হিন্দু ধৰ্মৰ বিবাহৰ সাতটা বচন: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 31, 2021

হিন্দু ধৰ্মৰ বিবাহৰ সাতটা বচন: Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ হিন্দু ধৰ্মৰ বিয়াৰ সাত পাক ঘূৰা আৰু সাতটা বচনৰ মহত্ব কি। সাতটা বচন কি কি? দৰা-কইনায়ে বিয়া সময়ত সাতটা বচন কি কি লয়।

Assamese Fact )



বৈদিক সংস্কৃতিৰ অনুসৰি জাতকৰ জন্মৰ পৰা মৃত্যুলৈকে ১৬টা সংস্কাৰৰ নিৰ্বাহ কৰা হয়।এই সংস্কাৰবোৰৰ ভিতৰত এটা মহত্বপূৰ্ণ সংস্কাৰ হ'ল বিবাহ সংস্কাৰ। বিবাহৰ দ্বাৰাই সমাজত পৰিয়ালৰ প্ৰথম আৰম্ভণি হয় বুলি কোৱা হয়। শাস্ত্ৰৰ অনুসৰি বিয়াৰ অবিহনে মানুহক আধৰুৱা বুলি কোৱা হয়। ভাৰতীয় পৰম্পৰাৰ মতে বিবাহ স্বামী আৰু পত্নীৰ মাজৰ জনম জনমৰ সম্পৰ্ক।যাক কোনো পৰিস্থিতিতে ভাঙিব পৰা নাযায়। পণ্ডিতৰ উপস্থিতিত মন্ত্ৰৰ উচ্চাৰণ লগ অগ্নিৰ চাৰিওফালে সাত পাক ঘূৰি আৰু ধ্ৰুব তৰাক সাক্ষী হিচাপে ধৰি, দুজন ব্যক্তিয়ে মনে প্ৰাণে আৰু আত্মাৰে এক বান্ধোনত বান্ধ খাই পাৰে। হিন্দুসকলে বিয়া পাতিলে দেখিছে চাগে যে অগ্নিৰ চাৰিওফালে সাত পাক ঘূৰে।সকলো পাকৰে এটা এটা বচন থাকে। যিবোৰ স্বামী আৰু পত্নীয়ে একেলগে গোটেই জীৱন ভৰ পালন কৰিম বুলি বচন লয়।  এতিয়া জানো আহঁক বচন সমূহৰ বিষয়ে-



১.প্ৰথম বচন বা চৰ্তত কন্যায়ে দৰা পৰা বিচাৰে যে যদি কোনোবা তীৰ্থযাত্ৰাত আপুনি যায়। তেতিয়া মোকো লগত লৈ যাব ।ব্ৰত বা উপবাস বা অন্য ধাৰ্মিক কাৰ্য কৰিলে তাত মোৰো সহযোগ হ'ব লাগিব। আজি যেনেকে আপুনি মোক আপোনাৰ বাওঁফালে বহোৱাইছে তেনেকে আগলেও যাতে বহাই।যদি এইবোৰ আপুনি মানি লয় তেতিয়া মই আপোনাৰ বাওঁফালে আহিবলৈ সাজু আছোঁ। ইয়াৰ অৰ্থ এইটোৱে যে যিকোনো ধাৰ্মিক কামত  স্বামী আৰু পত্নী একেলগে থকাটো জৰুৰী।



২. কন্যা দৰাৰ পৰা বিচাৰা দ্বিতীয়টো বচন হ'ল-যেনেকে আপুনি আপোনাৰ মা-দেউতাক সন্মান কৰে তেনেকে মোৰ মাক-দেউতাকো  নিজৰ মা-দেউতাৰ দৰে সন্মান কৰিব  ।মোৰ পৰিয়ালৰ ধৰ্ম আনুষ্ঠান আৰু মৰ্যদা যদি আপুনি বুজি পায় তেতিয়া মই আপোনাৰ বাওঁফালে আহিবলৈ সাজু আছোঁ।



৩.তৃতীয় বচনত সকলো মানুহৰে বাল্য অৱস্থা, শৈশৱ,কিশোৰ অৱস্থা,যৌৱন অৱস্থা , বৃদ্ধি অৱস্থা আদি সময় আহে । বিবাহৰ বাবে উচিত যৌৱন অৱস্থা। কন্যায়েও এইসমূহ ধ্যান ৰাখি কয় যে যদি আপুনি যৌৱন অৱস্থা, বৃদ্ধি অৱস্থা অৰ্থাৎ গোটাই জীৱনটো মোৰ যদি ধ্যান ৰাখে বা পালন কৰে তেতিয়া মই আপোনাৰ বাওঁফালে আহিবলৈ সাজু আছোঁ।



৪.যেতিয়ালৈকে জাতকৰ বিয়া নহয়। তেতিয়ালৈকে তেওঁলোকে ঘৰৰ চিন্তা নকৰে বা ঘৰৰ চিন্তাৰ পৰা মুক্ত হৈ থাকে বুলি কোৱা হয়। লাগিলে যিমানে বুজা থাকক। চতুৰ্থ বচনত কন্যায়ে সেইটোৱে মনত পেলাই যে আপুনি নিজৰ দায়িত্বৰ পৰা আঁতৰি বা পলাই ফুৰিব নোৱাৰে আৰু ভৱিষ্যতেই পৰিয়ালৰ গোটেই দায়িত্ব পালন কৰিব লাগিব।যদি আপুনি ইয়াৰ বাবে সক্ষম তেতিয়া মই আপোনাৰ বাওঁফালে আহিবলৈ সাজু আছোঁ। সেই কাৰণে মাক-দেউতাকেও বিয়া ঠিক  কৰা আগত সুধে যে ল'ৰাটোৱে কি কৰে। ইয়াৰ চিধা অৰ্থ হ'ল ল'ৰাটো নিজৰ ভৰিৰ ওপৰত থিয় দি আছে নে নাই। আগলৈ গৈ নিজৰ দায়িত্ব পালন কৰিব পাৰিব নে নাই।( Assamese Fact )


৫.ইয়াত কন্যায়ে দৰাক বিচাৰে যে আপোনাৰ যিকোনো কাৰ্য বা লেনদেনৰ বিষয়ে আপুনি মোৰ লগত কথা বতৰা পাতিব বা মোক ক'ব। যদি আপুনি সন্মত তেতিয়া মই আপোনাৰ বাওঁফালে আহিবলৈ সাজু আছোঁ।এই বচনে মহিলাক পুৰুষৰ সমান অধিকাৰ  দিয়া আৰু তেওঁৰ অধিকাৰক বুজায়।



৬.এই বচনে কন্যাৰ মান-সন্মানক সূচায়। কন্যায়ে দৰাক কয় যে মই মোৰ লগৰ ছোৱালী, মহিলা, পৰিয়াল আৰু ওচৰ চুবুৰীয়া লগত থাকিলে আপুনি তেওঁলোকৰ সন্মুখত মোক অপমান কৰিব নোৱাৰে। বেয়া অভ্যাস যেনে-মদ,জোৱা আদি বেয়া বস্তুৰ পৰা দূৰত থাকিব।যদি মোৰ এই চৰ্ত আপুনি মানে তেতিয়া মই আপোনাৰ বাওঁফালে আহিবলৈ সাজু আছোঁ।



৭.শেষ আৰু অন্তিমটো বচনত কন্যায়ে দৰাক কয় যে আপুনি পৰ স্ত্ৰীক নিজৰ মা বুলি ভাবিব। স্বামী আৰু পত্নী মাজৰ এই সম্পৰ্কত আনক কেতিয়াও সোমাব নিদিয়ে।যদি এইটো বচন আপুনি মোক দি দিয়ে। তেতিয়া মই আপোনাৰ বাওঁফালে আহিবলৈ সাজু আছোঁ।


এইসমূহ আছিল বিয়াত লোৱা সাতটা বচন।এই সাতটা বচন কন্যায়ে দৰাক বিচাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:

Post a Comment

Advertisement

Pages