তোমাক আকৌ ঘৰলৈ উভতাই আনিবলৈ ক'ব ধৰিলে। তেওঁলোকৰ কথা মানি মই যদি তোমালোকৰ ঘৰলৈ নগ'লো হয় তেন্তে তেওঁলোকে মোৰ মনৰ কথাবোৰ গম পাই গ'ল হয়। আৰু তাৰ পিছত কি হ'ল হয় সেয়া ময়ো নাজানো। সেয়েহে আকৌ এবাৰ তেওঁলোকৰ কথা মানি মই তোমাক আনিবলৈ তোমালোকৰ ঘৰলৈ গ'লো। ( Assamese Storyboard )
মাহঁতৰ প্লেন আছিল যে তোমাক এইখন ঘৰলৈ আনি তোমাৰ পৰা তোমালোকৰ মাটিখিনি লৈ আকৌ তোমাক আমাৰ ঘৰ তথা জীৱনৰ পৰা উলিয়াই দি আন এজনী ছোৱালীক এইখন ঘৰৰ বোৱাৰী কৰি অনা। আৰু এটা কথা মানসী মোৰ বাবে ইতিমধ্যে মাহঁতে এজনী ছোৱালীও চাইছে।
: কি......?
: উমম্।
মই তোমাক সকলোবোৰ সচাঁ কথা ক'লো মানসী আৰু এটা কথাও মই তোমাৰ পৰা লুকুওৱা নাই। মোৰ জন্মৰ পৰা আজিলৈকে সকলোবোৰ কথাই তোমাক ক'লো। এতিয়া তোমাৰ ইচ্ছা তুমি কি কৰা.....
: তুমি কি কৰিম বুলি ভাবিছা?
: মানসী মই ভাবিছোঁ যে দেউতাৰ ইমান এটা ডাঙৰ আৰু পুৰণিকলীয়া সপোন ভঙাটো ভাল কথা নহ'ব। সেয়ে পাৰিলে তেওঁক মাটিখিনি দি দিয়া। মই তোমাৰ দেউতাক লাহে লাহে সকলোবোৰ পইছা দি যাম।
আৰু.....
: "আৰু"....... আৰু কি ৰক্তিম?
: আৰু ভাবিছোঁ মই যে যদি তুমি মোৰ লগত থাকা তেন্তে মই তোমাক লৈ এইখন ঘৰৰ পৰা ওলাই যাম। বেলেগকৈ থাকিম আমি। নতুনকৈ আমি সংসাৰখন আৰম্ভণি কৰিম।জীৱনটো নতুনকৈ যাপন কৰিম।
: কিন্তু তুমি তোমাৰ মা দেউতাৰ পৰা আঁতৰি জানো সুখী হ'ব পাৰিবা?
: পাৰিব লাগিব... তোমাৰ কাৰণে আমাৰ কাৰণে মই সুখী হ'ব পাৰিব লাগিব মানসী।
: ঠিক আছে সেইবোৰ কথা কাইলৈ আলোচনা কৰিম এতিয়া শুই থাকা। মোৰো টোপনি ধৰিছে।
: অ'কে ডিয়েৰ। গুড নাইট।
: গুড নাইট।
লাইটটো অফ কৰি মানসীয়ে ৰক্তিমৰ বুকুতে মূৰটো পেলাই চকুহাল মুদি দিলে। কিন্তু যেনেকৈ টোপনিৰ ভাও ধৰা আৰু টোপনি যোৱাৰ মাজত পাৰ্থক্য থাকে ঠিক তেনেকৈয়ে চকুহাল মুদা আৰু শোৱাৰ মাজতো পাৰ্থক্য থাকে । তাই চকুহাল মুদিলে কিন্তু তাইৰ চকুৰ ওপৰত নিদ্ৰাদেৱীৰ কৃপাদৃষ্টি নপৰিল। ঘড়ীৰ কাটাই গৈ চাৰিত চুলেগৈ। দোকমোকালিৰ সময়। আন্ধাৰ আৰু পোহৰৰ মিশ্ৰণ। গোটেই ৰাতিটো জীৱন বৃত্তান্ত শুনাই শুনাই দোকমোকালিৰ সময়ত ৰক্তিমৰ টোপনি গ'ল। কিন্তু ৰক্তিমলৈ তাৰ মাকে বেলেগ ছোৱালী এজনী চাইছে এইটো কথা শুনাৰে পৰা মানসীৰ মনটো স্থিৰে থকা নাই। একেবোৰ কথাকে ভাবি ভাবি তাই ৰাতিটো পুৱালে।
ঘড়ীৰ কাটা তেতিয়া ছয়ত লাগিছে। মানসীয়ে বিছনাৰ পৰা নামি আহি বাঢ়নীডাল লৈ চোতালখন সাৰিছে। চাৰিওফালে চৰাইৰ কিলকিলনি। প্ৰাতঃভ্ৰমণৰ বাবেও মানুহবোৰ ওলাই গৈছে প্ৰিয় বন্ধু বা বান্ধৱীৰ লগত। তাৰে দুগৰাকী মানে তাইকো মাতটো লগাই থৈ গৈছে। হাতখন বা পাইছানে? কি খবৰ? ঘৰত সকলোৱে ভালনে? ইত্যাদি ইত্যাদি...... এইবোৰ সুধিছে। তায়ো তাৰ যথোপযুক্ত উত্তৰ দিছে।
চোতালখন সাৰি হোৱাত তাই ৰুমলৈ উভতি আহিল। ইতিমধ্যে শাহুয়েকে উঠি দৰজা খিৰিকীবোৰ মেলি দিছে। ধুমাধুম মানসী বাথৰুমত সোমাই গাটো ধুই ড্ৰেচিং খনৰ সন্মুখলৈ আহি সেন্দূৰৰ টেমাটো হাতত লৈ উকা হৈ থকা কপাল খন ৰাঙলী কৰি দিলে। পেকেটতোৰ পৰা ফোট এটা লৈ লগাইছিল হে তেনেতে কোনোবাই তাইক পিছফালৰ পৰা সাৱটি ধৰিলে।
: গুড মৰ্ণিং।
: মৰ্ণিং ....এটি সূৰ্যমুখীয়া মাখনৰঙী হাঁহি। তলৰ পাৰিৰ দাঁতকেইটামান ওলাইছে কিন্তু হাঁহিটোৰ লগতে আকৌ নাইকীয়া হৈ গ'ল।
: ইউ আৰ লোকিং গৰজিয়াছ।
: কৃতজ্ঞতাৰে ভৰা অশেষ ধন্যবাদ।
মুখখন আইনাত আকৌ এবাৰ চাই তাৰ গাৰ পৰা ওলাই আহিব লওঁতেই সি তাইক টানি বিছনাত পেলাই দিলে। কাষতে তাইৰ গাৰ সামান্য ওপৰত সিও পৰিল।
: কি কৰিছা?
: মৰম।
:
: এৰা কোনোবা আহিব।
এনেই আৰু তাৰ ওচৰৰ পৰা মন নথকাকৈ গুছি অহাৰ এটা প্ৰচেষ্টা।
: দেখক মই দেখাটোৱেই বিচাৰোঁ।
: ব্ৰেইনটো শুওতে সপোনত এৰি থৈ আহিলা নেকি?
: কি.... ৰ'বা আজি!
এইবুলি কৈ ৰক্তিমে তাৰ ওঁঠযোৰ মানসীৰ কঁপি থকা ওঁঠযোৰৰ কাষলৈ নিলে। ধক্ ধক্ কৈ মানসীৰ হিয়াই উজান দিলে। আৰু একছেকেণ্ড আছে আৰু লগ লাগিবলৈ। এই লাগিল আৰু...( Assamese Storyboard )
: বোৱাৰী এইফালে আহা ....
অলপ জোৰকৈ ৰক্তিমক গাৰপৰা ঠেলি তাই বিছনাৰ পৰা উঠিল। "গৈছোঁ মা।"
: মা কওঁক?
: মই গা ধুঙগৈ। তোমাৰ দেউতাই পেপাৰ পঢ়ি আছে বাৰাণ্ডাহে ফিকা চাহ দুকাপ বনাই একাপ ৰক্তিম আৰু দেউতাক দিয়াগৈ। আৰু মোলৈ...
: আৰু আপোনালৈ একাপ নিমখ চাহ । মই কিবা নতুন কইনা নেকি মা? মই সকলো জানো। মই চব কৰিম আপুনি যাওঁক।
: ঠিক আছে কৰা তেন্তে।
শাহুয়েক যোৱাৰ পাছত ৰক্তিম আৰু শহুৰেকলৈ চাহ বনাই দুয়োকে দি তাই আকৌ শাহুয়েক আৰু নিজলৈ চাহ একাপ বনাই খাই ল'লে। চাহৰ কাপকেইটা ধুই তাই ঝাড়ুডাল লৈ ঘৰটো সাজিবলৈ লাগিল।
কিন্তু পৰ্টিক ৰুমতো সাজোতে তাই টেবুলখনৰ তলৰ পৰা এজনী ছোৱালীৰ ফ'টো এখন পালে। তাই ফ'টোখন ভালকৈ চালে। আৰে এইখন দেখোন বৌৰ ফ'টো। কিন্তু ৰূপাংকৃতা বৌৰ ফ'টো ইয়াত। তাই নিজকে প্ৰশ্ন কৰিলে। কিন্তু ঠিক তেনেকুৱাতে কোনোবাই আহি তাইৰ হাতখনত থাপ মাৰি ধৰি লৈ গ'ল। ক'লৈ নিলে আৰু কোনে নিলে তাই একো ধৰিবই নোৱাৰিলে।
তাইক টানি নি সেই ব্যক্তিজন গৈ চিধাই সিহঁতৰ ৰুম পালেগৈ।
: ৰক্তিম..... এনেকৈ টানি আনিছা যে দুখ পাইছোঁ।
: ছৰী মানসী। মোক ভুল নুবুজিবা মই তোমাক এনেকৈ আনিবলৈ বাধ্য হ'লো।
: কিয়?
: এইখন কাৰ ফ'টো জানানে..... ?
: উমম্।
: জানা...?? কেনেকৈ?
: এই ছোৱালীজনীৰ নাম ৰূপাংকৃতা নহয় জানো।
: হয় কিন্তু তুমি...?
: মই যে তোমাক কৈছিলোঁ দাদালৈ ছোৱালী এজনী ঠিক কৰিছে বুলি এইয়াই কিন্তু বৌৰ ফ'টো ইয়াত এনেকৈ?
: কি দাদালৈ চোৱা ছোৱালী জনী এইজনীয়ে?
: অ'। কি হ'ল?
: হাৰে মাহী আৰু মায়ে মোলৈ চোৱা ছোৱালীজনীও এইজনীয়ে।
: কি?
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment