আমি প্ৰায়ে দেখিবলৈ পাওঁ যে বহুত পঢ়া শুনা কৰা লোক কেতিয়াবা জীৱনত অসফল হৈ ৰয় আৰু কম পঢ়া শুনা থকা লোক জীৱনত বহুত দূৰ আগবাঢ়ি যাবলৈ সক্ষম হয়।( Assamese Storyboard )
এনেকুৱা কিয় হয় আমি বাৰু ভাবি চাইছো নে ? তলৰ লেখাটোত লুকাই আছে ইয়াৰ উত্তৰ-
বহু সময় আগতে এটা জাহাজ বনোৱা কোম্পানীয়ে এখন বহুত বিশাল জাহাজ সাজি উলিয়াইছিল। সেই জাহাজখন সাজি উলিয়াবলৈ বহুত সময় আৰু টকাৰ প্ৰয়োজন হৈছিল। বহুতো অভিযন্তা এই কামত লাগি আছিল। জাহাজখন সম্পূৰ্ণ হোৱাৰ পাছত যেতিয়া সেই জাহাজখন চলাবলৈ আৰম্ভ কৰা হল তেতিয়া সেই জাহাজখন অচল হৈ ৰল। যেতিয়া কোম্পানীৰ স্বতাধিকাৰিক কোৱা হল যে ইমান ডাঙৰ জাহাজখন সাজি উলিয়াবতো পাৰিলে কিন্তু সেইখন এতিয়া চলাব পৰা নাই। তেতিয়া তেওঁ কলে যে" ইয়াত চিন্তাৰ কোনো কাৰণ নাই। আমাৰ ৰাজ্যত যিমানবোৰ অভিজ্ঞ অভিযন্তা আছে তেওঁলোকক নিমন্ত্ৰণ জনাওক আৰু দেখাওক আৰু তেওঁলোকৰ দ্বাৰা আমাৰ এই জাহাজখন মেৰামতি কৰাই লওক। তেওঁৰ মেনেজাৰ জনে তাকেই কৰিলে। যিমানবোৰ অভিজ্ঞ অভিযন্তা আছিল তেওঁলোকক মাতি আনিলে । তেওঁলোকে বহুত সময় জাহাজখন মেৰামতি কৰিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁলোক অসফল হল। মেনেজাৰ জনে পুনৰ মালিকৰ ওচৰলৈ গৈ কলে যে ৰাজ্যৰ সকলো অভিজ্ঞ অভিযন্তাক মাতি অনাৰ পাছতো তেওঁলোকে জাহাজখন শুধৰাব নোৱাৰিলে। মালিকে তেতিয়াও কলে যে চিন্তাৰ কোনো কাৰণ আমাৰ দেশৰ যিসকল অভিজ্ঞ অভিযন্তা আছে তেওঁলোকক মাতি আনি এই বিষয়ে চাবলৈ দিয়া। নতুন জাহাজ হয় যেতিয়া বিশেষ ডাঙৰ সমস্যা হয়তো নাথাকিব। মেনেজাৰ জনে দেশৰ সকলো অভিজ্ঞ অভিযন্তাক মাতি আনিলে। তেওঁলোক আহিও প্ৰায় এটা বছৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতো সেইসকল লোকে জাহাজখনৰ আচল সমস্যা তো কি সেইটো জানিব নোৱাৰিলে।এইবাৰ মালিকে মেনেজাৰজনক বিদেশৰ পৰা অভিযন্তা সকলক মাতি আনি কি সমস্যা হৈছে সেই বিষয়ে চাবলৈ দিলে।
এইবাৰো সেই একেই হল, মেনেজাৰ জনে সকলো বিদেশৰ অভিযন্তাক মাতি আনিলে। প্ৰায় ৬ মাহৰ পাছতো সেই বিদেশী অভিযন্তা সকলে সেই জাহাজখনৰ কি সমস্যা হৈছে সেই বিষয়ে জানিব নোৱাৰিলে।
ইমান চেষ্টা কৰাৰ পাছতো যেতিয়া জাহাজখন ঠিক নহল এইবাৰ সকলো চিন্তাত পৰিল।
মালিকজনে ভাবিলে এই জাহাজখন ঠিক কৰিবলৈ মই ইমানবোৰ টকা খৰচ কৰিলোঁ , ইমানবোৰ মানুহ খটালো কিন্তু জাহাজখন ঠিক নহল। মালিকজনে সিদ্ধান্ত ললে যে জাহাজখন এনেদৰেই থাকিবলৈ দিব আৰু নতুন কাম আৰম্ভ কৰিব। তেতিয়া মেনেজাৰ জনে মালিকজনক কলে যে আমি যেতিয়া ইমানবোৰ সময় নষ্ট কৰিলোঁ এই জাহাযখন ঠিক কৰিবলৈ গতিকে মই এটা কথা ভাবিছোঁ আমাৰ চহৰত এজন মেকানিক আছে যিয়ে পাণ্ডুবি সলনি কৰা কামত বহুত অভিজ্ঞ। গতিকে আমি এবাৰ তেওঁক এই সমস্যা চাবলৈ দিব লাগে। অৱশ্যে তেওঁ বেছি শিক্ষিত ব্যক্তি নহয় । আমি এই বিষয়ত তেওঁৰ সহায় লব পাৰো নে?
মালিকে কলে যে দেশ বিদেশৰ ইমানবোৰ অভিজ্ঞ ব্যক্তিয়ে এই জাহাজখন ঠিক কৰিব নোৱাৰিলে, তেনেস্থলত এজন সৰু মেকানিকে এই সমষ্যা সমাধান কেনেকৈ কৰিব পাৰিব? মালিকজনে এই বিষয়ত সন্মতি নিদিলে। কিন্তু মেনেজাৰ জনে কলে যে আমি ইমানবোৰ টকা আৰু সময় নষ্ট কৰিলোঁ যেতিয়া এবাৰ এই লোকজনক সুযোগ দিব লাগে।
মেনেজাৰ জনে সেইমতে মেকানিক জনৰ ওচৰলৈ গৈ কলে যে তেওঁৰ সহায়ত এখন জাহাজ ঠিক কৰাবলৈ আহিছে। আৰু সেইবাবে আপুনি জাহাজখনৰ ওচৰলৈ যাব লাগিব।( Assamese Storyboard )
মেকানিকজনে তেতিয়া কলে,"ছাৰ মই এজন বহুত সৰু মেকানিক হয় , মই সৰু সৰু নাও আৰু পানডুবি বোৰৰ মেৰামতি কৰোঁ। মইতো ইমান ডাঙৰ জাহাজ মোৰ জীৱনত কেতিয়াও দেখা নাই। তেন্তে মই আপোনাৰ এই জাহাজখন কিদৰে ঠিক কৰিব পাৰিম? "
মেনেজাৰে কলে," সেইটো মই গম পাইছোঁ। কিন্তু এই চহৰখনত আপোনাৰ বহুত নাম আছে। যিসকল লোকৰ পাণ্ডুবি বেয়া হয় তেওঁলোকে আপোনাৰ ওচৰলৈ আনি মেৰামতি কৰাই লৈ যায়। গতিকে মোৰ বিশ্বাস আছে যে আপুনি নিশ্চয় মোৰ কিবা সহায় কৰিব পাৰিব। আপুনি অন্তত এবাৰ গৈ চাই লওক।
মেকানিকজনে মেনেজাৰ জনৰ কথা মানি ললে আৰু সেই জাহাজখনত যাবৰ বাবে মান্তি হল। তেওঁ সেই জাহাজখনলৈ গৈ আচৰিত হৈ ৰল কিয়নো তেওঁৰ জীৱনত ইমান ডাঙৰ জাহাজ কেতিয়াও দেখা নাছিল। তেওঁ জাহাজখনলৈ গৈ জাহাজখনৰ প্ৰতিটো চুক কোন চালে আৰু প্ৰতিটো মেচিন ভালদৰে নিৰীক্ষণ কৰিলে। সেই সময়ত মেনেজাৰ আৰু মালিক জন তাতেই উপস্থিত আছিল। তেওঁলোকে মেকানীকজনক আচৰিত হৈ থকা চাই আছিল। তেওঁলোকে মিচিকিয়াইও আছিল আৰু ভাবিও আছিল যে কিদৰে এই সৰু মেকানিকজনে এই সমস্যাটো সমাধান কৰিব পাৰিব। প্ৰায় ৬/৭ ঘণ্টা জাহাজখনত ঘূৰি ফুৰাৰ পাছত মেকানিক জন এডোখৰ ঠাইত ৰৈ গল। বাৰে বাৰে তেওঁ সেই ঠাই দুখৰলৈ চাব ধৰিলে আৰু ভাবিব ধৰিলে। তেওঁক এনেদৰে চাই থকা দেখি বাকীবোৰ লোকেও ভাবিব ললে যে এই মেকানিকজন একে ঠাইতে কিয় ৰৈ আছে আৰু কি ভাবি আছে? তেতিয়া সেই মেকানিকজনে বেগটোৰ পৰা হাতুৰী এটা উলিয়াই এঠাইত তিনিবাৰ জোৰেৰে মাৰি দিয়ে। তাৰ পাছত তেওঁ মেনেজাৰ জনৰ ওচৰলৈ গৈ কলে যে এতিয়া এই জাহাজখন চলাই চাওক। মেনেজাৰ আৰু মালিকৰ এইবাৰ মগজ বেয়া হল। কিয়নো মেকানিকজনে মাত্ৰ তিনিবাৰ হাতুৰীৰে মাৰিলে আৰু শেষত জাহাজখন চলাবলৈ কৈছে। মেনেজাৰে জাহাজখন চলাবলৈ যাওঁতে সঁচাকৈয়ে জাহাজখন চলিব ধৰিলে।সকলো লোক আচৰিত হল যে তেওঁ এনে কি কৰিলে যে ইমান কম সময়ৰ ভিতৰতে জাহাজখন ঠিক হৈ গল? সকলো লোক আনন্দিত হল আৰু মিঠাই বিলাব ধৰিলে কিয়নো ইমান সময়ৰ পাছত তেওঁলোকৰ জাহাজখন ঠিক হৈ চলিব পৰা হল ।
সকলোৱে তেওঁক প্ৰশ্ন কৰিলে যে আপুনি এনে কি কৰিলে যে মাত্ৰ তিনিবাৰ হাতুৰী মৰাৰ পাছতেই জাহাজখন ঠিক হৈ গল?
তেতিয়া মেকানিকজনে কলে,"আপোনাৰ জাহাজখন সম্পূৰ্ণ ঠিক আছিল তাত কোনো ধৰণৰ সমস্যা নাছিল। মাত্ৰ এখন ফেনৰ বাবে আৰম্ভ হোৱা নাছিল। মই দুই তিনিবাৰ ফেনখনত মাৰি দিলোঁ আৰু ফেনখন ঠিক হৈ গল। আৰু সেইবাবে জাহাজখন ঠিক হৈ গল।
মেকানিকজন তাৰ পৰা তেওঁৰ দোকানলৈ গুচি আহিল। মালিকজনে মেনেজাৰক কলে যে তেওঁক কিমান টকা দিব লাগে দি আহা। তেতিয়া মেকানিক জনে মেনেজাৰৰ হাতত এখন বিল দি পঠিয়ালে আৰু তেওঁ আহি সেই বিলখন মালিকৰ ওচৰত থৈ দিলে। মালিকজনে বিলখন দেখি খঙত উগ্ৰ হল । কিয়নো ইমান সৰু কাম এটা কৰাৰ বাবে মেকানিকজনে ইমান ডাঙৰ এখন বিল পঠিয়াইছে। তেওঁতো মাত্ৰ তিনিবাৰ হাতুৰী মাৰিছে আৰু এক লাখ টকাৰ বিল বনাই পঠাইছে। মালিকজনে কলে যে নিশ্চয় আমি তেওঁক এই টকা দিম কিন্তু আপুনি এবাৰ গৈ তেওঁৰ পৰা লেখাই আনক যে এই বিল কিহৰ বাবে হয়? তেওঁ এনেকুৱা কি কৰিলে যে আমাক এক লাখ টকাৰ বিল বনাই পঠাইছে?
তেতিয়া মেনেজাৰজনে তেওঁক গৈ সুধিলে যে এই এক লাখ টকাৰ বিলখন কিহৰ বাবে দিলে ?
আপুনি এনে কি কৰিলে যাৰ বাবদ আপুনি এক লাখ টকা বিচাৰিছে? এইবাৰ তেওঁ আৰু এখন বিল বনাই মেনেজাৰক দিলে আৰু বিলখন দেখি মেনেজাৰৰ মুখত হাঁহি বিৰিঙি উঠিল। মালিকক মেনেজাৰে বিল খন নি দিলে আৰু কলে যে ইয়াত লিখা আছে সকলো।
মালিকজনেও বিলখন ভালদৰে পঢ়াৰ পাছত তেওঁৰ মুখতো হাঁহি বিৰিঙি উঠিল। তেওঁ মেনেজাৰক এক লাখ টকা দি কলে যে যোৱা এই টকা তুমি মেকানিক জনক দি আহা গৈ। তেওঁক তাৰ পৰা আনি আমাৰ কোম্পানীত কাম কৰিবলৈ দিয়া কিয়নো তেওঁ এতিয়া ইয়াতেই কাম কৰিব লাগিব।"
এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উদয় হব যে আচলতে সেই বিলখনত কি লিখা আছিল যে তেওঁ এক লাখ টকা ও পালে আৰু সেই কোম্পানীটোত কাম কৰিবলৈ সুবিধা পালে।
সেই বিলখনত লিখা আছিল যে," ২০ টকা হাতুৰী মৰাৰ বাবে। আৰু হাতুৰী কত মাৰিব লাগিব সেই বিষয়ে ৯৯,৯৮০ টকা।"
হাতুৰী যিকোনো ব্যক্তিয়ে মাৰিব পাৰিলে হয় কিন্তু কত মাৰিব লাগে সেই বিষয়ে কোনেও নাজানে। সেই বাবে মেকানিকজনে ৯৯,৯৮০ টকা বিচাৰিলে।
গতিকে মনকৰিবলগীয়া কথাটো হৈছে যে আমাৰ জীৱনত ধ্যান দিব লগীয়া কথাটো হৈছে অভিজ্ঞতা। যদি আপোনাৰ ওচৰত বহুতো ডিগ্ৰী আছে কিন্তু অভিজ্ঞতা নাই তেন্তে সেই পঢ়া শুনা আৰু ডিগ্ৰীৰ কোনো লাভ নাই। কিন্তু যদি আপুনি শিক্ষিত নহয় আৰু আপোনাৰ ওচৰত বহুত অভিজ্ঞতা আছে তেন্তে নিশ্চয়কৈ আপুনি জীৱনত সফলতা অৰ্জন কৰিব পাৰিব।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com



No comments:
Post a Comment