আজি আমি এই লেখাটোৰ জৰিয়তে জানিম যে মহিলাসকলে পূজা অৰ্চনাৰ বাহিৰেও কোন ৫ তা কাম কৰাটো প্ৰয়োজনীয় । ( Assamese Fact )
যদি পূজা অৰ্চনা কৰাৰ পাছতো আমাৰ জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই তেন্তে এই ৫ তা কাম নিশ্চয় কৰক।
জীৱনত আমাৰ কৰিবলগীয়া বহুতো কাম থাকে নিজৰ ঘৰখনৰ হিতৰ বাবে। ইমানবোৰ কৰাৰ পাছতো এনেকুৱা লাগে যেন কৰবাত কিবা ৰৈ গৈছে।
আমাৰ ঘৰৰ ওচৰত যেতিয়া পৰিয়াল বহুত থাকে যেনে ননদৰ ঘৰ, নবৌৰ ঘৰ ওচৰে পাজৰেই হয়। কিন্তু যেতিয়া দূৰৰ পৰা কোনো অতিথি আহে অৰ্থাৎ যদি সেইয়া আপোনাৰ ননদ হয় তেন্তে তেওঁক কেতিয়াও দুখ মনেৰে ঘৰৰ পৰা পঠিয়াব নালাগে । কিয়নো ওচৰত থকা সকলকতো আমি সঘনেই লগ পায় থাকোঁ । কিন্তু ওচৰত থকাসকলৰ কিছুমান লাভ আছে আৰু কিছুমান লোকচান আছে। লাভ হয় কিয়নো সুখ দুখৰ সময়ত সহায় হয় ওচৰত থকাৰ বাবে শীঘ্ৰেই আহিব পাৰি। কিন্তু বেছি ওচৰত থকাৰ বাবে সম্পৰ্কটো তেনেকুৱা হৈ নাথাকে যিমান দূৰত থকাহকলৰ প্ৰতি আদৰ থাকে লাগিলে সেইয়া মা হওক, বাই ভনী হওক বা নবৌ। গতিকে যিমান দূৰত থাকিব সিমানেই মৰম চেনেহ বৰ্তি থাকিব। বাকী সকলোৰে নিজৰ নিজৰ বিচাৰৰ ওপৰত কথা। যেতিয়াই আপোনাৰ ছোৱালী, ননদ আপোনাৰ ঘৰলৈ আহিব ধ্যান ৰাখিব যাতে কেতিয়াও দুখ মনেৰে নাযায়।
যদি আগতে আপুনি আপোনাৰ ননদৰ লগত কিবা কাজিয়াও কৰিছিল তেন্তে সকলো পাহৰি তেওঁৰ লগত সম্পৰ্ক ঠিক কৰি লওক আৰু তেওঁক সুখী মনেৰে বিদায় দিয়ক। আমাৰ সমাজ ব্যৱস্থাত প্ৰায়ে নবৌ সকলক ইয়াৰ বাবে জগৰীয়া কৰা হয় গতিকে নবৌ সকল এই ক্ষেত্ৰত সাৱধান হব লাগে। তেওঁ লাগিলে যিমানেই বেয়া হওক আমি কিন্তু নিজৰ কৰ্তব্য সদায় পালন কৰি যাব লাগে। আমি কেতিয়াও কাৰো অপমান কৰিব নালাগে। ( Assamese Fact )
দ্বিতীয়তে, কেতিয়াও নিজৰ দুৱাৰমুখৰ পৰা ভীক্ষাৰীক উভতাই পঠাব নালাগে। আপোনাৰ ওচৰত যি আছে তাকেই তেওঁক দি পঠিয়াব লাগে। আপোনাৰ ওচৰত যি থাকে লাগিলে ১/২/৫ টকা হওক বা চাউল, আতা হওক তাকেই তেওঁক দি পঠাব। গতিকে নিজৰ সাধ্য অনুসাৰে যি পাৰে দিয়ক কিয়নো ভীক্ষাৰী সকলেতো নোৱাৰাত হে আপোনাৰ ওচৰত ভিক্ষা কৰিব আহিছে। আমি মহিলাসকলে এই সমূহ কথাত বহুত গুৰুত্ব দিব লাগে। ঘৰত যদি সৰু লৰা ছোৱালী থাকে তেন্তে তেওঁলোকে এইবোৰ বুজি নাপায় আৰু ভীক্ষাৰীক কিছুমান সৰু লৰা ছোৱালীয়ে খেদি দিয়ে। কিন্তু যদি আপুনি ভীক্ষাৰী জন অহা গম পাইছে তেন্তে তেওঁক খালি হাতে নপঠাব আৰু নিজৰ সাধ্য অনুসাৰে যি পাৰে দি পথাওক। আৰু যদি আপোনাৰ সন্তানেও তেনেকুৱা কৰে তেন্তে সিহঁতক বুজাওক।
তৃতীয়তে যেতিয়া আমি আহাৰ গ্ৰহণ কৰোঁ বা আহাৰ গ্ৰহণ কৰিবলৈ লওঁ আৰু তাৰ আগতে যেতিয়া গৰুক ৰুটি খাবলৈ দিয়া হয় তেতিয়া সেই গৰুজনী সন্ধিয়ালৈ ঘূৰি আহিব। ধৰি লওক সেই সময়ত আপোনাৰ ঘৰত খাবলৈ ৰুটি, চাউল একো নাই তেন্তে সেই সময়ত আপুনি অত্যন্ত এটা বিস্কুট দি দিয়ক। গৰুক খাবলৈ দিয়াটো বহুত শুভ বুলি মনা হয়। ঘৰত সুখ সমৃদ্ধিৰ বাবে এনে কৰাটো বহুত ভাল হয়। নিজৰ উপার্জনেৰে এটা ৰুটি নিশ্চয় কোনো এক জীৱক খাবলৈ দিয়ক ।
চতুৰ্থতে ,আমি কেতিয়াও খঙত আহাৰ ৰান্ধিব নালাগে। আমি যিবোৰ কাম মৰমত কৰোঁ তাত আমি বহুত ভাল দিশ দেখা পাওঁ । কিন্তু যিবোৰ কাম আমি খঙেৰে বা অন্তৰৰ পৰা নকৰো সেইবোৰ কামত আমি ভাল ফল নাপাওঁ। খঙত কেতিয়াও খোৱা খাদ্য প্ৰস্তুত নকৰিব। সেই আহাৰ খোৱাটো ও হানিকৰক কাৰণ ঘৰৰ ৰান্ধনী গৰাকীয়ে আহাৰ ৰান্ধি ঘৰৰ সকলোৰে পেট ভৰাই আৰু তেওঁৰ সেইটো বহুত ডাঙৰ দায়িত্ব হয় গতিকে খঙত কেতিয়াও আহাৰ ৰান্ধিব নালাগে।
পঞ্চমতে, আমি ৰাতিপুৱা সোনকালে শুই উঠিব লাগে দেৰিলৈকে শুই থাকিব নালাগে। আৰু দেৰিকৈ ঘৰত ঝাড়ু মাৰিব নালাগে। পুৰুষ সকল অলপ দেৰিলৈকে শুই থাকিলেও কোনো কথা নাই কিন্তু ঘৰৰ লক্ষ্মী সকলে কেতিয়াও দেৰিলৈকে শুই থাকিব নালাগে। কিয়নো ঘৰৰ লখিমী গৰাকী দেৰিলৈকে শুই থকাটো শুভ নহয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:
Post a Comment