আচাৰ্য চাণক্যৰ নীতিবোৰ অতি ব্যৱহাৰিক যিয়ে প্ৰতি গৰাকী ব্যক্তিক জীৱন ধাৰণৰ কলা শিকায়। চাণক্যই জীৱনৰ প্ৰতিটো দিশৰ সৈতে সম্পৰ্কিত বিভিন্ন বস্তু বৰ্ণনা কৰিছে।( Assamese Fact )
যিবোৰৰ সহায়ত আপুনি আপোনাৰ জীৱন ধাৰণ প্ৰণালী উন্নত কৰিব পাৰে। চাণক্য এজন সমাজবিজ্ঞানী আৰু অৰ্থনীতিবিদৰ লগতে এজন যোগ্য শিক্ষক আছিল। তেওঁৰ চাণক্য নীতি নামৰ কিতাপখনত উল্লেখ কৰিছে যে পিতৃ-মাতৃয়ে শিশুৰ আগত কেনে আচৰণ কৰিব লাগে। চাণক্যই কয় যে পিতৃ-মাতৃৰ আচৰণে শিশুসকলক অতি সোনকালে প্ৰভাৱিত কৰে, সেয়েহে তেওঁলোকে সদায়ে শিশুৰ বাবে মৃদু আৰু আদৰ্শ আচৰণ উপস্থাপন কৰিব লাগে। চাণক্যই কি আচৰণৰ বিষয়ে উল্লেখ কৰিছিলে জানোঁ আহঁক -
১.আপোনাৰ সন্তানৰ সন্মুখত নিজৰ উচ্চ স্থান প্ৰদৰ্শন নকৰিব - যদি আপুনি ডাঙৰ স্থিতিত বা ডাঙৰ পদবীত আছে, আপোনাৰ সন্তানৰ সন্মুখত আপুনি সেই স্থানত থকাৰ ভাও নল'ব। শিশুৰ সন্মুখত অধিক উচ্চ স্থান প্ৰদৰ্শন কৰিলে তেওঁলোকৰ মগজুত বেয়া প্ৰভাৱ পৰে। এনেকৈ শিশুৱে কেতিয়াও ভবিষ্যতে গৌৰৱ অনুভৱ কৰিব নোৱাৰিব। আপুনি ইয়াৰ বিষয়ে ধাৰণা পাওঁতে হয়তো পলম হ'ব পাৰে। এনে পৰিস্থিতিত, শিশুসকলক নম্ৰ কৰিবলৈ তেওঁলোক মাটিৰ সৈতেও সংযুক্ত হোৱাটো গুৰুত্বপূৰ্ণ। আপোনাৰ স্থান যিমানেই উচ্চ নহওঁক কিয় সাধাৰণ জীৱন ধাৰণৰ সৈতেও শিশুটি মিলিব পৰাকৈ গঢ় দিব লাগে। যাতে শিশুটিয়ে ভবিষ্যতে জীৱনত সকলো ক্ষেত্ৰতে আহিব লগিয়া সমস্যা সমাধান কৰাৰ লগতে সেই সমস্যাৰ লগত যুঁজিব পাৰে।( Assamese Fact )
২.ইজনে সিজনৰ প্ৰতি সন্মান ৰাখিব- যদিও স্বামী আৰু পত্নীয়ে সদায়ে ইজনে সিজনক সন্মান কৰা উচিত, তথাপিও বহুতৰে পাৰিবাৰিক জীৱনত স্বামী আৰু পত্নীৰ মাজত নানান মতভেদ বা কাজিয়া দেখা দিয়ে। কিন্তু এটা কথা মনত ৰখা উচিত যে পিতৃ-মাতৃ হোৱাৰ পিছত তেওঁলোকৰ সন্তানৰ সন্মুখত ইজনে সিজনৰ প্ৰতি অধিক সন্মান দেখুৱাটো খুবেই গুৰুত্বপূৰ্ণ । চাণক্যৰ মতে, এনে কৰিলে শিশুসকলৰ মনত ইতিবাচক প্ৰভাৱ পৰে। যিবোৰ ঘৰত পিতৃ-মাতৃৰ ভাল সম্পৰ্ক নাই সদায় মতভেদ বা কাজিয়া হৈ থাকে , তেনে পৰিয়ালসমূহত শিশুসকল সোনকালেই নেতিবাচকতাৰ স্বীকাৰ হয়। আনকি কিছুমান পৰিস্থিতিত এই শিশুসকল ভুল পথ অনুসৰণ কৰিবলৈ আকৰ্ষিত হয়।
৩.কথাৰ সুৰৰ প্ৰতি মনোযোগ দিয়ক- আপুনি আন মানুহৰ সৈতে যিধৰণে কথা পাতে সেয়া শিশুসকলৰ এক বিশেষ কেন্দ্ৰবিন্দু। সেয়েহে, আপুনি আপোনাৰ সন্তানৰ সন্মুখত কাৰো সৈতে বেয়াকৈ কথা নোকোৱাটো গুৰুত্বপূৰ্ণ। যদি আপুনি আপোনাৰ সন্তানৰ সন্মুখত বা সন্তানৰ সৈতে অশালীন শৈলীত কথা পাতে, তেতিয়া তেওঁলোকেও সেই পদ্ধতিয়ে কথা কওঁতে গ্ৰহণ কৰিব ।যাৰ ফলত দীৰ্ঘম্যাদী সময়ত আপোনাৰ বিৰক্তি হ'ব পাৰে। চাণক্যৰ মতে, শিশুৰ সন্মুখত কেৱল অপমানজনক শব্দৰ ব্যৱহাৰ কৰিবলৈ এৰাই নহয়, কথাৰ কঠোৰ ভাৱে ক'বলৈও এৰিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment