কেঁচুৱা জন্ম হোৱাৰ কিমান দিনৰ পিছত সম্ভোগ কৰিব পাৰি সেই বিষয়ে আজি আমি আলোচনা কৰিম। ( Assamese Fact )কেঁচুৱা জন্মৰ পিছত এগৰাকী নাৰীয়ে শাৰীৰিক আৰু মানসিক ভাৱে বহুতো ভাগৰুৱা হৈ থাকে।সেই বাবে এগৰাকী নাৰীক কেঁচুৱা জন্ম হোৱাৰ পিছত তেওঁৰ অসন্মতিত সংগম কৰিব নালাগে। যেতিয়া নৰমেল ডেলিভাৰী হয় তেতিয়া যোনী অংশত ঘা লাগি থাকে, কেঁচুৱা জন্ম হ'বৰ বাবে Episiotomy কৰিব লগীয়া হয়।
যেতিয়া কোনো চিকিৎসকৰ অনুপস্থিতিত ঘৰতে নৰমেল ডেলিভাৰী হয় তেতিয়া নাৰীৰ যোনী অংশ ফাটি যায় গতিকে তাতিয়াও ঘা থাকে।
ইফালে যেতিয়া চিজাৰিয়ান পদ্ধতিৰে পেট ফালি অৰ্থাৎ অষ্ট্ৰোপচাৰ কৰি কেঁচুৱা জন্ম দিব লগীয়া হয় তেতিয়াও পেতট ঘা লাগে। সেই ঘা সমূহ শুকাবলৈ পোন্ধৰ দিন বা এমাহ লাগে।
গৰ্ভৰ পৰা কেঁচুৱা উলিয়াই অনাৰ পিছত যোনী অংশৰ পৰা লুকীয়া নামৰ জুলীয়া পদাৰ্থ ওলাই। সময়ৰ লগে লগে লুকীয়াৰ ৰং সলনি হৈ যায়।লুকীয়াৰ rubra পাঁচ দিনলৈকে ৰঙা হৈ থাকে। Lochia Rubra ত তেজৰ গোট মৰা থাকে। কেঁচুৱা নাৰীৰ অংশ থাকে। পিছত 5 ৰ পৰা 10 দিনত ইয়াৰ ৰং অলপ হালধীয়া বৰণৰ হয়। ইয়াক আমি Lochia Serosa বুলি কওঁ। পিছৰ ১০ ৰ পৰা ১৫ দিনৰ শেষত ইয়াৰ ৰং বগা হৈ যায় ইয়াক Lochia Alba বুলি কোৱা হয়। ইয়াত বহুত সংখ্যক বগা কোষ আৰু মাংস পেশী থাকে সেই কাৰণে ৰং সলনি হৈ থাকে। কেতিয়াবা কেতিয়াবা এনেকুৱা 3 বা 4 সপ্তাহলৈকে হয়। গৰ্ভাশয়ৰ কম্পন হৈ থাকে এই সময়ত যদি যৌন সম্বন্ধ কৰিব বিচাৰে তেতিয়া সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। আমি জানো যে গৰ্ভধাৰণৰ সময়ত গৰ্ভাশই আকাৰ ডাঙৰ হৈ যায়।যেতিয়া কেঁচুৱা জন্ম হয়। লাহে লাহে গৰ্ভাশই আগৰ অৱস্থালৈ আহে। এমাহৰ ভিতৰত আগৰ অৱস্থালৈ আহে।গতিকে চিকিৎসকৰ অনুসৰি, যদিহে মাতৃ গৰাকীৰ স্বাস্থ্য স্বাভাৱীক অৱস্থা থাকে তেন্তে কেঁচুৱা জন্ম হোৱাৰ পৰা ৪/৬ সপ্তাহ সম্বন্ধ নকৰাটো ভাল।কিন্ত যদিহে মাতৃ গৰাকীৰ স্বাস্থ্যত কিছু জটিলতা থাকে তেন্তে ইয়াৰ সময়সীমা বৃদ্ধি হব পাৰে।( Assamese Fact )
এতিয়া আমি ডেলিভাৰী হোৱাৰ পিছত কি কি সাৱধানতা লব লাগে সেয়া জানো আহক। কেঁচুৱা জন্মৰ পিছত যেতিয়ালৈকে কেঁচুৱাক স্তনপান কৰাই তেতিয়া লৈকে অন্য এটা সন্তানৰ কথা ভাবিব নালাগে। মহিলা সকলৰ ভূল ধাৰণা এটা আছে যে যদি ঋতুস্ৰাৱ নহয় তেতিয়া লৈকে যোনী সম্পৰ্ক কৰিব নোৱাৰে। কাৰণ চাৰি সপ্তাহৰ ভিতৰত আকৌ ডিম্বৰ উৎপন্ন হৈ যায়। ছয় সপ্তাহৰ ভিতৰত আকৌ ঋতুস্ৰাৱ হয়। প্ৰথম ঋতুস্ৰাৱ হোৱাৰ আগতে Ovulation হৈ যায় ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।




No comments:
Post a Comment