ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা এই কথা আপুনিও জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 22, 2021

ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা এই কথা আপুনিও জানি লওক : Religious Studies

Religious Studies

 এইটো প্ৰশ্ন প্ৰায় ব্যক্তিৰ মনলৈ আহে যে  'মইতো কাৰো একো অনিষ্ট কৰা নাই তেন্তে মোৰ লগতেই কিয় এনেকুৱা হল Religious Studies 


মইতো সদায় ধৰ্ম আৰু নীতি পালন কৰোঁ।  তাৰ পাছতো মোৰ লগত কিয় সদায় বেয়া হয়?

 এনেধৰণৰ বহুতো বিচাৰ অধিকাংশ লোকৰ মনলৈ আহে । এনেধৰণৰ বহুতো প্ৰশ্নৰ উত্তৰ ভগবান শ্ৰীকৃষ্ণই নিজেই দিছে।

 এবাৰ অৰ্জুন দেবে ভগবান শ্ৰীকৃষ্ণক সুধিছিল যে,"বাসুদেৱ, সদায় সঁচা আৰু ভাল ব্যক্তিৰ লগতেই কিয় বেয়া হয়?" তেওঁৰ এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই তেওঁক এটা কাহিনী কলে যত সকলো মনুষ্যৰ প্ৰশ্নৰ উত্তৰ বৰ্ণিত হৈ আছে ।

 শ্ৰীকৃষ্ণই কৈছে যে এখন নগৰত দুজন পুৰুষ বাস কৰে ।

Religious Studies
প্ৰথমজন ব্যক্তি যি বহুত ভাল আছিল আৰু সদায় ধৰ্ম আৰু নীতিৰ পালন কৰে তথা ভগৱানৰ ভক্তি কৰে আৰু মন্দিৰলৈ যায়। তেওঁ সকলো ধৰণৰ বেয়া কামৰ পৰা বিৰত থাকে ।

 আৰু দ্বিতীয় জন ব্যক্তি দুষ্ট প্ৰবৃত্তিৰ আছিল।

Religious Studies
তেওঁ সদায় অনীতি আৰু অধৰ্মৰ কাম কৰে । তেওঁ সদায় মন্দিৰৰ পৰা টকা আৰু চেন্ডেল চুৰ কৰিছিল। তেওঁ মিছা কথাও কৈছিল আৰু নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰিছিল।

এদিন সেই নগৰখনত জোৰেৰে বৰষুণ দিছিল আৰু মন্দিৰত কোনো ব্যক্তি নাছিল। এই সুযোগতে কিছুমান দুষ্ট ব্যক্তিয়ে মন্দিৰৰ টকা বোৰ চুৰ কৰিব ললে আৰু পূজাৰীৰ দৃষ্টিৰ পৰা পলাই আহিব সক্ষম হল। কিছুসময় পাছত যেতিয়া সেই ভাল ব্যক্তি গৰাকী ভগৱানৰ দৰ্শনৰ উদ্দেশ্যৰে মন্দিৰলৈ গল তেতিয়া তেওঁৰ ওপৰত সেই চুৰি কাৰ্যৰ দোষ জাপি দিয়া হল।

তাত উপস্থিত থকা সকলো ব্যক্তিয়ে তেওঁক বেয়া ভাল সকলো কথা কলে। তেওঁৰ বহুত অপমান হল। যেনে তেনে সেই ব্যক্তিজন মন্দিৰৰ পৰা বাহিৰলৈ ওলাল আৰু তেওঁক এখন গাড়ীয়ে খুন্দা মাৰি দিলে আৰু তেওঁ বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হল।

সেই সময়ত মন্দিৰৰ পৰা চুৰ কৰি পলাই যোৱা ব্যক্তিজনৰ হাতত এটা টকাৰে ভৰি থকা বেগ লাগিল। ইমানবোৰ টকা দেখি সেই দুষ্ট ব্যক্তিজন পাগল হৈ গল আৰু কলে যে মজা লাগিল আজি। প্ৰথমে মন্দিৰত ইমান বোৰ টকা পালে আৰু এতিয়া টকাৰে ভৰ্তি এই বেগটো। সেই দুষ্ট ব্যক্তিজনৰ কথা শুনি ভাল ব্যক্তিজন আচৰিত হৈ গল। Religious Studies )


তেওঁ ঘৰলৈ গৈ ভগৱানৰ সকলো ফতো ঘৰৰ পৰা উলিয়াই দিলে। আৰু ভগৱানৰ ওপৰত খং কৰি জীৱন কটাবলৈ ললে। কিছু বছৰ পাছত যেতিয়া তেওঁলোক দুয়োজন ব্যক্তিৰ মৃত্যু ঘটিল আৰু দুয়ো যমৰাজৰ ওচৰলৈ গল তেতিয়া উচ্চ স্বৰত সেই বেপাৰিজনে যমৰজাক প্ৰশ্ন কৰিলে ,'মইতো সদায় ভাল কাম কৰিছিলোঁ যাৰ বাবে মই সদায় অপমান আৰু বেদনা পালোঁ আৰু এই অধৰ্মী জনে টকাৰে ভৰি থকা এটা বেগ পালে। কিয় এনে হল মোৰ লগত?'

 তেওঁৰ প্ৰশ্নৰ উত্তৰত যমৰাজে কলে,'যিদিনা তোমাৰ লগত সেই দুর্ঘটনাটো ঘটিছিল সেইদিনা তোমাৰ জীৱনৰ অন্তিমটি দিন আছিল। কিন্তু তোমাৰ এই ভাল কৰ্ম বোৰৰ বাবে তোমাৰ মৃত্যু এটা সৰু ঘটনাতেই ৰৈ গল।

 এই দুষ্ট ব্যক্তি জনৰ কপালত ৰাজ সুখ লিখা আছিল কিন্তু তেওঁৰ এই দুষ্ট কৰ্মৰ বাবে সেই ৰাজসুখ এটা ধনৰ টোপোলাতেই সীমাবদ্ধ হল।"

শ্ৰীকৃষ্ণই কলে যে ভগৱানে আমাক কি ৰূপত দি আছে সেইটো বুজি পোৱাটো বৰ কঠিন।


যদি আপুনি ভাল কাম কৰি আছে আৰু বেয়া কামৰ পৰা বিৰত আছে তেন্তে নিশ্চয়কৈ ভগৱানে আপোনাৰ ওপৰত কৃপা কৰিব।

জীৱনত অহা দুখ আৰু কষ্টৰ বাবে কেতিয়াও এইটো ভাবিব নালাগে যে ভগবান আমাৰ লগত নাই। হয়তো আপোনাৰ লগত তাতকৈও বেয়া কিবা হোৱাৰ সম্ভাৱনা থাকে কিন্তু আপোনাৰ ভাল কৰ্মৰ বাবে আপুনি সেইবোৰৰ পৰা বাছি আছে। ইয়াতেই অধিকাংশ লোকৰ প্ৰশ্নৰ উত্তৰ জড়িত হৈ আছে।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

Religious Studies

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages