ইমান ডাঙৰ অপবাদ এটা পোৱাৰ পাছত মোৰ শক্তি নাছিল বেদান্তৰ লগত চকু থৈ কথা পাতিবলৈ। কিন্তু এতিয়া মই ৰোহিক হেৰুৱাব নোখোজোঁ( Assamese Storyboard )। মোৰ ভয় লাগে যদি আপোনাক পোৱাৰ বাবে মই ৰোহিক হেৰুৱাব লগা হয়। সেইবাবে মই আপোনাৰ পৰা আঁতৰি থকাটোৱেই ভাল। জীৱনসংগী ৰূপে আপুনি বেলেগ ছোৱালী ও পাব। কিন্তু মই পুনৰ মোৰ ছোৱালীজনী ঘূৰাই নাপাওঁ। সেইবাবে মই কোনোপধ্যে ৰোহিক মোৰ পৰা দূৰ কৰিব নোৱাৰো।"
তাই ৰোহিৰফালে চালে," মোৰ ভগা হৃদয়খন ৰোহিয়েইটো মৰমেৰে জোৰা লগাইছিল। মই কিদৰে সেই সময়ক পাহৰি যাওঁ যেতিয়া তাই মোক প্ৰথমবাৰ মা বুলি কৈছিল। সেই সময়ত যি অনুভৱ হৈছিল তাক কেনেকৈ পাহৰিম? মই মোৰ লৰালি মা অবিহনে কটালো। মই ৰোহিৰ পৰা তাইৰ মাকক কাঢ়ি নিব নোৱাৰো।"
পিছদিনাৰ পৰা তাই অফিচলৈ যাবলৈ আৰম্ভ কৰিলে। সকলো নৰ্মেল আছিল। তাই ৰিংকুৰ সন্মুখলৈ যাবলৈ আগতেও বাছি আছিল আৰু এতিয়াও তাকেই কৰিছে। ৰিংকুয়ে যেতিয়া তাইৰ ভৰিত পায়েলযোৰ নেদেখিলে সি উদাস হৈ গল। সিও এতিয়া তাইক আমনি কৰিব এৰি দিলে। মাত্ৰ দূৰৰ পৰাই তাইক চাই ৰল। প্ৰতি সন্ধিয়া সি ৰোহিৰ লগত সময় কটাবলৈ ৰোহিৰ ঘৰলৈ গৈছিল। ৰোহি লাহে লাহে তাৰ লগত মিলি পৰিছিল। ৰিয়াই নিজৰ কোঠাৰ পৰা দুয়োকে খেলি থকা চাই আছিল। সি যেতিয়া আহে তাই কফি বনাই দি আহে আৰু যাবলৈ ওলোৱাত ৰাধিকাক কৈ ৰাতিৰ আহাৰ খাই যাবলৈ ইংগিত দিয়ে। দুয়োৰে মাজত ব্যক্ত কৰিব নোৱাৰা এক মৌনতা বিৰাজ কৰিছিল।
বেদান্তই ফোন কৰি সকলো খবৰ লৈ থাকিল। ৰিয়াক মৌন দেখি সি ধৈৰ্য ধৰিব নোৱাৰি উৰ্মিক লগত লৈ দিল্লীলৈ আহিল। কিন্তু ৰিংকুয়ে এই বিষয়ত ৰিয়াৰ লগত কথা পাতিবলৈ তাক মানা কৰিলে।
বেদান্ত: কিন্তু দাদা এনেকৈ কিদৰে হব? তাই কিয় দেখা নাই যে তুমি সলনি হৈছা? তুমি যে নিজৰ ভুলক লৈ অনুতাপ কৰিছা সেই কথা তাই কিয় উপলব্ধি কৰা নাই?
ৰিংকু: তাই মোৰ বাবে বহুত বেছি কষ্টত আছে। মই এতিয়া এইটো একেবাৰে নিবিচাৰোঁ যাতে মোৰ বাবে তাইৰ কষ্ট বাঢ়ি যায়। তাইৰ মৌনতাই মোক বৰ কষ্ট দিয়ে। মইতো এইটো ও নাজানো তাই মোৰ ওপৰত এতিয়াও খং কৰি আছে নে নাই? কিন্তু যিয়েই নহওঁক কিয় মই আৰু তাইক কোনো ধৰণৰ জোৰ কৰিব নিবিচাৰোঁ। যদি তাই মোৰ পৰা আঁতৰি সুখী তেন্তে সেয়াই ঠিক। মৃত্যুৰ আগমুহূৰ্তলৈকে মই তাইৰ বাবে অপেক্ষা কৰিম।"তাৰ দুচকুৰে চকুলো নিগৰি আহিল। বেদান্ত আৰু উৰ্মিক ৰিয়াৰ ঘৰৰ ঠিকনা দি তাৰ পৰা গুচি গল।
বেদান্তই উৰ্মিক লগত লৈ ৰিয়াৰ ঘৰ গৈ পালে। বেল বজোৱাত ৰাধিকাই আহি দুৱাৰ খুলি দিলে। প্ৰথমে তেওঁ সিহঁত দুয়োটাক চিনি পোৱা নাছিল তাৰ পাছত ভালদৰে চাই কলে," তোমালোক বেদান্ত আৰু উৰ্মি নহয় জানো?"
বেদান্ত: হয় খুড়ী মই বেদান্ত ৰিয়াৰ ভায়েক।
তেতিয়াই ৰোহিৰ চকু পৰিল বেদান্তৰ ওপৰত। তাই চিঞৰি দৌৰি আহিল,"মামা, মামা" আৰু তাক সাৱটি ধৰিলে। বেদন্তইও আগবাঢ়ি আহি তাইক কোলাত তুলি ললে। ৰাধিকাই দুয়োকে ভিতৰলৈ মাতিলে। সিহঁত দুয়োটা ই তেওঁক সেৱা জনাই কলে," আমি ৰিয়াক লগ পাবলৈ আহিছোঁ।"( Assamese Storyboard )
ৰাধিকা: আহা ব'হা, মই এতিয়াই ৰিয়াক মাতি আনিম।
ইফালে উৰ্মি আচৰিত,"ৰোহিয়ে আমাক কেনেকৈ চিনি পালে?"
ৰাধিকা: তৃষ্ণাই মোবাইলত তাইক তোমালোকৰ ফটোবোৰ দেখুৱাই থাকে। সেইবাবে তাই তোমালোকক চিনি পাইছে।
ৰোহিয়ে উৰ্মিৰ ফালে চাই কলে," তুমি উৰ্মি আন্তি হয় নে মোৰ মা বেষ্ট ফ্রেণ্ড?"
উৰ্মিয়ে তাইক কোলাত দাঙি মূৰত হাত ফুৰাই কলে," হয়, কিন্তু তোমাৰ মা কত আছে?"
তেতিয়ালৈকে ৰিয়াও আহিল। ৰিয়াই বেদান্ত আৰু উৰ্মিক দেখি থমকি ৰল। তাই আগবাঢ়ি যাবনে নাই বুজি পোৱা নাছিল। বেদান্তই যেতিয়া ৰিয়াক দেখা পালে সি তাইক সাৱটি ধৰিলে,"তিনি মিনিট ডাঙৰ হোৱাৰ বাবে ইমানেই অহংকাৰ যে মোক লগ নকৰাকৈয়ে পলাই আহিলা। তোমাৰ অবিহনে কেনেকৈ থাকিম এবাৰো নাভাবিলা মোৰ বিষয়ে। তুমি যেতিয়া শিৱসাগৰত আছিলা এনে এটা দিন নাছিল যেতিয়া মই তোমাৰ লগত কথা নপতাকৈ আছিলোঁ। আৰু যেতিয়া একেলগত থাকিব ললোঁ তোমাক নেদেখাকৈ মোৰ দিন আৰম্ভ নহয়। আৰু তুমি একো নভবা নিচিন্তাকৈ গুচি আহিলা। এবাৰো নাভাবিলা তোমাৰ অবিহনে তোমাৰ ভাইটি কেনেকৈ থাকিব?" আৰু কান্দিব ধৰিলে। ৰিয়াইও তাক জোৰেৰে সাৱটি কান্দিলে। উৰ্মিৰ দুচকু বৈ আহিল।
উৰ্মি: মিলাপ হল যদি মইও আছোঁ। মইও হিচাপ বৰাবৰ কৰিব আছে।
আৰু এনেদৰে কৈ তাই ৰিয়াৰ গালত এটা চৰ সোধালে।
ৰিয়াই নিজৰ গালখন মোহাৰি ভালদৰে উৰ্মিৰ ফালে চালে।
বেদান্তই খঙত চিঞৰিলে,' উৰ্মি এইবোৰ কি অসভ্যালি?"
উৰ্মি: তুমি মনে মনে থাকা, এইটো মোৰ আৰু ৰিয়াৰ মাজৰ কথা।
আৰু তাই ৰিয়াক সাৱটি ধৰিলে," তোৰ কাজিয়া দাদাৰ লগত আছিল। তেওঁৰ পৰা আঁতৰি থাকিব মন আছিল যদি মোৰ ওচৰলৈ আহিব লাগিছিল। ইমান দূৰলৈ অহাৰ কি প্ৰয়োজন? প্ৰথমে মোক অনুভৱ কৰালি যে মোৰ কোনোবা আছে মই অকলশৰীয়া নহয়। আৰু মোক অকলে এৰি নিজে পলাই আহিলি। এবাৰো নাভাবিলা যে তোমাৰ অনুপস্থিতিত মোক কোনে চম্ভালিব? কোনে মই বেমাৰত পৰিলে ৰাতি উজাগৰে থাকি মোৰ চোৱা চিতা কৰিব?"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Very nice next part waiting
ReplyDelete