ঘৰলৈ দৰিদ্ৰতা অহাৰ কি কি আগজাননী হয় , ঘৰলৈ দৰিদ্ৰতা কেনেকৈ আহে আজি এই লিখাটোত আমি সেই বিষয়ে জানিম। ( Assamese Fact )
আপুনি বিশ্বাস কৰিব নোৱাৰিব যে কিমান সৰু সৰু কাৰণৰ বাবে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহে । এই কাৰণ সমূহ জানিলে আপুনি সেই ভুলসমূহ শুধৰাই নিজৰ ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ কৰাব পাৰিব। আহকচোন এতিয়া জানি লওঁ দৰিদ্ৰতা অহাৰ কি কি কাৰণ।
প্ৰথমতেই জানি লওঁ যে দৰিদ্ৰতা কি ? দৰিদ্ৰতা হৈছে সেইটো সমস্যা যত ব্যক্তি এজনে নিজৰ জীৱনৰ মূল আৱশ্যকতা যেনে ৰুটি, কাপোৰ , ঘৰ , নিজ সন্তানৰ পঢ়া শুনা ইত্যাদি সমূহ পূৰণ কৰিব নোৱাৰে। সেই ব্যক্তিজনৰ আয় বহুত কম হয়। যদি নিজৰ আয় বঢ়াব বিচাৰে আৰু দৰিদ্ৰতা নাইকিয়া কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে উপায় কৰক।
প্ৰতিজন মানুহেই জীৱনত আগবাঢ়িবলৈ প্ৰয়াস কৰে, বহুত কষ্ট কৰে কিন্তু তাৰ অনুসাৰে তেওঁ ফল লাভ নকৰে । আচলতে ইয়াৰ কাৰণ কি? কিয় আপুনি দৰিদ্ৰতাৰ সন্মুখীন হবলগা হয়?
ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বহুতো নিয়ম আছে যিসমূহ মানুহে পালন কৰিব লাগে। ৰাতি মানুহে সোনকালে আহাৰ গ্ৰহণ কৰি শুই যাব লাগে।
মানুহে ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ পূৰ্বেই শুই উঠিব লাগে । ৰাতিপুৱা শুই উঠাৰ পাছত সূৰ্যক প্ৰণাম কৰিব লাগে। বহুতো মানুহে কিন্তু এনে নকৰে আৰু দৰিদ্ৰতাৰ ই এক বহুত ডাঙৰ কাৰণ হয়। ঘৰত থকা তুলসীৰ পুলিটো যদি শুকাই যায় তেন্তে তাক তৎক্ষণাত তাৰ যত্ন লওক পানী দিয়ক। অন্যথা ই আপোনাৰ দৰিদ্ৰতাৰ কাৰণ হব। তুলসী মা লক্ষ্মী হয়, যদি আপোনাৰ ঘৰৰ লক্ষ্মী শুকাই গৈছে তেন্তে তাত পানী ধালক নতুবা যদি বেছিকৈ শুকাই গৈছে তেন্তে তাক আঁতৰাই দিয়ক আৰু পবিত্ৰ নদীত বিসৰ্জন কৰি দিয়ক।
ঘৰত খোৱা খাদ্য সমূহত আমি প্ৰায়ে কলা ৰঙৰ পৰুৱা দেখিবলৈ পাওঁ। যেতিয়াই আপুনি ইয়াক দেখিবলৈ পাব তৎক্ষণাত ইয়াক পৰিষ্কাৰ কৰক। পৰিষ্কাৰ নকৰিলে কলা পৰুৱা সমূহে বাহ লব আৰু ই ঘৰ খনলৈ আহিবলগীয়া আটাইতকৈ ডাঙৰ সমস্যাৰ প্ৰতি ইংগিত দিয়ে। এই কলা পৰুৱাই সকলোতকৈ বেয়া সময় লৈ আনে। আপোনাৰ ঘৰত থকা ফুলৰ পুলি বা অন্য গছ গছনি সদায় ভৰপূৰ সেউজীয়া হৈ থাকিব লাগে। লগতে আপোনাৰ ঘৰত যিসমূহ পুলি আছে সেইবোৰত কাঁইট থাকিব নালাগে। কাঁইটীয়া গছ থাকিলে আপোনাৰ ঋণ বাঢ়ি গৈ থাকে। কাঁইটীয়া গছ কেতিয়াও আপোনাৰ ঘৰত নলগাব।
যিডাল ঝাড়ু ভাঙি গৈছে ঘৰত সেই ঝাড়ু থৈ নিদিব। যিডাল ঝাড়ু বেয়া হৈ যোৱাৰ পাছতো ঘৰৰ কোনো এটা চুকত তাক থৈ দিছে তাক তৎক্ষণাত উলিয়াই পেলাওক। ঘৰত ঝাড়ুক লক্ষ্মীৰ প্ৰতীক বুলি মানি লোৱা হয় । গতিকে নিজেই ঘৰলৈ দৰিদ্ৰতাক নিমন্ত্ৰণ নিদিব। যিবোৰ বস্তু আপোনাৰ ঘৰত ভাঙি ছিঙি আছে লাগে সেইয়া কাছৰ বাচন হওক বা পিতলৰ , ষ্টিলৰ বাতি, গিলাচ ভাঙি গৈছে তেন্তে তাক ঘৰত নাৰাখিব। ভাঙি যোৱা বৰ্তনত ভোজন গ্ৰহণ নকৰিব। ই দৰিদ্ৰতা আৰু অভাৱৰ প্রতি ইংগিত দিয়ে।
তাৰ পাছত হৈছে জেঠী। আপোনাৰ ঘৰত জেঠী থকাটো বহুত শুভ মনা হয়। মা লক্ষ্মী জেঠীৰ ৰূপত সাক্ষাৎ আপোনাৰ ঘৰৰ প্ৰতীক হয়। যদি আপোনাৰ ঘৰত জেঠী আছে তেন্তে তাৰ নিৰাদৰ নকৰিব। যদি জেঠী মাটিত পৰি থকা দেখা পায় তেন্তে শীঘ্ৰেই তাক খেদি দিয়ক। কিয়নো মাটিত পৰি থকাৰ অৰ্থ হৈছে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাটো। যদি জেঠী আপোনাৰ পাকঘৰত অথবা ভগৱানৰ মন্দিৰত থাকে তেন্তে ই বহুত ভাল লক্ষণ। যিদিনাই মাটিত গৈ থকা অৱস্থাত জেঠী দেখা পাব তাক তৎক্ষণাত উলিয়াই পথাওক। ই দৰিদ্ৰতাৰ আটাইতকৈ ডাঙৰ কাৰণ হয়। জেঠীয়ে পোৱালি জন্ম দিবৰ সময়ত মাটিত খোজ কাঢ়ে। কিন্তু যেতিয়া ই পোৱালি জন্ম দিয়ে সেই সময়ত ই ঘৰৰ বাহিৰত থাকিব লাগে। কোৱা হয় যে যেতিয়া জেঠী মূৰৰ ওপৰত পৰে ইয়াৰ অৰ্থ যে আপোনাৰ মৃত্যু নিকট আছে। এই কথাৰ বাস্তু শাস্ত্ৰত প্ৰমাণ আছে। ( Assamese Fact )
যদি কোনো স্ত্ৰীৰ মূৰত কাউৰী আহি বহে তেন্তে তেওঁৰ স্বামীৰ বহুত ডাঙৰ বিপদ আহিবলগা আছে আৰু ইয়াক কোনেও ৰখাব নোৱাৰে। কাউৰীৰ পৰা আঁতৰত থাকক আৰু যদি ঘৰত দেখিছে তেন্তে তাক খেদি দিয়ক। কাউৰীয়ে ঘৰৰ ছাদত আহি বহিলে বহুতো কথাৰ ইংগিত দিয়ে। যদি আপোনাৰ ঘৰটো কাউৰী আহে তেন্তে তাক বেছি সময় থাকিবলৈ নিদি খেদি দিব লাগে। ই আপোনাৰ দৰিদ্ৰতাৰ প্ৰতি ইংগিত দিয়ে।
ঘৰত মেকুৰীয়ে কান্দি থকাটোও দৰিদ্ৰতাৰ প্ৰতীক হয় । ঘৰত মেকুৰীয়ে কান্দি থকাটোও হৈছে দৰিদ্ৰতা অহাৰ আগজাননী। আমাৰ হিন্দু সংস্কৃতিত মেকুৰীক অশুভ মনা হয়। অৱশ্যে ঠাই বিশেষে মেকুৰীক শুভ মনা হয়। আমাৰ দেশত মেকুৰীয়ে কান্দি থকা অৱস্থাত বহুত অশুভ বুলি কোৱা হয়। মেকুৰীয়ে কান্দিলে আমাৰ ঘৰত কিবা অশুভ হোৱাৰ সংকেত হয়। গতিকে যদি ঘৰত মেকুৰীয়ে কান্দি থকা শুনে তেন্তে তাক তৎক্ষণাত খেদি পথাওক।
যদি আপোনাৰ ঘৰত কোনো সদস্যই সূৰ্য অস্ত যোৱাৰ পাছত অৰ্থাৎ সন্ধিয়া সময়ত কিবা বস্তু বিচাৰি আহে তেন্তে তেওঁক একো নিদিব। ৰাতিপুৱা দিম বুলি কৈ তেওঁক পঠিয়াই দিয়ক। ৰাতিৰ সময়ত যদি আপুনি কাৰোবাক কিবা বস্তু দিয়ে তেন্তে লক্ষ্মী মা ক্ৰোধিত হয় কিয়নো সেই সময়তো লক্ষ্মীৰ আগমন হয়। যদি লক্ষ্মীৰ আগমনৰ সময়ত আপুনি নিজৰ ঘৰৰ লক্ষ্মীক বেলেগক দি দিয়ে তেন্তে লক্ষ্মী মা ক্ৰোধিত হবই।
ৰাতিপুৱা সোনকালে শুই উঠি ঘৰ পৰিষ্কাৰ কৰি জাৱৰ যোথৰ সদায় পেলাই দিব লাগে। ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত সেই জাৱৰ বোৰ থাকিব লাগে ঘৰৰ ভিতৰত থাকিব নালাগে। যত পৰিষ্কাৰ পৰিচন্নতা থাকে তালৈহে লক্ষ্মী আহে ।
ঘৰৰ দেৱালত থকা ঘৰীয়েও কিন্তু বহুত সংকেত দিয়ে। যদি আপোনাৰ ঘৰত ঘড়ী বন্ধ হৈ আছে তেন্তে তাক পুনৰ বেটাৰি লগাই চলাওক নতুবা উলিয়াই পেলাই দিয়ক। বেয়া ঘড়ী ঘৰত নাৰাখিব। বন্ধ ঘড়ী থাকিলে আপোনাৰ ভাগ্যখনো বেয়া হয় বুলি কয়।
যদি আপুনি কোনো শ্মশানলৈ যায় তেন্তে তাত একেবাৰেই নাহাঁহিব। পাকঘৰৰ ওচৰত শৌচালয় নাসাজিব। পাকঘৰৰ ওচৰত ভগৱানৰ মন্দিৰ সাজক। যেতিয়াই ভোজন কৰে হাত নোধোৱাকৈ নকৰিব । গধূলি সময়ত একেবাৰে নুশুব। আলহী আহিলে খং নকৰিব। দাঁতেৰে নখ নাকামুৰিব। মহিলাসকলে থিয় হৈ চুলি আছুৰিব নালাগে। যদি কোনো পবিত্ৰ নদীত স্নান কৰিব গৈছে তেন্তে তাত জোতা চেন্ডেল পিন্ধি নাযাব। গৰু গাইক ভৰিৰে প্ৰহাৰ নকৰিব। কোনো গৰিবৰ অপমান নকৰিব আৰু প্ৰতাৰণাও নকৰিব। এনেকুৱা বহুতো মানুহ আছে যিয়ে কোনো সহজ সৰল আৰু গৰিব বেপাৰীৰ পৰা বস্তু ঠগি লৈ বা চুৰি কৰি লৈ আনে। কিন্তু এনে কৰিব নাপায় আৰু গৰিবৰ পেটত কেতিয়াও গুৰ মাৰিব নাপায়। ৰাতিৰ সময়ত ঘৰত ঝাড়ু নামাৰিব। ঘৰত থকা মকৰাৰ জাল সময়ে সময়ে চাফা কৰি থাকক। জোতা চেন্ডেল মুখ্য দুৱাৰৰ সন্মুখত নাৰাখিব। জলি থকা চাকি মুখেৰে ফু কৰি কেতিয়াও নুমোৱাই দিব নালাগে। ভগৱানক পূজা অৰ্চনা কৰা ঠাই সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ঘৰত যিসকল বিবাহিত মহিলা থাকে তেওঁলোকে সদায় কপালত ফুট লগাব লাগে। কপালত ফুট আৰু ডিঙিত মংগলসূত্ৰ নিশ্চয় পিন্ধিব লাগে। কিয়নো হিন্দু ধৰ্মত শিৰত সেন্দুৰ, কপালত ফুট আৰু ডিঙিত মংগলসূত্ৰ শধবা হোৱাৰ প্ৰতীক হয়।
মা লক্ষ্মীৰ কৃপা যদি নিজৰ ওপৰত সদায় থকাটো বিচাৰে তেন্তে এই নিয়ম সমূহ পালন কৰক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:
Post a Comment