ৰিয়াৰ চকুলোয়ে ৰিংকুক মনত বৰ কষ্ট দিলে। আজি সি ৰিয়াৰ দুখবোৰ বুজি পাইছিল। তাৰ নিজৰ ওপৰতেই লাজ লাগিছিল( Assamese Storyboard )। বহুত সময় ভবাৰ পাছত সি বেদান্তক ফোন কৰিলে,"তুমি কাইলৈ গুচি আহা, ৰিয়াক এতিয়া তোমাৰ প্ৰয়োজন আছে।"
বেদান্তই শুনি অলপ ভয় কৰিলে। সি সেই সময়ত চিৰিৰে তললৈ নামিছিল। ভয়ত তাৰ মাতটো জোৰকৈ ওলাল,"ৰিয়া ঠিকে আছে নহয়? কি হল তাইৰ?"
তাৰ মাতষাৰত ইমান শংকা আছিল যে মাক দেউতাকো উচপ খাই উঠিল।
কল্পনা: বেদান্ত কি হৈছে ৰিয়াৰ? আকৌ ৰিংকুয়ে তাইক কিবা কৈ দিলে নেকি?
তেওঁৰ কথা শুনি বেদান্ত চিন্তাত পৰিল," তোমালোকে কেনেকৈ গম পালা যে দাদাই ৰিয়াক বিচাৰি পালে?"
তেতিয়া কল্পনা মৌন হৈ পৰিল।ইফালে ৰিংকু ও আচৰিত হল,"বেদান্ত মায়ে ৰিয়াৰ বিষয়ে কেনেকৈ গম পায়?"
বেদান্ত: দাদা সেইটোৱেই তো মই সুধিছো। এক মিনিট দাদা, মই ফোনটো স্পীকাৰত দিওঁ।
ৰিংকু: মা-পাপা, তোমালোকে যদি ৰিয়া ইয়াত আছে বুলি জানিছিলা তেন্তে মোৰ পৰা কিয় লুকুৱাই ৰাখিলা?
অমৰ: হয় আমি গম পাইছিলোঁ। সিদিনা যেতিয়া ৰাতি তুমি ৰিয়াৰ ওপৰত খং কৰিছিলা ,তাই গুচি যোৱাৰ পাছত মোক ফোন কৰিছিল আৰু সকলো কৈছিল। ৰিংকু তুমি কেৱল ৰিয়াৰ ওপৰত আঙুলি উঠোৱা নাই বৰঞ্চ আমাৰ লালন পালনকো ভুল বুলি প্ৰমাণ কৰিলা। আমি তোমাক ভুল শুদ্ধৰ মাজত বিচাৰ কৰিবলৈ নিশিকালো। আমি তাইক বুজাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু তাইৰ অন্তৰত ইমানেই আঘাত পাইছিল যে তাই ৰৈ যাবলৈ মান্তি নহল। তাইক বহুত বুজালো বেদান্তৰ বাবে ৰৈ যাবলৈ কিন্তু তাই কলে,'এইবোৰৰ পাছত আৰু মই বেদান্তৰ লগত চকু মিলাই কথা পাতিব নোৱাৰিম।' তাৰ পাছত মই তাইক দিল্লীলৈ পঠিয়াই দিলো। তাই যে কাপোৰৰ ডিজাইন প্ৰতিযোগিতাত ভাগ লৈছিল সেইয়া হয়তো তোমালোকে গম নোপোৱা। আৰু সেইদিনাই তাইৰ ৰিজাল্ট আহিছিল। তাই তোমালোকক কব বিচাৰিছিল কিন্তু কব নোৱাৰিলে। ফলাফল ভাল হোৱাৰ বাবে সেই অনুষ্ঠানটোত তাইৰ এডমিচন হৈ গল। মই যেতিয়া পইচা জমা পদিব বিচাৰিলো তাই মানা কৰি দিলে আৰু স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিলে। সম্পূৰ্ণ কৌৰ্ছ তো তাই স্কলাৰশ্বিপৰ টকাৰে কৰিলে। থকা খোৱাৰ ব্যৱস্থাও টিউচন কৰি উলিয়াই লৈছিল। বহুত স্বাভিমানি ছোৱালী হয় তাই।
ৰিংকু: পাপা, মিঠু আন্তিয়ে তাইৰ বিষয়ে গম পায় নে?
অমৰ: হয় ময়েই তেওঁক ৰিয়াৰ অভিভাৱক বনাইছিলোঁ। তাইক কৈছিলোঁ যদি কিবা প্ৰয়োজন হয় তেন্তে মিঠুৰ পৰা লৈ লবলৈ কিন্তু তাইৰ স্বাভিমানে কাৰো পৰা তাইক সহায় লবলৈ নিদিয়ে। মই কোৱাৰ বাবেই মিঠুয়ে তাইক চাই থাকিল আৰু তাইৰ কৌৰ্ছ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰতিভা প্ৰতিযোগিতাত বিজয়ী হল। তেতিয়াই মই মিঠুক কৈ তেওঁৰ কোম্পানীত ৰিয়াক চাকৰি দিবলৈ কলো। কিন্তু তাই এই বিষয়ে গম নাপায়। কিয়নো মই জানিছিলোঁ যেতিয়া তাই গম পাব তাই কোম্পানী এৰি দিব।
ৰিংকু: মানি লৈছোঁ সেই সময়ত মই ভুল কৰিলোঁ। কিন্তু পাপা তোমালোকেও এটা ভুল কৰিলা। তাইক এনেদৰে অকলে আহিব দিব নালাগিছিল। সেই সময়ত তাইক তোমালোকৰ সহায়ৰ প্ৰয়োজন আছিল।
অমৰ: তুমি কি ভাবা যে আমি তাইক ৰখাবলৈ চেষ্টা নকৰিলো?কিন্তু সেই সময়ত তাই অকলে থাকিব বিচাৰিছিল। আমাৰ সকলোৰে পৰা আঁতৰত যাতে তাই শান্তিৰে নিজক চম্ভালিব পাৰে।
বেদান্তই কান্দি কান্দি মাকক সাৱটি ধৰিলে,"কিমান কষ্ট পালে মোৰ বাইদেউৱে কিন্তু মই একো কৰিব নোৱাৰিলোঁ।"
ৰিংকু: বেদান্ত তুমি আহি ৰিয়াক এবাৰ লগ কৰি যোৱা।
বেদান্ত: কিন্তু দাদা তুমিতো তাইক মান্তি কৰাই লম বুলি কৈছিলা।( Assamese Storyboard )
ৰিংকু: কৈছিলোঁ কিন্তু মই এতিয়া তাইক অলপ সময় দিব বিচাৰো। আজি তাই সকলো খং মোৰ ওপৰত উলিয়াই দিলে। এই সময়ত তাইক তোমাৰ মৰমৰ প্ৰয়োজন আছে। তুমি আহি যোৱা আৰু মই উভতি যোৱালৈ এতিয়াও বহুত সময় আছে। তেতিয়ালৈকে মই তাইক সময় দিব বিচাৰো যাতে সকলো কথা পাহৰি তাই মোৰ ওচৰলৈ আহে।
বেদান্ত: ঠিক আছে দাদা।
পিছদিনা তৃষ্ণা অফিচলৈ নগল। ৰিংকুৰ ও মন বহা নাছিল,"ৰিয়া কিদৰে আছে ঠিক নাই"। তথাপিও সি কামৰ বাবে ৰৈ গল। ইফালে বেদান্তই উৰ্মিক সকলো কথা কলে আৰু দিল্লীলৈ যোৱাৰ কথা কোৱাত তাই কলে," তুমি মূৰ্খ হৈয়ে থাকিবা। ৰিয়াক এতিয়া তোমাৰ নহয় দাদাৰ হে প্ৰয়োজন আছে। তাই এই মাত্ৰ নিজৰ খং উজাৰিছে হে। এতিয়া অলপ সময় তাইক দাদাৰ লগত কটাবলৈ দিয়া। আমি অলপ দিন পাছত যাম।"
বেদান্তই ও তাইৰ কথাত সহমত হল। সি ৰিংকুক ফোন কৰি কলে," দাদা আমি অহা সপ্তাহত দিল্লীলৈ যাম। তুমি তেতিয়ালৈকে তোমাৰ আৰু ৰিয়াৰ যত্ন লবা।"
সন্ধিয়া ৰিংকু ৰাধিকাৰ ঘৰলৈ আহিল। সি ৰিয়াক চাব বিচাৰিছিল। কিন্তু তাই তাৰ সন্মুখলৈ অহাই নাছিল। সি অলপ সময় ৰোহিৰ লগত খেলি নিজৰ ৰুমলৈ আহিল। সি ৰিয়াক এবাৰ চাবলৈ উৎসুক হৈ আছিল। সি ধৈৰ্য ধৰিব নোৱাৰি ৰাতি সকলো শুই যোৱাৰ পাছত খিৰিকীৰে ৰিয়াৰ ৰুমলৈ আহিল।
ৰিয়াই ৰোহিক বুকুত সাৱটি শুই আছিল। ৰিংকুয়ে তাইৰ কাষত বহি হেঁপাহ পলুৱাই তাইক চাব বিচাৰিলে। কিছুসময় চোৱাৰ পাছত পকেটৰ পৰা পায়েলযোৰ উলিয়াই ৰিয়াৰ ভৰিত পিন্ধাই দিলে। তাৰ পাছত তাইৰ কপালত চুমা আঁকি কলে," যেতিয়ালৈকে তুমি বিচৰা মই তোমাৰ অপেক্ষা কৰিম। কিয়নো তুমিয়েই মোৰ জীৱন হয়। তোমাৰ সুখৰ বাহিৰে মোক আৰু একো নালাগে।" আৰু সি উভতি গুচি গল।
সি যোৱাৰ লগে লগে ৰিয়া উঠি বহি দিলে। কিছুসময় চকু দুটা মুদি সকলো কথা মনত পেলালে। তাৰ পাছত ৰিংকুয়ে পিন্ধাই থৈ যোৱা পায়েলযোৰ চালে। কিছুসময় চিন্তা কৰাৰ পাছত পায়েলযোৰ আলমাৰিত থৈ দিলে আৰু ভাবিলে," ৰিংকু দা, মই নাজানো আপুনি কিমান সলনি হল। মই মাত্ৰ এটাই জানো যে আপোনাৰ কাষ চাপি যোৱাৰ বাবে মই মোৰ জীৱনটকৈও মৰম লগা ভাইটিৰ পৰা আঁতৰ হলো। ইমান ডাঙৰ অপবাদ এটাৰ পাছত মোৰ শক্তি নাছিল বেদান্তৰ
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



Very nice next part waiting
ReplyDelete