ড়দেখিলোঁ সেইবাবে।"
"অহহ্ হয় দিয়া। ভালে কৰিলা। আহা মই চাহ দিছোঁ খোৱাহি।"( Assamese Storyboard )
"ব'লা মই মুখখন ধুই গৈ আছোঁ।"
==================================
ইফালে আজি মানসীৰ মনটো বৰ ভাল ৰাতিপুৱাই তাইৰ আগৰ অত্যাচাৰী শাহুয়েকে ফোন কৰি তাইক ক্ষমা খুজিলে নিজৰ ভুলৰ বাবে। আৰু কোনোদিনে এনেকুৱা নকৰোঁ বুলিও শপত খালে। মানুহজনীয়ে হায়ৈবিয়ৈকৈ কান্দিবলৈও ধৰিলে। তেওঁৰ কান্দোনে তাইৰ অন্তৰ কঁপাই তুলিলে। মাতৃৰ মমতা সনা কান্দোনে তাইক শাহুয়েকক ক্ষমা কৰিবলৈ বাধ্য কৰি তুলিলে। তায়ো তেওঁক ক্ষমা কৰি দিলে। তাৰপিছত তেওঁ তাইক আজি নিবলৈ আহিম বুলি ক'লে। তাকে শুনি তাইৰ মনটো বহুত ভাল লাগি আছে। লগতে তাইৰ ঘৰখনৰো। কিন্তু ৰাতিপুৱাই ৰক্তিমৰ ফোনটো পাই তাইৰ অলপ চিন্তাও লাগিল। কিন্তু সকলো চিন্তিক একাষৰীয়া কৰি তাই বেগত কাপোৰ ভৰাবলৈ ধৰিলে।
চাহপানী খাই হোৱাত ৰক্তিমৰ মাকে ক'লে -- "বাবা আজি আমি তিনিওটা মানসীহঁতৰ ঘৰলৈ যাম। তাইক আনিবলৈ।"
কথাটো শুনি সি ভাল পালে যদিও মনে মনে মানসীলৈ তাৰ অলপ দুখো লাগিল। নিজৰ স্বাৰ্থৰ বাবে সি আকৌ তাইক দুখ দিবলৈ ওলাইছে সেই কথাটোৱে তাক ভিতৰি ভিতৰি খুলি খুলি খাবলৈ ধৰিলে। তাইক দিয়া তাৰ প্ৰতিশ্ৰুতিবোৰ পালন কৰিব নোৱাৰাৰ আশংকাআ তাক ভিত্তিগ্ৰস্থ কৰি তুলিলে। তদুপৰি তাইক চিৰদিনলৈ হেৰুৱাৰ অন্য এক শোকটো আছেই। তথাপিও সি নিজকে সংযত কৰি ক'লে -"ঠিক আছে কেইটাত যাবা?"( Assamese Storyboard )
"দহটা মানত যাম। এতিয়াটো আঠটা বাজি গ'লেই। তুমি ৰেডি হৈ থাকিবা। আৰু শুনক আপুনিও যাব লাগিব।"
"হ'ব দিয়া মা।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup




No comments:
Post a Comment