৰ্ভধাৰণ হয় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 26, 2021

গৰ্ভনিৰোধক বড়ি সেৱন বন্ধ কৰাৰ কিমান দিনৰ পাছত গৰ্ভধাৰণ হয় : Assamese Health Tips

Assamese Health Tips


গৰ্ভনিৰোধক পিল খালে কি হয়? ইয়াক কিমান বয়সত খাব লাগে? ইয়াক সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে ভাল নে বেয়া?  ( Assamese Health Tips )

  

আজিৰ বিষয়টো হৈছে অনাকাংক্ষিত গৰ্ভাৱস্থাৰ পৰা আমি কিদৰে বাচিব পাৰো?  বহুত মহিলাই নিজৰ   ব্যক্তিগত সমস্যাৰ বাবে গৰ্ভধাৰণ কৰিব নিবিচাৰে। যেনে কিছুমান মহিলাই বিবাহৰ পাছত নিজৰ শিক্ষা সম্পূৰ্ণ কৰিব বিচাৰে, কিছুমান মহিলাই নিজৰ কেৰিয়াৰতো  আৰম্ভ কৰিছিলহে মাত্ৰ , আৰু এনেকুৱা দম্পত্তি যাৰ এটা সন্তান আছে আৰু দ্বিতীয় সন্তানটিৰ মাজত সময়ৰ ব্যৱধান ৰাখিব বিচাৰে তেনে স্থলত গৰ্ভধাৰণ কৰিব নিবিচাৰে। গতিকে অনাকাংক্ষিত  গৰ্ভধাৰণৰ পৰা বাচিবৰ বাবে আমাৰ ওচৰত বহুতো উপায় আছে। যেনে কন্দমৰ ব্যৱহাৰ কৰা, গৰ্ভনিৰোধক টীকা , IUCD ব্যৱস্থা। যিসকল দম্পত্তিৰ পৰিয়াল সম্পূৰ্ণ হৈছে আৰু গৰ্ভধাৰণ কৰিব নিবিচাৰে  তেওঁলোকৰ বাবে Female আৰু Male Steralisationৰ ব্যৱস্থা আছে। তাৰ মাজতে বহুতো দম্পতিয়ে গৰ্ভনিৰোধক বড়িৰ ব্যৱহাৰ কৰে। আজি আমি এই লিখনিটোত গৰ্ভনিৰোধক পিলৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ লগত জড়িত কিছুমান প্ৰশ্ন। যেনে, গৰ্ভনিৰোধক পিল কি হয়? 


ই আমাৰ শৰীৰত কিদৰে কাম কৰে? ইয়াক সেৱন কৰাটো সুৰক্ষিত নে? এই পিল কিদৰে সেৱন কৰিব লাগে ইত্যাদি।


প্ৰথম প্ৰশ্ন হৈছে যে গৰ্ভনিৰোধক বড়ি কি হয়? প্ৰতিগৰাকী মহিলাৰ শৰীৰত প্ৰাকৃতিক ভাবে  "Progesterone " আৰু istrogene নামৰ হৰমন পোৱা যায় যাক আমি Female Six hormone বুলি কওঁ। এই দুয়োটাই গৰ্ভধাৰণ কৰা আৰু নকৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গৰ্ভনিৰোধক বড়ি লেব'ৰেতৰিত তৈয়াৰ কৰা হয় যত Progesteron ৰ ঠাইত progestrin  নামৰ synthetic হৰমনৰ ব্যৱহাৰ কৰা হয়। এই দুয়োটা এই বড়িত একেলগে বা বেলেগে বেলেগে ব্যৱহাৰ কৰা হয়। 


তাৰ পাছত প্ৰশ্ন আহে যে "গৰ্ভনিৰোধক বড়িয়ে কিদৰে কাম কৰে?"

 গৰ্ভধাৰণ হবৰ বাবে তিনিটা বস্তু হোৱাটো অত্যন্ত প্ৰয়োজনীয়  হয়। অণ্ডৰ অণ্ডাশয়ৰ পৰা বাহিৰলৈ ওলাই অহা যাক আমি ovulation বুলি কওঁ। 

দ্বিতীয়তে শুক্ৰাণুৰ  গৰ্ভৰ মুনাটোৰ পৰা ফেলোপিয়ন  টিউব লৈ গৈ পোৱা, তৃতীয়তে যেতিয়া অণ্ড আৰু শুক্ৰাণুৰ মিলনৰ পাছত ভ্ৰূণৰ সৃষ্টি হয়  সেই ভ্ৰূণ implantation হোৱা। 

 এই তিনিওটা হোৱাটো pregnancyৰ বাবে বহুত জৰুৰী।যেতিয়া আপুনি এই গৰ্ভনিৰোধক বড়ি সেৱন কৰিব  এই দুয়োটা হৰমনৰ মাত্ৰা আপোনাৰ শৰীৰত ইয়াৰ স্তৰত বহুত পৰিৱৰ্তন হয় যাৰ বাবে ovulation নহয়। carvix ৰ সন্মুখত এটা ডাঠ তৰল স্তৰৰ সৃষ্টি হয় যাৰ বাবে শুক্ৰাণু গৰ্ভাশয়লৈ গৈ নাপায়। আৰু যদি অণ্ড আৰু শুক্ৰাণুৰ মিলন হৈও যায় তেতিয়া কিন্তু গৰ্ভৰ মোনাটোত লাগি থাকিব নোৱাৰে অৰ্থাৎ implantation নহয়। এনেদৰে গৰ্ভনিৰোধক বড়িয়ে গৰ্ভধাৰণ হোৱাত বাধা দিয়ে। ( Assamese Health Tips )


তাৰ পাছৰ প্ৰশ্নটো হৈছে যে " গৰ্ভনিৰোধক বড়ি সেৱন কৰাটো সুৰক্ষিত হয় নে নহয়?" 

 হয়, গৰ্ভনিৰোধক বড়ি সেৱন কৰাটো সম্পূৰ্ণ সুৰক্ষিত হয় যদিহে আপুনি ডাক্তৰৰ পৰামৰ্শ মৰ্মে ব্যৱহাৰ কৰে। বহুত মহিলাই ডাক্তৰৰ ওচৰলৈ গৈ কয় যে এই বড়িতো মোৰ বান্ধৱী এগৰাকীয়ে সেৱন কৰা দেখিছিলো আৰু সেইবাবে মই যোৱা মাহৰ পৰা ইয়াক সেৱন কৰিছোঁ। কিন্তু আপোনাৰো তেনে নকৰিব। কোনো বান্ধৱী বা পৰিয়াল বৰ্গৰ উপদেশ মৰ্মে এই বড়ি আপুনি সেৱন নকৰিব। যদি আপুনি এনে কৰে তেন্তে ই আপোনাৰ বাবে হানিকৰক হব। কিয়নো প্ৰতিগৰাকী মহিলাৰ ঋতুস্ৰাৱৰ সময়ছোৱা বেলেগ বেলেগ হয়। কিছুমান মহিলাৰ ওজন বেলেগ থাকে কিছু মহিলা PCOS সমস্যা থাকে। গতিকে তেওঁলোকৰ বাবে বেলেগ বড়ি হব পাৰে।


 তাৰ পাছৰ প্ৰশ্নটো হৈছে "গৰ্ভনিৰোধক বড়ি কেতিয়াৰ পৰা সেৱন কৰিব লাগে?" 

গৰ্ভনিৰোধক বড়ি মাহেকীয়া হোৱাৰ প্ৰথম দিনৰ পৰা পঞ্চম দিনৰ ভিতৰত আৰম্ভ কৰিব পাৰে। কিছু ডাক্তৰে মাহেকীয়াৰ প্ৰথম দিন আৰু কিছুয়ে তৃতীয় দিনৰ পৰা আৰম্ভ কৰিবলৈ কয়।  কিন্তু যদি আপোনাৰ মাহেকীয়া হোৱা ৫ দিন হৈ গৈছে আৰু আপুনি এই সময়ছোৱাত গৰ্ভনিৰোধক বড়ি সেৱন কৰিব বিচাৰে তেন্তে আপুনি মাহেকীয়া হোৱাৰ ৮ বা ৯ দিনৰ দিনাৰ পৰা আৰম্ভ কৰিব পাৰে। যদি আপুনি ৫ দিনৰ দিনাই আৰম্ভ কৰিব বিচাৰে তেন্তে আগন্তুক ৭ দিনলৈকে আপুনি কন্দমৰ ব্যৱহাৰ কৰিব লাগিব।


এই বড়ি সমূহ আপুনি সদায় সেৱন কৰিব লাগিব এদিনো বাদ পৰি যাব নোৱাৰিব। যদি আপুনি ৰাতিপুৱা সেৱন কৰিছে তেন্তে আপুনি সদায় ৰাতিপুৱাই ইয়াক সেৱন কৰিব লাগিব। যদি ৰাতি সেৱন কৰিছে তেন্তে ৰাতিয়েই সেৱন কৰি থাকিব লাগিব। এদিন ৰাতিপুৱা, এদিন গধূলি, এদিন দুপৰীয়া এনেকৈ সেৱন কৰিলে কিন্তু নহব। কিয়নো দুটা বড়িৰ মাজৰ ব্যৱধান ২৪ ঘণ্টাতকৈ বেছি হব নালাগে। 


" গৰ্ভনিৰোধক বড়ি কিদৰে সেৱন কৰিব লাগে?"

 বজাৰত বহুতো ব্ৰেণ্ডৰ বড়ি পোৱা যায় তাৰ মাজত কিছুমানত ২০ তাকৈ বড়ি থাকে আৰু কিছুমানত ২১ তা বড়ি থাকে আৰু কিছুমানত ২৮ তা বড়ি থাকে। যত ২৮ তা বড়ি থাকে তাত ২১ তা বড়ি হৰমনৰ বাবে হয় আৰু বাকী থকা ৭ তা বড়ি ৰঙা বা মটীয়া ৰঙৰ হয় সেইকেইটা multi vitamine ৰ হয়। যদি আপুনি এই বড়ি সেৱন কৰিব বিচাৰে তেন্তে মাহেকীয়া হোৱাৰ পঞ্চম দিনৰ পৰা আৰম্ভ কৰিব পাৰে।  সম্পূৰ্ণ বড়িৰ ফাইলটো শেষ হোৱাৰ ৩/৪ দিনৰ পাছত আপোনাৰ মাহেকীয়া হব। এই বড়ি গ্ৰহণ কৰাৰ সময়ত কিছুমান কথা মনত ৰাখিবলগীয়া আছে। আপুনি এই বড়ি সদায় সেৱন কৰিব লাগিব। ইয়াক সদায় নিশ্চিত সময়ত সেৱন কৰিব লাগিব। যদি আপুনি ২/৩ দিন বড়ি খাবলৈ পাহৰি যায় তেন্তে পুনৰ সেই একে সময়তে বড়ি খোৱা আৰম্ভ কৰিব লাগে। আপুনি যদি মাজত ধৰি এই বড়ি খোৱা বন্ধ কৰি দিয়ে তেন্তে তাৰ মাজতেই আপোনাৰ মাহেকীয়া হৈ যাব। যদি আপুনি ২/৩ দিন বড়ি খাবলৈ পাহৰি যায় তেন্তে আপুনি কন্দমৰ ব্যৱহাৰ কৰিব পাৰে যাতে আপুনি অনাকাংক্ষিত গৰ্ভধাৰনৰ পৰা বাচিব পাৰে। 

কিছুমান নৱ বিবাহিত দম্পতিয়ে প্ৰশ্ন কৰে যে তেওঁ গৰ্ভনিৰোধক বড়ি সেৱন কৰিব পাৰিব নে নোৱাৰে? 

 এই ক্ষেত্ৰত কোনো সমস্যা নাই। নৱ বিবাহিত দম্পতিয়ে গৰ্ভনিৰোধক বড়ি সেৱন কৰিব পাৰে। এই বড়ি বজাৰত high dose, low dose আৰু very low dose ত উপলব্ধ হয়। যদি আপুনি ৩/৪ বছৰৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি very low dose ব্যৱহাৰ কৰিব পাৰে।


" গৰ্ভনিৰোধক বড়ি সেৱন কৰা বন্ধ কৰাৰ কিমান দিন পাছত  গৰ্ভধাৰণ হয়?"

যেতিয়াই আপুনি এই বড়ি খোৱা বন্ধ কৰি দিব তাৰ পিছৰ মাহৰ পৰাই আপোনাৰ গৰ্ভধাৰণৰ সম্ভাৱনা থাকে। বড়ি খোৱা বন্ধ কৰি দিয়াৰ লগে লগে আপোনাৰ ovulation আৰু বহুতো স্বাভাৱিক হৈ যায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। ( Assamese Health Tips )

1 comment:

  1. please tell me the name of high dose, low dose, very dose medicine ..

    ReplyDelete

Advertisement

Pages