নতুন বছৰত বিত্তীয় সংকটৰ সন্মুখীন কৰিব পৰা কিছুমান বস্তু পৰিত্যাগ কৰক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 31, 2021

নতুন বছৰত বিত্তীয় সংকটৰ সন্মুখীন কৰিব পৰা কিছুমান বস্তু পৰিত্যাগ কৰক: Assamese Fact

Assamese Fact

আমাৰ ঘৰখনত সুখ আৰু সমৃদ্ধি বজাই ৰখাটো নিশ্চিত কৰিবলৈ প্ৰাচীন কালৰ পৰাই বহু পৰম্পৰা চলি আহিছে। এই প্রাচীন পৰম্পৰাবোৰ বেলেগ বেলেগ বস্তু আৰু কামৰ সৈতে সম্পর্কিত। (Assamese Fact )


মানিলে ধান হোৱা, নামানিলে পতান । আমাৰ প্ৰায় সকলোৰে ঘৰত কিবা নহয় কিবা বস্তু ভাঙি বা নিষ্ক্রিয় হৈ এটা কোণত পৰি আছে । বাস্তু শাস্ত্ৰত এনে সাতটা বস্তুৰ কথা উল্লেখ কৰা হৈছে যিবোৰ ভঙা অৱস্থাত কেতিয়াও ঘৰত ৰাখিব নালাগে আৰু উৎসৱ-পাৰ্বন নাইবা নৱবৰ্ষৰ আগতে সেইবোৰ ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। 


যদি এইবোৰ আপোনাৰ ঘৰত থাকে, তেতিয়া সেইবোৰে পৰিয়ালৰ সকলো মানুহৰ ওপৰত নেতিবাচক প্রভাৱ পেলায়। ধন সম্পর্কীয় কার্যকলাপত বিফলতা বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু ঘৰত দৰিদ্ৰতাই সৃষ্টি কৰিব পাৰে। আজি আমি আপোনালোকক কম যে নতুন বছৰৰ আগতে আপুনি ঘৰৰ পৰা কি সাতটা বস্তু  আতঁৰাই দিয়া উচিত।


১. আচবাব- মনত ৰাখিব যে আপোনাৰ ঘৰৰ আচবাববোৰ নিখুঁত হ'ব লাগে, কিয়নো বাস্তু শাস্ত্ৰৰ মতে, ভঙা আচবাবে এজন ব্যক্তিৰ জীৱনত বেয়া প্ৰভাৱ পেলায়। আনকি ইয়াৰ ফলত আর্থিক সমস্যাও আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে।


২.ভঙা মূর্তি-  ভঙা মূর্তি বা ভঙা মূৰ্তিৰ টুকুৰাবোৰ কেতিয়াও ঘৰত ৰাখিব নালাগে। যদি কোনো ভগৱানৰ মূৰ্তি ভাঙি যায়, তেন্তে আপুনি নদীত প্রবাহিত হ'বলৈ দিব পাৰে, কিন্তু এনে মূৰ্তি ঘৰত কেতিয়াও নাৰাখিব। 


৩. ভঙা বাচন-বৰ্তন-  আমি ঘৰত বাচন বৰ্তন ভাঙিলে সেইবোৰ আমাৰ ঘৰৰ এটা কোণত ৰাখোঁ আৰু পাহৰি যাওঁ। কিন্তু এই ভঙা বৰ্তনবোৰে আমাৰ ঘৰত অতি অশুভ প্রভাৱ পেলায়। ইয়াৰ ফলত মহালক্ষ্মীৰ আমাৰ ওপৰত খং উঠিব পাৰে আৰু ঘৰলৈ লক্ষ্মীৰ আগমণ নহয় ।(Assamese Fact )


৪. ভঙা কাচ - যদি আপোনাৰ ঘৰত ভঙা কাচ (গ্লাছ) আছে তেন্তে লগে লগে ইয়াক আঁতৰাই পেলাওঁক। ইয়াৰ কাৰণ হ'ল ই ঘৰত নাকাৰাত্মক শক্তি উৎপন্ন কৰে। লগতে, যদি আপোনাৰ ঘৰৰ আইনাৰ কাচ ভাঙি যায়, তেন্তে ইয়াক লগে লগে মেৰামতি কৰক। বাস্তু শাস্ত্ৰ অনুসৰি ভঙা কাচ (গ্লাছ)য়ে পৰিয়ালৰ সদস্যসকলৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে।


৫. ভঙা ছবি- যদি ঘৰটোত ভঙা ফ্ৰেমৰ ছবি বা ফটো আৰু পেইন্টিং আদি থাকে, ইয়াক আঁতৰাই দিয়ক, কিয়নো ইয়াৰ ফলত বাস্তু দোষ হয়।


৬. ভঙা দর্জা - যদি ঘৰৰ দুৱাৰ ভাঙি যায় বা ভাঙি দিয়া হয়, তেন্তে ইয়াক লগে লগে ঠিক কৰক। মনত ৰাখিব যে ভঙা দুৱাৰবোৰে আপোনাৰ বাস্তু দোষৰ সৃষ্টি কৰিব পাৰে।


৭. বন্ধ ঘড়ী - বাস্তু শাস্ত্ৰৰ মতে, পৰিয়ালৰ প্ৰগতি আমাৰ ঘৰৰ ঘড়ীৰ স্থিতিৰ ওপৰতো নিৰ্ভৰ কৰে। বন্ধ ঘড়ী থকা ঘৰ এটা কেতিয়াও প্ৰগতিৰ দিশত আগবাঢ়িব নোৱাৰে, কিয়নো ই সময় মতে পৰিয়ালৰ বাবে কোনো কাম নকৰে। সেয়েহে, যদি আপোনাৰ ঘৰৰ যিকোনো ঘড়ী বেয়া হয় তেন্তে ইয়াক যিমান সম্ভৱ সোনকালে ঠিক কৰক, যাতে আপোনাৰ ঘৰৰ বিত্তীয় অৱস্থা ঘড়ীৰ সঠিক সময়ৰ দৰে সঠিক হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত







No comments:

Post a Comment

Advertisement

Pages