শাওণৰ শেষৰটো সোমবাৰত এই ভুল কেতিয়াও নকৰিব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 9, 2021

শাওণৰ শেষৰটো সোমবাৰত এই ভুল কেতিয়াও নকৰিব : Religious Studies

Religious Studies

শাওণ মাহৰ অন্তিম সোমবাৰে মহাদেৱক প্ৰসন্ন কৰাৰ বাবে, এটি উত্তম দিন( Religious Studies )। গতিকে এই দিনত পুৱা স্নান কৰাৰ পাছত শুদ্ধ বস্ত্ৰ পৰিধান কৰি, শিৱ মন্দিৰলৈ গৈ মহাদেৱক পূজা আৰু অভিষেক কৰিব লাগে। 

Religious Studies

আৰু নিজৰ মনৰ কামনা মহাদেৱক সবিশেষ জনাওক। এই দিনত মহাদেৱক প্ৰসন্ন কৰিব পাৰিলে, তেওঁৰ আৰ্শীবাদত বছৰটি সুন্দৰ ভাৱে পাৰ হব। 


গতিকে শাওণ মাহৰ শেষৰ সোমবাৰত তলত উল্লেখ কৰা কাম সমূহ ভুলটো নকৰিব। কৰিলে কিন্তু মহাদেৱ ৰুষ্ট হৈ পৰিব। 


প্ৰথমতে, শাওণ মাহৰ শেষৰ দিনত উপবাস বা ব্ৰত পালন কৰিব নোঁৱাৰিলেও কেতিয়াও এই দিনত আমীষ আহাৰ ভোজন নকৰিব। 


দ্বিতীয়তে, অন্ততঃ খং ৰাগৰ পৰা বিৰত থাকক। আৰু কেতিয়াও হাই কাজিয়া নকৰিব এই দিনটোত। ( Religious Studies )


তৃতীয়তে, এই দিনত কোনো নেতিবাচক চিন্তা মনলৈ নানিব। কেৱল ইতিবাচক চিন্তাৰ মাজত থাকক। 


চতুৰ্থতে, শাওণ মাহৰ শেষৰ দিনটোত যদি কোনো সাধুৰ দৰ্শন হয়, তেন্তে সাধ্য অনুসাৰে কিবা দান কৰিব পাৰিলে ভাল। 


পঞ্চমতে এই দিনটোত কেতিয়াও সৰ্প নিধন নকৰিব। 


ষষ্ঠতে, শাওণ মাহৰ শেষৰ সোমবৰৰ দিনটোত মাটি খনন কাৰ্য্য পৰা বিৰত থাকক। কাৰণ কোৱা হয় যে, সেইজনে এনে এজন দেৱতা যিয়ে, কেৱল মাটি আৰু পৃথিৱী লগত যুক্ত হৈ ৰৈছে। কাৰণ তেওঁৰ অৱস্থান হৈছে কৈলাশ পৰ্ৱত। আৰু তেওঁৰ ভৰি থাকে মাটিত। গতিকে এই দিনটোত মাটি খনন কাৰ্য্যৰ পৰা বিৰত থকাটো ভাল। 

লগতে এই দিনত, কেৱল ভক্তিৰ মনোভাৱেৰে থাকিব পাৰিলে অত্যন্ত মংগল হয়।।

(কথাখিনি সংগ্ৰহিত)

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages