আজি আমি আপোনালোকক এনেকুৱা ৯টা উপায়ৰ বিষয়ে কম যিবোৰ সকলো মহিলাই কৰিব লাগে।যাৰ ফলত আমাৰ ঘৰলৈ সু-সমৃদ্ধি আহে ।যদি আপোনালোকে এইসমূহ কৰে তেতিয়া বহুত ভাল কথা। যদি নকৰে তেতিয়া আজিৰ পৰা কৰিবলৈ চেষ্টা কৰক।
( Assamese Fact )
১.যেতিয়া আমি ৰুটি বনাওঁ প্ৰথমতে বনোৱা ৰুটিটো কেতিয়াও আমি কাকো খাবলৈ দিব নালাগে। যিটো কাৰো বাবে শুভ নহয়। প্ৰথমতে বনোৱা ৰুটিটো কেতিয়াও আমি ঘৰৰ মানুহক খাবলৈ দিব নালাগে।
২.গেছৰ ওপৰৰ বনাই থকা বা বনাই হোৱা লগে লগে গেছৰ ওপৰত থৈ কেতিয়াও কেৰাহীৰ পৰা ভাজি বা চৰ্জী দিব নালাগে। লাগিলে যিয়ে হক। অবিবাহিত ল'ৰা ছোৱালীক এনেকে কেতিয়াও দিব নালাগে।
৩.ৰুটি বনালেও প্ৰথমতে ৰুটি টাৱাৰ পৰা নমাই প্লেট এখন থৈ ল'ব তাৰ পাছতহে খাবলৈ দিব লাগে।
৪.কেতিয়াও ৰুটি বেলা বেলনাখন বেলাৰ পিছত লেটেৰা কৰি ৰাখিব নালাগে আৰু ৰাতিও ভোজন বনোৱা ঠাইখিনি লেটেৰা কৰি ৰাখিব নালাগে।বাচন- বৰ্তন নুধুলেও এইবোৰ সৰু কাম কৰি শুব লাগে।বেলনাখন কেতিয়াও বাচন - বৰ্তন ধুৱা জাবৰটোৱে দি ধুব নালাগে। তাৰ বাবে বেলেগ এটা ঘহা জাবৰ ৰাখিব লাগে বা ল'ব লাগে।(Assamese Fact )
৫. গেছৰ ওপৰত ৰাতি কেতিয়াও কেৰাহী বা অন্য বাচন- বৰ্তন থৈ শুব নালাগে। কাৰণ কোৱা হয় যে অলপ সময়ৰ বাবে হ'লেও সকলোৰে মূৰৰ পৰা ভাৰ আঁতৰাই বা কমাই দিব লাগে।
৬.বাহিৰৰ পৰা যদি আমি কিবা খাই আহোঁ তেতিয়া আমি ঘৰলৈ আহি গাখীৰত অলপ আৰু চাউল দি গৰম কৰিব বা উতলাব লাগে। কাৰণ সদায় ঘৰত জুই বা গেছ লগাব লাগে।বাহিৰৰ পৰা খাই আহিলেও এই নিয়মটো সকলো মহিলাই কৰিব লাগে। গাখীৰ নহ'লে পানীকে লৈ ল'ব। তাৰ পাছত সেই গাখীৰখিনি চেকি থৈ দিব।
৭. কিছুমান মানুহে কয় যে পূৰ্বপুৰুষ আৰু ভগৱান ৰাতি আহে। সেই কাৰণে আমি এটা হ'লেও ৰাতি ৰুটি এখন প্লেটত থৈ ধাকি থব লাগে। লগত এগিলাছ পানীও থব লাগে। সেই ৰুটিটো ৰাতিপুৱা আপোনালোকে গৰু বা চৰাই -চিৰিকটিকো খাবলৈ দিব পাৰে। এনেদৰে সদায় কৰিব লাগে । কাৰণ ইয়াৰ ফলত ঘৰত সুখ -সমৃদ্ধি বৃদ্ধি হয় আৰু কেতিয়াও সমস্যা নাহে।পানীখিনি গামলা বা অন্য গছত বা বেলেগতো দিব পাৰে।
৮. কিছুমান এনেকুৱা শাক-পাচলি আছে য'ত আমি মচলা নিদিওঁ আৰু সকলোৰে বনোৱা নিয়মো বেলেগ বেলেগ থাকে। কিছুমানে শাক-পাচলি বনাওঁতে হালধী নিদিয়ে। কিন্তু হালধী বহুত শুভ বস্তু বুলি কোৱা হয়। সেই কাৰণে অলপ হ'লেও শাক-পাচলি বনাওঁতে হালধী দিব লাগে।অলপ হ'লেও নিয়মতো কৰিব লাগে।
৯.যদি আপোনালোকে ক'ৰবাত দিবলৈ পানী গৰম কৰে তেতিয়া সেই পানীখিনি বহুত গৰম হৈ থাকোতেই
ধালি নিদিব । তাত অলপ ঠাণ্ডা পানী মিলাইহে ধালিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment