এই ১৬ শৃংগাৰ অবিহনে নাৰীৰ স্বৰূপক আধৰুৱা বুলি গণ্য কৰা হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 31, 2021

এই ১৬ শৃংগাৰ অবিহনে নাৰীৰ স্বৰূপক আধৰুৱা বুলি গণ্য কৰা হয় : Assamese Fact

Assamese Fact

 

 বন্ধুসকল ,যিদৰে হিন্দু ধৰ্মত প্ৰভু ৰামে এজন আদৰ্শ পুৰুষৰ ছবি দাঙি ধৰে  ঠিক সেইদৰে মা সীতাও এগৰাকী উৎকৰ্ষ নাৰীৰ নিদৰ্শন হয়।  ( Assamese Fact )


কিন্তু আপুনি জানেনে যে চন্দ্ৰমাৰ ১৬ কলাৰ অভাৱত পুৰুষ কেতিয়াও সম্পূৰ্ণৰূপে পুৰুষ হব নোৱাৰে। ঠিক সেইদৰে ১৬ শৃংগাৰ অবিহনে নাৰীৰ স্বৰূপকো আধৰুৱা বুলি মনা হয়। আজি আমি এই লিখনিটোৰ জৰিয়তে নাৰীৰ ১৬ শৃংগাৰৰ বিষয়ে জানিম যাৰ বিষয়ে জানি নাৰীৰ প্ৰেম, শক্তি,সমৰ্পণৰ বিষয়ে এটা আভাষ হব। আহকচোন এই বিষয়ে বিস্তাৰ ভাবে আলোচনা কৰোঁ।

 ৰাজকুমাৰী সীতাৰ বিবাহৰ সময়ছোৱাত তেওঁৰ শৃংগাৰ কৰি থকা হৈছিল আৰু তেতিয়াই তেওঁৰ মনত এই জিজ্ঞাসা হল যে আচলতে নাৰীৰ কিয় ১৬ শৃংগাৰ কৰা হয়? তেওঁ এই প্ৰশ্নটো নিজৰ মাতৃক কৰিলে। তেতিয়া তেওঁৰ মাতৃয়ে কলে,' যিদৰে চন্দ্ৰমাৰ ১৬ কলা পুৰুষৰ বাবে নিৰ্ধাৰিত কৰা হৈছে  ঠিক সেইদৰে নাৰীৰ বাবেও  ১৬ শৃংগাৰ নিৰ্ধাৰিত কৰা হৈছে । এই ১৬ শৃংগাৰেই হৈছে নাৰীৰ সম্পূৰ্ণ স্বৰূপৰ চীন। 

পুনৰ ৰাজকুমাৰী সীতাই কলে,' যদি তেনে হয় তেন্তে মই আপোনাৰ পৰা এই ১৬ আভূখনৰ ভাবৰ বিষয়ে জানিব বিচাৰিম। সৰ্বপ্ৰথমে মোক কওক যে কপালত থকা এই মৰম লগা ফুট তোৰ কি অৰ্থ? ইয়াক কিয় কঁপালতেই লগোৱা হয়?' 

তেতিয়া তেওঁৰ মাতৃয়ে উত্তৰ দিলে,'যিদৰে ভগবান সূৰ্যই নিজৰ পোহৰেৰে গোটেই পৃথিৱীক প্ৰকাশিত কৰি তোলে ঠিক সেইদৰে আজিৰে পৰা তুমি নিজৰ দুষ্টামিবোৰক এৰি নিজৰ শহুৰৰ ঘৰখন নিজৰ মৰম চেনেহেৰে পোহৰাই তুলিব লাগিব।'


তেতিয়া সীতাই কলে যে এইটো বহুত ভাল কথা মা আৰু এই কথাষাৰ মই সদায় মনত ৰাখিম। তাৰ পাছত সীতাৰ দ্বিতীয় প্ৰশ্ন আছিল ,"কাজল চকুত কিয় লগোৱা হয়?"

তেতিয়া মাতৃয়ে উত্তৰ দিলে,' মাজনী কাজল লগোৱাৰ অৰ্থ এয়ে যে তুমি তোমাৰ চকুযুৰিত সদায় লাজ আৰু শীতলতা ধাৰণ কৰিব লাগিব। নিজতকৈ ডাঙৰ সকলৰ আগত তোমাৰ চকুযুৰি সদায় তল নমাই থব লাগিব। লগতে এই কাজলে তোমাক বেয়া দৃষ্টিৰ পৰাও সুৰক্ষিত কৰি ৰাখিব।" 

 তাৰ পাছত সীতাৰ তৃতীয়টো প্ৰশ্ন," মা নাকত এই নাকফুলি কিয় পিন্ধা হয়?"  ( Assamese Fact )

মাতৃৰ উত্তৰ,"ইয়াৰ অৰ্থ হৈছে যে আজিৰে পৰা তুমি তোমাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব , অৱশ্যে তুমিতো জানাই যে নাৰীৰ মন কিমান চঞ্চল হয় । ই তোমাক যিকোনো সময়ত দিশ হেৰুৱাব পাৰে তোমাৰ মনক অশান্ত কৰিব পাৰে। কিন্তু আজিৰ পৰা এই নাকফুলিটোৱে তোমাক সদায় এইটো কথা স্মৰণ কৰাব যে তুমি যিকোনো পৰিস্থিতিত নিজৰ মনৰ অধীন হব নালাগিব। বৰঞ্চ মনটোক তোমাৰ অধীনত ৰাখিব লাগিব।" 

তাৰ পাছত সীতাৰ প্ৰশ্ন, "মা শিৰত লগোৱা এই তিকলিডালৰ  কি অৰ্থ ?" 

মাতৃৰ উত্তৰ," ই তোমাৰ পৰিয়ালৰ যশ আৰু প্ৰতিষ্ঠাৰ প্রতীক হব। আজিৰে পৰা তুমি এনেকুৱা কামৰ পৰা বাছি থাকিব লাগিব যাৰ ফলত তোমাৰ পিতা তথা স্বামীৰ প্ৰতিষ্ঠাৰ ওপৰত হানি হয়। এতিয়া তুমি দুখনকৈ ঘৰৰ প্ৰতিষ্ঠা হয়। সেইবাবে তুমি নিজৰ কুলক কলংকৃত হোৱাৰ পৰা বচাব লাগিব।"


পুনৰ সীতাৰ প্ৰশ্ন,"মা এই কানফুলিজুৰৰ কি মহত্ব আছে আৰু ইয়াক কাণত কিয় ধাৰণ কৰা হয়?"

মাতৃৰ উত্তৰ," মাজনী এই কানফুলিয়ে সদায় তোমাক আনৰ প্ৰশংসা শুনিবলৈ আকৰ্ষিত কৰিব। কিন্তু তাৰ বিপৰীতে কেতিয়াবা  যদি তুমি আনৰ বিষয়ে কাৰোবাৰ মুখত বেয়া বা হিংসাপূৰ্ণ কথা শুনা তেন্তে সেই কথাবোৰ অনুসৰণ কৰাৰ সলনি সেইবোৰ শুনিও নুশুনাৰ ভাও জুৰিব লাগিব সেইবোৰত গুৰুত্ব দিব নালাগিব।" 


 পুনৰ সীতাৰ প্ৰশ্ন," মা এই আঙুঠি কিয় পিন্ধা হয়?" 

পুনৰ মাতৃয়ে উত্তৰ দিলে," এই আঙুঠিটোয়ে সদায় তোমাক এইটো কথা স্মৰণ কৰাব যে তুমি আজিৰে পৰা নিজৰ স্বামীৰ প্ৰতি সম্পূৰ্ণ ভাবে নিষ্ঠাবান হৈ থাকিবা। লগতে এই আঙুঠিটোৱে তোমাৰ হৃদয়ত থকা স্বামীৰ প্ৰতি অনন্য স্নেহ প্ৰকাশ কৰিব।" সীতাই পুনৰ মাকক এই কথাষাৰ অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে।

পুনৰ সীতাই মাকক প্ৰশ্ন কৰিলে,"ভৰিৰ আঙুলিত  কিয় আঙুঠি পৰিধান কৰা হয়?"

মাতৃৰ উত্তৰ," আজিৰে পৰা ই তোমাক এইটো কথাৰ স্মৰণ কৰাব যে তুমি সদায় চল কপটৰ পৰা দূৰত থাকিব লাগিব। তুমি নিজৰ মনৰ চঞ্চলতাৰ পৰা বাছি থাকিব লাগিব। তুমি নিজেই ভালে থাকিলেহে শহুৰৰ ঘৰত মান সন্মানৰ প্ৰতিষ্ঠা লাভ কৰিব পাৰিবা। " 


 পুনৰ সীতাৰ প্ৰশ্ন,"ভৰিত পৰিধান কৰা পায়েলৰ কি মহত্ব আছে?"

মাতৃৰ উত্তৰ," পায়েল শুভাগ্যৰ প্ৰতীক হয়। পায়েলৰ জুনুকাৰ সুমধুৰ ধ্বনিয়ে তোমাৰ ঘৰৰ সমৃদ্ধি  বঢ়োৱাৰ লগতে ই তোমাক এইটো কথাৰো স্মৰণ কৰাব যে আজিৰে পৰা শহুৰৰ ঘৰত তোমাৰ স্থান সদায় স্বামীৰ চৰণত । ঠিক সেইদৰে যিদৰে মা লক্ষ্মীৰ স্থান ভগবান বিষ্ণুৰ চৰণত। 

 সীতাই পুনৰ প্ৰশ্ন কৰিলে," মা , হাতত পিন্ধা এই খাৰুজোৰৰ কি অৰ্থ?" 

মাতৃ,"  এই খাৰুজোৰ এইটো কথাৰ প্ৰতীক হয় যে তুমি সদায় কটু বছনৰ পৰা দূৰত থাকিব লাগিব। আজিৰে পৰা তুমি এনেকুৱা বচন ব্যৱহাৰ নকৰিবা যিবোৰ আনে শুনি বেয়া পায়।"


সীতাৰ প্ৰশ্ন এনেদৰেই এটাৰ পাছত আনটো ১৬ শৃংগাৰৰ বিষয়ে ক্ৰমান্বয়ে গৈ থাকিল।

" মা হাতৰ দুবাহুত এই বাজু কিয় পৰিধান কৰা হয়?"

মাতৃয়ে উত্তৰ দিলে," মাজনী এই বাজু বহুত মহত্বপূৰ্ণ আভূখন হয়। ই সদায় তোমাক এইটো কথাৰ স্মৰণ কৰাব যে তুমি নিজৰ পৰিয়ালৰ ধন সম্পত্তিৰ ৰক্ষা কৰিব লাগিব। আজিৰে পৰা তুমি নিজৰ স্বামীক এনেকুৱা কোনো অনুচিত বস্তু নিবিচাৰিবা লগতে এনেকুৱা কোনো কাম নকৰিবা যাৰ ফলত পৰিয়ালৰ ক্ষতি হয়। "সীতাই মাকক ধন্যবাদ দি পুনৰ প্ৰশ্ন কৰিলে," মা, কঁকালত এই কমৰবন্ধ কিয় পৰিধান কৰা হয়?" 

 মাতৃৰ উত্তৰ," এই কমৰবন্ধ পৰিধান কৰাৰ পাছত তুমি তোমাৰ স্বামীৰ ঘৰৰ গৃহিনী হৈ পৰিবা আৰু লগতে তোমাৰ দায়িত্ব বহুত বাঢ়ি যাব। গতিকে সেই দায়িত্বসমূহ তুমি বহুত সজাগ হৈ পালন কৰিব লাগিব।  " 


পুনৰ সীতাৰ প্ৰশ্ন,"মা, খোপাত ফুলৰ মালা অৰ্থাৎ গজৰা কিয় ধাৰণ কৰা হয়?"

মাকে উত্তৰ দিলে," তুমি নিজৰ স্বামীৰ গৃহত সদায় সুগন্ধিত গজৰা খোপাত ধাৰণ কৰি পূজা অৰ্চনা কৰিব লাগিব । সম্পূৰ্ণ আৰ্যৱৰ্তত বিশ্বাস কৰা হয় যে যি স্থানত ইয়াৰ পবিত্ৰ সুগন্ধি বিয়পি পৰে সেই ঘৰত বা স্থানত মা লক্ষ্মীৰ নিবাস হয় আৰু ধন সম্পত্তিৰ বিস্তাৰ আৰম্ভ হয়।" 

সীতাই আকৌ মাকক সুধিলে," মা, ডিঙিত এই হাৰ কিয় পৰিধান কৰা হয়?"

মাতৃ," মাজনী, এই  হাৰ এইটো কথাৰ প্ৰতীক হয় যে আজিৰে পৰা তুমি নিজৰ স্বামীৰ লগত সদায় হাৰ স্বীকাৰ কৰিব লাগিব। আচলতে তুমি তোমাৰ স্বামীক যিকোনো পৰিস্থিতিত হাৰি যোৱা দেখি প্ৰসন্ন হব নোৱাৰিবা  বৰঞ্চ তেওঁৰ জয়তে তোমাৰ জয় বুলি মানিব লাগিব। লগতে ই তোমাক হাঁহি মুখীয়া হোৱাৰ আভাষ দিব। যিমানেই বেয়া পৰিস্থিতি নাহক কিয় তুমি সকলো নিৰাশা ত্যাগ কৰি হাঁহিমুখে থাকিব লাগিব।"


পুনৰ সীতাই এনেদৰেই প্ৰশ্ন কৰিব ললে,"মা, মেহেন্দি কিয় লগোৱা হয় আৰু ইয়াৰ অৰ্থ কি?"

মাতৃৰ উত্তৰ,"এই মেহেন্দি এইটো কথাৰ প্ৰতীক হয় যে আজিৰে পৰা তুমি শহুৰৰ ঘৰত নিজৰ মৰম চেনেহৰ লালিমা বনাই ৰাখিব লাগিব। লগতে ই তোমাৰ স্বামীৰ প্ৰতি তোমাৰ নিষ্ঠা আৰু স্নেহকো দৰ্শাব ।" 

 পুনৰ সীতাৰ প্ৰশ্ন,"মা, শিৰত কিয় সেন্দুৰ ভৰাই লোৱা হয়?" 

মাতৃয়ে উত্তৰ দিলে," এই সেন্দুৰ তোমাৰ স্বামীৰ বাবে তেওঁৰ দীঘল আয়ুৰ প্ৰতীক হয়।  আজিৰে পৰা তুমি সদায় শিৰত সেন্দুৰ লগাব লাগিব লগতে তুমি পৰমাত্মাক প্ৰাৰ্থনা কৰিব লাগিব যে তুমি সদায় শধবা হৈ থকা আৰু যিকোনো পৰিস্থিতিত তোমাৰ শিৰৰ সেন্দুৰ কণ যাতে হেৰাই নাযায়।" 

 পুনৰ সীতাই মাকক কলে যে ,"মা শেষত তুমি মোক ডিঙিত পৰিধান কৰা এই মঙ্গলসুত্ৰ ডালৰ অৰ্থ কি কৈ দিয়া?'"

 মাতৃয়ে উত্তৰত কলে,"মাজনী, আজিৰে পৰা এই মংগলসূত্ৰ ডালে তোমাৰ সুখী দাম্পত্য জীৱনৰ প্ৰতীক স্বৰূপে দেখা দিব। ইয়াক ধাৰণ কৰাৰ পাছত ভুলটো যাতে তোমাৰ স্বামীৰ প্ৰতি অবিশ্বাসৰ ভাব নাহে। ই তোমাক ইমানেই শক্তি প্ৰদান কৰিব যে তুমি অতি সহজেই নিজৰ দাম্পত্য জীৱনৰ  সকলো দায়িত্ব পালন কৰিব পাৰিবা। আজিৰে পৰা ই তোমাৰ স্বামী আৰু তোমাৰ ভাগ্যক জোৰা লগাই এক কৰি দিব। যাৰ ফলত তুমি সেই সকলো সুখ প্ৰাপ্তি কৰিবা যি তোমাৰ ভাগ্যত কেতিয়াও নাছিল। ঠিক একেদৰে তোমাৰ স্বামীৰ লগতো হব। ইয়াৰ লগতে তোমাক ই সকলো বেয়া দৃষ্টি আৰু নকাৰাত্মক দিশৰ পৰাও বচাই ৰাখিব।" 

এনেদৰেই সীতাৰ মাতৃয়ে ৰাজকুমাৰী সীতাক ১৬ শৃংগাৰৰ বিষয়ে ভাৱপূৰ্ণ অৰ্থ ব্যাখ্যা কৰিছিল।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages